চৈয়দ নবাব আলী চৌধুৰী (সৈয়দ নওয়াব আলী চৌধুরী, ২৯ ডিচেম্বৰ ১৮৬৩ – ১৭ এপ্ৰিল ১৯২৯) আছিল পূব বংগৰ (বৰ্তমান বাংলাদেশ) টাংগাইলস্থিত ধনবাৰীৰ নবাব।১ তেওঁ ঢাকা বিশ্ববিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক ২আছিল। তেওঁ সংযুক্ত বংগৰ প্ৰথম মুছলমান মন্ত্ৰী। তেওঁ শিক্ষা বিভাগৰ দায়িত্ব চম্ভালিছিল। তেওঁৰ নাতি মহম্মদ আলী বগ্ৰা আছিল পাকিস্তানৰ তৃতীয় প্ৰধানমন্ত্ৰী। আনহাতে তেওঁৰ পুত্ৰ চৈয়দ হাছান আলী চৌধুৰী পূব পাকিস্তান চৰকাৰৰ মন্ত্ৰী আৰু দ্বিতীয় বাংলাদেশ জাতীয় সংসদৰ সাংসদ আছিল। ৩৪
জন্ম আৰু শৈশৱ
টাংগাইলৰ ধনবাৰীত জমিদাৰ পৰিয়ালত নবাব আলী চৌধুৰীয়ে জন্মগ্ৰহণ কৰিছিল। জন্মৰ ২৫০ বছৰ আগতে তেওঁৰ প্ৰাক্তন দাদা শ্বাহ চৈয়দ খুদা বখছে ধনবাৰীত বসতি স্থাপন কৰিছিল। নবাব আলী চৌধুৰীক শৈশৱতে তেওঁৰ ঘৰুৱা শিক্ষকৰ দ্বাৰা আৰবী, পাৰ্চী, বাংলা ভাষা শিকোৱা হৈছিল। ৰাজশাহি কলেজিয়েট স্কুললৈ গৈ পিছলৈ তেওঁ ছেইণ্ট জেভিয়াৰ্ছ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।১
সাহিত্য
চৈয়দ নবাব আলী চৌধুৰীয়ে ১৮৯৫ চনৰ পৰা ১৯০৪ চনলৈ সাহিত্য আৰু সাংস্কৃতিক কামত নিয়োজিত হৈ পৰে। ১৮৯৫ চনত মিহিৰ আৰু শুধাকৰ নামৰ কাকত দুখন একত্ৰিত কৰি ‘’মিহিৰ-শুধাকৰ’’ কৰা হয়। কাকতখনৰ মালিক আছিল নবাব আলী চৌধুৰী। তাৰ বাবে তেওঁ প্ৰেছ কিনি কলিকতাৰ নিজৰ ঘৰত সেয়া সাজু কৰি ল'লে। তেওঁ মহম্মদ শ্বাহিদুল্লাহ, ৰিয়াজুদ্দিন আহমেদ আল-মাছহাদী, কবি মোজাম্মেল হকৰ কামত তেওঁ অৰিহণা যোগাইছিল। এই লেখকসকলে তেওঁলোকৰ কিছু সৃষ্টি নবাব আলী চৌধুৰীৰ নামত উৎসৰ্গা কৰিছিল।
তেওঁ কিছুসংখ্যক কিতাপো লিখিছে। সেয়া হৈছে:
- ঈদ উল আজহা (১৮৯০)
- মৌলুদ শ্বৰীফ (১৯০৩)
- বংগত আঞ্চলিক ভাষা শিক্ষা (১৯০০)
- গ্ৰাম্য অঞ্চলৰ প্ৰাথমিক শিক্ষা (১৯০৬)
- ইমাম আল-গাজ্জালিৰ কিছু নৈতিক আৰু ধৰ্মীয় শিক্ষা (১৯২০)
ৰাজনীতিত প্ৰৱেশ
বংগ বিভাজনৰ পিছত চৈয়দ নবাব আলী চৌধুৰীয়ে ৰাজনীতিত সক্ৰিয়ভাৱে অংশ লৈছিল। নবাব আলী চৌধুৰীয়ে এটা সৰ্বভাৰতীয় মুছলমান ৰাজনৈতিক সংগঠনৰ গুৰুত্ব উপলব্ধি কৰিলে। তেওঁ নিৰক্ষৰতাক মুছলমানসকল পিছপৰাৰ কাৰণ বুলি গৰিহণা দিছিল।৩
ঢাকা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা

