দিলাৰা বেগম জলী (Dilara Begum Jolly)এগৰাকী বাংলাদেশী ছপা শিল্পী, ভাস্কৰ্য্য শিল্পী, প্ৰতিষ্ঠাপন শিল্পী আৰু চিত্ৰশিল্পী। নাৰীৰ বিৰুদ্ধে দেখা পোৱা বৈষম্যক সমাজৰ সমুখলৈ লৈ অহাৰ বাবে আৰু নিজৰ কৰ্মত নাৰীবাদী দৃষ্টিভংগী স্পষ্টভাৱে উপস্থাপন কৰা বাবে তেওঁ পৰিচিত।১
জীৱনী
ব্যক্তিগত জীৱন
দিলাৰা বেগমক তেওঁৰ পেছাগত নামতকৈ জলী ছদ্মনামেৰে বেছিকৈ জনা যায়।২
তেওঁ চট্টগ্ৰামৰ চৰকাৰী কলা মহাবিদ্যালয়ত চিত্ৰকলা আৰু প্ৰিন্টমেকিং অধ্যয়ন কৰিছিল (চাৰুকলাৰ স্নাতক, ১৯৮১)৷ তাৰ পিছত ১৯৮৪ চনত ঢাকা বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট অৱ ফাইন আৰ্টছত সূক্ষ্ম কলা, চিত্ৰকলাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৩ ইয়াৰ পিছত ১৯৯১ চনত ভাৰত চৰকাৰৰ পৰা বৃত্তি লাভ কৰি তেওঁ পশ্চিম বংগৰ শান্তিনিকেতনত প্ৰিন্ট মেকিঙত পোষ্ট ডিপ্লমা লাভ কৰে।৪
জলীয়ে এটা সাক্ষাৎকাৰত কয় যে তেওঁৰ বাবে সামাজিক বাধাসমূহ অতিক্ৰম কৰাৰ ক্ষেত্ৰত তেওঁৰ মাক প্ৰথম প্ৰেৰণা আছিল৷ তেওঁৰ মাকে কৈছিল "মহিলাসকল শিক্ষিত হ'ব লাগে, আৰু নিজৰ কণ্ঠ লাভ কৰিবলৈ তেওঁলোক অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাটো প্ৰয়োজন৷"৫
২০১১ চনত জলী আৰু তেওঁৰ স্বামী বাছ দুৰ্ঘটনাত পতিত হয় আৰু ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয়ভাৱে প্ৰশংসিত চলচ্চিত্ৰ নিৰ্মাতা তাৰেক মাছুদ, এ টি এন নিউজৰ মুখ্য কাৰ্যবাহী বিষয়া মিছুক মুনিয়েৰ আৰু আন তিনিজন লোকৰ মৃত্যু হয়। তেওঁলোকে শিবালায়া উপজিলাৰ এটা দৃশ্যগ্ৰহণৰ স্থান পৰিদৰ্শন কৰাৰ পিছত টাৰেকেৰ শেহতীয়া ছবি কাগজেৰ ফুলৰ দৃশ্যগ্ৰহণৰ অনুমতি বিচাৰি উপ-আয়ুক্তক সাক্ষাৎ কৰিবলৈ মাণিকগঞ্জ চহৰ অভিমুখী মাইক্ৰ'বাছত যাত্ৰা কৰি আছিল।৬ যাত্ৰাপথত মাণিকগঞ্জৰ ঘিঅ'ৰত ঢাকা-আৰিচা ঘাইপথত এখন যাত্ৰীবাহী বাছৰ সৈতে তেওঁলোকৰ মাইক্ৰ'বাছখন মুখামুখি সংঘৰ্ষত লিপ্ত হয়।৭আৰু দুৰ্ঘটনাত জলীৰ এখন হাত ভাঙে।৮
কৰ্মজীৱন
জলীয়ে প্ৰিণ্টমেকাৰ হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। ২০১৪ চনত তেওঁ ঢাকাৰ বেংগেল আৰ্ট লাউঞ্জত বাংলাদেশৰ কাপোৰ উদ্যোগৰ মহিলাসকলৰ অৱস্থাৰ আধাৰত "থ্ৰেডছ অৱ টেষ্টিমোনি" শীৰ্ষক প্ৰদৰ্শনী অনুষ্ঠিত কৰে।১
