অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জান্নাতুল ফেৰদৌচ ঐশী

জান্নাতুল ফেৰদৌচ ঐশী (জন্ম: ২৭ আগষ্ট ২০০০) তেওঁ মিছ ৱৰ্ল্ড বাংলাদেশ ২০১৮-ৰ মুকুট পিন্ধিছিল। তেওঁ ২০১৮ চনৰ ৮ ডিচেম্বৰত চীনৰ ছানিয়াত অনুষ্ঠিত মিছ ৱৰ্ল্ড ২০১৮ প্ৰতিযোগিতাত বাংলাদেশক প্ৰতিনিধিত্ব কৰিছিল আৰু ১১৮ গৰাকী প্ৰতিযোগীৰ ভিতৰত শীৰ্ষ ৩০ গৰাকীৰ ভিতৰত স্থান লাভ কৰিছিল।

হালনাগাদ: ১০ জুলাই ২০২৬ ১২৫ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

জান্নাতুল ফেৰদৌচ ঐশী (জন্ম: ২৭ আগষ্ট ২০০০) এগৰাকী বাংলাদেশী অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী।১ তেওঁ মিছ ৱৰ্ল্ড বাংলাদেশ ২০১৮-ৰ মুকুট পিন্ধিছিল। তেওঁ ২০১৮ চনৰ ৮ ডিচেম্বৰত চীনৰ ছানিয়াত অনুষ্ঠিত মিছ ৱৰ্ল্ড ২০১৮ প্ৰতিযোগিতাত বাংলাদেশক প্ৰতিনিধিত্ব কৰিছিল আৰু ১১৮ গৰাকী প্ৰতিযোগীৰ ভিতৰত শীৰ্ষ ৩০ গৰাকীৰ ভিতৰত স্থান লাভ কৰিছিল।২৩

শিক্ষা

ঐশীয়ে ২০১৮ চনৰ ভিতৰত তেওঁৰ উচ্চতৰ মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰিছিল।৪ তেওঁ ভাই-ভনীসকলৰ ভিতৰত আটাইতকৈ সৰু। তেওঁৰ পিতৃ এজন উন্নয়ন কৰ্মী আৰু মাতৃ এগৰাকী শিক্ষয়িত্ৰী।

ঐশী ইণ্ডিপেণ্ডেণ্ট ইউনিভাৰ্ছিটি, বাংলাদেশৰ ছাত্ৰী আছিল।৫

কেৰিয়াৰ

সৌন্দৰ্য প্ৰতিযোগিতা

ঐশীক ঢাকাৰ ইণ্টাৰনেচনেল কনভেনচন চিটি বসুন্ধৰাত (ICCB) মিছ ৱৰ্ল্ড বাংলাদেশ ২০১৮ হিচাপে মুকুট পিন্ধোৱা হৈছিল। তেওঁ ৩০,০০০ প্ৰতিযোগীক পৰাস্ত কৰি এই খিতাপ জয় কৰিছিল আৰু ইয়াৰ জৰিয়তে মিছ ৱৰ্ল্ড ২০১৮ প্ৰতিযোগিতাত প্ৰৱেশৰ সুযোগ লাভ কৰিছিল।৬

ঐশীক মিছ গ্ৰেণ্ড বাংলাদেশ ২০২৫ হিচাপেও মুকুট পিন্ধোৱা হৈছে। তেওঁ ২০২৫ চনৰ ১৮ অক্টোবৰত থাইলেণ্ডৰ বেংককত অনুষ্ঠিত হ'বলগীয়া মিছ গ্ৰেণ্ড ইণ্টাৰনেচনেল ২০২৫-ত বাংলাদেশক প্ৰতিনিধিত্ব কৰিব।

