বস্ত্ৰ
১৪৮ প্ৰবন্ধ
-
অচাৰিয়া
অচাৰিয়া (সিংহলী: ඔසරිය) বা কাণ্ডিয়ান সাজ-পাৰ হৈছে শ্ৰীলংকাৰ সিংহলী লোকসকলৰ পৰম্পৰাগত সাজ-পাৰ আৰু ইয়াক শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় সাজ-পাৰ হিচাপে গণ্য কৰা হয়।
-
অচেইক
অচেইক (Acheik; বাৰ্মিজ: အချိတ်) বা লুনটায়া অচেইক (luntaya acheik; অৰ্থ: এশ মাকুৰ অচেইক) হৈছে ম্যানমাৰৰ এবিধ থলুৱা বস্ত্ৰৰ আৰ্হি বা ডিজাইন। ইয়াত পথালি আঁচৰ সৈতে জটিল তৰংগসদৃশ শৈলী আৰু আৰাবেস্ক ডিজাইনৰ সংমিশ্ৰণ দেখা যায়। 'লুনটায়া' (luntaya; বাৰ্মিজ: လွန်းတစ်ရာ) শব্দৰ আক্ষৰিক অৰ্থ হৈছে "এশটা মাকো"।
-
অছ'-এবি
অছ'-এবি (Asọ-Ẹbí; ইংৰাজী: Asoebi), নাইজেৰিয়াত কেতিয়াবা ইয়াক অছ'ৱেবি বুলিও লিখা হয়, হৈছে এবিধ ইউনিফৰ্ম সাজ-পাৰ বা ড্ৰেছিং ক’ড। পৰম্পৰাগতভাৱে য়োৰুবা লোকসকলে পৰিধান কৰা এই সাজ-পাৰ বিভিন্ন অনুষ্ঠান, উৎসৱ আৰু সামাজিক কাৰ্যসূচীৰ সময়ত সহযোগিতা, বন্ধুত্ব আৰু সংহতিৰ নিদৰ্শন হিচাপে গণ্য কৰা হয়।
-
অসমীয়া পাগুৰি
মানুহে ৰ'দ, তাহ-বৰষুণ-ঠাণ্ডাৰ পৰা আত্মৰক্ষা কৰিবলৈ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে মূৰত পাগুৰি মাৰিছিল আৰু ইয়াৰ সংস্কৃত নাম হ'ল উষ্ণীষ। শীত-বাতাদিৰ পৰা ৰক্ষা পাবলৈ যে উষ্ণীষৰ প্ৰয়োজন, তাক সুশ্ৰুত সংহিতাৰ নিদান স্থানৰ চৰ্তু বিংশতি অধ্যায়ত বৰ্ণিত হৈছে।
-
অসমৰ পৰম্পৰাগত সাজ-পাৰ
অসমৰ পুৰুষ সমাজে অতীতৰ পৰা ধূতী পিন্ধি আহিছে। পুৰণি চিত্ৰ আৰু মূৰ্তিৰ পৰা জানিব পৰা যায় যে, পুৰুষে ধূতী নাভিৰ তলত পিন্ধিছিল আৰু তলফালে সাধাৰণতে আঁঠুৰ ওপৰত পেলাই পিন্ধিছিল। এনে প্ৰমাণ দশম শতিকাত নিৰ্মাণ হোৱা দেওপানীৰ বিষ্ণুমূৰ্তিত বিশেষত্ব বিদ্যমান।
-
আইৰিছ ক্ৰ’চেট জৰী
আইৰিছ ক্ৰ’চেট জৰী আইৰিছ জৰীৰ এটা শৈলী। ইয়াক প্ৰথমে ঊনবিংশ শতিকাৰ মাজভাগত আয়াৰলেণ্ডত দামী ভেনিচৰ পইণ্ট লেচ অনুকৰণৰ পদ্ধতি হিচাপে বিকশিত কৰা হৈছিল।
