বাংলাদেশৰ অভিনেত্ৰী
৭০ প্ৰবন্ধ
-
মৌচুমী
আৰিফা পাৰভিন জামান (ইংৰাজী: Moushumi; জন্ম: ৩ নৱেম্বৰ ১৯৭৩), যাৰ মঞ্চনাম হ'ল মৌচুমী, এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী আৰু পৰিচালক। তেওঁ মূলতঃ নব্বৈৰ দশক আৰু ২০০০ চনৰ আৰম্ভণিৰপৰাই এগৰাকী আগশাৰীৰ চলচ্চিত্ৰ অভিনেত্ৰী আৰু পৰিচালক হিচাপে পৰিচিত।
-
ৰ'জি আফচাৰি
ৰ’জি আফচাৰি (ইংৰাজীঃ Rosy Afsary; ২৩ এপ্ৰিল, ১৯৪৬, ৯ মাৰ্চ, ২০০৭), যাক ৰ’জি চামাদ নামেৰেও জনা যায়, বাংলাদেশী চলচ্চিত্ৰ উদ্যোগৰ এগৰাকী অভিনেত্ৰী। তেওঁক ‘সূৰ্য গ্ৰহণ’, ‘সূৰ্য সংগ্ৰাম’, ‘জীৱন থেকে নেয়া’ অৰু ‘টিটাছ একটি নদীৰ নাম’ আদি চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনা যায়।
-
অপু বিশ্বাস
অপু বিশ্বাস (ইংৰাজী: Apu Biswas; জন্ম: ১১ অক্টোবৰ ১৯৮৯) এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল। চলচ্চিত্ৰ জীৱনৰ আৰম্ভণিত কাল সকালে, ও আমাৰ ছেলে, মেশিন মেন আৰু পিতাৰ আসন আদিৰ দৰে ছবিত মুখ্য অভিনেত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰাত তেওঁ সংগ্ৰাম কৰিছিল।
-
অৰ্চিতা স্পৰ্শিয়া
অৰ্চিতা স্পৰ্ছিয়া জন্ম ৮ ডিচেম্বৰ ১৯৯৩), স্পৰ্ছিয়া নামেৰে বিখ্যাত, এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী আৰু চলচ্চিত্ৰ নিৰ্মাতা যিয়ে ২০১১ চনৰপৰা প্ৰধানকৈ বাংলাদেশ মনোৰঞ্জন উদ্যোগত কাম কৰে ১৫০খন একক খণ্ডৰ টেলিভিছন নাটক, চুটি ছবি, আৰু টেলিফিল্ম।
-
আজমেৰী হক বাঁধন
আজমেৰী হক বাঁধন (জন্ম: ২৮ অক্টোবৰ ১৯৮৩) এগৰাকী বাংলাদেশী অভিনেত্ৰী। তেওঁ বাংলাদেশৰ চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও ভাৰতীয় চলচ্চিত্ৰতো অভিনয় কৰে। ২০০৬ চনত লাক্স চেনেল আই ছুপাৰষ্টাৰত ২য় ৰানাৰ্ছ আপ হোৱাৰ পিছত তেওঁ এগৰাকী মডেলৰূপে সকলোৰে নজৰলৈ আহে।
-
আফচানা মিমি
আফচানা কৰিম মিমি (আফচানা মিমি নামে পৰিচিত; বাংলা: আফসানা মিমি, জন্ম ২০ ডিচেম্বৰ ১৯৬৮) এগৰাকী বাংলাদেশী অভিনেত্ৰী, মডেল আৰু পৰিচালিকা। তেওঁ চলচ্চিত্ৰ পাপ পূণ্য (২০২২)ত কৰা অভিনয়ৰ বাবে বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ অধীনত শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ খিতাপ লাভ কৰে।
-
মাহিয়া মাহী
