জয়া মাছউদ (ইংৰাজী ভাষা: Jaya Maswood; জন্ম: ১ জুলাই), যিগৰাকী জনপ্ৰিয়ভাৱে জয়া আহছান নামেৰে পৰিচিত, এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী, মডেল, প্ৰযোজক আৰু নেপথ্য গায়িকা। এগৰাকী মডেল হিচাপে কেৰিয়াৰ আৰম্ভ কৰি পিছলৈ চলচ্চিত্ৰ অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰা জয়াই মূলতঃ বাংলাদেশী আৰু ভাৰতীয় বাংলা ছবিত কাম কৰে।১ গেৰিলা (২০১১), চোৰাবালি (২০১২), জিৰো ডিগ্ৰী (২০১৫), দেৱী (২০১৮), অলাতচক্ৰ (২০২১) আৰু বিউটি চাৰ্কাছ (২০২২) ছবিত কৰা অভিনয়ৰ বাবে তেওঁ ছয়বাৰকৈ বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছে।২ ইয়াৰ উপৰি তেওঁ চাৰিবাৰকৈ ফিল্মফেয়াৰ বঁটা পূৰ্বীয়, জি চিনে বঁটা আৰু মেৰিল-প্ৰথম আলো বঁটা লাভ কৰিছে।৩
প্ৰাৰম্ভিক জীৱন
আহছানৰ জন্ম বাংলাদেশত এ. এছ. মাছউদ (মৃত্যু ২০১২) আৰু ৰেহানা মাছউদৰ ঘৰত হৈছিল।৪৫ তেওঁৰ এজন কনিষ্ঠ ভাতৃ আৰু এগৰাকী ভগ্নী আছে। আনুষ্ঠানিক শিক্ষাৰ লগতে তেওঁ ৰবীন্দ্ৰ সংগীতৰ ডিপ্লমা পাঠ্যক্ৰম আৰু শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ লৈছিল। 'পঞ্চমী' নামৰ টেলি-ড্ৰামাত অভিনয় কৰি তেওঁ প্ৰথমবাৰৰ বাবে টেলিভিছনত আত্মপ্ৰকাশ কৰিছিল। তেওঁ এখন কেলেণ্ডাৰৰ বাবে মডেলিং কৰিছিল যিয়ে আফজাল হোছেইনৰ দৃষ্টি আকৰ্ষণ কৰিছিল। হোছেইনে পিছলৈ তেওঁক কোমল পানীয় ক'কা-ক'লাৰ এটা বিজ্ঞাপনত কাম কৰাৰ সুযোগ দিয়ে।৬ ইয়াৰ পিছত তেওঁ মডেলিং এৰি পঢ়া-শুনা অব্যাহত ৰাখে। তেওঁ ৰাষ্ট্ৰীয় দৈনিক কাকত 'ভৌৰেৰ কাগজ'ত যোগদান কৰে। এখন শিশু বিদ্যালয়ত কিছুসময় কাম কৰাৰ পাছত তেওঁ পুনৰ মডেলিং জগতলৈ ঘূৰি আহে। ইয়াৰ পিছত তেওঁ গিয়াসুদ্দিন চেলিমৰ 'শংশয়'ত কাম কৰে। তেওঁ কাৰুশিল্প আৰু চিত্ৰকলাৰ চৰ্চাও কৰে, যিটো তেওঁ 'এনেছি সূৰ্য্যেৰ হাসি'ৰ দৰে আৰ্ট হাউচ প্ৰডাকচনত প্ৰদৰ্শন কৰিছিল।৪
অন্যান্য কাৰ্যকলাপ
আহছান এগৰাকী কাৰুশিল্পী আৰু দৃশ্য-শিল্পী, যিটো তেওঁ এনেছি সূৰ্য্যেৰ হাসিৰ দৰে আৰ্ট-হাউচ চলচ্চিত্ৰ নিৰ্মাণত প্ৰদৰ্শন কৰিছিল। মহিলা আৰু শিশুসকলক সহায় কৰাৰ বাবে তেওঁক ইউএচএআইডি (আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সংস্থা)ৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে নিৰ্বাচিত কৰা হৈছিল। ২০১৯ চনত আহছানক বংগমাতা অনুৰ্ধ-১৯ মহিলা আন্তঃৰাষ্ট্ৰীয় গোল্ড কাপৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে নিৰ্বাচিত কৰা হয়।
তথ্যসূত্ৰ
- ↑ Shah Alam Shazu. (1 July 2018). Jaya's big day. The Daily Star (Bangladesh)
- ↑ (20 May 2017). "Bapjaner Bioscope" sweeps Nat'l Film Awards '15. The Daily Star
- ↑ (2020-12-31). Highlights of 2020. The Daily Star
- ↑ (25 February 2013). আৰ্কাইভ কপি. Anandabazar Patrika
- ↑ My mother is the best. Prothom Alo
- ↑ Shah Alam Shazu. (3 December 2010). An ever-evolving career. The Daily Star
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়া আহছান” প্ৰবন্ধৰ সংশোধন ৬০২২৫৯ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।