-
আউ পাক
আউ পাক (খ্মেৰ: អាវប៉ាក់, উচ্চাৰণ: aao pak) হ’ল কম্বোডিয়াৰ মহিলাসকলে পৰিধান কৰা এক পৰম্পৰাগত ব্লাউজ সদৃশ পোছাক। ইয়াৰ আক্ষৰিক অৰ্থ হৈছে “কাঢ়ি কৰা চোলা” বা সূচীকৰ্মেৰে সজোৱা চোলা (embroidery shirt)।
-
আগবাডা
আগবাডা পৰম্পৰাগতভাৱে সমগ্ৰ পশ্চিম আফ্ৰিকাত ইয়োৰুবা লোকসকলে বিশেষকৈ নাইজেৰিয়া, বেনিন গণৰাজ্য আৰু ট'গোৰ ইয়োৰুবাসকলৰ মাজত পিন্ধা দীঘল চোলা। ইয়াৰ লগত ভিতৰৰ কাপোৰ ভিন্ন দৈৰ্ঘ্যৰ আৰু ইয়াৰ লগত শ্বোকোটো নামৰ স্থানীয় ট্ৰাউজাৰৰ আকাৰত তলৰ ৱেৰ এযোৰও আহে।
-
আগাল
আগাল (ইকাল, ইগাল বা ইগাল বুলিও বানান কৰা হয়) হৈছে জনজাতীয় আৰব পুৰুষে পৰম্পৰাগতভাৱে পিন্ধা কাপোৰৰ আনুষংগিক বস্তু। ই এডাল গাঢ় ক'লা ৰছী, যিহেৰে কেফীহ পিন্ধাজনৰ মূৰত কেফীহটো ঠাইতে ৰাখিবলৈ ব্যৱহাৰ কৰা হয়। পৰম্পৰাগতভাৱে আগাল ছাগলী বা উটৰ নোমেৰে তৈয়াৰ কৰা হয়।
-
আজেৰবাইজানৰ পৰম্পৰাগত সাজপাৰ
আজেৰবাইজানৰ পৰম্পৰাগত সাজপাৰ (আজাৰবাইজানী: Azərbaycan milli geyimi) হৈছে আজাৰবাইজানী জনসাধাৰণে পৰম্পৰাগতভাবে পৰিধান কৰা সাজ-পোছাক। তেওঁলোকৰ ইতিহাস, ধৰ্মীয় সংস্কৃতি আৰু জাতীয় পৰিচয়ৰ সৈতে এই সাজ-পাৰবোৰ ওতঃপ্ৰোতভাৱে জড়িত।
-
আহৱেনেপা নাকাছা
আহৱেনেপা নাকাছা (Ahwenepa nkasa) হৈছে ঘানা, টোগো, বেনিন আৰু আইভৰি ক'ষ্টত পোৱা এবিধ বস্ত্ৰৰ ঘানাৰ নাম। এই কাপোৰবিধ VLISCO-ৰ অধীনত ঘানা টেক্সটাইল কোম্পানী (GTP) আৰু আকোচোম্বো ইণ্ডাষ্ট্ৰিয়েল কোম্পানী লিমিটেডৰ (পূৰ্বৰ আকোচোম্বো টেক্সটাইল লিমিটেড বা ATL) দ্বাৰা উৎপাদিত হয়।
-
আৰাণী ৰেচম
আৰাণী ৰেচম শাড়ী ভাৰতৰ তামিলনাডু ৰাজ্যত অৱস্থিত আৰাণী চহৰত তৈয়াৰী পৰম্পৰাগত ৰেচমৰ শাড়ী। যিহেতু এই শাড়ীবোৰ আৰাণীত উৎপাদিত হয়, সেয়েহে এই চহৰখনক প্ৰায়ে আৰাণীৰ ৰেচম চহৰ বা আৰাণী ৰেচম চহৰ বুলি কোৱা হয়। শাড়ী হৈছে সাধাৰণতে চাৰিৰপৰা ন গজলৈকে চিলাই নকৰা দীঘল কাপোৰ।