শৰ্মিন আকতাৰ নিপা (জন্ম ২৭ অক্টোবৰ ১৯৯৩; তেওঁৰ মঞ্চনাম মাহিয়া মাহীদ্বাৰা পৰিচিত) এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল। তেওঁ বাংলাদেশৰ অন্যতম সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰী আছিল।
-
মেহজাবীন চৌধুৰী
মেহজাবীন চৌধুৰী (ইংৰাজী: Mehazabien Chowdhury; জন্ম: ১৯ এপ্ৰিল ১৯৯১) এগৰাকী বাংলাদেশী অভিনেত্ৰী, মডেল আৰু ২০০৯ চনৰ লাক্স চেনেল আই ছুপাৰষ্টাৰ বিজয়ী। বাংলাদেশৰ সৌন্দৰ্য প্ৰতিযোগিতা লাক্স চেনেল আই ছুপাৰষ্টাৰ জিকাৰ পিছতে তেওঁ অভিনয় জীৱন আৰম্ভ কৰিছিল।
-
অঞ্জনা চুলতানা
অঞ্জনা চুলতানা ( জন্ম: ২৭ জুন ১৯৬৫ – ৪ জানুৱাৰী ২০২৫) এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী আছিল। তেওঁ ৩০০খনতকৈও অধিক ছবিত অভিনয় কৰিছিল। পৰিণীতা(১৯৮৬) নামৰ ছবিত অভিনয় কৰি শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
অঞ্জু ঘোষ
অঞ্জলি "অঞ্জু" ঘোষ (ইংৰাজী: Anju Ghosh) এগৰাকী অভিনেত্ৰী যিয়ে বাংলাদেশ আৰু ভাৰতীয় (টলিউড) চলচ্চিত্ৰত কাম কৰিছে। ১৯৮৯ চনত মুক্তিপ্ৰাপ্ত বেদেৰ মেয়ে জোছনা ছবিত কৰা অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
অপৰ্ণা ঘোষ
অপৰ্ণা ঘোষ (জন্ম ২৫ ছেপ্টেম্বৰ) এগৰাকী বাংলাদেশী অভিনেত্ৰী, নাট্যশিল্পী আৰু মডেল। মৃত্তিকা মায়া (২০১৩) আৰু গণ্ডী (২০২০) চলচ্চিত্ৰত অভিনয়ৰ বাবে তেওঁ দুবাৰকৈ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ শাখাত বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
অৰুণা বিশ্বাস
অৰুণা বিশ্বাস এগৰাকী বাংলাদেশী টেলিভিছন, মঞ্চ আৰু চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ এগৰাকী টেলিভিছন নাটকৰ পৰিচালিকাও।
-
আশনা হাবিব ভাবনা
আশনা হাবিব ভাবনা (ইংৰাজী: Ashna Habib Bhabna; জন্ম: ৩ আগষ্ট ১৯৯৪) এগৰাকী বাংলাদেশী অভিনেত্ৰী। তেওঁ মূলতঃ বাংলাদেশী টেলিভিছন নাটক আৰু চলচ্চিত্ৰত অভিনয় কৰে। সংবাদ মাধ্যমত তেওঁক বাংলাদেশী চিনেমাৰ অন্যতম জনপ্ৰিয় মুখ হিচাপে অভিহিত কৰা হয়।
-
এলিনা শাম্মী
এলিনা শাম্মী (ইংৰাজী: Elina Shammi) এগৰাকী বাংলাদেশী মডেল, ঘোষিকা আৰু অভিনেত্ৰী। ২০১৪ চনত শ্বাহ আলম কিৰণৰ ৭১-এৰ মা জননী চলচ্চিত্ৰৰ জৰিয়তে তেওঁ আত্মপ্ৰকাশ কৰে। তেওঁ মূলতঃ প্ৰিয়তমা আৰু মুজিব: এটা জাতিৰ ৰূপকাৰ (Mujib: The Making of a Nation) চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
