কাজী নওশাবা আহমেদ (ইংৰাজী ভাষা: Quazi Nawshaba Ahmed) এগৰাকী বাংলাদেশী অভিনেত্ৰী, কণ্ঠশিল্পী, চিত্ৰশিল্পী, পুতলা নাচ শিল্পী (puppeteer), পৰিচালক আৰু এগৰাকী সামাজিক কৰ্মী।১২৩
পটভূমি
আহমেদে ঢাকা বিশ্ববিদ্যালয়ৰ চাৰুকলা অনুষদত অধ্যয়ন কৰিছিল।৪
কেৰিয়াৰ
আহমেদে পোনপ্ৰথমবাৰৰ বাবে ২০০৮ চনত উদাও নামৰ ছবিখনত অভিনয় কৰিছিল, যিখিকা ২০১৩ চনত মুক্তি পাইছিল। তেওঁ ছুঁয়ে দিলে মন (২০১৫) ছবিতো বিশেষ চৰিত্ৰত অভিনয় কৰিছিল, কিন্তু পুঁজিৰ অভাৱত ছবিখন মুক্তি নাপালে। ইয়াৰ উপৰি তেওঁ ঢাকা ড্ৰিমছ (২০১৭), ঢাকা এটাক (২০১৭), ভুবন মাঝি (২০১৭) আৰু চন্দ্ৰাৱতী কথা (২০১৭) ছবিত অভিনয় কৰিছে।৫
প্ৰজন্ম টকীজৰ এখন চুটি ছবিত আহমেদে তানিয়া নামৰ এগৰাকী বেডমিণ্টন খেলুৱৈৰ চৰিত্ৰত অভিনয় কৰিছিল, যিখন ২০১৭ চনৰ জুলাই মাহত ইউটিউবত মুক্তি পাইছিল।৬
আহমেদে ২০১৮ চনত টুগেদাৰ উই কেন নামৰ এটা নাট্যদল প্ৰতিষ্ঠা কৰে আৰু তেওঁ এক্স ছলিউচনছ লিমিটেড নামৰ এটা প্ৰডাকচন ষ্টুডিঅ'ও চলাই আছে।৭ তেওঁৰ নাট্যদলে ৰাজশাহীৰ বিশেষ সক্ষম শিশুসকলক লৈ "ৰিয়া, গাৰ্ল উইথ এ হোৱাইট পিজিয়ন" নামৰ এখন নাটক মঞ্চস্থ কৰিছিল।৭
আহমেদে সাত বছৰ ধৰি ছিছিমপুৰৰ পুতলা চৰিত্ৰ ইক্ৰিৰ নেপথ্যত পুতলা পৰিচালক হিচাপে কাম কৰিছিল। ২০২০ চনৰ এপ্ৰিল মাহত ক’ভিড-১৯ মহামাৰীৰ মাজতে তেওঁৰ সংস্থাই মুক্ত আসৰৰ সৈতে মিলি আৰ্ট ফৰ টুগেদাৰনেছ ২০২০ শীৰ্ষক এক অভিযান আৰম্ভ কৰিছিল।৮ ২০২১ চনৰ এপ্ৰিল মাহত তেওঁ আলোৰ খোজে নামৰ এটা মিউজিক ভিডিঅ' নিৰ্মাণ কৰে য’ত সংগীতশিল্পী শফী মণ্ডল আৰু সাংকেতিক ভাষাৰ প্ৰশিক্ষকসকলে অংশ লৈছিল।
আহমেদ ২০১৩ চনৰ শ্বাহবাগ আন্দোলনৰপৰাই বিভিন্ন সামাজিক আন্দোলনৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে।৯
২০২৪ চনত তেওঁ বাংলাদেশ চলচ্চিত্ৰ চাৰ্টিফিকেচন ব'ৰ্ডৰ সদস্য হয়। ২০২৫ চনৰ মাৰ্চ মাহত কাজী নওশাবা আহমেদক 'ডিপ ইকোলজি এণ্ড স্নেক কনজাৰ্ভেচন ফাউণ্ডেশ্যন'ৰদ্বাৰা "বন্যপ্ৰাণীৰ ৰাষ্ট্ৰদূত" হিচাপে নিযুক্তি দিয়া হয়। প্ৰাণী কল্যাণ আৰু পৰিৱেশ সচেতনতাৰ বাবে তেওঁ সক্ৰিয়ভাৱে মাত মাতি আহিছে।১০
২০২৫ চনত আহমেদে অনীক দত্তৰ পৰিচালনাত নিৰ্মিত বঙালী-ভাৰতীয় ছবি যতো কাণ্ড কলকাতাতেইত অভিনয় কৰে।১১ ইয়াৰ উপৰি তেওঁ আৰ্শিনগৰ নাট্যদলৰ সৈতে "সিদ্ধাৰ্থ" নামৰ এখন নাটকতো অংশগ্ৰহণ কৰিছে।
ব্যক্তিগত জীৱন
আহমেদৰ প্ৰকৃতি নাজাৰীণা আহমেদ বেলা (জন্ম ২০১৩) নামৰ এগৰাকী কন্যা সন্তান আছে।১১১
