বস্ত্ৰ
১৪৮ প্ৰবন্ধ
-
বাহাগ (বস্ত্ৰ)
বাহাগ এবিধ কঁকালত পিন্ধা কাপোৰ, যি সমগ্ৰ প্ৰাক-ঔপনিৱেশিক ফিলিপাইনছত পুৰুষে সাধাৰণতে ব্যৱহাৰ কৰিছিল। ইয়াক চোলা নোহোৱাকৈ উদং গাত পিন্ধা হয় আৰু আন কোনো কাপোৰ নাথাকে। হয় বাকলিৰ কাপোৰৰ পৰা তৈয়াৰ কৰা হৈছিল নহয় হাতেৰে বোৱা বস্ত্ৰৰ পৰা তৈয়াৰ কৰা হৈছিল।
-
বাৰামিন কাৰ্পেট
বাৰামিন কাৰ্পেট আৰু দলিচা (Varamin carpet) হৈছে তেহৰাণৰ দক্ষিণ-পূবে অৱস্থিত ভাৰামিন চহৰ আৰু ইয়াৰ আশে-পাশে বোৱা কাৰ্পেট বা দলিচা। বহু কাৰ্পেট আৰু ৰাগ বিশেষজ্ঞই পৰম্পৰাগত শৈলী আৰু বৈশিষ্ট্যৰ ক্ষেত্ৰত ভাৰামিনক আটাইতকৈ প্ৰামাণিক পাৰ্চী কাৰ্পেটৰ ভিতৰত অন্যতম বুলি গণ্য কৰে।
-
বিটলিং
বিটলিং আয়াৰলেণ্ডত সঘনাই ব্যৱহৃত বস্ত্ৰ ফিনিচিং প্ৰক্ৰিয়া, য'ত লিনেন বা কপাহী কাপোৰক মিহি কৰি সমতল, চিকচিকিয়া প্ৰভাৱ উৎপন্ন কৰা হয়।
-
বিয়াৰ শাৰী
বিয়াৰ শাৰী হৈছে ভাৰতৰ অসম, মণিপুৰ, নাগালেণ্ড আদি কৰি কেইখনমান ৰাজ্যৰ বাহিৰে দক্ষিণ এছিয়াৰ প্ৰায়বোৰ ঠাইৰ বিবাহত পৰম্পৰাগতভাৱ কইনাই পিন্ধা সাজ। ভাৰতত শাৰী পৌৰাণিক কালৰে পৰা প্ৰচলিত। অসমত বিয়াৰ কইনাই সচৰাচৰ গুণাৰ কাম কৰা বগা পাটৰ চাদৰ-মেখেলা পিন্ধে।
-
বোমকাই শাৰী
বোমকাই শাৰী ( Bomkai Saree) ভাৰতৰ ওড়িশাৰ এবিধ হস্ততাঁত শাৰী। গঞ্জাম জিলাৰ পৰা বোমকাই গাঁৱত উৎপত্তি যদিও পিছলৈ ইয়াক প্ৰধানকৈ সুবৰ্ণপুৰ জিলাৰ ভুলীয়া সম্প্ৰদায়ে উৎপাদন কৰিবলৈ লয়। বোমকাই ভাৰতৰ অন্যতম ভৌগোলিক সূচক লাভ কৰা এবিধ সামগ্ৰী। এই শাৰী বিভিন্ন ফেশ্বন শ্ব'ত প্ৰদৰ্শিত জনপ্ৰিয় পৰিচ্ছদ।
-
ভাৰতত সাজ-পোছাক
ভাৰতত সাজ-পোছাক বিভিন্ন জাতি, ভূগোল, জলবায়ু, আৰু ভাৰতৰ প্ৰতিটো অঞ্চলৰ মানুহৰ সাংস্কৃতিক পৰম্পৰা অনুসৰি ভিন্ন হয়। ঐতিহাসিকভাৱে ভাৰতত কাপোৰৰ বিকাশ ঘটিছিল কাউপিনা, লাংগোটা, আচকান, লুঙি, শাৰী আদি সাধাৰণ কাপোৰৰ পৰা, যিবোৰ অনুষ্ঠান আৰু নৃত্য প্ৰদৰ্শনৰ বাবে ব্যৱহাৰ কৰা হৈছিল।
-
মদিছাৰ
মদিছাৰ বা কোশৱম (மடிசார்) হৈছে তামিল ব্ৰাহ্মণ মহিলাসকলে শাৰী পিন্ধা এক সাধাৰণ পদ্ধতি। শাৰী আৰু ইয়াক বান্ধি ৰখা শৈলী প্ৰাচীন ভাৰতৰ পৰাই আৰম্ভ হয়, অন্ততঃ খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ পৰা খ্ৰীষ্টীয় প্ৰথম শতিকাৰ মাজৰ সময়ছোৱালৈকে যেতিয়া অন্তৰীয় আৰু উত্তৰীয় কাপোৰ একত্ৰিত কৰি একক বস্ত্ৰ তৈয়াৰ কৰা…