১৯১১ চনৰ ২৯ আগষ্টত লেনচেট উত্তৰাধিকাৰীৰ বিদায় আৰু চাৰ্লছ বেইলীৰ অভ্যৰ্থনা অনুষ্ঠানত নবাব চেলিমুল্লাহ আৰু নবাব আলী চৌধুৰীয়ে ঢাকাত এখন বিশ্ববিদ্যালয় স্থাপনৰ দাবী জনায়। ১৯১২ চনৰ ৩১ জানুৱাৰীত লৰ্ড হাৰ্ডিংগে ঢাকাত থকাৰ সময়ত নবাব চেলিমুল্লাহ আৰু নবাব আলী চৌধুৰীকে ধৰি ১৯ জনীয়া এখন সমিতিয়ে তেওঁক লগ কৰি বুজাই দিয়ে যে বংগৰ পুনৰ একত্ৰীকৰণৰ বাবে মুছলমানসকলে কেনেধৰণৰ ক্ষতি কৰিছে। ইয়াৰ বাবে ১৩ জনীয়া নাথান কমিটি গঠন কৰা হয় আৰু নবাব আলী চৌধুৰী ইয়াৰ সদস্য হয়।১ এই সমিতিৰ অধীনত ৬খন উপ-সমিতি গঠন কৰা হৈছিল। তেওঁ এইসমূহ সমিতিৰো সদস্য আছিল। ১৯১৪ চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হয় আৰু ইয়াৰ ফলত ঢাকা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হয়। সেই সময়ত নবাব আলী চৌধুৰী ইমপিৰিয়েল কাউন্সিলৰ সদস্য আছিল। ১৯১৭ চনত তেওঁ পুনৰ ঢাকা বিশ্ববিদ্যালয়ৰ বিষয়টো পৰিষদৰ সভাত উত্থাপন কৰে। অৱশেষত ১৯২০ চনত বিধানসভাই ঢাকা বিশ্ববিদ্যালয় আইন গৃহীত কৰে। ১৯২১ চনৰ পৰা বিশ্ববিদ্যালয়ত ক্লাছ আৰম্ভ হয়। নবাব আলী চৌধুৰীয়ে ছাত্ৰ বৃত্তিৰ বাবে ঢাকা বিশ্ববিদ্যালয়ক ১৬ হাজাৰ টাকা দিছিল। প্ৰতিষ্ঠাৰ সময়ত তেওঁ নিজৰ জমিদাৰীৰ এটা অংশ বন্ধকত ৰাখি বিশ্ববিদ্যালয়ৰ বাবে ৩৫,০০০ টাকা দিছিল।১৪
২০০৩ চনৰ ৯ জুনত বিশ্ববিদ্যালয় সংঘই চিনেট ভৱনৰ নাম সলনি কৰি "চৈয়দ নবাব আলী চৌধুৰী ভৱন" ৰখাৰ সিদ্ধান্ত লয়।
শিক্ষাৰ দিশত কাম

নবাব আলী চৌধুৰী আছিল সংযুক্ত বংগৰ প্ৰথমজন মুছলমান মন্ত্ৰী। শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত তেওঁৰ ভূমিকাৰ বাবেই তেওঁক শিক্ষামন্ত্ৰীৰ পদ দিয়া হৈছিল। মৃত্যুৰ আগলৈকে তেওঁ এই পদত অধিষ্ঠিত হৈ আছিল। তেওঁ মুঠ ৩৮খন শিক্ষানুষ্ঠানত মাটি আৰু ধনদান কৰি সহায় কৰিছিল। ১৯১০ চনত তেওঁ নিজৰ অঞ্চল ধনবাৰীত "নবাব ইনষ্টিটিউট" হাইস্কুল প্ৰতিষ্ঠা কৰে। ইয়াৰ উপৰি তেওঁ আন বহুতো শিক্ষানুষ্ঠান স্থাপন কৰাত অৰিহণা যোগাইছিল।৩
মৃত্যু

১৯২৯ চনৰ ১৭ এপ্ৰিলত দাৰ্জিলিঙৰ (বৰ্তমান ভাৰত) ইডেন দুৰ্গত নবাব আলী চৌধুৰীৰ মৃত্যু হয়।৩
তথ্যসূত্ৰ
- ↑ Salam, Muhammad Abdus. Chowdhury, Nawab Ali. Banglapedia
- ↑ Syed Nawab Ali Chowdhury. bornglorious
- ↑ Salam, Muhammad Abdus. (17 April 2015). In Memory of Nawab Bahadur Syed Nawab Ali Chowdhury. The News Today
- ↑ A gentleman of the old school. thedailystar
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চৈয়দ নবাব আলি চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৪২০৩৯৪ (৩ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।