বস্ত্ৰ
১৪৮ প্ৰবন্ধ
-
গোমচেঙৰ চোলা
ফা-চু গোম-চেঙ বা গোমচেঙৰ চোলা (Gumsheng) হ'ল চাওফা বা আহোম স্বৰ্গদেউসকলে পৰিধান কৰা এবিধ পৰম্পৰাগত চোলা। গোমচেং হৈছে দেখাত সাপৰ নিচিনা ফুল থকা আৰু মিহি, এবিধ চীন দেশীয় পাট-কাপোৰ বা সূতা।
-
চোলা
চোলা এবিধ বস্ত্ৰ। ই আদিতে পুৰুষে পিন্ধা বস্ত্ৰ আছিল। বৰ্তমান ইয়াৰ আকাৰ আকৃতি সলনি হৈ নাৰী পুৰুষ উভয়েই পিন্ধিব পৰা হৈছে। হেমকোষ অভিধানত চোলাৰ অৰ্থ এনেকৈ দিয়া আছে, বেজীৰে সী গা আৰু হাত ঢাকিবলৈ ব্যৱহাৰ কৰা এবিধ কাপোৰ। ই সংস্কৃত শব্দ “চুল’’ৰ পৰা আহিছে। সংস্কৃতত চোল বা চোলক মানে বক্ষবন্ধনী।
-
ছবাই
ছবাই (ইংৰাজী: Sbai; খমেৰ: ស្បៃ [sɓaj]; লাও: ສະໄບ; মালয়: Sebai; থাই: สไบ) বা ফা বিয়ান (ইংৰাজী: phaa biang; থাই: ผ้าเบี่ยง [pʰâː bìa̯ŋ]) হৈছে দক্ষিণ-পূব এছিয়া মূল ভূখণ্ডত চাদৰৰ দৰে বা বুকু ঢাকিবলৈ পৰিধান কৰা এবিধ বস্ত্ৰ।
-
ফা হেং
ফা হেং বা ছমপট চং ক্বেন হৈছে কম্বোডিয়া, লাওছ আৰু থাইলেণ্ড দেশসমূহত দৈনন্দিন পৰিধানৰ বাবে উচ্চ আৰু মধ্যবিত্ত শ্ৰেণীৰ মহিলাসকলৰ বাবে পছন্দৰ এক কাপোৰ। সাধাৰণ ছমপটৰ দৰে নহৈ ইয়াত স্কাৰ্টতকৈ পেণ্টৰ বৈশিষ্ট্য বেছি।
-
বেনাৰসী শাৰী
বেনাৰসী শাৰী (Banarasi sari) উত্তৰ প্ৰদেশৰ বাৰাণসী চহৰত তৈয়াৰ কৰা শাৰীৰ প্ৰকাৰ। বাৰাণসী চহৰৰ পুৰণি নাম বেনাৰস আৰু এই নামেৰে ইয়াত উৎপাদিত শাৰীৰ নাম বেনাৰসী শাৰী হৈছে। ই ভাৰতৰ উৎকৃষ্ট শাৰীবোৰৰ অন্যতম আৰু ইয়াক সোণালী আৰু ৰূপালী কিংখাপ বা জৰি, উৎকৃষ্ট ৰেচম আৰু সমৃদ্ধ এমব্ৰয়দাৰীৰ বাবে জনা যায়।
-
লাংগা ৱনি
লাংগা ৱনি (ইংৰাজী: langa voni) হৈছে দক্ষিণ ভাৰতৰ ছোৱালীয়ে পুষ্পিতা হোৱা আৰু বিবাহ হোৱাৰ মাজৰ সময় খিনিত পৰিধান কৰা এবিধ পৰম্পৰাগত সাজপাৰ। ইয়াক তামিল ভাষাত “পাৱড়ৈ দাৱনি” আৰু কানাড়া ভাষাত “লাংগা দাৱনী” বুলিও কোৱা হয়। ইয়াক দুটুকুৰা শাৰী বা আধা শাৰী বুলিও কোৱা হয়।
