জাকিয়া বাৰী মম (ইংৰাজী ভাষা: Zakia Bari Mamo; জন্ম: ১৯ ডিচেম্বৰ ১৯৮৫) এগৰাকী বাংলাদেশী অভিনেত্ৰী আৰু মডেল। ২০০৬ চনত 'লাক্স চেনেল আই ছুপাৰষ্টাৰ' নামৰ সৌন্দৰ্য প্ৰতিযোগিতাত বিজয়ী হোৱাৰ পিছত তেওঁ বিশেষ স্বীকৃতি লাভ কৰে। মমে ২০০৭ চনত দাৰুচিনি দ্বীপ ছবিৰ জৰিয়তে চলচ্চিত্ৰ জগতত অভিষেক ঘটায়, যাৰ বাবে তেওঁ সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰাৰ লগতে ৩২সংখ্যক বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে। পৰৱৰ্তী সময়ত তেওঁ ২০১৪ চনত প্ৰেম কৰব তোমাৰ সাথে আৰু ২০১৫ চনত ছুঁয়ে দিলে মন নামৰ ছবিত অভিনয় কৰে।
প্ৰাৰম্ভিক জীৱন
১৯৮৫ চনৰ ১৯ ডিচেম্বৰত মমৰ জন্ম হৈছিল। ১৯৯৫ চনত তেওঁ বাংলাদেশৰ শিশুসকলৰ বাবে সৰ্ববৃহৎ সাংস্কৃতিক অনুষ্ঠান নতুন কুঁড়িত বিজয়ী হৈছিল, যিটো বাংলাদেশ টেলিভিছনত সম্প্ৰচাৰিত হৈছিল। লাক্স চেনেল আই ছুপাৰষ্টাৰ খিতাপ জয় কৰাৰ পাছত তেওঁ দেশজুৰি জনপ্ৰিয়তা অৰ্জন কৰে। মমে জাহাংগীৰনগৰ বিশ্ববিদ্যালয়ত উচ্চশিক্ষা গ্ৰহণ কৰে, য'ৰপৰা তেওঁ নাটক আৰু নাট্যকলাত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে।
কেৰিয়াৰ
মমে ২০০৭ চনত দাৰুচিনি দ্বীপ ছবিৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে, য’ত তেওঁৰ অভিনয় ব্যাপকভাৱে সমাদৃত হয়। এই চৰিত্ৰটোৰ বাবে তেওঁ ৩২সংখ্যক বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে। চলচ্চিত্ৰৰপৰা দীৰ্ঘ বিৰতি লোৱাৰ পাছত তেওঁ ২০১৪ চনত প্ৰেম কৰব তোমাৰ সাথে ছবিৰ জৰিয়তে পুনৰ উভতি আহে। ২০১৫ চনত তেওঁ আৰিফিন শুভৰ সৈতে ছুঁয়ে দিলে মন নামৰ ছবিত অভিনয় কৰে।
ব্যক্তিগত জীৱন
মমে ২০১০ চনত চলচ্চিত্ৰ প্ৰযোজক এজাজ মুন্নাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১ তেওঁলোকৰ উদ্ধাস নামৰ এজন পুত্ৰ সন্তান আছে।১ ২০১৩ চনত এই দম্পতীৰ বিবাহ বিচ্ছেদ ঘটে।১ পৰৱৰ্তী সময়ত মমে ২০১৫ চনৰ নৱেম্বৰ মাহত চলচ্চিত্ৰ নিৰ্মাতা ছিহাব শাহীনৰ সৈতে বিবাহপাশত আবদ্ধ হয়; বিয়াৰ চতুৰ্থ বৰ্ষপূৰ্তিৰদিনা এই দম্পতীয়ে তেওঁলোকৰ বিবাহৰ কথা ৰাজহুৱা কৰিছিল।২ ২০২০ চনৰ ছেপ্টেম্বৰ মাহত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।৩
বঁটাসমূহ
২০০৭ বৰ্ষত দাৰুচিনি দ্বীপ ছবিয়ে মুঠ সাতটা বিভাগত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।
- বিজয়ী শ্ৰেষ্ঠ অভিনেত্ৰী: 'জাকিয়া বাৰী মম' ২০০৭
- বিজয়ী শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী (বাংলাদেশ) ২০২১ চনত মহানগৰ (ৱেব ছিৰিজ)ৰ বাবে।৪
তথ্যসূত্ৰ
- ↑ (2022-12-29). We got divorced two years ago: Momo. www.kalerkantho.com
- ↑ (2022-12-28). Mamo, Shihab Shaheen confirm divorce after two years. The Daily Star
- ↑ (2022-12-29). ২ বছৰ পৰ জানা গেল মম–শাহীনেৰ বিচ্ছেদেৰ খবৰ. Prothomalo
- ↑ (31 May 2022). Hoichoi Awards 2021. Tbsnews.net
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাকিয়া বাৰী মম” প্ৰবন্ধৰ সংশোধন ৬০৭৭৪৪ (২২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।