-
মহীশূৰ ৰেচম
মহীশূৰ ৰেচম ( Mysore silk) হৈছে কৰ্ণাটকৰ ভাৰতীয় মহীশূৰ জিলাত উৎপাদিত তুষাৰ ৰেচমৰ জাত। কৰ্ণাটকত ৯,০০০ মেট্ৰিক টন মালবেৰী ৰেচম উৎপাদন হয়, যিটো দেশৰ মুঠ মালবেৰী ৰেচমৰ প্ৰায় ৪৫%।
-
মহীশূৰী পেটা
মহীশূৰী পেটা এটা চহকী আনুষ্ঠানিক পাগুৰি, যিটো মূলতঃ মহীশূৰৰ ৰজাসকলে পিন্ধিছিল। এই পাগুৰীটোত ৰেচম বা কপাহৰ দৰে কাপোৰৰ দীঘল ফিতা এডাল থাকে, যিটো মূৰৰ পাগুৰীটোৰ চাৰিওফালে ঘূৰাই অলংকৰণ কৰি থোৱা হয়। ইয়াক সোণ বা ৰূপৰ জৰীৰ ফিতাৰে আৰু আলংকাৰিক ধাতুৰ লকেটৰে সজাই তোলা হ’ব পাৰে।
-
মিচিং জনগোষ্ঠীৰ সাজপাৰ
মিচিং জনগোষ্ঠী হৈছে বড়ো-কছাৰীসকলৰ পিছতেই অসমৰ ভৈয়ামৰ জনজাতিসমূহৰ ভিতৰত দ্বিতীয় বৃহত্তম জনজাতি। প্ৰত্যেক জনজাতিৰ দৰেই মিছিংসকলো নিজস্ব লোক-সংস্কৃতি আছে। মিচিং পৰম্পৰাগত সাজপাৰৰ 'গামিগ'(ফুল) ৰ আৰ্হি আৰু ৰঙৰ সংমিশ্ৰণ বিশ্বৰ ভিতৰতেই লেখত ল'বলগীয়া বুলি গণ্য কৰা হয়।
-
মুজিব কোট
মুজিব কোট পুৰুষৰ বাবে নিৰ্মিত কোট, ইয়াক আৰ্ম কাট অফ (হাতবিহীন), উচ্চ ডিঙিৰ কোট হিচাপে ডিজাইন কৰা হয়, যাৰ তলৰ অংশত দুটা পকেট আৰু পাঁচ বা ছটা বুটাম থাকে। এইটো আগতে পিপলছ ৰিপাব্লিক অৱ বাংলাদেশৰ প্ৰথম ৰাষ্ট্ৰপতি শ্বেখ মুজিবুৰ ৰহমানে পিন্ধা চিগনেচাৰ গাৰ্মেণ্ট আছিল।
-
মেইতেই শিৰস্ত্ৰাণ
মেইতেই শিৰস্ত্ৰাণ হৈছে ভাৰতৰ মণিপুৰৰ মেইতেই সম্প্ৰদায়ৰ মাজত উৎপত্তি হোৱা বিভিন্ন ধৰণৰ পৰম্পৰাগত টুপি আৰু শিৰোধান। এইসমূহ বিভিন্ন সাংস্কৃতিক, ধৰ্মীয় আৰু আনুষ্ঠানিক পৰিৱেশত ব্যৱহাৰ কৰা হয়, যাৰ ভিতৰত আছে মেইতেই উৎসৱ, নৃত্য প্ৰদৰ্শন, মেইতেই বিবাহ আৰু চৰকাৰী অনুষ্ঠান।
-
মোলাকালমুৰু শাৰী
মোলাকালমুৰু শাৰী, যাক কৰ্ণাটক কাঞ্চিপুৰম বুলিও কোৱা হয়, ভাৰতৰ কৰ্ণাটকৰ চিত্ৰদুৰ্গা জিলাৰ মোলাকালমুৰুত বোৱা পৰম্পৰাগত ৰেচমৰ শাৰী। In 2011, it was granted a Geographical Indication tag ২০১১ চনত ইয়াক ভৌগোলিক সূচক টেগ প্ৰদান কৰা হয় আৰু ইয়াৰ টেগ নম্বৰ ৫৩।
-
মৰাণসকলৰ পৰম্পৰাগত সাজপাৰ
মৰাণসকল অসমৰ পুৰণি জনগোষ্ঠীসমূহৰ ভিতৰৰ এটা অন্যতম জনগোষ্ঠী। এই জনগোষ্ঠীটো সকলো দিশৰ পৰাই এটা চহকী জনগোষ্ঠীৰূপে খ্যাত। সাজপাৰ বা বস্ত্ৰসম্ভাৰৰ ক্ষেত্ৰতো মৰাণ সকল যথেষ্ট চহকী। কিয়নো,অধিকাংশ মৰাণ মহিলাই তেওঁলোকৰ প্ৰয়োজনীয় বস্ত্ৰ সমূহ নিজে প্ৰস্তুত কৰি লয়।