-
আৰ্গন (পোশাক)
ভাৰতীয় উপমহাদেশ, আধুনিক ভাৰত আৰু বাংলাদেশৰ হাজং মহিলাসকলে পিন্ধা পৰম্পৰাগত চাদৰ সদৃশ কাপোৰ হৈছে আৰ্গন ( আগন, অগ্ৰুণ বা পাৰ্ছা বুলিও জনা যায়)। আগন দুই প্ৰকাৰৰ এটা সাধা আগন আৰু ফুলৗ আগন (ফুলা আগন) মানে সাধা আগন হৈছে ফুল নথকা আৰু ফুলৗ আগন মানে ফুল থকা।
-
ইউক্ৰেইনৰ জাতীয় সাজ-পোছাক
ইউক্ৰেইনৰ জনসাধাৰণৰ পৰম্পৰাগত সাজ-পোছাক হৈছে ইউক্ৰেইনত বাস কৰা জনগোষ্ঠীয় লোক লোকসকলে পিন্ধা কাপোৰ। ইউক্ৰেইনৰ সাজ-পোছাক কেঁচ বা ফুল বছা কাপোৰৰ বাবে আটাইতকৈ বিখ্যাত। এই দেশৰ কাপোৰ হ’ল ফুল বছা কামিজ (vyshyvanka), কাপোৰৰ চেছআৰু ভিনোক ফুলৰ মুকুট।
-
ইলকাল শাড়ী
ইলকাল শাড়ী ( Ilkal sari) হৈছে শাড়ীৰ পৰম্পৰাগত ৰূপ যিটো ভাৰতত সাধাৰণ নাৰীসুলভ পৰিধান। ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ বাগালকোট জিলাৰ ইলকাল চহৰৰ পৰাই ইলকাল শাড়ীৰ নাম লোৱা হৈছে। ইলকাল শাৰী শৰীৰত কপাহী ৱাৰ্প আৰু সীমাৰ বাবে আৰ্ট চিল্ক ৱাৰ্প আৰু পল্লু অংশৰ বাবে আৰ্ট চিল্ক ৱাৰ্প ব্যৱহাৰ কৰি বোৱা হয়।
-
এমব্ৰয়ডাৰী
এমব্ৰয়ডাৰী হৈছে কাপোৰ বা অন্যান্য সামগ্ৰীত বেজীৰ সহায়ত সূতা বা তাঁৰৰে সজোৱাৰ কলা। ই কাপোৰৰ কলাৰ অন্যতম পুৰণি ৰূপ, যাৰ উৎপত্তি বিভিন্ন সংস্কৃতিৰ মাজত হাজাৰ হাজাৰ বছৰৰপৰা। প্ৰাৰম্ভিক এমব্ৰয়ডাৰীত সাধাৰণ সীয়নৰ ভিতৰত আছে চেইন সীয়ন, বাটনহ’ল বা ব্লেংকেট সীয়ন, ৰানিং সীয়ন, চেটিন সীয়ন, আৰু ক্ৰছ সীয়ন।
-
কাছুটি
কাছুটি (Kasuti) ভাৰতৰ কৰ্ণাটক ৰাজ্যত অনুশীলন কৰা লোক এম্ব্ৰইডাৰীৰ এক পৰম্পৰাগত ৰূপ। কাছুটি এম্ব্ৰইডাৰীৰ কাম অতি জটিল হয়। কেতিয়াবা হাতেৰে ৫,০০০টা লৈকে চিলাই কৰি ইয়াক প্ৰস্তুত কৰা হয়। পৰম্পৰাগতভাৱে ইল্কাল শাৰী, ৰবিকে আৰু আংগী বা কুৰ্তাৰ দৰে পোছাকৰ ওপৰত কাছুটি কৰা হয়।