-
সম্বলপুৰী শাৰী
সম্বলপুৰী শাৰী হৈছে পৰম্পৰাগত হাতেৰে বোৱা বন্ধা ( ikat ) শাৰী (স্থানীয়ভাৱে "সম্বলপুৰী বন্ধ" সাধি বা শাৰী বুলি কোৱা হয়) য'ত বোৱাৰ আগতে ৱাৰ্প আৰু ৱেফ্ট বান্ধি ৰং কৰা হয়। ভাৰতৰ ওড়িশাৰ সম্বলপুৰ, বৰগড়, বালাংগীৰ, বৌধ আৰু সোণেপুৰ জিলাত ইয়াৰ উৎপাদন হয়।
-
অংগৰ্খা
অংগৰ্খা হৈছে দীঘল হাতৰ পোছাকৰ ওপৰত পিন্ধা চোলা যিটো দক্ষিণ এছিয়াৰ পুৰুষে পিন্ধিছিল। ১৯ শতিকাৰ ভিতৰত ই ৰাজহুৱা স্থানত এজন শিক্ষিত ব্যক্তিৰ সাধাৰণতে গ্ৰহণ কৰা সাজ-পোছাক হৈ পৰিছিল।
-
অনাকটা কাপোৰ
অনাকটা কাপোৰ কোনো অস্ত্ৰ-শস্ত্ৰৰে নকটাকৈ তাঁতশালৰপৰা উলিয়াই অনা কাপোৰেই অনাকটা (কা, আনাকাটা) কাপোৰ। এই কাপোৰ তাঁতশালত এবাৰত মাত্ৰ এখনেই বোৱাটো নিয়ম। সাধাৰণতে কাতি, পুহ আৰু চ'ত মাহত মঙ্গল, শনি আৰু ৰবিবাৰে অমাৱস্যা তিথিত এই কাপোৰৰ বাটি নাকাঢ়ে, কাপোৰো নবয়।
-
আও টু থান
আও টু থান (Áo tứ thân; চাৰিটা অংশৰ চোলা) হৈছে উত্তৰ ভিয়েটনামত প্ৰচলিত এবিধ পৰম্পৰাগত ভিয়েটনামীয় সাজ-পাৰ। এই পোছাকযোৰ আও গু থান (পাঁচটা অংশৰ চোলা) আৰু আও ডই খামৰ (সমান্তৰাল পটিৰ চোলা) সৈতে সম্পৰ্কিত।
-
আগুৰণ
আগুৰণ ( Aguron) অসমৰ কিছুমান জনগোষ্ঠীৰ মহিলাই মূৰত লোৱা কাপোৰ৷ অতীজত অসমীয়া মহিলাৰ পৰিধেয় সাজ আছিল, কঁকালত মেখেলা পিন্ধা, বুকুত মেথনি মৰা, মূৰত এখন কাপোৰ লোৱা৷ এই কাপোৰখনকে আগুৰণ বোলা হৈছিল৷ সম্ভৱতঃ মেখেলা আৰু মেথনিয়ে ঢাকিব নোৱাৰা অংশ আগুৰি লয় বাবেই, এই কাপোৰখনক আগুৰণ বোলা হৈছিল৷ মঙলদৈৰ পৰা…
-
আচকন
আচকন হৈছে ভাৰত উপমহাদেশৰ পুৰুষে পিন্ধা আঁঠুলৈকে জেকেট। ইয়াক ঠাইভেদে বাঘল বান্দি বুলিও জনা যায়। ই অংগৰ্খাৰ সৈতে একেধৰণৰ বস্ত্ৰ।
-
কাশ্মীৰী চাদৰ
