শল্লী অৱস্থী এগৰাকী ভাৰতীয় অধ্যাপক তথা শিশুৰ হাওঁফাওঁ বিশেষজ্ঞ।১ তেখেতে ইউ পি ইণ্ডিয়াৰ লক্ষ্ণৌৰ কিং জৰ্জ মেডিকেল ইউনিভাৰ্চিটিত কাম কৰে।২ ৩ ৪ অৱস্থী আছিল বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) স্বাস্থ্য-সুৰক্ষা আন্তঃপৃষ্ঠ কাৰিকৰী পৰামৰ্শদাতা গোট (HSI-TAG)ত নিযুক্তি পোৱা প্ৰথমজন ভাৰতীয় বিজ্ঞানী। এইচ এছ আই-টেগত বিশ্ব স্বাস্থ্য আৰু নিৰাপত্তা সম্পৰ্কীয় বিশ্বব্যাপী বিষয়সমূহৰ ওপৰত বিশ্ব স্বাস্থ্য সংস্থাক পৰামৰ্শ দিবলৈ গঠন কৰা বিশেষজ্ঞৰ এটা দল অন্তৰ্ভুক্ত কৰা হৈছে।৫
সন্মান আৰু বঁটা
অৱস্থী ভাৰতীয় বিজ্ঞান একাডেমীৰ সকলোবিলাক প্ৰধান বিভাগ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী,৬ ইণ্ডিয়ান একাডেমী অৱ চাইন্স,৭ দ্য নেচনেল একাডেমী অৱ মেডিকেল ছায়েন্স,৮ ইণ্ডিয়ান নেচনেল ছায়েন্স একাডেমী ২০২০৯ আৰু ইণ্ডিয়ান একাডেমী অৱ পেডিয়াট্ৰিক্সৰ এজন নিৰ্বাচিত ফেলো। তেখেত ২০১৮ চনৰ বাবে ৰয়েল কলেজ অৱ পেডিয়াট্ৰিক্স এণ্ড চাইল্ড হেল্থৰ সন্মানীয় ফেলো আছিল।১০
ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে ২০১৬ চনত উদ্ভাৱনী আৰু পৰম্পৰাগত পদ্ধতিৰে বিজ্ঞান আৰু প্ৰযুক্তি যোগাযোগৰ অসাধাৰণ প্ৰচেষ্টাৰ বাবে তেখেতক ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰে।১১ ভাৰত চৰকাৰৰ ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চে তেওঁক বসন্তী দেৱী আমিৰ চান্দ বঁটা-২০১৬,১২ অমৰুত মোডী ইউনিকেম বঁটা-২০১০,১৩ ডাঃ এইচ বি ডিংলি মেম’ৰিয়েল বঁটা-১৯৯৬ প্ৰদান কৰে।১৪ ভাৰতীয় চিকিৎসা পৰিষদে তেওঁক ২০০৩–২০০৪ চনৰ বাবে বিধান চন্দ্ৰ ৰায় বঁটা প্ৰদান কৰে। তেখেতক মৃদুলা কামবোজ সোঁৱৰণী বক্তৃতা বক্তৃতা বঁটা, NASI, 2020 ৰ সন্মানিত কৰা হৈছে।১৫ তেখেত শিশু চিকিৎসাৰ শীৰ্ষ ২% বিজ্ঞানীৰ ভিতৰত তালিকাভুক্ত হৈছে।১৬ ১৭
তথ্যসূত্ৰ
- ↑ Shally Awasthi Google Scholar page
- ↑ (January 22, 2010). CSSMU doctor elected fellow of IAS. The Times of India
- ↑ Pneumonia care falters. The Telegraph (India)
- ↑ Stange; Oyster, Carol K.; Sloan, Jane E. (2013-01-09). The Multimedia Encyclopedia of Women in Today's World. SAGE Publications. ISBN 9781452270371
- ↑ (25 August 2023). KGMU prof first Indian to be WHO health advisory group member. The Times of India
- ↑ Fellow Combined List. National Academy of Medical Science
- ↑ Fellowship · Indian Academy of Sciences. www.ias.ac.in
- ↑ (October 2010). Fellow National Academy of Medical Science. NAMS
- ↑ Fellows of Indian National Science Academy 2020
- ↑ (19 Oct 2017). Honorary Fellow of Royal College of Pediatrics and Child Health - 2018. rcpch ac uk
- ↑ National Science Day · Department Of Science & Technology. dst.gov.in
- ↑ (2016). BASANTi Devi Amir Chaand Prize 2016. icmr nic in
- ↑ (2010). Amrut Mody Unichem Prize of ICMR 2010. icmr nic in
- ↑ (1996). Dr. H.B. Dingley Memorial Award (Paediatrics) 1996-Effect of air pollution on respiratory disease in preschool children. icmr nic in
- ↑ The National Academy of Sciences, India - Memorial Lecture Awards 2020. nasi.nic.in
- ↑ Ioannidis JPA; Boyack, K. W.; Baas, J. (2020). journal plos. PLOS Biology. পৃ. e3000918
- ↑ World Top 2% Scientists From India From Various Fields (1) · Cinema Of India · Sikhism
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শল্লী অৱস্থী” প্ৰবন্ধৰ সংশোধন ৪৮৪৯৯৪ (১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।