অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জ্যোতিকা জ্যোতি

জ্যোতিকা জ্যোতি (ইংৰাজী: Jyotika Jyoti) এগৰাকী বাংলাদেশী অভিনেত্ৰী। কবৰী চৰোৱাৰৰ পৰিচালনাত নিৰ্মিত তেওঁৰ প্ৰথমখন চলচ্চিত্ৰ আয়না ২০০৫ চনত মুক্তি পাইছিল।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ১৯৯ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

জ্যোতিকা জ্যোতি (ইংৰাজী ভাষা: Jyotika Jyoti) এগৰাকী বাংলাদেশী অভিনেত্ৰী।১ কবৰী চৰোৱাৰৰ পৰিচালনাত নিৰ্মিত তেওঁৰ প্ৰথমখন চলচ্চিত্ৰ আয়না ২০০৫ চনত মুক্তি পাইছিল।২ ইয়াৰ পিছৰ দুখন গুৰুত্বপূৰ্ণ মুক্তি আছিল বেলাল আহমেদৰ নন্দিত নৰকে২ আৰু তনবীৰ মোকাম্মেলৰ ৰাবেয়া।৩ পৰৱৰ্তী সময়ত তেওঁ তনবীৰ মোকাম্মেলৰ ছবি জীৱনঢুলি৪ আৰু আজাদ কালামৰ বেদেনীত অভিনয় কৰে। জ্যোতিয়ে কেইবাখনো হ্ৰস্ব চলচ্চিত্ৰটো অভিনয় কৰিছে। তেওঁৰ প্ৰথমখন হ্ৰস্ব ছবি আছিল ২০১০ চনৰ ব্ৰেক আপ। ২০১৯ চনলৈকে তেওঁ সাতখন হ্ৰস্ব ছবিত অভিনয় কৰিছিল। ২০১৫ চনত তেওঁ মোৰ্শেদুল ইছলামৰ অনিল বাগচীৰ একদিন ছবিত অনিলৰ ভগ্নী অতনুৰ চৰিত্ৰত অভিনয় কৰে।৫ তেওঁ অভিনয় কৰা আন এখন ছবি গ্ৰাস ২০১৭ চনত মুক্তি পায়।৬

প্ৰাৰম্ভিক জীৱন

জ্যোতিকা জ্যোতিৰ জন্ম বাংলাদেশৰ ময়মনসিংহ জিলাত হৈছিল।৭ তেওঁ আনন্দমোহন বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৮

সমালোচনা

২০২৪ চনত বাংলাদেশত কোটা সংস্কাৰ আন্দোলনৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ ওপৰত হোৱা দমনৰ সময়ত জ্যোতিকা জ্যোতিয়ে আৱামী লীগ চৰকাৰৰ পক্ষত অৱস্থান লৈছিল।৯ সেই সময়ত অভিনেতা ফেৰদৌছৰ নেতৃত্বত 'আলো আসবেই' নামৰ এটা হোৱাটছএপ গ্ৰুপত জ্যোতিসহ একাংশ আৱামী পন্থী শিল্পী সক্ৰিয় আছিল। ২০২৪ চনৰ ৩ ছেপ্টেম্বৰত সেই গ্ৰুপটোৰ কিছুমান স্ক্ৰীনশ্বট ছচিয়েল মিডিয়াত বিয়পি পৰে।১০

২০২৫ চনৰ এপ্ৰিল মাহত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ নেতৃত্বত আৱামী লীগ চৰকাৰৰ বিৰুদ্ধে বৈষম্যবিৰোধী ছাত্ৰ আন্দোলনৰ সময়ত ভাটৰা থানাত এজন প্ৰতিবাদকাৰীৰ মৃত্যুৰ ঘটনাত জ্যোতি আৰু আন ১৬ জন অভিনেতাৰ বিৰুদ্ধে এটা হত্যাৰ গোচৰ ৰুজু কৰা হৈছিল।১১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Shazu, Shah Alam. (18 December 2015). Today's generation wants to see films on Liberation War. The Daily Star
  2. ↑ Chaity, Afrose Jahan. (22 September 2013). Jyotika Jyoti to find her forte. Dhaka Tribune
  3. ↑ Bhattacharya, Pallab. (11 March 2010). Bangla Director Dedicates New Film to 1971 War Martyrs. Outlook
  4. ↑ (19 September 2012). Jyoti in Tanvir Mokammel's Jibon Dhuli. The Daily Star
  5. ↑ Shazu, Shah Alam. (18 December 2015). 'Today's generation wants to see films on Liberation War'. The Daily Star
  6. ↑ (21 July 2017). আৰ্কাইভ কপি. bdnews24.com
  7. ↑ (22 October 2023). I miss Kolkata during Puja: Jyotika Jyoti. The Daily Star
  8. ↑ I take my time when preparing for a role: Jyotika Jyoti. New Age
  9. ↑ (September 2024). Shock and surprise grip entertainment arena after chats discovery. daily-sun
  10. ↑ (2024-09-03). 'Throw hot water on protesters': 'Alo Ashbei' artistes' WhatsApp group under fire. The Daily Star
  11. ↑ Case filed against 17 actors, including Nipun Akter, Zayed Khan. Dhaka Tribune

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জ্যোতিকা জ্যোতি” প্ৰবন্ধৰ সংশোধন ৬৩৭১৮০ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।