আফচানা কৰিম মিমি১ (আফচানা মিমি নামে পৰিচিত; বঙালী ভাষা: আফসানা মিমি, জন্ম ২০ ডিচেম্বৰ ১৯৬৮)২৩ এগৰাকী বাংলাদেশী অভিনেত্ৰী, মডেল আৰু পৰিচালিকা।৪ তেওঁ চলচ্চিত্ৰ পাপ পূণ্য (২০২২)ত কৰা অভিনয়ৰ বাবে বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ অধীনত শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ খিতাপ লাভ কৰে।৫৬
প্ৰাৰম্ভিক জীৱন
আফচানা কৰিম মিমিৰ জন্ম ১৯৬৮ চনৰ ২০ ডিচেম্বৰত তেতিয়াৰ পূৰ্ব পাকিস্তানৰ ঢাকাস্থিত হলি ফেমিলি হাস্পতালত হৈছিল।২ তেওঁৰ পিতৃ ছৈয়দ ফজলুল কৰিম (মৃত্যু ২০২৪) বাংলাদেশ ৱাটাৰ ডেভেলপমেণ্ট ব'ৰ্ডত কৰ্মৰত আছিল।৭ তেওঁৰ মাতৃৰ নাম শিৰিন আফ্ৰোজ।৭ মাতৃফালৰ পূৰ্বপুৰুষসকল বাগেৰহাট জিলাৰ বাসিন্দা।৬
কেৰিয়াৰ
মিমিয়ে নাট্যদল নাগৰিক নাট্য সম্প্ৰদায়ৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰে।৩ ২০১১ চনত প্ৰাচ্যনাটৰ ৰাজা আৰু অন্যান্য নাটকখনত অভিনয় কৰাই তেওঁৰ শেষ মঞ্চ নাটক আছিল।৮ ১৯৯২–১৯৯৩ চনত বঙালী দূৰদৰ্শন ধাৰাবাহিক কোথাও কেও নাইত অভিনয় কৰি তেওঁ ব্যাপক জনপ্ৰিয়তা লাভ কৰে।৯
২০০০ চনৰ পৰা মিমিয়ে দূৰদৰ্শন পৰিচালনা আৰম্ভ কৰে।৯ তেওঁ কাছেৰ মানুহ ধাৰাবাহিকখন পৰিচালনা কৰে।১০ লগতে তেওঁ এটিএন নিউজত সম্প্ৰচাৰিত ৰন্ধন অনুষ্ঠান নষ্টালজিয়াৰ সৈতে জড়িত আছিল।৯
২০২০ চনৰ পৰা ২০২৩ চনলৈ তেওঁ বাংলাদেশ শিল্পকলা একাডেমিৰ নাট্য আৰু চলচ্চিত্ৰ বিভাগৰ পৰিচালক হিচাপে কৰ্মৰত আছিল।১১১ তেওঁ ঢাকাত অৱস্থিত সাংস্কৃতিক কেন্দ্ৰ ইচ্ছেতলাৰ পৰিচালিকাও।৮ তেওঁ গ্ৰীণ স্ক্ৰীণ নামৰ প্ৰযোজনা সংস্থাৰ স্বত্বাধিকাৰী, যাৰ পৰা ডল্ছ হাউছ, কাছেৰ মানুষ আৰু পৌষ ফাল্গুনেৰ পালা আদি নিৰ্মাণ কৰা হৈছে।১১১২
ফিল্ম'গ্ৰাফী
চলচ্চিত্ৰ
- নদীৰ নাম মধুমতি (১৯৯৪)
- চিত্ৰা নদীৰ পাড়ে (১৯৯৯)
- প্ৰিয়তমেসু (২০০৯)
টেলিভিছন নাটক
- বন্ধন
- ডল’স হাউজ (২০০৭–২০০৯)
- কাছেৰ মানুষ (২০০৬)
- কোথাও কেউ নেই (১৯৯০)
- মনেৰ কথা
তথ্যসূত্ৰ
- ↑ বাংলাদেশ শিল্পকলা একাডেমি. shilpakala.gov.bd
- ↑ Shah Alam Shazu. (December 20, 2016). Afsana Mimi has a special birthday tradition. The Daily Star
- ↑ (December 20, 2011). Birthday celebrations for Mimi and Nobel. Priyo News
- ↑ (September 28, 2013). Bipasha, Shomi & Mimi.. Where do they stand now?. The Daily Star
- ↑ (2023-11-14). PM honours cinematic excellence at National Film Awards 2022. The Daily Star
- ↑ Shazu, Shah Alam. (2021-12-20). I prefer spending my birthdays all by myself: Afsana Mimi. The Daily Star
- ↑ (2024-05-23). Afsana Mimi's father passes away. The Daily Star
- ↑ (2018-10-30). Afsana Mimi's hopes for Ichchhetola. The Daily Star
- ↑ Islam, Mohammad Zahidul. (2014-08-16). Afsana Mimi. The Daily Star
- ↑ (2019-11-19). bn:সবকিছুর বাজেট বাড়ে অথচ নাটকের বাজেট কমে. The Daily Star
- ↑ (2020-11-14). Afsana Mimi becomes director of Bangladesh Shilpakala Academy. The Daily Star
- ↑ (2011-06-18). "Poush Faguner Pala" scores century. The Daily Star
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আফচানা মিমি” প্ৰবন্ধৰ সংশোধন ৫৭৫৬৩২ (৯ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।