অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অপু বিশ্বাস

অপু বিশ্বাস (ইংৰাজী: Apu Biswas; জন্ম: ১১ অক্টোবৰ ১৯৮৯) এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল। চলচ্চিত্ৰ জীৱনৰ আৰম্ভণিত কাল সকালে, ও আমাৰ ছেলে, মেশিন মেন আৰু পিতাৰ আসন আদিৰ দৰে ছবিত মুখ্য অভিনেত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰাত তেওঁ সংগ্ৰাম কৰিছিল।

হালনাগাদ: ৯ জুন ২০২৬ ১৭২ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

অপু বিশ্বাস (ইংৰাজী: Apu Biswas; জন্ম: ১১ অক্টোবৰ ১৯৮৯) এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল।১২৩৪৫

চলচ্চিত্ৰ জীৱনৰ আৰম্ভণিত কাল সকালে, ও আমাৰ ছেলে, মেশিন মেন আৰু পিতাৰ আসন আদিৰ দৰে ছবিত মুখ্য অভিনেত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰাত তেওঁ সংগ্ৰাম কৰিছিল। পাছলৈ কোটি টাকাৰ কেবিন আৰু চাচুচু আদি সুপাৰহিট ছবিয়ে তেওঁক ঢালিউডৰ অন্যতম শীৰ্ষ অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰে।

২০১০ দশকৰ শেষভাগত নাম্বাৰ ৱান শাকিব খান আৰু ভালোবাসলেই ঘৰ বান্ধা যায় না আদিৰ জৰিয়তে তেওঁ নিজৰ আধিপত্য বজাই ৰাখে। অভিনেতা শাকিব খানৰ সৈতে তেওঁৰ জুটি ঢালিউডৰ আটাইতকৈ সফল আৰু জনপ্ৰিয় চলচ্চিত্ৰ জুটিসমূহৰ অন্যতম বুলি গণ্য কৰা হয়।৬

২০০৬ চনত তেওঁ এফ. আই. মাণিক পৰিচালিত কোটি টাকাৰ খেলা ছবিখনত প্ৰথমবাৰৰ বাবে শাকিব খানৰ বিপৰীতে মুখ্য নাৰী চৰিত্ৰত অভিনয় কৰে। পৰৱৰ্তী সময়ত তেওঁ শাকিব খানৰ সৈতে ৭৫ৰো অধিক চলচ্চিত্ৰত অভিনয় কৰে।

প্ৰাৰম্ভিক জীৱন

অপু বিশ্বাস মেঘাৰ জন্ম ১৯৮৯ চনৰ ১১ অক্টোবৰ তাৰিখে বাংলাদেশৰ বগুড়াত হৈছিল। তেওঁৰ পিতৃ আছিল উপেন্দ্ৰনাথ বিশ্বাস (মৃত্যু ২০১৪) আৰু মাতৃ আছিল শেফালি বিশ্বাস (মৃত্যু ২০২০)।৭১৮ তেওঁ তিনিগৰাকী ভগ্নী আৰু এজন ভাতৃৰ ভিতৰত আটাইতকৈ কনিষ্ঠ।৮

কৰ্মজীৱন

বিশ্বাসে ২০০৬ চনত মুক্তিপ্ৰাপ্ত কাল শকালে চলচ্চিত্ৰৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে।১ ইয়াৰ পিছত তেওঁ কোটি টকাৰ কেবিন চলচ্চিত্ৰত অভিনয় কৰে। ২০১৩ চনত নিৰ্মিত বাংলাদেশী পুনৰ্নিৰ্মাণ চলচ্চিত্ৰ দেৱদাসত তেওঁ পাৰ্বতীৰ চৰিত্ৰত অভিনয় কৰে।৯ ২০১৩ চনত তেওঁ মাই নেম ইজ খান চলচ্চিত্ৰতো অভিনয় কৰে।১০

তথ্যসূত্ৰ

  1. ↑ Happy birthday, Apu Biswas. Daily Sun
  2. ↑ Shakib and I have a son: Apu Biswas. Prothom Alo
  3. ↑ (4 December 2017). Shakib sends divorce letter to Apu. The Daily Star
  4. ↑ Shakib sends Apu divorce notice. Prothom Alo
  5. ↑ (2023-11-08). I am called 'Dhallywood Queen' because of Shakib Khan: Apu Biswas. The Daily Star
  6. ↑ (2023-05-06). Apu Biswas opens up about 'Lal Shari', Shakib Khan. The Daily Star
  7. ↑ bn:জীৱনেৰ অজানা গল্প শোনাবেন অপু বিশ্বাস
  8. ↑ (18 September 2020). bn:কৰোনায় মা হাৰালেন অপু বিশ্বাস. Prothom Alo
  9. ↑ (13 February 2013). Devdas gets release on Friday. New Age
  10. ↑ Sakib, Jalil fight to grab Eid market. Dhaka Mirror

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ অভিনেত্ৰীবাংলাদেশী হিন্দু

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অপু বিশ্বাস” প্ৰবন্ধৰ সংশোধন ৬১১৫১৬ (৯ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।