মুখ্য বিষয়বস্তু
দিলাৰা বেগম জলীৰ ৰচনাসমূহে নাৰী জীৱনৰ আভ্যন্তৰীণ যাত্ৰাৰ লগতে কঠোৰ বাস্তৱতাক তুলি ধৰিছে। চৈয়দ ৱালি উল্লাহৰ উপন্যাস ‘লালছালু’ৰ জামিলাৰ দৰে বিভিন্ন শক্তিশালী নাৰী চৰিত্ৰই তেওঁক প্ৰভাৱিত কৰিছে। তেওঁৰ ধাৰাবাহিক ৰচনা Embryo Withdrawn-য়ে সমাজৰ পিতৃতন্ত্ৰৰ বলি হোৱা কিশোৰী কন্যাক নিজৰ ভ্ৰুণতে লুকুৱাই ৰখাৰ এগৰাকী মাতৃৰ আগ্ৰহক উপস্থাপন কৰিছে। এই প্ৰসংগত জলীয়ে কয়- 'এয়া মোৰ এজন আত্মীয়ৰ সঁচা কাহিনী৷ ছোৱালীজনীক শান্তিত ৰাখিবলৈ সেই চৰম আৰু অবাস্তৱ সমাধান প্ৰকাশ কৰাৰ পিছতে মাতৃগৰাকীৰ মৃত্যু হয়। স্মৃতিটোৱে মোক এতিয়াও খেদি ফুৰে৷'৯
বাংলাদেশৰ লগতে বিশ্বজুৰি গুৰুত্ব থকা কেইবাটাও সামাজিক বিষয়ত জলীয়ে আলোকপাত কৰিছে ৷ ইয়াৰ আৰম্ভণি হৈছিল ১৯৮৫ চনত লালছালুৰ পৰা৷ ১৯৯৬ চনত তেওঁ ‘ফটোৱা’ৰ বলি হোৱা নুৰজাহানৰ ট্ৰেজেডিক চিত্ৰিত কৰিছিল যি ব্যভিচাৰৰ দোষত গাঁও পৰিষদৰ দ্বাৰা দোষী সাব্যস্ত হৈছিল৷ ৰাজহুৱা শিলবৰ্ষণৰ সমুখীন হৈ শেষত তেওঁ নিজৰ প্ৰাণ লৈছিল৷ জলীয়ে ইয়াৰ পিছত ঢাকা বিশ্ববিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰুমানা মনজুৰৰ কাহিনী কৈছে৷ তেওঁ বিদেশত পঢ়া-শুনা অব্যাহত ৰাখিব বিচাৰিছিল; কিন্তু স্বামীয়ে ২০১১ চনত তেওঁৰ দৃষ্টি কাঢ়ি নিছিল৷ ইয়াৰ পিছত জলীয়ে ২০১২ চনত টাজনীন ফেশ্বনৰ কাৰখানাৰ অগ্নিদগ্ধ হোৱা মহিলা কৰ্মীসকলৰ ঘটনাটো উপস্থাপন কৰিছে৷১০
জলীয়ে তেওঁৰ চিত্ৰসমূহত পুৰুষপ্ৰধান সমাজত নাৰীৰ অৱস্থাৰ বাস্তৱ দিশটোত গুৰুত্ব আৰোপ কৰিছে৷ তেওঁৰ প্ৰতিবাদৰ শৈলীত প্ৰত্যক্ষ বক্তব্যতকৈ ব্যংগ, উপহাস আৰু তীক্ষ্ণ বিদ্ৰুপ অধিক পৰিলক্ষিত হয়।১১
৯/১১ ঘটনাৰ পিছত বিশ্ব ৰাজনীতিৰ পৰিৱৰ্তিত দৃষ্টিভংগী, অনৈতিক ইৰাক যুদ্ধৰ হিংসা আৰু মাতৃসকল যুদ্ধৰ মূল বলি হোৱা বুলি উপলব্ধি কৰি জলীয়ে নাৰীৰ প্ৰজনন ব্যৱস্থা আৰু মাতৃত্বৰ বিষয়ত কাম কৰিছিল৷ ১০
বঁটা
- ১৯৮০: অল মিডিয়া বেষ্ট এৱাৰ্ড, চৰকাৰী কলা মহাবিদ্যালয়, চিটাগং