কাজী নওশাবা আহমেদ
কাজী নওশাবা আহমেদ (ইংৰাজী: Quazi Nawshaba Ahmed) এগৰাকী বাংলাদেশী অভিনেত্ৰী, কণ্ঠশিল্পী, চিত্ৰশিল্পী, পুতলা নাচ শিল্পী (puppeteer), পৰিচালক আৰু এগৰাকী সামাজিক কৰ্মী।
-
ছাদিকা পাৰভিন পপি
ছাদিকা পাৰভিন পপি (বাংলা: সাদিকা পাব়ভিন পপি, জন্ম ১০ ছেপ্টেম্বৰ ১৯৭৯) তেওঁ কাৰাগাৰ (২০০৩), মেঘেৰ কোলেই ৰোদ (২০০৮) আৰু গঙ্গাযাত্ৰা (২০০৯) চলচ্চিত্ৰত অভিনয় কৰাৰ বাবে তিনিবাৰ বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ অধীনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ লাভ কৰিছে।
-
ছাদিয়া আয়মান
ছাদিয়া আয়মান (জন্ম: ১৭ মাৰ্চ, ১৯৯৯) এগৰাকী বাংলাদেশী চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। তেওঁ মূলতঃ বাংলাদেশী টেলিভিছন নাটক আৰু বাংলাদেশী চলচ্চিত্ৰত কাম কৰে। ইমৰাউল ৰাফাতৰ পৰিচালনাত ২০১৯ চনত টু বি ৱাইফ নাটকৰ জৰিয়তে তেওঁৰ টেলিভিছনত অভিষেক ঘটে।
-
ছাদিয়া জাহান প্ৰভা
ছাদিয়া জাহান প্ৰভা (ইংৰাজী: Sadia Jahan Prova; জন্ম: ৩০ মাৰ্চ ১৯৮৮) এগৰাকী বাংলাদেশী মডেল আৰু অভিনেত্ৰী। ২০০৫ চনত আত্মপ্ৰকাশ কৰাৰপৰাই তেওঁ অসংখ্য টেলিভিছন নাটক আৰু টেলিফিল্মত অভিনয় কৰিছে আৰু বাংলাদেশী মনোৰঞ্জন জগতত বিশেষ অৱদান আগবঢ়াইছে।
-
ছামিয়া ছাইদ
ছামিয়া ছাইদ চৌধুৰী (ইংৰাজী: Samia Said; জন্মগত নাম: ছামিয়া ছাইদ বা ছামিয়া ছায়ীদ) এগৰাকী বাংলাদেশী মডেল আৰু অভিনেত্ৰী। ২০১২ চনত অনুষ্ঠিত হোৱা বাংলাদেশৰ আটাইতকৈ সন্মানীয় সৌন্দৰ্য প্ৰতিযোগিতা 'লাক্স চেনেল আই ছুপাৰষ্টাৰ'ৰ তেওঁ বিজয়ী আছিল।
-
ছাৰা যাকেৰ
ছাৰা যাকেৰ (Sara Zaker; জন্মগত নাম: আমিন) এগৰাকী বাংলাদেশী থিয়েটাৰ আৰু টেলিভিছন অভিনেত্ৰী, পৰিচালক, ব্যাৱসায়িক উদ্যোগী আৰু সমাজকৰ্মী। ২০১৭ চনত বাংলাদেশ চৰকাৰে তেওঁক একুশে পদক প্ৰদান কৰে।
-
ছৈয়দা ৱাহিদা ছাবৰিনা
ছৈয়দা ৱাহিদা ছাবৰিনা (জন্ম: ১১ ছেপ্টেম্বৰ ২০০০) এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ দুবাৰকৈ বাংলাদেশ জাতীয় চলচ্চিত্ৰ বঁটাৰ অধীনত শ্ৰেষ্ঠ শিশুশিল্পীৰ খিতাপ লাভ কৰিছে—চলচ্চিত্ৰ গঙ্গাযাত্ৰা (২০০৯) আৰু অন্তৰ্ধান (২০১২)-ৰ বাবে।
-
জয়া আহছান