চীনৰ ছানিয়াত অনুষ্ঠিত মিছ ৱৰ্ল্ড ২০১৮-ত ঐশীয়ে ৰাজহুৱা ভোটৰ জৰিয়তে গ্ৰুপ ৬-ৰ 'হেড-টু-হেড চেলেঞ্জ'ত ছয়গৰাকী প্ৰতিযোগীৰ ভিতৰত বিজয়ী হিচাপে নিৰ্বাচিত হৈছিল। তেওঁৰ গ্ৰুপৰ আন প্ৰতিযোগীসকল আছিল চীন, ব্ৰিটিছ ভাৰ্জিন দ্বীপপুঞ্জ, ডেনমাৰ্ক, ব্ৰাজিল আৰু আয়াৰলেণ্ডৰপৰা। প্ৰত্যাহ্বানৰ চূড়ান্ত ৰাউণ্ডত তিনিওগৰাকী বিচাৰক ক্ৰমে ষ্টেফানি ডেল ভেল, মানুসী চিল্লাৰ আৰু মেগান ইয়ঙে তেওঁক মিছ নাইজেৰিয়াৰ বিৰুদ্ধে বিজয়ী হিচাপে বাছনি কৰে। ইয়াৰ ফলত ১১৮ গৰাকী প্ৰতিযোগীৰ ভিতৰত ঐশীয়ে শীৰ্ষ ৩০-ত স্থান লাভ কৰে।৭৮

অভিনয়

ঐশীয়ে ২০২১ চনত মিছন এক্সট্ৰিম চলচ্চিত্ৰত 'চিলভী' চৰিত্ৰৰ জৰিয়তে নিজৰ অভিনয় জীৱনৰ পাতনি মেলে।৯ তেওঁ ইয়াৰ ছিকুৱেল ব্লেক ৱাৰ: মিছন এক্সট্ৰিম ২ (২০২৩)-তো একেটা চৰিত্ৰতে অভিনয় কৰিছিল।১০ পৰৱৰ্তী সময়ত তেওঁ আদম (২০২৩) ছবিত 'চাজিয়া' চৰিত্ৰত অভিনয় কৰে।১১

ফিল্মগ্ৰাফী

বছৰশীৰ্ষকচৰিত্ৰটোকাসূত্ৰ
২০২১মিছন এক্সট্ৰিমচিলভীপ্ৰথম চলচ্চিত্ৰ; বিজয়ী – শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ মেৰিল-প্ৰথম আলো বঁটা১২
ৰাত জাগা ফুলফাৰিয়া১৩
২০২৩ব্লেক ৱাৰ: মিছন এক্সট্ৰিম ২চিলভী
আদমচাজিয়া
২০২৫নুৰশিউলিবায়’স্কোপ প্লাছত মুক্তি লাভ কৰিছে১৪
২০২৬চ’লজাৰনিৰ্মাণোত্তৰ পৰ্যায়ত

বাহ্যিক সংযোগ

  • আইএমডিবি নাম

তথ্যসূত্ৰ

  1. ↑ Shazu, Shah Alam. (21 January 2023). From pageant queen to screen empress. The Daily Star
  2. ↑ Miss World 2018 Contestants - Jannatul Ferdous Oishee
  3. ↑ (11 November 2018). Jannatul Ferdous Oishee - Winner MWB 2018 - Introduction Video for MISS WORLD 2018. ইউটিউব
  4. ↑ (8 December 2018). Oishee finishes in Top 30 of Miss World. Prothom Alo
  5. ↑ (26 August 2021). IUB holds webinar on skill enhancement. New Age
  6. ↑ (1 October 2018). Jannatul Ferdous Oishee wins 'Miss World Bangladesh' crown. Daily Sun
  7. ↑ (21 November 2018). Miss World Head to Head Challenge - Group now she is going for miss international 2019 through which bangladesh is also going to make debut in that pageant 6
  8. ↑ (December 2018). Miss World Head to Head Challenge - Final Part 1
  9. ↑ Misha, Rakshanda Rahman. (25 October 2024). Tired of being typecast: Oishee. The Daily Star
  10. ↑ Shazu, Shah Alam. (2 January 2023). A new phase for Oishee. The Daily Star
  11. ↑ (3 May 2023). My hard work has paid off: Oishee. The Daily Star
  12. ↑ Who wins what at Meril Prothom Alo Awards. Prothomalo
  13. ↑ Akbar, Zahid. (12 January 2022). 'Raat Jaga Phool' showcases nature's revenge. The Daily Star
  14. ↑ নিউজ, সময়. ‘নূৰ’ মুক্তিৰ তাৰিখ জানা গেল · বিনোদন. Somoy News

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ অভিনেত্ৰীসৌন্দৰ্য প্ৰতিযোগীমডেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জান্নাতুল ফেৰদৌচ ঐশী” প্ৰবন্ধৰ সংশোধন ৬১৬৫১১ (১০ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।