কাশ্মীৰ চাদৰ হৈছে ইয়াৰ স্বকীয় কাশ্মীৰী বয়ন আৰু মিহি শ্বাহতুছ বা পশমিনা উলৰ দ্বাৰা নিৰ্মিত এক প্ৰকাৰৰ চাদৰ। সমসাময়িক প্ৰকাৰভেদ সমূহৰ ভিন্নতাসমূহৰ ভিতৰত আছে পশমিনা আৰু শ্বাহতুছ চাদৰ (প্ৰায়ে একনামভাৱে কেৱল পশমিনা আৰু শ্বাহতুছ বুলি কোৱা হয়)।
-
কিংখাপ
কিংখাপ বা সিংখাপ হৈছে হৈছে সোণ, ৰূপ আৰু ৰেচমৰ সূতাৰে অলংকৃত কাপোৰ বোৱাৰ এক প্ৰাচীন ভাৰতীয় কলা। ইয়াক কিমখোৱাব, কামখাব, হিৰণ্য আৰু পুষ্পলতা নামেৰেও জনা যায়। ইয়াৰ অলংকৰণক কোৱা হয় জাৰ-বাফ্ট। অসমতো মধ্যযুগৰে পৰা কিংখাপৰ সাজ-পোছাক প্ৰচলিত হৈ আহিছে। কিমখোৱাব মূলতঃ পাৰ্ছী ভাষাৰ শব্দ।
-
কৌপিন
কৌপিন, কৌপিনম, কোভানাম, লেংগোট বা লুংগুটি বা লেংটি ভাৰতীয় উপমহাদেশৰ পুৰুষে অন্তৰ্বাস হিচাপে কঁকালত পিন্ধা কাপোৰ। দক্ষিণ এছিয়াত এতিয়াও ইয়াক সাধাৰণতে মল্লযুঁজাৰুসকলে ব্যায়াম বা ডাংগলত স্পাৰিং কৰাৰ সময়ত পিন্ধে।
-
ক্ৰমা
ক্ৰমা (Krama) কম্বোডিয়াৰ এবিধ অতি মজবুত পৰম্পৰাগত কাপোৰ, যাক বিভিন্ন উদ্দেশ্যত ব্যৱহাৰ কৰা হয়; যেনে, মুখখন ঢাকিবলৈ স্কাৰ্ফ, ৰুমাল বা চৌখিন সজ্জাৰ বাবে আৰু শিশুক ওমলাবলৈ ঝুলনা হিচাপে ব্যৱহাৰ কৰা হয়।
-
গান্ধী টুপী
গান্ধী টুপী (गांधी टोपी) হৈছে এক বগা ৰঙৰ টুপী বা চাইডকেপ। ইয়াৰ সন্মুখ আৰু পিছ অংশ ঠেক আৰু মাজ অংশ অলপ বহল। গান্ধী টুপী খাদীৰ পৰা তৈয়াৰ কৰা হয়। ভাৰতীয় স্বাধীনতা আন্দোলনৰ সময়ত প্ৰথমে ইয়াৰ ব্যৱহাৰ জনপ্ৰিয় কৰা ভাৰতীয় নেতা মহাত্মা গান্ধীৰ নামেৰে ইয়াৰ নামাকৰণ কৰা হৈছে।
-
চিণ্ট্জ
চিণ্ট্জ (Chintz) ১৬ শতিকাত ভাৰতৰ গোলকণ্ডা (বৰ্তমানৰ হায়দৰাবাদ)ত উৎপত্তি হোৱা কাঠৰ ব্লকত ছপা কৰা, ৰং কৰা, ৰঙীন বা গ্লেজ কৰা কেলিকো বস্ত্ৰ। সাধাৰণতে পোহৰ আৰু সাধাৰণ পটভূমিত কাপোৰখনত বিভিন্ন ৰঙৰ ফুল আৰু অন্যান্য আৰ্হিৰ ডিজাইন ছপা কৰা হয়।
-
জোৰাব
জোৰাব (ইংৰাজী: Jorabs) হৈছে জটিল আৰ্হিৰ ভৰিৰ আঙুলি মূৰলৈকে পিন্ধা এবিধ বহুৰঙী মোজা। সাধাৰণতে চহকী সজ্জা প্ৰদৰ্শন কৰিবলৈ জোৰাব পিন্ধা হয়।
-
