অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চৈয়দা ৰিজৱানা হাছান

চৈয়দা ৰিজৱানা হাছান (Rizwana Hasan; জন্ম ১৫ জানুৱাৰী ১৯৬৮) এগৰাকী বাংলাদেশী অধিবক্তা আৰু পৰিৱেশ কৰ্মী। তেওঁ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ এগৰাকী উপদেষ্টা আছিল আৰু পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন, জল সম্পদ আৰু তথ্য তথা সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ২৩ এপ্ৰিল ২০২৬ ৩৫৩ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

চৈয়দা ৰিজৱানা হাছান (Rizwana Hasan; জন্ম ১৫ জানুৱাৰী ১৯৬৮) এগৰাকী বাংলাদেশী অধিবক্তা আৰু পৰিৱেশ কৰ্মী। তেওঁ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ এগৰাকী উপদেষ্টা আছিল আৰু পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন, জল সম্পদ আৰু তথ্য তথা সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১ এগৰাকী পৰিৱেশ কৰ্মী হিচাপে তেওঁৰ কামৰ মূল কেন্দ্ৰবিন্দু হ’ল বাংলাদেশৰ জাহাজ ভঙা উদ্যোগৰ বাবে নিয়মাৱলী প্ৰস্তুত কৰা, আৰু ইয়াৰ বাবে তেওঁক ২০০৯ চনত গ'ল্ডমেন পৰিৱেশ বঁটা প্ৰদান কৰা হৈছিল।২ ২০১২ চনত তেওঁক ৰমন মেগছেছে বঁটাৰে সন্মানিত কৰা হৈছিল। তেওঁক তেওঁৰ "অটল সাহস আৰু আৱেগিক নেতৃত্বৰ জৰিয়তে বাংলাদেশত বিচাৰ বিভাগীয় সক্ৰিয়তাৰ এক অভিযান চলাই জনসাধাৰণৰ সু-পৰিৱেশৰ অধিকাৰক মানুহৰ মৰ্যাদা আৰু জীৱনৰ অধিকাৰ হিচাপে দৃঢ়তাৰে প্ৰতিষ্ঠা কৰাৰ বাবে" এই বঁটা আগবঢ়োৱা হৈছিল।৩

জন্ম আৰু শিক্ষা

চৈয়দা ৰিজৱানা হাছানৰ জন্ম ১৯৬৮ চনৰ ১৫ জানুৱাৰীত পূব পাকিস্তানৰ হবিগঞ্জ জিলাৰ নৰপতি হাভেলী নামৰ এটা বঙালী মুছলমান জমিদাৰ পৰিয়ালত হৈছিল। তেওঁ ভিকাৰুন্নিছা নুন স্কুল এণ্ড কলেজৰপৰা মাধ্যমিক আৰু হলী ক্ৰছ কলেজৰপৰা উচ্চতৰ মাধ্যমিক শিক্ষা লাভ কৰে। ইয়াৰ পিছত তেওঁ ঢাকা বিশ্ববিদ্যালয়ৰপৰা আইন বিভাগত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৪ তেওঁৰ পিতৃ চৈয়দ মহিবুল হাছান, মাতৃ ছুৰাইয়া হাছান।

কৰ্মজীৱন

হাছান জাহাজ ভঙা উদ্যোগৰ সৈতে জড়িত হৈ পৰে আৰু শ্ৰমিকসকলৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি, কাম কৰাৰ দুৰ্বল পৰিৱেশ আৰু আৱৰ্জনাৰ অনুচিত নিষ্কাশনৰ দৰে বিভিন্ন কাৰণত ২০০৩ চনত প্ৰথমবাৰৰ বাবে চট্টগ্ৰামৰ জাহাজ ভঙা কাৰখানাসমূহৰ বিৰুদ্ধে গোচৰ তৰে। ইয়াৰ সঁহাৰি স্বৰূপে, ২০০৩ চনৰ মাৰ্চ মাহত আদালতে উপযুক্ত বিভাগৰপৰা পৰিৱেশসংক্ৰান্তীয় অনুমতি অবিহনে জাহাজ ভঙাটো অবৈধ বুলি ঘোষণা কৰে।৪ হাছানে এই উদ্যোগটোত শ্ৰমিকৰ অধিক অধিকাৰ আৰু কাম কৰাৰ বাবে এক নিৰাপদ পৰিৱেশ নিশ্চিত কৰিবলৈ নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে।৫ তেওঁ আৱাসন নিৰ্মাণৰ বাবে হ্ৰদসমূহ ভৰোৱা, পলিথিনৰ অনুচিত ব্যৱহাৰ, পাহাৰ কটা, বনধ্বংস, মিছা মাছৰ খেতি আৰু ছেইণ্ট মাৰ্টিন দ্বীপত অবৈধ নিৰ্মাণ কাৰ্যত লিপ্ত থকা সংগঠনসমূহৰ বিৰুদ্ধেও সফলতাৰে গোচৰ তৰিছে।৪

