নৱনীতা চৌধুৰী বাংলাদেশৰ সৰ্ববৃহৎ বেচৰকাৰী সংস্থা ব্ৰাকৰ এগৰাকী বাংলাদেশী সাংবাদিক, গায়িকা আৰু মহিলাৰ বিৰুদ্ধে হিংসা প্ৰতিৰোধৰ পদক্ষেপৰ পৰিচালক।১২৩ তেওঁ ডিবিচি নিউজৰ সম্পাদিকা আৰু চেনেল ৭১ৰ টেলিভিছন টক শ্ব’ৰ আয়োজক আছিল।৪৫৬
প্ৰাথমিক জীৱন আৰু শিক্ষা
চৌধুৰীয়ে ঢাকা বিশ্ববিদ্যালয়ৰপৰা আইন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।৭ লণ্ডন বিশ্ববিদ্যালয়ৰ স্কুল অৱ অৰিয়েণ্টেল এণ্ড আফ্ৰিকান ষ্টাডিজত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৭
কেৰিয়াৰ
চৌধুৰীয়ে ভোৰেৰ কাগজত নিজৰ কেৰিয়াৰ আৰম্ভ কৰে।৭ ২০০০ চনলৈকে তেওঁ তাত কাম কৰিছিল আৰু তাৰ পিছত একুশ্বে টেলিভিছনত যোগদান কৰিছিল।৮ তেওঁ বিটোপি, বিবিচি ৱৰ্ল্ড চাৰ্ভিচেছ, আইচ টুডেৰ প্ৰকাশক আইচ মিডিয়া লিমিটেড আৰু ৰবি এক্সিয়াটা লিমিটেডৰ বাবে কাম কৰিছিল।৮
চৌধুৰীয়ে ২০১৬ চনৰ ঢাকা লিট ফেষ্টত জুডো শ্বেশ্বে জুডো নামৰ এটা পেনেলৰ আঁত ধৰে য’ত বাঙালী মুছলমান পৰিচয় আৰু ধৰ্মনিৰপেক্ষতাৰ বিষয়ে আলোচনা কৰা হৈছিল।৯
২০১৭ চনত চৌধুৰীক অনন্যা টপ টেন এৱাৰ্ডৰে সন্মানিত কৰা হয়।৭
চৌধুৰীয়ে ২০১৯ চনত ব্ৰাকত মহিলাৰ বিৰুদ্ধে হিংসা প্ৰতিৰোধৰ পদক্ষেপৰ পৰিচালক হিচাপে যোগদান কৰে আৰু ডিবিচি নিউজ এৰি দিয়ে।৮ ভাৰতত অনুষ্ঠিত হোৱা ফেচবুক দক্ষিণ এছিয়া সুৰক্ষা সন্মিলন-২০১৯ত অংশগ্ৰহণ কৰিছিল।১০ তেওঁ মাষ্টাৰমাইণ্ড ফেমিলি বাংলাদেশৰ বাংলাদেশী সংস্কৰণ মাষ্টাৰমাইণ্ড (ব্ৰিটিছ গেম শ্ব’)ৰ আয়োজক আছিল।১১
চৌধুৰী বাংলাদেশ নাৰী সাংবাদিক কেন্দ্ৰ (এ চেণ্টাৰ ফৰ উইমেন জাৰ্নেলিষ্ট, বাংলাদেশ)ৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য।১২ বংগ শিল্পালয়ৰ প্ৰাণেৰ খেলা অনুষ্ঠানত তেওঁ গীত গাইছিল।১৩ তেওঁ বেংগল ফাউণ্ডেশ্যনৰ সৈতে ছং অৱ থ্ৰী মহাজনছ নামৰ এটা এলবাম মুকলি কৰে।১৪১৫
প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ পদত্যাগ আৰু আৱামী লীগ চৰকাৰৰ পতনৰ পিছত অধিবক্তা গাজী এম এইচ তামিমে ২০২৪ চনৰ ২৯ আগষ্টত আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণৰ তদন্তকাৰী শাখা তদন্ত সংস্থা-আইচিটিবিডিত শ্বেখ হাছিনা আৰু চৌধুৰীকে ধৰি ৩২ জন সাংবাদিকৰ বিৰুদ্ধে গণহত্যাৰ অভিযোগ দাখিল কৰে।১৬ ৰিপ’ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰে এই গোচৰ দাখিল কৰাটো গৰিহণা দিয়ে।১৭
ব্যক্তিগত জীৱন
চৌধুৰীৰ ভগ্নী নিৰুপমা ৰহমান এগৰাকী গায়িকা।১৮ দুয়োগৰাকী ভগ্নীয়ে সৰু কালৰপৰাই সংগীতৰ বিষয়ে অধ্যয়ন কৰিছিল।১৮
তথ্যসূত্ৰ
- ↑ (2022-03-12). The development aspirations of a nation cannot be fulfilled unless women are integrated within the process. The Daily Star
- ↑ (2020-10-20). 'Girls must be brought back to schools'. Prothom Alo
- ↑ Chowdhury, Priyanka. (2019-04-08). Nobonita's rendition of 'Roop Dekhilam' video released at Bishwo Shahitto Kendro. The Daily Star
- ↑ Mazumdaru, Srinivas. (26 October 2018). Bangladesh: Beware of what you say on talk shows – DW – 10/26/2018. Deutsche Welle
- ↑ (2018-12-18). BLAST holds National Conference on Rape Law Reform. The Daily Star
- ↑ Learning About The Great Padma
- ↑ Nobonita Chowdhury - Director, Preventing Violence Against Women Initiative, BRAC at BRAC. THE ORG
- ↑ Nobonita Chowdhury. লিংকডইন
- ↑ Sarker, Saqib. (20 November 2016). Juddho Sheshe Juddho. Dhaka Tribune
- ↑ (22 November 2019). Actress Mithila now in New Delhi. Daily Sun
- ↑ (12 October 2019). 'Mastermind Family Bangladesh' on Duronto TV. Daily Sun
- ↑ Bangladesh Nari Sangbadik Kendra. womenjournalistbd.com
- ↑ Nobonita, Mohitosh to perform at 'Praner Khela'. businesspostbd.com
- ↑ (17 September 2023). নবনীতা চৌধুৰীৰ কণ্ঠে তিন মহাজনেৰ গান. The Daily Ittefaq
- ↑ জনকণ্ঠ, দৈনিক. প্ৰশংসায় ভাসছেন নবনীতা চৌধুৰী. দৈনিক জনকণ্ঠ · · Daily Janakantha
- ↑ (29 August 2024). Complaint filed with ICT against 52 including Hasina, 32 journos over genocide. Dhaka Tribune
- ↑ (2024-08-30). Bangladesh: RSF condemns the outrageous charges of crimes against humanity brought against at least 25 journalists · RSF. rsf.org
- ↑ Shomoyeeta, Shreya. (2021-04-07). Welcoming Spring. The Daily Star
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৱনীতা চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৬৩৪৩৪৯ (৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।