শান্তা সিনহা (Shantha Sinha; জন্ম: ৭ জানুৱাৰী ১৯৫০) এগৰাকী ভাৰতীয় শিশু শ্ৰমিক বিৰোধী কৰ্মী।১ জনপ্ৰিয়ভাৱে এম ভি ফাউণ্ডেশ্যন (যিটো তেওঁৰ দাদা মমিডিপুডি ভেংকটাৰংগাইয়াৰ স্মৃতিত নামকৰণ কৰা হৈছে) নামেৰে জনাজাত মমিডিপুডি ভেংকটাৰংগাইয়া ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক আৰু হায়দৰাবাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা। তেওঁ একেৰাহে দুটা কাৰ্যকাল (তিনি বছৰকৈ) শিশু অধিকাৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় আয়োগৰ নেতৃত্ব দিছিল; ২০০৭ চনৰ মাৰ্চ মাহত শিশু অধিকাৰ সুৰক্ষা আয়োগ আইন, ২০০৫, সংসদৰ আইন (ডিচেম্বৰ ২০০৫)ৰ অধীনত গঠন কৰা হয়। সিনহা ইয়াৰ প্ৰথম অধ্যক্ষ আছিল। 1998 চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী অসামৰিক সন্মান প্ৰদান কৰিছিল।২
প্ৰাৰম্ভিক জীৱন
শান্তা সিনহাৰ জন্ম ১৯৫০ চনৰ ৭ জানুৱাৰীত উপকূলীয় অন্ধ্ৰ প্ৰদেশ নেল্লোৰ জিলাত। তেওঁ ছেকুন্দ্ৰাবাদৰ ছেইণ্ট এনছ হাইস্কুলত প্ৰাৰম্ভিক স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল, ১৯৭২ চনত ওছমানিয়া বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ ১৯৭৬ চনত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা পৰা ডক্টৰেট ডিগ্ৰী অৰ্জন কৰে আৰু হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ অধ্যাপক পদত যোগদান কৰে।৩৪
কেৰিয়াৰ
সিনহা হায়দৰাবাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষাবিদ। ২০০৩ চনত তেওঁক কমিউনিটি লিডাৰশ্বিপৰ বাবে ৰেমন মেগছেছে বঁটা প্ৰদান কৰা হয়, "এপিৰ জনসাধাৰণক শিশু শ্ৰমৰ মহামাৰীৰ অন্ত পেলাবলৈ আৰু তেওঁলোকৰ সকলো সন্তানক স্কুললৈ পঠিয়াবলৈ পথ প্ৰদৰ্শন কৰা"ৰ স্বীকৃতি স্বৰূপে।৫ তেওঁ এডুকেশ্বন ইণ্টাৰনেশ্যনেলৰ পৰা পদ্মশ্ৰী (১৯৯৯) আৰু এলবাৰ্ট শংকৰ আন্তঃৰাষ্ট্ৰীয় বঁটা (১৯৯৯) লাভ কৰিছে। এছ'চেম লেডিজ লীগৰ দ্বাৰা হায়দৰাবাদ উইমেন অৱ দ্য ডেকেড এচিভাৰ্ছ এৱাৰ্ড ফৰ ছ’চিয়েল চাৰ্ভিচ বঁটাও লাভ কৰিছে। এগৰাকী অধিকাৰ কৰ্মী, তেলেংগানাৰ ৰঙ্গা ৰেড্ডী জিলাৰ প্ৰায় ১২০০ খন গাঁৱত শিশু শ্ৰমিকৰ অভূতপূৰ্ব হ্ৰাসত তেওঁৰ অৱদান সম্ভৱতঃ অতুলনীয়। তেওঁৰ কামক স্বীকৃতি জনাই ভাৰত চৰকাৰে তেওঁক নৱগঠিত এন.চি.পি.চি.আৰ.-ৰ প্ৰথম অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে।
ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষ শ্ৰী সিনহাই শিশু শ্ৰমিক আইনৰ সংশোধনীৰ পোষকতা কৰিছিল আৰু লগতে শিশু শ্ৰম বিৰোধী দিৱস উপলক্ষে আইএলঅ, এনচিপিচিআৰ আৰু ৰাষ্ট্ৰসংঘৰ শিশু পুঁজিৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত এনচিপিচাৰৰ সদস্য যোগেশ দুবে আৰু মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ৰ সচিব নীলা গঙ্গাধৰণৰ উপস্থিতিত কিশোৰ শ্ৰমিকসকলক ইয়াৰ অধীনত অন্তৰ্ভুক্ত কৰাৰ বাবে অনুৰোধ জনাইছিল।৬
তথ্যসূত্ৰ
- ↑ Shantha Sinha · University of Hyderabad - Academia.edu. uohyd.academia.edu
- ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
- ↑ (12 June 2006). http://www.hindu.com/mp/2006/06/12/stories/2006061201550400.htm
- ↑ Jafri, Syed Amin. (31 July 2003). Shantha Sinha wins Magsaysay Award for anti-child labour activities. Rediff.com
- ↑ (31 July 2003). http://www.deccanherald.com/deccanherald/july31/i4.asp. Deccan Herald
- ↑ NCPCR for change in Child Labour Act, seeks cover for teens
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শান্তা সিনহা” প্ৰবন্ধৰ সংশোধন ৪৮৫২৭১ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।