টঙালি
টঙালি বা টঙ্গালি (Tongali) হৈছে অসমীয়া পুৰুষসকলে পৰিধান কৰা এবিধ দীঘল বস্ত্ৰ। এই বস্ত্ৰ কঁকালত বান্ধি লোৱা হয়। মূলতঃ বিহু নৃত্য কৰাৰ সময়ত অসমীয়া ডেকাই টঙালি পৰিধান কৰে। সাধাৰণতে টঙালি ৰঙা সূতাৰে তাঁতশালত বৈ উলিওৱা হয়। ইয়াত সোণালী বা হালধীয়া বৰণৰ সূতাৰে গুণা দি ফুল তোলা হয়।
-
ডুডৌ
ডুডৌ ( অন্য নামেৰেও জনা যায়) হৈছে চীনৰ পৰম্পৰাগত কাপোৰৰ সামগ্ৰী যিয়ে কান্ধৰ সম্মুখভাগ ঢাকি ৰাখে, মূলতঃ ঔষধি গুণ থকা আণ্ডাৰশ্বাৰ্ট হিচাপে পিন্ধা হৈছিল। চীনৰ নৱ-জাগৰণৰ লগে লগে ইয়াক কেতিয়াবা পশ্চিমীয়া আৰু আধুনিক চীনা ফেশ্বনত হাতৰ আঁচলবিহীন চাৰ্ট আৰু বেকলেছ হলটাৰ টপ ব্লাউজ হিচাপে দেখা যায়।
-
নক্সি কাঁথা
নক্সি কাঁথা (Nakshi kantha) হ’ল এক ধৰণৰ পৰম্পৰাগত সূচিকৰ্ম বা এম্ৰয়দাৰী; বাংলাদেশ আৰু ভাৰতৰ পশ্চিমবঙ্গ, ত্ৰিপুৰা, অসম আদি ৰাজ্যত বাস কৰা বঙালীসকলৰ শতিকা পুৰণি এক কলা-পৰম্পৰা। ইয়াৰ বাবে প্ৰয়োজনীয় সামগ্ৰী হ’ল- বেজী (সূচি), সূতা আৰু পুৰণি কাপোৰ।
-
পাজাৰ
পাজাৰ বা গামোচা ৰাভা জনগোষ্ঠীৰ পুৰুষে ব্যৱহাৰ কৰা এখন বস্ত্ৰ৷ ৰাভা জনগোষ্ঠীৰ পুৰুষৰ জাতীয় সাজপাৰ তেনেই সাধাৰণ৷ ’পাজাৰ’ এখন নানাৰঙী সূতাৰে বোৱা ফুলাম কাপোৰ৷ ইয়াক ৰাভা সমাজত অসমীয়া সমাজৰ ’বিহুৱান’ৰ সমানেই মৰ্যাদা দিয়া হয় আৰু পুৰুষসকলে ডিঙিত এইখন মেৰিয়াই লয়৷ পাজাৰ দীঘলে ৩/৪ হাত আৰু বহলে ১ হাত৷…
-
পাটিয়ালা ছালৱাৰ
পাটিয়ালা ছালৱাৰ (পটিয়ান ৱালী চালৱাৰ বুলিও কোৱা হয়) হৈছে একপ্ৰকাৰৰ মহিলা ট্ৰাউজাৰ, যাৰ শিপা ভাৰতৰ পঞ্জাৱ ৰাজ্যৰ উত্তৰ অঞ্চলৰ পাটিয়ালা চহৰত। পূৰ্বৰ কালত পাটিয়ালাৰ ৰজাই ৰাজকীয় চুট হিচাপে পাটিয়ালাৰ ছালৱাৰ পিন্ধিছিল।
-
য়্যেম
য়্যেম (Yếm) বা আও য়্যেম (áo yếm) হৈছে ভিয়েটনামৰ এক পৰম্পৰাগত অন্তৰ্বাস, যি এসময়ত সকলো শ্ৰেণীৰ ভিয়েটনামীয় মহিলাই পৰিধান কৰিছিল। শালীনতা ৰক্ষাৰ বাবে ইয়াক সাধাৰণতে ব্লাউজ বা চাদৰৰ তলত পিন্ধা হৈছিল। ই এবিধ সৰল পোচাক।