-
কাঞ্চিপুৰম ৰেচম শাৰী
কাঞ্চিপুৰম ৰেচম শাৰী (Kanchipuram silk sari) ভাৰতৰ তামিলনাডুৰ কাঞ্চিপুৰম অঞ্চলত তৈয়াৰী এক প্ৰকাৰৰ ৰেচম শাৰী। এই শাৰীবোৰ তামিলনাডু, কেৰালা, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ বেছিভাগ মহিলাই কইনা আৰু বিশেষ অনুষ্ঠানৰ শাৰী হিচাপে পিন্ধে। ইয়াক ভাৰত চৰকাৰে ২০০৫–২০০৬ চনত ভৌগোলিক ইংগিত হিচাপে স্বীকৃতি দিছে।
-
কুফি
কুফি বা কুফি টুপী হৈছে উত্তৰ আফ্ৰিকা, পূব আফ্ৰিকা, পশ্চিম আফ্ৰিকা আৰু দক্ষিণ এছিয়াৰ পুৰুষে পিন্ধা এটা নিৰ্দিষ্ট ডাঠ কাষ নথকা, চুটি আৰু ঘূৰণীয়া টুপী। এই টুপী আফ্ৰিকান প্ৰব্ৰজনকাৰীসকলেও পিন্ধে। ভাৰতীয় উপমহাদেশত ইয়াক সাধাৰণতে "টুপি" বুলিয়ে কোৱা হয়।
-
কুল্লু চাদৰ
কুল্লু চাদৰ ভাৰতৰ কুল্লুত নিৰ্মিত একপ্ৰকাৰৰ গৰম চাদৰ, য’ত বিভিন্ন জ্যামিতিক আৰ্হি আৰু উজ্জ্বল ৰঙৰ বৈশিষ্ট্য থাকে। মূলতঃ খিলঞ্জীয়া কুলিভিসকলে সাধাৰণতে চাদৰ বয়, কিন্তু ১৯৪০ চনৰ আৰম্ভণিতে বুশ্বহৰৰপৰা শিল্পীৰ আগমনৰ পিছত অধিক আৰ্হিৰ চাদৰৰ ধাৰা বৃদ্ধি পায়।
-
কেৰিকমেক্ৰছ জৰী
কেৰিকমেক্ৰছ জৰী একপ্ৰকাৰৰ জৰী, যাক অলংকৃত জাল বুলি ক’ব পাৰি। তিনিটা স্তৰৰ ‘চেণ্ডউইচ’ এটা আৰ্হিৰে (তলত) তৈয়াৰ কৰা হয়, প্ৰথমে মেচিনত নিৰ্মিত জাল আৰু তাৰ পিছত মিহি মছলিনেৰে ঢাকি থোৱা হয়, যাৰ মাজেৰে আৰ্হিটো দেখা যায়।
-
কোটা ডৰিয়া
কোটা ডৰিয়া বা কোটা দোৰিয়া ৰাজস্থানৰ কোটাৰ ওচৰৰ কাইথুন আৰু ইয়াৰ আশে-পাশে থকা কিছুমান গাঁৱত এতিয়াও পৰম্পৰাগত গাঁতৰ তাঁতশালত হাতেৰে বোৱা সৰু সৰু চতুৰ্ভুজ(খাট)ৰে তৈয়াৰী লঘু বোৱা কাপোৰৰ নাম।
-
কোৱাই কোৰা কপাহী শাড়ী
কোৱাই কোৰা কপাহী বা কোভাই কোৰা কপাহী শাড়ী ভাৰতৰ তামিলনাডুৰ কইম্বাটুৰ অঞ্চলত নিৰ্মিত একপ্ৰকাৰৰ কপাহী শাড়ী। ২০১৪–১৫ চনত ভাৰত চৰকাৰে ইয়াক ভৌগোলিক ইংগিত হিচাপে স্বীকৃতি দিছে।
