অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এহতেশাম

আবু নূৰ মহম্মদ এহতেশামুৰ ৰহমান (১২ অক্টোবৰ ১৯২৭ – ১৭ ফেব্ৰুৱাৰী ২০০২), তেওঁ এহতেশাম হাইদৰ চৌধুৰী নামেৰে পৰিচিত, এগৰাকী বাংলাদেশী আৰু পাকিস্তান চলচ্চিত্ৰ পৰিচালক আছিল। তেওঁৰ মৃত্যুৰ পিছত তেওঁক ঢাকাত চলচ্চিত্ৰ উদ্যোগৰ পুৰোধা ব্যক্তি হিচাপে আখ্যা দিয়া হয়।

হালনাগাদ: ২০ এপ্ৰিল ২০২৬ ২৮৩ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

আবু নূৰ মহম্মদ এহতেশামুৰ ৰহমান (১২ অক্টোবৰ ১৯২৭ – ১৭ ফেব্ৰুৱাৰী ২০০২), তেওঁ এহতেশাম হাইদৰ চৌধুৰী নামেৰে পৰিচিত, এগৰাকী বাংলাদেশী আৰু পাকিস্তান চলচ্চিত্ৰ পৰিচালক আছিল। তেওঁৰ মৃত্যুৰ পিছত তেওঁক ঢাকাত চলচ্চিত্ৰ উদ্যোগৰ পুৰোধা ব্যক্তি হিচাপে আখ্যা দিয়া হয়। এহতেশাম বাংলাদেশৰ এগৰাকী অন্যতম আগশাৰীৰ পৰিচালক।১ ১৯৫৯ চনত বাংলাদেশ চলচ্চিত্ৰ উন্নয়ন সংস্থা প্ৰতিষ্ঠা হোৱাৰ সময়ত তেওঁ চলচ্চিত্ৰ পৰিচালক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে আৰু "এ দেশ তোমাৰ আমাৰ " ছবিখন নিৰ্মাণ কৰে। পিছলৈ তেওঁ ৰাজধানীৰ বুকে (১৯৬০), চকোৰী (১৯৬৭), চন্দা (১৯৬২), নতুন সুৰ (১৯৬২), সাগৰ (১৯৬৫) ইত্যাদি ছবি নিৰ্মাণ কৰে। ২০০২ চনত তেওঁৰ মৃত্যু হয়।

জন্ম আৰু প্ৰাথমিক জীৱন

১৯২৭ চনৰ ১২ অক্টোবৰত ঢাকাত জন্মগ্ৰহণ কৰা এহতেশামৰ পিতৃ মহম্মদ ইউছুফ ইছলমিয়া কলেজৰ অধ্যাপক আছিল আৰু মাতৃ মোছাম্মত কানিজ ফাতেমা আছিল এগৰাকী গৃহিনী। তেওঁৰ ককাক আছিল হাকিম হবিবুৰ ৰহমান। তেওঁৰ সৰু ভায়েক মুস্তাফিজ এগৰাকী চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক। শাবানা তেওঁৰ ভতিজী।

এহতেশামে ছেণ্ট গ্ৰেগৰী স্কুলত আৰু পিছলৈ আৰ্মানিটোলা স্কুলত অধ্যয়ন কৰে। ইয়াৰ পিছত তেওঁ ভাৰতত ছিনিয়ৰ কেম্ব্ৰিজ পাছ কৰে। প্ৰথম চাকৰিত তেওঁ জিআইপি ৰে'লৱেত ট্ৰেফিক কণ্ট্ৰ’লাৰ হিচাপে যোগদান কৰে। পিছত ৰজা আয়োগৰ পৰা অনুমোদন লাভ কৰি তেওঁ ব্ৰিটিছ ভাৰতীয় সেনাবাহিনীত কেপ্তেইন হিচাপে যোগদান কৰে।

কৰ্ম জীৱন

১৯৫০ চনত প্ৰথমবাৰৰ বাবে এহতেশাম চলচ্চিত্ৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল। ১৯৫৬ চনত তেওঁ প্ৰথমখন ছবি এ দেশ তোমাৰ আমাৰ আৰম্ভ কৰে, তাত সহযোগী পৰিচালক হিচাপে আছিল জাহিৰ ৰায়হান আৰু কালাম আহমেদ। এইখন ছবিত সুভাষ দত্ত১ আৰু শবনমে প্ৰথম অভিনয় কৰে।২ তেওঁ উৰ্দু ভাষাত ব্যৱসায়িকভাৱে সফল ছবি নিৰ্মাণ কৰিছিল আৰু স্বাধীনতাৰ পিছত বাংলা ভাষাত ছবি নিৰ্মাণ কৰিছিল। তেওঁ বহু জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীক আৱিষ্কাৰ কৰিছিল। আন এগৰাকী অভিনেতা তেওঁ আৱিষ্কাৰ কৰিছিল নাদিম বেগক, তেওঁ পিছলৈ এহতেশামৰ কন্যাক বিয়া কৰাইছিল।১ ১৯৬৭ চনত নাদিমৰ আত্মপ্ৰকাশ (শাবানাৰ প্ৰথম উৰ্দু ছবি) চকোৰীত এহতেশাম নাদিম আৰু অভিনেত্ৰী শবনক পৰিচালনা কৰে।৩৪ তেওঁ উৰ্দু ভাষাত আৰু তাৰ পিছত বাংলাদেশৰ স্বাধীনতাৰ পিছত বাংলা ভাষাত সফল ছবি নিৰ্মাণ কৰে।৫ ইয়াৰ উপৰি তেওঁ আন দুগৰাকী সফল অভিনেত্ৰীক আত্মপ্ৰকাশ কৰায়, তাৰ ভিতৰত চান্দনী ৰাতে (১৯৯৩) ছবিত ছাবানুৰক আৰু মৌমাছি (১৯৯৬) ছবিত মুনমুনক।

তথ্যসূত্ৰ

  1. ↑ (19 February 2002). Film director Ehtesham dies at 75. Dawn
  2. ↑ "Subhash Dutta Passes Away", The New Nation (Dhaka), 17 November 2012
  3. ↑ "Missing Ehtesham", The Independent (Dhaka), 19 February 2002
  4. ↑ "Film, TV actor Nadeem turns 72", GeoTV, 19 July 2013
  5. ↑ "Shabnam to Get Lifetime Achievement Award", The New Nation (Dhaka), 2 February 2015

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ ব্যক্তিবাংলাদেশৰ চলচ্চিত্ৰচলচ্চিত্ৰ পৰিচালক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এহতেশাম” প্ৰবন্ধৰ সংশোধন ৬০১৬৩২ (২০ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।