সন্ধ্যা শ্ৰীকান্ত বিশ্বেশ্বৰিয়া (Sandhya Srikant Visweswariah) ভাৰতৰ বেংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ এগৰাকী বিজ্ঞানী আৰু শিক্ষাবিদ। তেওঁ উন্নয়নমূলক জীৱবিজ্ঞান আৰু জেনেটিক্স বিভাগৰ অধ্যক্ষ আৰু ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ জৈৱ অভিযান্ত্ৰিক বিভাগৰ সহ-অধ্যক্ষ আছিল।১২ ইয়াৰ উপৰিও তেওঁ বাৰ্গেন বিশ্ববিদ্যালয়, নৰৱেৰ চিকিৎসা আৰু দন্ত চিকিৎসা অনুষদৰ এডজাণ্ট প্ৰফেচাৰৰ পদত অধিষ্ঠিত।৩৪ তেওঁৰ গৱেষণাৰ অন্তৰ্গত বিষয়বোৰৰ ভিতৰত আছে বেক্টেৰিয়াত চক্ৰীয় নিউক্লিঅ’টাইড, ফছফ’ডাইএষ্টেৰেজ আৰু নতুন চাইক্লেজৰ জৰিয়তে সংকেত পৰিবহণ ব্যৱস্থাৰ অনুসন্ধান।৫ শেহতীয়াকৈ তেওঁক "ইটিইচি-মধ্যস্থতাকাৰী ডায়েৰিয়াৰ এটা সৰু প্ৰাণী মডেল" শীৰ্ষক প্ৰস্তাৱৰ বাবে বিল আৰু মেলিণ্ডা গেটছ গ্ৰেণ্ড চেলেঞ্জ এক্সপ্ল'ৰেচনছ গ্ৰাণ্ট প্ৰদান কৰা হৈছে।৬৭৮
শিক্ষা
বিশ্বেশ্বৰিয়াই ১৯৭৭ চনত হায়দৰাবাদৰ ওচমানিয়া বিশ্ববিদ্যালয়ৰ পৰা উদ্ভিদ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু প্ৰাণীবিজ্ঞান বিষয়ত বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।৯ তাৰ পাছত তেওঁ ১৯৮০ চনত কানপুৰৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ জৈৱ ৰসায়ন বিভাগৰ পিএইচডি কাৰ্যসূচীত নামভৰ্তি কৰিবলৈ আগবাঢ়িছিল আৰু ১৯৮৭ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।১০১১
কেৰিয়াৰ
বিশ্বেশ্বৰিয়াই ১৯৮৭-১৯৮৮ চনত বাংগালুৰুৰ এষ্ট্ৰা ৰিচাৰ্চ চেণ্টাৰত প'ষ্ট ডক্টৰেল ফেল' হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। এষ্ট্ৰা ৰিচাৰ্চ চেণ্টাৰত এবছৰ কাম কৰাৰ পাছত একেটা সংস্থাতে বিজ্ঞানীৰ পদত পদোন্নতি লাভ কৰে আৰু ১৯৯৩ চনলৈকে তাতেই থাকে। ১৯৯৩ চনত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ আণৱিক প্ৰজনন, বিকাশ আৰু জিনীয় বিভাগত সহকাৰী অধ্যাপিকা হিচাপে নিযুক্তি লাভ কৰে আৰু তাৰ পাছৰ পৰাই তেওঁ এই পদত অধিষ্ঠিত হয়, ১৯৯৫ চনত সহযোগী অধ্যাপিকা আৰু তাৰ পিছত ২০০৫ চনত অধ্যাপিকা পদত পদোন্নতি লাভ কৰে।১২১৩ তেওঁ বৰ্তমান বাংগালোৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্সৰ আণৱিক প্ৰজনন, উন্নয়ন আৰু জেনেটিক্স বিভাগৰ অধ্যক্ষ আৰু ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ জৈৱ প্ৰণালী বিজ্ঞান আৰু অভিযান্ত্ৰিক কেন্দ্ৰৰ সহ-অধ্যক্ষ।১২২ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান অধ্যাপক হিচাপে ২৯ বছৰ ধৰি বিশ্বেশ্বৰিয়াই ৩০ জনৰো অধিক পিএইচডি ছাত্ৰ-ছাত্ৰীক পৰামৰ্শ দিছে।১৪
পেচাদাৰী সংস্থা আৰু সম্পাদকীয় পৰিষদৰ সদস্যপদ
