অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুলোচনা গাডগিল

সুলোচনা গাডগিল (Sulochana Gadgil) এগৰাকী ভাৰতীয় বতৰ বিজ্ঞানী যিগৰাকীয়ে‍ ভাৰতৰ বাংগালুৰুস্থিত বায়ুমণ্ডল আৰু মহাসাগৰীয় বিজ্ঞান কেন্দ্ৰৰ (CAOS) অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছে‍।

হালনাগাদ: ২৯ আগষ্ট ২০২৫ ২৪৪ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

সুলোচনা গাডগিল (Sulochana Gadgil) এগৰাকী ভাৰতীয় বতৰ বিজ্ঞানী যিগৰাকীয়ে‍ ভাৰতৰ বাংগালুৰুস্থিত বায়ুমণ্ডল আৰু মহাসাগৰীয় বিজ্ঞান কেন্দ্ৰৰ (CAOS) অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছে‍।১ বৰষুণৰ পৰিৱৰ্তনশীলতাৰ সৈতে মোকাবিলা কৰিবলৈ কৃষি কৌশল আৰু পৰিৱেশ আৰু বিৱৰ্তনৰ পৰিঘটনাৰ আৰ্হি প্ৰস্তুত কৰাকে ধৰি বাৰিষা কেনেকৈ আৰু কিয় হয় সেই বিষয়ে অধ্যয়ন কৰিছে। তেওঁৰ গৱেষণাই বাৰিষাৰ ক্লাউড বেণ্ডত উপ-ঋতুগত পৰিৱৰ্তনৰ এটা মৌলিক বৈশিষ্ট্য আৱিষ্কাৰ কৰিছিল।২তেওঁ দেখুৱাইছিল যে বাৰিষা এক বিশাল স্থল-সাগৰীয় বতাহ নহয়, বৰঞ্চ ই বাৰিষা নোহোৱা অঞ্চলতো দেখা পোৱা গ্ৰহ স্কেল প্ৰণালীৰ ঋতুগত প্ৰব্ৰজনৰ এক প্ৰকাশ। কৃষকসকলৰ সহযোগিতাত তেওঁ কৃষি কৌশল আহৰণ কৰিছিল যিবোৰ ভাৰতৰ বিভিন্ন অঞ্চলৰ বৰষুণৰ পৰিৱৰ্তনশীলতাৰ সৈতে খাপ খাইছিল।৩

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৪৪ চনত পুনেত জন্মগ্ৰহণ কৰিছিল। তেখেতৰ পিতৃ-মাতৃ টংক ৰাজ্যৰ মন্ত্ৰী হিচাপে পৰিচিত আৰু ভয়াৱহ খৰাঙৰ সময়ত জনসাধাৰণক সহায় কৰাৰ বীৰত্বপূৰ্ণ প্ৰচেষ্টাৰ বাবে পৰিচিত।তেওঁৰ ককাদেউতা আৰু পিতৃ তেওঁলোকৰ সময়ৰ সন্মানীয় চিকিৎসক আছিল। একে সময়তে, তেওঁৰ ককাদেউতা এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল আৰু তেওঁৰ ঘৰত ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে সংগ্ৰাম কৰা কেইবাজনো সক্ৰিয় অংশগ্ৰহণকাৰীক আতিথ্য দিছিল। তেখেতৰ মাতৃ এগৰাকী মাৰাঠী লেখিকা আছিল।৪

তেওঁৰ প্ৰাৰম্ভিক স্কুলীয়া শিক্ষা পুনেত, মাৰাঠী মাধ্যমত কৰিছিল। ইয়াৰ পাছত ইংৰাজী ভাষাত হাইস্কুল শিক্ষা গ্ৰহণ কৰিবলৈ‍ অন্ধ্ৰ প্ৰদেশৰ এখন বৰ্ডিং স্কুল ৰিছি ভেলীলৈ যায়। ফাৰ্গাছন কলেজত স্নাতক অধ্যয়নৰ বাবে তেওঁ পুনালৈ উভতি আহি তেওঁ প্ৰাকৃতিক বিজ্ঞানক বাছনি কৰাৰ লগতে‍ ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু গণিত মেজৰ লৈ‍ছিল। সেই মুহূৰ্তত, তেওঁ তেওঁৰ এগৰাকী সহপাঠী মাধৱ গাডগিলৰ সৈতে বাগদান কৰে আৰু তেওঁলোকে একেলগে বৈজ্ঞানিক কেৰিয়াৰ গঢ়াৰ সিদ্ধান্ত লয়। দুয়োৱে‍ হাৰ্ভাৰ্ডৰ পৰা বৃত্তি লৈ নামভৰ্তি কৰি‍ছিল।৪

ভাৰতলৈ ঘূৰি অহা

১৯৭১ চনত তেওঁ স্বামীৰ সৈতে ভাৰতলৈ উভতি আহিছিল, তেওঁ স্বামী হাৰ্ভাৰ্ডৰ এজন পণ্ডিত আছিল। তেওঁ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ট্ৰপিকেল মেটিঅ’ৰ’লজীত চি এছ আই আৰ পুল অফিচাৰ হিচাপে দুবছৰ কাম কৰিছিল। এই সময়ছোৱাত তেওঁ আৰ. অনন্তকৃষ্ণন আৰু ডি. আৰ. ছিক্কা আদিৰ দৰে‍ বিজ্ঞানীৰ সৈতে কাম কৰিছিল। তেওঁক চেণ্টাৰ ফৰ থিয়ৰেটিকেল ষ্টাডিজ (চিটিএছ)ত সদস্য হিচাপে নিযুক্তি দিয়া হৈছিল। স্বামীকো চিটিএছত গাণিতিক পৰিৱেশবিদ হিচাপে নিযুক্তি দিয়া হৈছিল। ইয়াৰ পৰাই বায়ুমণ্ডলীয় আৰু মহাসাগৰীয় বিজ্ঞান কেন্দ্ৰ (চি. এ. অ. এছ.) নামৰ এটা নতুন প্ৰতিষ্ঠানৰ জন্ম হৈছিল।৫

ব্যক্তিগত জীৱন

পৰিৱেশবিদ মাধৱ গাডগিল সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হয় আৰু তেওঁলোকৰ এগৰাকী কন্যা আৰু এজন পুত্ৰ আছে।

তথ্যসূত্ৰ

  1. ↑ Indian Fellow: Sulochana Gadgil. Indian National Science Academy
  2. ↑ (1980). Sikka, D., and S. Gadgil, 1980: On the maximum cloud zone and the ITCZ over Indian longitudes during the Southwest Monsoon." Monthly Weather Review, vol.108, 1840-1853.. Monthly Weather Review. পৃ. 1840
  3. ↑ Sulochana Gadgil: Research Interests. IISc
  4. ↑ Interview with Sulochana Gadgil. WMO
  5. ↑ Gadgil, Sulochana. My tryst with the Monsoon. Indian Academy of Sciences

সম্পৰ্কিত শ্ৰেণী

বিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুলোচনা গাডগিল” প্ৰবন্ধৰ সংশোধন ৫৩৫৭৪৩ (২৯ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।