-
যোধপুৰী
যোধপুৰী শ্বুট হৈছে ভাৰতৰ এক আনুষ্ঠানিক পৰিধান। ই যোধপুৰ ৰাজ্যত উৎপত্তি হৈছিল আৰু ঊনবিংশ শতিকাৰ মধ্যভাগৰ পৰা বিংশ শতিকাৰ মধ্যভাগলৈ ভাৰতত জনপ্ৰিয় হৈছিল। ইয়াত কোট আৰু পেন্ট থাকে, কেতিয়াবা গেঞ্জীৰ সৈতে পৰিপূৰক ৰূপত পৰিধান কৰা হয়।
-
শ্বেৰৱানী
শ্বেৰৱানী দক্ষিণ এছিয়াৰ পুৰুষে পিন্ধা দীঘল হাতৰ আন কাপোৰৰ ওপৰত পিন্ধা কোট। পশ্চিমীয়া ফ্ৰক কোটৰ দৰেই এয়াও ফিট কৰা হৈছে, কঁকালৰ অংশ কিছু ঠেক কৰা হৈছে; ই আঁঠুৰ তললৈ পৰে আৰু সম্মুখৰফালে বুটাম লগোৱা হয়। ই কলাৰবিহীন, চাৰ্ট ষ্টাইলৰ কলাৰ বা মেণ্ডেৰিন কলাৰৰ দৰে ষ্টেণ্ড আপ কলাৰ হ'ব পাৰে।
-
হিমাচলী টুপী
হিমাচলী টুপী (Himachali cap) হিমাচল প্ৰদেশৰ সংস্কৃতিৰ সৈতে সম্পৰ্কিত এক স্বকীয় টুপী। ইয়াক পাহাৰী টুপী বুলিও কোৱা হয়। ই পাহাৰী অঞ্চলৰ বাসিন্দাৰ পৰম্পৰাগত পোছাকৰ এটা অংশ। ইয়াক সাধাৰণতে স্থানীয় অনুষ্ঠান, বিবাহ, উৎসৱ-পাৰ্বন আদিত পৰিধান কৰা হয় যদিও ই হিমাচলৰ দৈনন্দিন সাজ-পাৰৰ অংশ।
-
হেৰেম পেণ্ট
হেৰেম পেণ্ট বা হাৰেম ট্ৰাউজাৰ বেগী, গোৰোহাত পৰা দীঘল পেণ্ট। আৰম্ভণিতে এই শৈলীক হাৰেম স্কাৰ্ট বুলিও কোৱা হৈছিল। ই মধ্যপ্ৰাচ্যৰ কাপোৰৰ শৈলী, বিশেষকৈ শ্বালভাৰ (তুৰ্কী ট্ৰাউজাৰ)ৰপৰা অনুপ্ৰাণিত হৈ তথাকথিত 'হেৰেম পেণ্ট/স্কাৰ্ট'ক ১৯১০ চনৰ আশে-পাশে পল প’ইৰেটৰ দৰে ডিজাইনাৰসকলে পশ্চিমীয়া ফেশ্বনত প্ৰৱৰ্তন…
-
ৰুমাল
ৰুমাল(ইংৰাজীত ), হৈছে মূৰ, মুখ বা ডিঙিত বান্ধি থোৱা ত্ৰিকোণীয় বা বৰ্গ আকৃতিৰ কাপোৰৰ টুকুৰা। এই ৰুমাল সুৰক্ষামূলক বা সজ্জাৰ উদ্দেশ্যে ব্যৱহাৰ হয়। সংস্কৃতি বা ধৰ্ম অনুসৰি মূৰৰ ৰুমালৰ জনপ্ৰিয়তা ভিন্ন হ'ব পাৰে, প্ৰায়ে এনাবেপ্টিষ্ট, ইষ্টাৰ্ণ অৰ্থডক্স আৰু প্লাইমাউথ ব্ৰেথ্ৰেন ধৰ্মগোষ্ঠীৰ মহিলাসকলে…