আৰিফা পাৰভিন জামান (ইংৰাজী ভাষা: Moushumi; জন্ম: ৩ নৱেম্বৰ ১৯৭৩), যাৰ মঞ্চনাম হ'ল মৌচুমী, এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী আৰু পৰিচালক।
তেওঁ মূলতঃ নব্বৈৰ দশক আৰু ২০০০ চনৰ আৰম্ভণিৰপৰাই এগৰাকী আগশাৰীৰ চলচ্চিত্ৰ অভিনেত্ৰী আৰু পৰিচালক হিচাপে পৰিচিত। ১৯৯৩ চনত মুক্তি পোৱা তেওঁৰ প্ৰথমখন ছবি আছিল কেয়ামত থেকে কেয়ামত। ইয়াৰ পিছৰেপৰা তেওঁ অন্তৰে অন্তৰে, দোলা, স্নেহ, বিশ্ব প্ৰেমিক, গৰীবেৰ ৰাণী, ২০ বছৰ পৰ, স্বজন, দেনমোহৰ, আদৰেৰ সন্তান, খুদা, সুখেৰ ঘৰে দুখেৰ আগুন, মুক্তিৰ সংগ্ৰাম, বিদ্ৰোহী বন্ধু, লুটতৰাজ, প্ৰিয় শত্ৰু, কষ্ট, অন্ধ ভালপোৱা, উল্কা, ৰঙিন ৰংবাজ, ৰূপসী ৰাজকন্যা আৰু মেহেৰ নিগাৰৰ দৰে বহুতো সফল ছবিত অভিনয় কৰিছে।১
২০০০ চনৰ পৰৱৰ্তী কালছোৱাত মাতৃত্ব, দজ্জাল শাহুৰী, খাইৰুন সুন্দৰী, কখনো মেঘ কখনো বৃষ্টি, আম্মাজান, মোল্লা বাৰীৰ বহু, মেঘলা আকাশ (২০০১), শত্ৰু শত্ৰু খেলা, তই যদি আমাৰ হতি ৰে, সোণাৰ ময়না পাখি, কুখ্যাত খুনি, বাবা আমাৰ বাবা আৰু গোলাপী এখন বিলেতে আদি ছবিৰ জৰিয়তে তেওঁৰ কেৰিয়াৰ অধিক উৰ্ধমুখী হয়। ২০০৯ চনৰ পিছত তেওঁ কামৰ পৰিমাণ কিছু হ্ৰাস কৰে যদিও সহযোগী অভিনেত্ৰী হিচাপে তাৰকাটা, দুই পুৰুষ, চিটাগাইঙ্গা পোয়া নোয়াখাইল্লা মাইয়া, এক কাপ চাহ, কিছু আশা কিছু ভালপোৱা, আমি নেতা হবো আৰু চাহেব নামেৰ গোলাম আদি ছবিৰ জৰিয়তে নিজৰ সফলতা ধৰি ৰাখে।২
মৌচুমীয়ে মেঘলা আকাশ (২০০১), দেৱদাস (২০১৩) আৰু তাৰকাটা (২০১৪) ছবিত কৰা অভিনয়ৰ বাবে তিনিবাৰকৈ বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছে।৩ তেওঁ ২৬৫খনতকৈও অধিক ছবিত অভিনয় কৰিছে আৰু ২০০৩ চনত কখনো মেঘ কখনো বৃষ্টি ছবিৰ জৰিয়তে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছে।৪৫
জীৱনী
আৰিফা পাৰভিন জামানৰ জন্ম হৈছিল ১৯৭৩ চনৰ ৩ নৱেম্বৰত।৬৭ তেওঁৰ জন্মস্থান তিলকুপী গাঁওখন তেতিয়াৰ অবিভক্ত খুলনা জিলাৰ অন্তৰ্গত আছিল। (বৰ্তমান ই সাতক্ষীৰা জিলাৰ তালা উপজিলাৰ চাৰুলিয়া ইউনিয়নত অৱস্থিত)। তেওঁৰ মাতৃ আছিল শ্বামীমা খাতুন আৰু পিতৃ আছিল নাজমুজ্জামান বিশ্বাস, যি খুলনা উন্নয়ন প্ৰাধিকৰণৰ এজন ঠিকাৰদাৰ হিচাপে কৰ্মৰত আছিল। তেওঁৰ ইৰিন জামান আৰু স্নিগ্ধা জামান নামৰ দুগৰাকী কনিষ্ঠ ভগ্নী আছে। তেওঁ খুলনাৰ সোনাডাঙ্গা থানাত ডাঙৰ-দীঘল হৈছিল।৮
মৌচুমীয়ে ১৯৯০ চনত 'আনন্দ বিচিত্ৰা ফটো বিউটি কনটেষ্ট'ত জয়লাভ কৰিছিল, যাৰ পিছত তেওঁ টেলিভিছন বিজ্ঞাপনত অভিনয়ৰ সুযোগ লাভ কৰে।৯ তেওঁ ১৯৯৩ চনত চোহানুৰ ৰহমান চোহানৰ নিৰ্দেশনাত নিৰ্মিত বলিউডৰ ছবি কয়ামত চে কয়ামত তকৰ ৰিমেক কেয়ামত থেকে কেয়ামতৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে।১০ ছবিখনে বাংলাদেশত ব্যাপক ব্যাৱসায়িক সফলতা অৰ্জন কৰে আৰু মৌচুমীৰ লগতে তেওঁৰ সহ-অভিনেতা ছলমান শ্বাহক জনপ্ৰিয়তাৰ শীৰ্ষলৈ লৈ যায়।১১ পৰৱৰ্তী দুবছৰত তেওঁ শ্বাহৰ সৈতে অন্তৰে অন্তৰে, দেনমোহৰ আৰু স্নেহ নামৰ আন তিনিখন ছবিত অভিনয় কৰে।১২