বিতৰ্কসমূহ

২০২৬ চনৰ ৬ মাৰ্চত বাংলাদেশ জামায়াত-ই-ইছলামীৰ নেতা আৰু কৰ্মীসকলে ১২ ফেব্ৰুৱাৰীৰ সংসদীয় নিৰ্বাচনত হোৱা অনিয়মৰ অভিযোগৰ তদন্তৰ দাবীত ঢাকাত এক সমদল উলিয়ায়। বায়তুল মোকাৰৰম ৰাষ্ট্ৰীয় মছজিদৰ ওচৰত ভাষণ দি দলটোৰ নেতাসকলে বৈদেশিক মন্ত্ৰী খলিলুৰ ৰহমান আৰু প্ৰাক্তন উপদেষ্টা চৈয়দা ৰিজৱানা হাছানক "নিৰ্বাচনী ইঞ্জিনিয়াৰিং"ত লিপ্ত থকাৰ অভিযোগ উত্থাপন কৰে। ৰিজৱানা হাছানে নাৰীৰ অধিকাৰৰ বিৰোধিতা কৰা গোটসমূহ মূলসুঁতিৰ ৰাজনৈতিক শক্তি হোৱা উচিত নহয় বুলি কৰা এক মন্তব্যৰ পিছতে এই প্ৰতিবাদ আৰম্ভ হয়। জামায়াতৰ নেতাসকলে এই মন্তব্যক কিছুমান নিৰ্দিষ্ট দলক উদ্দেশ্যপ্ৰণোদিতভাৱে ক্ষমতাৰপৰা আঁতৰাই ৰখাৰ এক পৰোক্ষ স্বীকাৰোক্তি বুলি অভিহিত কৰে।৬৭

বঁটাসমূহ

হাছানৰ নেতৃত্বত বেলাই ২০০৩ চনত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰদ্বাৰা গ্ল'বেল ৫০০ ৰোল অৱ অনাৰ লাভ কৰিছিল। তেওঁ লাভ কৰা বঁটাসমূহ হ’ল:৪৮

  • পৰিৱেশ সজাগতা বৃদ্ধিৰ বাবে বাংলাদেশ চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰ্যালয়ৰদ্বাৰা ২০০৭ চনত প্ৰৱৰ্তন কৰা প্ৰথমটো পৰিৱেশ বঁটা।
  • নেপালৰ ক্ৰিয়েটিভ ষ্টেটমেণ্টচ এণ্ড চাউথ এছিয়া পাৰ্টনাৰশ্বিপৰদ্বাৰা ২০০৮ চনত 'চেলিব্ৰেটিং উইমেনহুড বঁটা'।
  • ২০০৯ চনত গ'ল্ডমেন পৰিৱেশ বঁটা।২
  • ২০১২ চনত ৰমন মেগছেছে বঁটা।৩

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ আলোচনী টাইমৰদ্বাৰা তেওঁক পৰিৱেশৰ নায়ক(Hero of Environment) হিচাপেও অভিহিত কৰা হৈছে।৪৫

২০২২ চনত হাছানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰপৰা আন্তঃৰাষ্ট্ৰীয় সাহসী মহিলা বঁটা(International Women of Courage Award) লাভ কৰে।৯

