অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তাৰানা হালিম

তাৰানা হালিম (ইংৰাজী: Tarana Halim; জন্ম: ১৬ আগষ্ট ১৯৬৬) এগৰাকী বাংলাদেশী ৰাজনীতিবিদ, প্ৰাক্তন অধিবক্তা, দূৰদৰ্শন তথা চলচ্চিত্ৰ অভিনেত্ৰী আৰু নাট্যকাৰ। ২০১৮ চনৰ জানুৱাৰী মাহত তেওঁক তথ্য ৰাজ্যিক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়।

হালনাগাদ: ২৩ এপ্ৰিল ২০২৬ ২২১ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

তাৰানা হালিম (ইংৰাজী ভাষা: Tarana Halim; জন্ম: ১৬ আগষ্ট ১৯৬৬) এগৰাকী বাংলাদেশী ৰাজনীতিবিদ, প্ৰাক্তন অধিবক্তা, দূৰদৰ্শন তথা চলচ্চিত্ৰ অভিনেত্ৰী আৰু নাট্যকাৰ। তেওঁ বাংলাদেশ চৰকাৰৰ তথ্য মন্ত্ৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰি তেওঁ বাংলাদেশ আৱামী লীগৰ সৈতে জড়িত এগৰাকী সক্ৰিয় ৰাজনৈতিক কৰ্মী।১

২০১৮ চনৰ জানুৱাৰী মাহত তেওঁক তথ্য ৰাজ্যিক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়।২৩ ইয়াৰ পূৰ্বে ২০১৪ চনৰ জুলাই মাহৰপৰা তেওঁ ডাক, দূৰসংযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয়ৰ অধীনত ডাক আৰু দূৰসংযোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল।৪

কৰ্মজীৱন

তাৰানা হালিমে শৈশৱৰেপৰা সাংস্কৃতিক জগতৰ সৈতে জড়িত আছিল। তেওঁ ১৯৭৬ চনত বাংলাদেশ টেলিভিছনৰ জনপ্ৰিয় শিশু ৰিয়েলিটী শ্ব' নতুন কুঁড়িত চেম্পিয়ন হিচাপে আত্মপ্ৰকাশ কৰি প্ৰথমবাৰৰ বাবে চৰ্চালৈ আহে।৫ তেওঁৰ অভিনয় জীৱনৰ উল্লেখযোগ্য কামসমূহৰ ভিতৰত টিভি নাটক স্নেহ আৰু ঢাকায় থাকি অন্যতম, যাৰ জৰিয়তে তেওঁ দৰ্শকৰ মাজত বিশেষ জনপ্ৰিয়তা অৰ্জন কৰে।৬

সাংস্কৃতিক দিশৰ উপৰি তেওঁ সাংগঠনিক কাম-কাজতো অগ্ৰণী ভূমিকা পালন কৰিছিল। তেওঁ সাংস্কৃতিক সংগঠন বংগবন্ধু সাংস্কৃতিক জোটৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৭ ৰাজনৈতিক ক্ষেত্ৰত তেওঁৰ যাত্ৰা আৰম্ভ হয় ২০০৯ চনৰ ২০ মাৰ্চত, যেতিয়া তেওঁ ৪৫খন সংৰক্ষিত মহিলা আসনৰ এখনৰপৰা সংসদ সদস্য হিচাপে নিৰ্বাচিত হয়।৮ তেওঁ নিজৰ কাৰ্যকালত মহিলাৰ অধিকাৰ আৰু তথ্য প্ৰযুক্তিৰ দিশত বিশেষ অৱদান আগবঢ়াইছে।

ব্যক্তিগত জীৱন

তাৰানা হালিমৰ ব্যক্তিগত জীৱনত দুবাৰ বিবাহ পাশত আবদ্ধ হৈছিল। তেওঁৰ প্ৰথম বিবাহৰপৰা দুটা পুত্ৰ সন্তান আছে। পৰৱৰ্তী সময়ত তেওঁ জনপ্ৰিয় অভিনেতা আহমেদ ৰুবলৰ সৈতে বিবাহ পাশত আবদ্ধ হয় যদিও পিছলৈ তেওঁলোকৰ মাজত বিবাহ বিচ্ছেদ ঘটে।৯

কৰ্মৰাজি

তাৰানা হালিমে কেইবাখনো চলচ্চিত্ৰ আৰু নাটকৰ কাম কৰিছে। তাৰে কেইখনমান হ'ল:

  • গোলাপী এখন ট্ৰেইন (১৯৭৮)
  • জুলেখা'ৰ ঘৰ (১৯৯৬)
  • আবাৰ এটি যুদ্ধ চাই (১৯৯৯)
  • জীৱন যেখানে যেমন

তথ্যসূত্ৰ

  1. ↑ Nusrat Jahan Pritom. (March 8, 2010). Tarana Halim: Making a difference. The Daily Star
  2. ↑ Abu Saeed Khan. (July 26, 2015). Takeaway for Tarana as new state minister. The Daily Star
  3. ↑ (January 4, 2018). Council of Ministers: Reshuffle comes with surprises. The Daily Star
  4. ↑ bn:মাননীয় প্ৰতিমন্ত্ৰিগণ. Government of Bangladesh
  5. ↑ Faridur Reza Sagor. (May 31, 2014). Notun Kuri. The Daily Star
  6. ↑ Shah Alam Shazu. (October 31, 2014). The Five Generations of TV Heroines. The Daily Star
  7. ↑ (February 6, 2010). Steps to be taken to check road crashes. The Daily Star
  8. ↑ (March 20, 2009). 45 woman MPs elected. The Daily Star. UNB
  9. ↑ (2005-08-09). "Being marooned on an island would be a blessing in disguise." - Tarana. The Daily Star

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ ব্যক্তিৰাজনীতিবিদবাংলাদেশৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তাৰানা হালিম” প্ৰবন্ধৰ সংশোধন ৬০২৩৪৮ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।