১৯৯৭ চনত মৌচুমীয়ে 'কপোতাক্ষ চলচ্চিত্ৰ' নামৰ এটা প্ৰডাকচন হাউচ আৰম্ভ কৰে।১৩
মৌচুমীয়ে মহিলা আৰু শিশুৰ কল্যাণৰ বাবে 'মৌচুমী ৱেলফেয়াৰ ফাউণ্ডেশ্যন' প্ৰতিষ্ঠা কৰে আৰু ২০১৩ চনত তেওঁক ইউনিচেফৰ সদ্ভাৱনা দূত (UNICEF Goodwill Ambassador) হিচাপে মনোনীত কৰা হয়।১৪১৫
ব্যক্তিগত জীৱন
১৯৯৬ চনত মৌচুমীয়ে অভিনয়ৰপৰা ছমাহৰ বিৰতি লয় আৰু অভিনেতা ওমৰ ছানীৰ সৈতে তেওঁৰ বাগদানৰ কথা ঘোষণা কৰে। এই দম্পতীটোৰ দুটি সন্তান আছে।১৬১৭ মৌচুমীৰ এগৰাকী কনিষ্ঠ ভগ্নী ইৰিন জামান আছে।১৮
অভিনেত্ৰী সাদিকা পাৰভিন পপি মৌচুমীৰ খুৰাকৰ জীয়ৰী (ভগ্নী)।১৯
২০২৪ চনৰ আগষ্ট মাহত আইপিডিচি ফাইনেঞ্চৰ (IPDC Finance) সৈতে জড়িত চেক বাউন্সৰ এটা গোচৰত ঢাকাৰ এখন আদালতে মৌচুমীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে।২০ কেইবাবাৰো চমন জাৰি কৰাৰ পাছতো মৌচুমী আদালতত হাজিৰ নোহোৱাৰ বাবে এই পৰোৱানা জাৰি কৰা হৈছিল।২১
তথ্যসূত্ৰ
- ↑ Moushumi tells the tale of her 30-yr career success. The Daily Star
- ↑ Moushumi's 32 years in film industry. The Daily Star
- ↑ (2014-05-30). bn:আবাৰ মৌসুমী. Prothom Alo
- ↑ Conversation with Moushumi. The Daily Star
- ↑ Harun ur Rashid. (August 26, 2003). New film coming soon. The Daily Star
- ↑ Shazu, Shah Alam. (November 3, 2013). Happy Birthday, Moushumi!. The Daily Star
- ↑ (November 3, 2024). bn:মৌসুমীৰ জন্মদিনে কেন পাশে নেই ওমৰ সানী. Prothom Alo
- ↑ (April 3, 2021). bn:নিৰাপত্তাৰ অভাৱে গ্ৰামেৰ বাড়ি যান না নায়িকা মৌসুমী. jagonews24.com
- ↑ Hafez Ahmed. (October 7, 2013). Moushumi-Omar Sani pair in Eid telefilm. Daily Sun
- ↑ আৰ্কাইভ কপি. Kaler Kantho
- ↑ (2017-03-25). Two decades of Moushumi. The Daily Star
- ↑ (2014-09-06). Memories of the star Salman Shah's death anniversary. The Daily Star
- ↑ (2015-08-12). bn:সাত বছৰ পৰ প্ৰযোজনায়. Prothom Alo
- ↑ (September 17, 2013). Shakib, Jewel Aich, Moushumi Unicef ambassadors. bdnews24.com
- ↑ Limon Ahmed. (September 19, 2013). bn:'ইউনিসেফ আমাৰ স্বপ্নগুলোকে অনুপ্ৰাণিত কৰেছে'. Risingbd.com
- ↑ (December 19, 2013). আৰ্কাইভ কপি. Binodon News
- ↑ (June 6, 2015). bn:ছেলেৰ পৰিচালনায় ওমৰ সানী-মৌসুমী. The Daily Ittefaq
- ↑ (20 July 2019). আৰ্কাইভ কপি. Bhorer Kagoj
- ↑ (2023-08-26). bn:তিন বছৰ ধৰে খোঁজ নেই চিত্ৰনায়িকা পপিৰ, কোথায় আছেন তিনি. Prothom Alo
- ↑ (2024-08-04). Arrest warrant issued against actress Moushumi. The Daily Star
- ↑ (2024-08-11). মৌসুমীৰ বিৰুদ্ধে গ্ৰেপ্তাৰি পৰোয়ানা, যা বল’লেন ওমৰ সানী. Prothomalo
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৌচুমী” প্ৰবন্ধৰ সংশোধন ৬১৭২৭৬ (১৫ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।