ব্যক্তিগত জীৱন

হাছানৰ জন্ম হবিগঞ্জত হৈছিল। তেওঁৰ পিতৃৰ নাম চৈয়দ মহিবুল হাছান আৰু মাতৃৰ নাম সুৰাইয়া হাছান।৪ তেওঁ নিজৰ সহপাঠী তথা অধিবক্তা-উদ্যমী আবু বকৰ ছিদ্দিকৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ নেহলা ছিদ্দিক নামৰ এগৰাকী কন্যা আৰু আহমেদ জৰিৰ ছিদ্দিক আৰু আহমেদ জিদান ছিদ্দিক নামৰ দুজন পুত্ৰ সন্তান আছে।৮ ২০১৪ চনৰ এপ্ৰিল মাহত নচৰুল হামিদ বিপুৰ মালিকানাধীন এটা কাপোৰৰ কাৰখানাৰ পৰিচালন সঞ্চালক হিচাপে কৰ্মৰত তেওঁৰ স্বামী ছিদ্দিকক অজ্ঞাত ব্যক্তিয়ে কিছুসময়ৰ বাবে অপহৰণ কৰিছিল।১০১১

নিৰ্বাচিত ৰচনাৱলী

  • লজ এণ্ড ডিচিচন অন কম্পেনচেচন ইন বাংলাদেশ (২০০১)
  • জুডিচিয়েল ডিচিচনচ অন এনভাইৰনমেণ্ট ইন চাউথ এছিয়া: আপ টু ২০০০ (২০০৫)
  • জুডিচিয়েল ডিচিচনচ অন এনভাইৰনমেণ্ট ইন চাউথ এছিয়া, ২০০১-২০০৪ (২০০৬)
  • চুপ্ৰিম কোৰ্ট অন ৱেটলেণ্ড কনজাৰ্ভেচন (২০১৪)

তথ্যসূত্ৰ

  1. ↑ (2024-08-08). ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰৰ শপত গ্ৰহণ (Yunus-led interim govt sworn in). দ্য ডেইলি ষ্টাৰ (The Daily Star)
  2. ↑ চৈয়দা ৰিজৱানা হাছান. গ'ল্ডমেন পৰিৱেশ বঁটা
  3. ↑ Sarmiento, Christine Joy. (26 July 2012). ২০১২ চনৰ ৰমন মেগছেছে বঁটা বিজয়ীসকলৰ নাম ঘোষণা. এছিয়ান জাৰ্ণাল (Asian Journal)
  4. ↑ (21 October 2010). বেলাৰ সৈতে ৰিজৱানা. দৈনিক কালৰ কণ্ঠ
  5. ↑ (4 October 2009). টাইম মেগাজিনে ৰিজৱানাক 'পৰিৱেশ হিৰো' হিচাপে নামকৰণ কৰিছে (Time names Rizwana as environment hero). দ্য ডেইলি ষ্টাৰ
  6. ↑ অন্তৱৰ্তীকালীন চৰকাৰৰ উপদেষ্টাৰ বিৰুদ্ধে নিৰ্বাচনী ইঞ্জিনিয়াৰিংৰ অভিযোগ · ৰিজৱানা আৰু খলিলুৰক জেৰা কৰাৰ দাবী জামায়াতৰ · দ্য ডেইলি ষ্টাৰ. www.thedailystar.net
  7. ↑ সন্ত্ৰাসবাদ সম্পৰ্কীয় শেহতীয়া তথ্য - নিৰ্বাচনী ইঞ্জিনিয়াৰিংৰ বাবে প্ৰাক্তন উপদেষ্টা ৰিজৱানা আৰু প্ৰাক্তন নিৰাপত্তা উপদেষ্টা খলিলুৰক জেৰা কৰাৰ দাবী. www.satp.org
  8. ↑ ইকবাল চৌধুৰী. (2009). ছুটিৰ দিনে. প্ৰথম আলো. পৃ. 5
  9. ↑ ২০২২ চনৰ আন্তঃৰাষ্ট্ৰীয় সাহসী মহিলা বঁটা. আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক পৰিক্ৰমা দপ্তৰ
  10. ↑ (2014-04-18). অপহৰণকাৰীয়ে আবু বকৰক মুকলি কৰি দিলে. দ্য ডেইলি ষ্টাৰ
  11. ↑ বাংলাদেশ এনভাইৰনমেণ্টেল লয়াৰ্ছ এছ'চিয়েশ্যনৰ (BELA) কাৰ্যবাহী সঞ্চালক চৈয়দা ৰিজৱানা হাছানৰ স্বামী আবু বকৰ ছিদ্দিকৰ অপহৰণ... OMCT

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ ব্যক্তিপৰিৱেশ কৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চৈয়দা ৰিজৱানা হাছান” প্ৰবন্ধৰ সংশোধন ৬০২২৩৫ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।