-
কৱচ-কাপোৰ
কৱচ-কাপোৰ ( Kavas-Kapor)হৈছে ৰাতিটোৰ ভিতৰতে কপাহ নেওঠি,পাঁজি কাটি, সূতা কাটি ৰাতি নৌপুৱাওঁতেই বৈ কাটি উলিওৱা এক কাপোৰ বিশেষ। এনেধৰণে প্ৰস্তুত কৰা কাপোৰ পিন্ধি যুঁজলৈ গ'লে সেই যুদ্ধত জয়লাভ কৰে বুলি আহোম ৰজাসকলৰ দিনত বিশ্বাস প্ৰচলিত আছিল।
-
খান্দুৱা
খান্দুৱা ( Khandua ) হৈছে ওড়িশাৰ পৰা উৎপাদিত পৰম্পৰাগত "বন্ধা" বা ইকাট শাৰী, যিবোৰ সচৰাচৰ বিয়াৰ সময়ত মহিলাসকলে পিন্ধে আৰু ইয়াৰ এটা বিশেষ প্ৰকাৰৰ প্ৰভু জগন্নাথে পিন্ধে। কাপোৰবোৰত গীত গোবিন্দৰ গ্ৰন্থৰ লেখা বয়ন কৰা আছে।
-
খেটপাৰ্টুগ
খেটপাৰ্টুগ (Khetpartug) বা খেট পাৰটুগ, আফগানিস্তানী লোকসকলে পৰিধান কৰা এক প্ৰকাৰৰ পাষ্টুন কাপোৰ।
-
খ্ৰুই
খ্ৰুই (থাই: ครุย) হৈছে থাইলেণ্ডৰ নিৰ্দিষ্ট কিছুমান আনুষ্ঠানিক পৰিৱেশত গাউন বা আলখাল্লা হিচাপে পৰিধান কৰা এবিধ পাতল বহিঃআৱৰণ। ই দীঘল হাতৰ আৰু সন্মুখৰ ফালে খোলা থাকে। এই সাজযোৰ পাতল বা জালিযুক্ত কাপোৰেৰে তৈয়াৰ কৰা হয় আৰু ইয়াৰ কাষবোৰত চেটিন, ফেল্ট বা অন্য সামগ্ৰীৰ পটি লগোৱা থাকে।
-
গ্লিলা (বস্ত্ৰ)
গ্লিলা হৈছে আলজেৰিয়াত প্ৰচলিত এটা পৰম্পৰাগত আলজেৰিয়ান জেকেট, ই মুগা বা ব্ৰকেড নিৰ্মিত ট্ৰেপেজ’ইডাল জেকেট যাৰ গভীৰ অণ্ডাকাৰ নেকলাইন, সজ্জাগত বুটাম আৰু বিশেষকৈ সোণালী সূতাৰে কৰা এম্ব্ৰয়ডাৰীৰে সমৃদ্ধ।
-
চান্দেৰী শাৰী
চান্দেৰি শাৰী ভাৰতৰ মহিলাই পৰিধান কৰা এক বস্ত্ৰ আৰু ই ভাৰতৰ মধ্যপ্ৰদেশৰ চান্দেৰিত নিৰ্মিত পৰম্পৰাগত কোলি শাৰী।
-
চালেমত বস্ত্ৰ উদ্যোগ
চালেমৰ বস্ত্ৰ উদ্যোগ বিশেষকৈ হস্ততাঁত উদ্যোগ ভাৰতৰ তামিলনাডুৰ চালেম জিলাৰ অন্যতম প্ৰাচীন কুটিৰ উদ্যোগ। চালেমত দক্ষিণ ভাৰতৰ অন্যতম প্ৰাথমিক হস্ততাঁত কেন্দ্ৰ আছিল। ৰেচমৰ সূতা আৰু কপাহী সূতাৰপৰা শাৰী, ধূতি আৰু আন অংগবস্ত্ৰ তৈয়াৰ কৰা হয়।