- ১৯৮০: শ্ৰেষ্ঠ বঁটা এক্সপ’; ল’ এলায়েন্স ফ্ৰান্সেইজ ডি চিট্টাগঙৰ উদ্যোগত, চিটাগং
- ১৯৮১: জয়নুল আবেদিন বঁটা, চৰকাৰী কলা মহাবিদ্যালয়, চিটাগং
- ১৯৯৬: ঢাকাৰ বাংলাদেশ শিল্পকলা একাডেমীৰ দ্বাদশ ৰাষ্ট্ৰীয় কলা প্ৰদৰ্শনীত সন্মানজনক উল্লেখ
- ২০০২: বংগ ফাউণ্ডেশ্যন বঁটা, ১৫ সংখ্যক ৰাষ্ট্ৰীয় কলা প্ৰদৰ্শনী, বাংলাদেশ শিল্পকলা একাডেমী, ঢাকা৪
নিৰ্বাচিত প্ৰদৰ্শনী
বাংলাদেশ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত জলীৰ কৰ্মৰাজি প্ৰদৰ্শিত হৈছে৷ ইয়াৰ লগতে বাংলাদেশৰ শিল্পকলা একাডেমী নেচনেল আৰ্ট গেলেৰী আৰু আৰু দেশ-বিদেশৰ আন বহুতো ব্যক্তিগত সংগ্ৰহত জলীৰ কৰ্মৰাজি উপস্থাপিত হৈছে।৪
নিৰ্বাচিত একক প্ৰদৰ্শনী
- ১৯৮৪: জাৰ্মান সাংস্কৃতিক কেন্দ্ৰ, ঢাকা।
- ১৯৯২: ল এলায়েন্স ফ্ৰান্সেইজ ডি চিটাগং।
- ১৯৯৪: জোজান আৰ্ট গেলেৰী, ঢাকা।
- ২০০১: গেলেৰী ২১, ঢাকা।
- ২০০৬: বেংগল গেলেৰী অৱ ফাইন আৰ্টছ, ঢাকা।
- ২০০৮: এলায়েন্স ফ্ৰান্সেইজ অৱ চিট্টাগঙৰ, বাংলাদেশ
তথ্যসূত্ৰ
- ↑ (21 August 2014). Jolly's artworks focus on garment workers. Dhaka Tribune
- ↑ Ahmed, Rahnuma. The present as history. Life and death in Dilara Begum Jolly's work. ShahidulNews
- ↑ (16 August 2014). Threads of Testimony. Observer BD
- ↑ Dilara Begum Jolly: biography. Dhaka Art Center Artist Directory
- ↑ Zaman, Mustafa. Performing the self. Depart Mag
- ↑ (15 August 2011). Road Crash: Manikganj tragedy driver held in Meherpur. Priyo News
- ↑ Tareque Masud laid to rest. Sheershasangbad blogspot
- ↑ (15 August 2011). Survivor blames bus driver. New Age
- ↑ Women artists interpret women's issues. Priyo News
- ↑ Selim, Lala Rukh. (7 February 2015). Magic for change. Dilara Begum Jolly's blog
- ↑ Dilara Begum Jolly. Bangladesh Art Info
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিলাৰা বেগম জলী” প্ৰবন্ধৰ সংশোধন ৬১৪৬২২ (২৬ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।