অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

খুশী কবীৰ

খুশী কবীৰ (Khushi Kabir) এগৰাকী বাংলাদেশী সমাজকৰ্মী, নাৰীবাদী, আৰু পৰিৱেশবিদ।

হালনাগাদ: ৩১ জুলাই ২০২৬ ১৬৭ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

খুশী কবীৰ (Khushi Kabir) এগৰাকী বাংলাদেশী সমাজকৰ্মী, নাৰীবাদী, আৰু পৰিৱেশবিদ।১

প্ৰাৰম্ভিক জীৱন

খুশী কবীৰে ঢাকা বিশ্ববিদ্যালয়ৰ সূক্ষ্ম কলা অনুষদৰ পৰা সূক্ষ্ম কলা (চিত্ৰকলা আৰু অংকন) বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।২৩

কৰ্মজীৱন

১৯৭২ চনত বাংলাদেশ মুক্তি যুদ্ধৰ পিছত খুশী কবীয়ে বাংলাদেশৰ এটা বেচৰকাৰী সংস্থাত যোগদান কৰে। প্ৰান্তীয় সম্প্ৰদায়ৰ সৈতে বাংলাদেশৰ গ্ৰাম্য অঞ্চলত তেওঁ কাম কৰিছিল। বেচৰকাৰী অধিকাৰ সংস্থা নিজেৰা কোৰীত সমন্বয়ক হিচাপে তেওঁ যোগদান কৰে। বাংলাদেশৰ অন্যতম বৃহৎ বেচৰকাৰী সংস্থা নিজেৰা কোৰী আৰু সংস্থাটোত ২,৩৭,৭৮৭ গৰাকী সদস্য আছে।২ তেওঁ আন্তঃৰাষ্ট্ৰীয় চট্টগ্ৰাম পাহাৰীয়া ট্ৰেক্ট আয়োগৰ সদস্য।৪ তেওঁ চেণ্টাৰ ফৰ পলিচি ডাইলগৰ পৰিচালক।৫২০১৩ চনত বাংলাদেশত ৱান বিলিয়ন ৰাইজিঙৰ সমন্বয় কৰিছিল।২

খুশী কবীৰে বাংলাদেশ সেনাৰ শিবিৰ আৰু স্থাপনৰ বাবে মাটি অধিগ্ৰহণৰ বিৰুদ্ধে মত দিছিল।৬ ২০১৫ চনত জোণ্টা জিলা-২৫ৰ ১৪ সংখ্যক দ্বিবাৰ্ষিক আঞ্চলিক সন্মিলনত তেওঁক জীৱনজোৰা কৃতিত্ব বঁটাৰে সন্মানিত কৰা হয়।৭ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ভাবমূৰ্তিৰ ক্ষতি কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰা হয়৷ ২০১৬ চনৰ ৪ জুনত অভিযোগত নিৰ্দিষ্টতা নথকাৰ বাবে বাংলাদেশ উচ্চ ন্যায়ালয়ে গোচৰটো খাৰিজ কৰে।৮ ২০১৭ চনৰ ২৭ নৱেম্বৰত তেওঁ বাংলাদেশত সংখ্যালঘুৰ বিৰুদ্ধে ধৰ্মভিত্তিক হিংসাৰ বিৰুদ্ধে কথা কয় আৰু সংখ্যালঘুসকলক সুৰক্ষা দিয়াৰ বাবে চৰকাৰক অধিক কাম কৰিবলৈ আহ্বান জনায়।৯১৯৯৭ চনত স্বাক্ষৰিত চিট্টগং হিল ট্ৰেক্টছ শান্তি চুক্তি ৰূপায়ণৰ বাবে তেওঁ আহ্বান জনাইছে।১০

তথ্যসূত্ৰ

  1. ↑ Lee, Matilda. Campaign Hero: Khushi Kabir, empowering Bangladesh's most vulnerable. The Ecologist
  2. ↑ (10 July 2013). Khushi Kabir. One Billion Rising Revolution
  3. ↑ What do you do with rape victims? You send them away. Dhaka Tribune
  4. ↑ Chittagong Hill Tracts: Indigenous Women Disproportionately Affected By Violence and Discrimination in Bangladesh. UNPO
  5. ↑ ‘Health, global trade regime affecting equal access to medicine’. Dhaka Tribune
  6. ↑ Call against land acquisition for army installations. Prothom Alo
  7. ↑ (9 October 2017). Empower women for a better world. The Daily Star
  8. ↑ Court dismisses case against Khushi Kabir for allegedly 'slandering' PM. Dhaka Tribune
  9. ↑ Rights activists: Communal attacks increasing because of culture of impunity. Dhaka Tribune
  10. ↑ (26 November 2017). Govts cool on its full execution. The Daily Star

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ নাৰী অধিকাৰ কৰ্মীবাংলাদেশৰ নাৰীবাদীবাংলাদেশৰ ব্যক্তিসমাজকৰ্মীপৰিৱেশ কৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খুশী কবীৰ” প্ৰবন্ধৰ সংশোধন ৬২১৯২৬ (৩১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।