বিশ্বেশ্বৰিয়া ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী আৰু ভাৰতীয় বিজ্ঞান একাডেমী: বিজ্ঞানৰ মহিলাসকলৰ বাবে তৃতীয় বিশ্ব সংস্থাৰ ফেল'।১৫১৬ তেখেত ছ'চাইটি অৱ বায়'লজিকেল কেমিষ্টছ (ভাৰত), ইণ্ডিয়ান ছ'চাইটি অৱ চেল বায়'লজি (১৯৯৫–বৰ্তমান) আৰু ছ'চাইটি অৱ ৰিচাৰ্চ ইন ৰিপ্ৰডাকচন, ইণ্ডিয়াৰ (১৯৯৪–বৰ্তমান) আজীৱন সদস্য।১৭১৮১৯ ইয়াৰ উপৰিও, তেওঁ গুহ গৱেষণা পৰিষদ, ভাৰতৰ (১৯৯৭-বৰ্তমান) এলায়েন্স ফৰ চেল সংকেত (১৯৯৭-বৰ্তমান), যক্ষ্মা গঠনমূলক জিন'মিক্স কনচৰ্টিয়াম, আমেৰিকান ছ'চাইটি ফৰ বায়'কেমিষ্ট্ৰী এণ্ড মলিকুলাৰ বায়'লজী (এ. এছ. বি. এম. বি.) আৰু আমেৰিকান চ 'চাইটিফৰ মাইক্ৰ'বায়'লজি (এ. এ. এছ, এম. এম.) ৰ সদস্য।২০২১২২
প্ৰকাশনসমূহ
বিশ্বেশ্বৰিয়াৰ পিয়েৰ ৰিভিউ জাৰ্নেলত ১০০তকৈ অধিক গৱেষণা-পত্ৰ প্ৰকাশ হোৱাৰ লগতে ৫টা কিতাপৰ অধ্যায় প্ৰকাশিত হৈছে আৰু মুঠ ২০০০তকৈ অধিকবাৰ সেইবোৰ উদ্ধৃত কৰা হৈছে। বিশ্বেশ্বৰিয়া প্ৰকাশনসমূহৰ সম্পূৰ্ণ তালিকা পাবমেড আৰু ৰিচাৰ্ছগেটত পাব পাৰি।২৩২৪২৫২৬
তথ্যসূত্ৰ
- ↑ Molecular Reproduction, Development and Genetics at IISc
- ↑ bsse · iisc. www.be.iisc.ernet.in
- ↑ Faculty of Medicine
- ↑ University of Bergen. University of Bergen
- ↑ Research Activities
- ↑ About Grand Challenges - Grand Challenges. gcgh.grandchallenges.org
- ↑ A Small Animal Model of ETEC-Mediated Diarrhea - Grand Challenges. gcgh.grandchallenges.org
- ↑ (2018-09-28). Sandhya's gusto for guts and affirmative action. The Life of Science
- ↑ Osmania University. www.osmania.ac.in
- ↑ Department of Biochemistry. biochem.iisc.ernet.in
- ↑ Prof. Sandhya S. Visweswariah
- ↑ Molecular Reproduction, Development and Genetics at IISc. www.mrdg.iisc.ernet.in
- ↑ Loop · Sandhya Srikant Visweswariah. loop.frontiersin.org
- ↑ Lab Members
- ↑ Article title
- ↑ Fellowship - Indian Academy of Sciences. www.ias.ac.in
- ↑ SBC India
- ↑ List of Life Members. iisc.ernet.in
- ↑ Indian Society of Cell Biology - Life Members
- ↑ Test Page for the Nginx HTTP Server on Fedora. afcs.lbl.gov
- ↑ ASBMB. www.asbmb.org
- ↑ Home. asm.org
- ↑ pubmeddev. sandhya s visweswariah - PubMed - NCBI. www.ncbi.nlm.nih.gov
- ↑ India Alliance. www.indiaalliance.org
- ↑ Sandhya Visweswariah - PhD - Indian Institute of Science, Bengaluru - IISC - Department of Developmental Biology and Genetics. www.researchgate.net
- ↑ Publications. www.dbg.iisc.ernet.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সন্ধ্যা শ্ৰীকান্ত বিশ্বেশ্বৰিয়া” প্ৰবন্ধৰ সংশোধন ৬০২৭২৯ (২৬ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।