অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শশীকলা সিনহা

শশীকলা সিনহা (Shashikala Sinha) এগৰাকী ভাৰতীয় বিজ্ঞানী। ভাৰতীয় বেলিষ্টিক মিছাইল প্ৰতিৰক্ষা কাৰ্যসূচীৰ অংশ এণ্ডো-এটম’স্ফেৰিক ইন্টাৰচেপ্টৰ মিছাইল এডভান্সড এৰিয়া ডিফেন্স প্ৰগ্ৰেমত প্ৰজেক্ট ডাইৰেক্টৰ হিচাপে ভূমিকা লোৱাৰ বাবে তেওঁ পৰিচিত।

হালনাগাদ: ১৫ মাৰ্চ ২০২৫ ১৭৮ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

শশীকলা সিনহা (Shashikala Sinha) এগৰাকী ভাৰতীয় বিজ্ঞানী। ভাৰতীয় বেলিষ্টিক মিছাইল প্ৰতিৰক্ষা কাৰ্যসূচীৰ অংশ এণ্ডো-এটম’স্ফেৰিক ইন্টাৰচেপ্টৰ মিছাইল এডভান্সড এৰিয়া ডিফেন্স প্ৰগ্ৰেমত প্ৰজেক্ট ডাইৰেক্টৰ হিচাপে ভূমিকা লোৱাৰ বাবে তেওঁ পৰিচিত। ২০১৯ চনলৈকে তেওঁ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডি আৰ ডি অ’)ত ‘বিজ্ঞানী এইচ’ হিচাপে গ্ৰেড লাভ কৰিছে আৰু প্ৰায় ৩০০ বিজ্ঞানীৰ এটা দলৰ নেতৃত্ব দিয়ে।

জীৱন

শশীকলা সিনহাৰ জন্ম হৈছিল তামিলনাডুৰ মাদুৰাইত।১ তেওঁৰ দেউতাক আছিল মিলিটাৰী ইঞ্জিনিয়াৰ, ফলত তেওঁ কৰ্তব্য অনুসৰি সমগ্ৰ ভাৰত ভ্ৰমণ কৰিছিল। তেওঁ চেকেণ্ডৰাবাদৰ ছেইণ্ট এন হাইস্কুল, ছেইণ্ট ফ্ৰান্সিছ কলেজ ফৰ উইমেন আৰু তাৰ পাছত হায়দৰাবাদৰ ওছমানিয়া বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে।।২ তেওঁ ডি আৰ ডি অ’ত যোগদান কৰে, কিন্তু এবছৰৰ ভিতৰতে গুচি যায় যাতে ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি খৰগপুৰৰ পৰা অভিযান্ত্ৰিক বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিব পাৰে, য’ত তেওঁ স্বামীকো লগ পায়।১ ইইয়াৰ পিছত তেওঁ ছ’চাইটি অৱ মাইক্ৰৱেভ ইঞ্জিনিয়াৰিঙত যোগদান কৰে যদিও ১৯৮৯ চনত প্ৰথম কন্যাৰ জন্মৰ পিছত চাকৰি এৰি যায়। তেওঁৰ স্বামী এজন ভাৰতীয় নৌ সেনাৰ বিষয়া আছিল। তেওঁলোকৰ দুগৰাকী কন্যা। ১৯৯৭ চনত তেওঁৰ স্বামীৰ এক গাড়ী দুৰ্ঘটনাত মৃত্যু হৈছিল।২

১৯৯৭ চনত চুক্তিৰ ভিত্তিত ডি আৰ ডি অ’ৰ ক্ষেপণাস্ত্ৰ গৱেষণা কেন্দ্ৰ ৰিচাৰ্চ চেণ্টাৰ ইমাৰাটত যোগদান কৰে আৰু ২০০১ চনলৈকে তেওঁ এগৰাকী পূৰ্ণকালীন বিজ্ঞানী হৈ পৰে।৩ তেওঁ 'আৰ. এফ. চেন্সৰ উপ-প্ৰণালী'ত কাম কৰিবলৈ আৰম্ভ কৰিছিল যাৰ বাবে তেওঁৰ দলটোক ২০০৭ চনত উৎকৃষ্টতাৰ বাবে অগ্নি বঁটা প্ৰদান কৰা হৈছিল। ২০১২ চনলৈকে তেওঁ এডভান্সড এয়াৰ ডিফেন্স কাৰ্যসূচীৰ প্ৰকল্প সঞ্চালক আছিল আৰু ২০১৭ চনলৈকে প্ৰায় ৩০০ গৰাকী বিজ্ঞানীৰ এটা দলৰ নেতৃত্ব দি আছিল।১ বিমান, ৰেডম আৰু ৰাডাৰ ক্ৰছ ছেক্সনৰ বিকাশত তেওঁৰ দক্ষতা আছে।৪ ২০১৭ চনলৈকে তেওঁক বিজ্ঞানী জি (লেভেল ১৪) হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে।২

তথ্যসূত্ৰ

  1. ↑ (2017-03-09). https://www.thehindu.com/news/national/telangana/at-the-vanguard-of-the-interceptor-missile-success/article17433260.ece
  2. ↑ Isaac, Christopher. (2017-03-09). Meet Shashikala, The missile woman. Deccan Chronicle
  3. ↑ Dr Shashikala Sinha – ET Women's Forum
  4. ↑ (13 January 2018). https://www.thehindubusinessline.com/news/national/shashikala-sinha-the-scientist-behind-the-ballistic-missile-shield/article9576103.ece. The Hindu @businessline

সম্পৰ্কিত শ্ৰেণী

একবিংশ শতিকাৰ ভাৰতীয় বিজ্ঞানীবিংশ শতিকাৰ ভাৰতীয় বিজ্ঞানীভাৰতীয় মহিলা অভিযন্তাবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শশীকলা সিনহা” প্ৰবন্ধৰ সংশোধন ৪৯১৮২০ (১৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।