২০১৮ চনৰ ৪ আগষ্টত উত্তৰাৰপৰা ৰেপিড একচন বেটেলিয়ানৰ (RAB)দ্বাৰা আহমেদক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ বিৰুদ্ধে ২০১৮ চনৰ বাংলাদেশৰ পথ সুৰক্ষা আন্দোলনৰ সময়ত ভুৱা বাতৰি বিয়পোৱাৰ অভিযোগ উত্থাপন হৈছিল।১২১৩ ৫ আগষ্টত আৰ.এ.বি বিষয়াসকলে দাবী কৰে যে তেওঁ এই অভিযোগ স্বীকাৰ কৰিছে।১৪ ২১ আগষ্টত তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ বাবে ঢাকা আদালতে তেওঁক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। ইয়াৰ পূৰ্বে তেওঁক ৪ দিনীয়া ৰিমাণ্ডত লোৱা হৈছিল আৰু ১০ আগষ্টত সোধা-পোছাৰ বাবে পুনৰ দুদিনৰ ৰিমাণ্ড মঞ্জুৰ কৰা হৈছিল।১৫১৬ ২০১৯ চনৰ জানুৱাৰী মাহত আদালতে তেওঁক স্থায়ী জামিন প্ৰদান কৰে।১৭
২০১৯ চনৰ মে' মাহত কাউণ্টাৰ টেৰৰিজম এণ্ড ট্ৰেন্সনেশ্যনেল ক্ৰাইমে (CTTC) আহমেদৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে। নৱেম্বৰ মাহত উচ্চ ন্যায়ালয়ে বিচাৰ প্ৰক্ৰিয়া ছয় মাহৰ বাবে স্থগিত ৰাখিছিল।১৮১৯
তথ্যসূত্ৰ
- ↑ (2020-06-01). Nawshaba and her daughter featured among 60 distinguished artists. Dhaka Tribune
- ↑ The humane side of Nawshaba. The Daily Star
- ↑ I prefer being the proverbial turtle, not the rabbit -- Nawshaba. The Daily Star
- ↑ (2021-05-22). Is Nawshaba being ostracised?. The Business Standard
- ↑ Nawshaba signs "Chandrabati Kotha". The Daily Star
- ↑ (2017-07-13). Nawshaba: I realised how patriotic athletes are. Dhaka Tribune
- ↑ (2024-02-01). Nawshaba Ahmed to direct another play featuring children with special needs. The Daily Star
- ↑ (2020-04-20). Nawshaba's campaign to bring people together amid the pandemic. Dhaka Tribune
- ↑ (2020-10-13). Nawshaba on latest music video, women's empowerment and anti-rape protests. Dhaka Tribune
- ↑ বন্যপ্ৰাণী সংৰক্ষণ সংস্থাৰ দূত হলেন अभिनेत्री নওশাবা. The Daily Ittefaq
- ↑ Joya, Sharmin. (2024-02-10). Nawshaba undeterred, Nawshaba undeniable. The Daily Star
- ↑ RAB arrests actress Nawshaba on charges of spreading rumours to incite violence
- ↑ RAB detains actress Nawshaba. Prothom Alo
- ↑ 'Nawshaba confesses to spreading rumours'. Prothom Alo
- ↑ (2018-08-20). Nawshaba denied bail, sent to jail. The Daily Star
- ↑ (21 August 2018). Actress Nawshaba granted bail. The Daily Star
- ↑ Nawshaba secures permanent bail. The Dhaka Post
- ↑ (2019-11-21). Proceedings of case against actress Nawshaba stayed. Prothomalo
- ↑ (2019-11-20). HC stays trial of Nawshaba for spreading rumours. Bangla Tribune
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাজী নওশাবা আহমেদ” প্ৰবন্ধৰ সংশোধন ৬০৩৮৩১ (১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।