অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অঞ্জনা চুলতানা

অঞ্জনা চুলতানা ( জন্ম: ২৭ জুন ১৯৬৫ – ৪ জানুৱাৰী ২০২৫) এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী আছিল। তেওঁ ৩০০খনতকৈও অধিক ছবিত অভিনয় কৰিছিল। পৰিণীতা(১৯৮৬) নামৰ ছবিত অভিনয় কৰি শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।

হালনাগাদ: ১২ ফেব্ৰুৱাৰী ২০২৬ ১৮৪ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

অঞ্জনা চুলতানা ( জন্ম: ২৭ জুন ১৯৬৫ – ৪ জানুৱাৰী ২০২৫) এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী আছিল।১২ তেওঁ ৩০০খনতকৈও অধিক ছবিত অভিনয় কৰিছিল।৩ পৰিণীতা(১৯৮৬) নামৰ ছবিত অভিনয় কৰি শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।৪

প্ৰাথমিক জীৱন

১৯৬৫ চনৰ ২৭ জুনত বাংলাদেশত জন্মগ্ৰহণ কৰা চুলতানাই তেতিয়াৰ পূব পাকিস্তানৰ ঢাকাত ডাঙৰ-দীঘল হৈছিল।৫ সৰুৰেপৰাই তাই দেশ-বিদেশৰ বিভিন্ন মঞ্চত নাচিবলৈ নিমন্ত্ৰণ পাইছিল। ন বছৰ বয়সত ঢাকা বিশ্ববিদ্যালয়ৰ তেতিয়াৰ ইকবাল হলত নৃত্য প্ৰদৰ্শন কৰি অভিনেতা সোহেল ৰাণাৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ১৪ বছৰ বয়সত তেওঁ তেওঁক পুনৰ লগ পায় এটা অনুষ্ঠানত য'ত ৰাণাই তেওঁক চলচ্চিত্ৰ জগতত যোগদান কৰাৰ প্ৰস্তাৱ দিছিল।৬

কেৰিয়াৰ

চুলতানাই সেতু ছবিৰ যোগেৰে অভিনয়ত আত্মপ্ৰকাশ কৰে।৭ তেওঁৰ প্ৰথম মুক্তি পোৱা ছবি হৈছে ছামছুদ্দিন টোগৰৰদ্বাৰা পৰিচালিত দস্যু বনহুৰ (১৯৭৬)।৭ মাটিৰ মায়া (১৯৭৬) ছবিত তেওঁৰ ব্ৰেকথ্ৰু লাভ কৰে।৭

আশিক্ষিতো (১৯৭৮), ৰজনীগন্ধা (১৯৮২), আশাৰ আলো (১৯৮২), জিনজিৰ (১৯৭৯), অনাৰকলি, বিধাতা (১৯৮৯), বৌৰাণী, সোণাৰ হৰিণ, মানা, ৰাম ৰহিম জন, সনাই, শোহাগ, মাটিৰ পুতুল, ছাহেব বিবি গোলাম, আৰু অভিযানকে ধৰি তেওঁ ৩০খন ছবিত অভিনেতা ৰাজ্জাকৰ বিপৰীতে অভিনয় কৰিছিল (১৯৮৪)।৮

ব্যক্তিগত জীৱন আৰু মৃত্যু

চুলতানাৰ বিবাহ হৈছিল প্ৰযোজক-পৰিচালক আজিজুৰ ৰহমান বুলীৰ সৈতে। বিবাহৰ সময়ছোৱাত তেওঁৰ দুখন ছবি "লালু চৰ্দাৰ" আৰু "নেপালী মেয়ে"ত অভিনয় কৰে। তেওঁ ধূমপান বিৰোধী সংস্থা মানসৰ উপ-সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৯

শৰীৰত তেজৰ সংক্ৰমণ ধৰা পৰাৰ লগে লগে১০ মুমূৰ্ষু অৱস্থাত দহ দিন চুলতানাক এখন ব্যক্তিগত চিকিৎসালয়ৰ ইনটেনচিভ কেয়াৰ ইউনিটত ভৰ্তি কৰোৱা হৈছিল। ২০২৫ চনৰ ১ জানুৱাৰীত তেওঁক বংগবন্ধু শ্বেখ মুজিবুৰ চিকিৎসা বিশ্ববিদ্যালয়লৈ বদলি কৰা হয়।১১৩ ৪ জানুৱাৰীত ৫৯ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।১২১৩

বঁটা-সন্মান

তেওঁ কেইবাটাও বঁটা আৰু বিভিন্ন সন্মান বুটলিবলৈ সক্ষম হয়। ১৯৮৬ চনত পৰিণীতাৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা,১৪ ১৯৮৯ চনত ৰাম ৰহিম জন ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বিশ্বাস বঁটা লাভ কৰে।১৫

তথ্যসূত্ৰ

  1. ↑ টাৰ্গেট, দৈনিক. (2025-01-04). চিত্ৰনায়িকা অঞ্জনা মাৰা গেছেন. দৈনিক টাৰ্গেট
  2. ↑ (October 30, 2015). আৰ্কাইভ কপি. NTV
  3. ↑ (2025-01-02). Anjana on life support. The Daily Star
  4. ↑ bn:জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ প্ৰাপ্তদেৰ নামেৰ তালিকা (১৯৭৫-২০১২). Bangladesh Film Development Corporation. Government of Bangladesh
  5. ↑ (2017-05-04). আৰ্কাইভ কপি. times24.net
  6. ↑ (2024-04-29). bn:ছবিৰ ছোট্ট মেয়েটি এককালেৰ জনপ্ৰিয় নায়িকা... Prothomalo
  7. ↑ (2019-04-20). A walk down the memory lane:Anjana Sultana. The Daily Star
  8. ↑ (2024-01-02). bn:লাইফ সাপোৰ্টে চিত্ৰনায়িকা অঞ্জনা. Dainik Amader Shomoy
  9. ↑ (May 31, 2005). World no Tobacco Day Today:'1 dies every 8 seconds due to tobacco-related disease'. The Daily Star
  10. ↑ (2024-12-30). Actress Anjana Rahman hospitalised for blood infection. The Daily Star
  11. ↑ (2025-01-03). Anjana's son urges government for proper medical care. The Daily Star
  12. ↑ (2025-01-03). Actress Anjana Rahman Passes Away. Bd24live · Bangla Online News Portal
  13. ↑ (4 January 2025). Anjana Rahman passes away at 59. The Daily Star
  14. ↑ List of National Film Award winners (1975-2012). fdc.gov.bd
  15. ↑ bn:অভিনেত্ৰী অঞ্জনা ৰহমান আৰ নেই. RTV Online

সম্পৰ্কিত শ্ৰেণী

বঙালী চলচ্চিত্ৰৰ অভিনেত্ৰীবাংলাদেশৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অঞ্জনা চুলতানা” প্ৰবন্ধৰ সংশোধন ৫৭৬৬০৫ (১২ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।