জয়া মাছউদ (ইংৰাজী: Jaya Maswood; জন্ম: ১ জুলাই), যিগৰাকী জনপ্ৰিয়ভাৱে জয়া আহছান নামেৰে পৰিচিত, এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী, মডেল, প্ৰযোজক আৰু নেপথ্য গায়িকা।
-
জাকিয়া বাৰী মম
জাকিয়া বাৰী মম (ইংৰাজী: Zakia Bari Mamo; জন্ম: ১৯ ডিচেম্বৰ ১৯৮৫) এগৰাকী বাংলাদেশী অভিনেত্ৰী আৰু মডেল। ২০০৬ চনত 'লাক্স চেনেল আই ছুপাৰষ্টাৰ' নামৰ সৌন্দৰ্য প্ৰতিযোগিতাত বিজয়ী হোৱাৰ পিছত তেওঁ বিশেষ স্বীকৃতি লাভ কৰে।
-
জান্নাতুল ফেৰদৌচ ঐশী
জান্নাতুল ফেৰদৌচ ঐশী (জন্ম: ২৭ আগষ্ট ২০০০) তেওঁ মিছ ৱৰ্ল্ড বাংলাদেশ ২০১৮-ৰ মুকুট পিন্ধিছিল। তেওঁ ২০১৮ চনৰ ৮ ডিচেম্বৰত চীনৰ ছানিয়াত অনুষ্ঠিত মিছ ৱৰ্ল্ড ২০১৮ প্ৰতিযোগিতাত বাংলাদেশক প্ৰতিনিধিত্ব কৰিছিল আৰু ১১৮ গৰাকী প্ৰতিযোগীৰ ভিতৰত শীৰ্ষ ৩০ গৰাকীৰ ভিতৰত স্থান লাভ কৰিছিল।
-
জান্নাতুল ফেৰদৌচ পিয়া
জান্নাতুল ফেৰদৌচ পিয়া, যি পিয়া জান্নাতুল নামেৰেও পৰিচিত, এগৰাকী বাংলাদেশী মডেল আৰু অধিবক্তা। তেওঁ মিছ বাংলাদেশ ২০০৭ আৰু ইণ্ডিয়ান প্ৰিন্সেছ ইণ্টাৰনেশ্যনেল ২০১৩-ৰ খিতাপ অৰ্জন কৰিছিল।
-
জেছিয়া ইছলাম
জেছিয়া ইছলাম (ইংৰাজী: Jessia Islam) এগৰাকী বাংলাদেশী মডেল, অভিনেত্ৰী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ ৱৰ্ল্ড বাংলাদেশ ২০১৭, মিছ চাৰ্ম বাংলাদেশ ২০২৩, মিছ গ্ৰেণ্ড বাংলাদেশ ২০২৪ আৰু মিছ ইণ্টাৰনেশ্যনেল বাংলাদেশ ২০২৫-ৰ খিতাপ অৰ্জন কৰিছিল।
-
জ্যোতিকা জ্যোতি
জ্যোতিকা জ্যোতি (ইংৰাজী: Jyotika Jyoti) এগৰাকী বাংলাদেশী অভিনেত্ৰী। কবৰী চৰোৱাৰৰ পৰিচালনাত নিৰ্মিত তেওঁৰ প্ৰথমখন চলচ্চিত্ৰ আয়না ২০০৫ চনত মুক্তি পাইছিল।
-
ডলি আনোৱাৰ
ডলি আনোৱাৰ (ইংৰাজী: Dolly Anwar; জন্ম উপাধি ইব্ৰাহিম; ১ জুলাই ১৯৪৮ – ৩ জুলাই ১৯৯১) এগৰাকী বাংলাদেশী মঞ্চ, দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেত্ৰীৰ লগতে এগৰাকী লেখিকা আৰু 'সাতদিন' আলোচনীৰ সম্পাদিকা আছিল।
-
তাছনিয়া ফাৰিণ
তাছনিয়া জামিল ফাৰিণ (ইংৰাজী: Tasnia Zamil Farin; জন্ম: ৩০ জানুৱাৰী ১৯৯৮) এগৰাকী বাংলাদেশী অভিনেত্ৰী, মডেল আৰু গায়িকা।
-
তাজিন আহমেদ
তাজিন আহমেদ (৩০ জুলাই ১৯৭৫ – ২২ মে' ২০১৮) এগৰাকী বাংলাদেশী সাংবাদিক, অভিনেত্ৰী, নাট্যকাৰ, পৰিচালক আৰু নাট্য কৰ্মী আছিল। তেওঁ নাটক শাখাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ২০০৩ চনৰ বাচছাচ (Bachasas) বঁটা লাভ কৰিছিল।