-
লিপুতা
লিপুতা (Liputa) হৈছে কংগো গণৰাজ্যৰ মহিলাসকলে পিন্ধা এটা পাৰম্পৰিক সাজৰ ধৰণ। ‘লিপুতা’ অৰ্থ ৰং বিৰঙৰ কাপোৰ পিন্ধা। কংগো দেশৰ মহিলাসকলৰ সাজপাৰ সাধাৰণতে ৰং বিৰঙী আৰু ই দেশখনৰ সংস্কৃতিৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ৷ কংগো মহিলাই লিপুতা বিয়া-বাৰু, সবাহ, পাৰ্বনৰ লগতে দৈনন্দিন জীৱনতো পৰিধান কৰে।
-
লেইৰুম ফী
লেইৰুম ফী (Leirum Phee; মেইতেই: ꯂꯩꯔꯨꯝ ꯐꯤ) হৈছে এবিধ পৰম্পৰাগত মেইতেই সাজ-পাৰ। ই এবিধ ডাঙৰ আৰু খহটা চাদৰ যিটো পৰম্পৰাগতভাৱে মেৰিয়াই লোৱা বস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ এক অনন্য বোৱা ডিজাইন আছে। ইয়াৰ উৎপত্তি প্ৰাচীন কাংলেইপাকত (প্ৰাচীন মণিপুৰ ৰাজ্য) হৈছিল।
-
লোক সাজ-পোছাক
লোক সাজ-পোছাক, লোক পৰিধান, পৰম্পৰাগত পোছাক, ঐতিহ্যবাহী পোছাক বা জাতিগত পোছাক, বিশেষ জাতিগত গোষ্ঠী, ৰাষ্ট্ৰ বা অঞ্চলৰ সৈতে সম্পৰ্কিত বস্ত্ৰ, যি সাংস্কৃতিক পৰিচয়, ধৰ্মীয় পৰিচয় বা জাতীয় পৰিচয়ৰ প্ৰকাশ। যদি এই পোছাক কোনো জাতিগত গোষ্ঠীৰ হয়, তেন্তে ইয়াক জাতিগত বস্ত্ৰ বা জাতিগত পৰিধান বুলি কোৱা হয়।
-
শান্তিপুৰী শাৰী
শান্তিপুৰী শাৰী (Shantipuri sari ) পশ্চিম বংগৰ পৰম্পৰাগত হাতেৰে বোৱা কপাহী শাৰী। পশ্চিম বংগৰ নদিয়া জিলাৰ শান্তিপুৰ চহৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত ইয়াৰ উৎপাদন হয়।
-
শ্ব’ৱেশ্বৱ
শ্ব’ৱেশ্বৱ দক্ষিণ আফ্ৰিকাৰ পৰম্পৰাগত সাজ-পোছাকৰ বাবে বহুলভাৱে ব্যৱহৃত এবিধ ছপা ৰং কৰা কপাহী কাপোৰ। মূলতঃ নীলা ৰং কৰা এই কাপোৰখন বিভিন্ন ৰং আৰু প্ৰিণ্টেড ডিজাইনত নিৰ্মাণ কৰা হয়। ইয়াৰ ডিজাইনৰ বৈশিষ্ট্য হৈছে জটিল জ্যামিতিক আৰ্হি। জনপ্ৰিয়তাৰ বাবে শ্ব’ৱেশ্বৱক দক্ষিণ আফ্ৰিকাৰ ডেনিম
-
শ্ৰীকালহস্তি কালামকাৰী
শ্ৰীকালহস্তি কালামকাৰী হস্তশিল্পৰ এক শৈলী, যাৰদ্বাৰা হাতেৰে কাপোৰত ৰং কৰা হয়। ভাৰতৰ অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ তিৰুপতি জিলাৰ শ্ৰীকালহস্তিত ইয়াৰ উৎপাদন হয়। ইয়াক অন্ধ্ৰ প্ৰদেশৰপৰা অহা ভৌগোলিক ইংগিতসমূহৰ ভিতৰত অন্যতম হিচাপে পঞ্জীয়ন কৰা হৈছে, হস্তশিল্পৰ সামগ্ৰীৰ অধীনত ভৌগোলিক সামগ্ৰীৰ ইংগিত (পঞ্জীয়ন আৰু…
-
স্তনপট্টা
স্তনপট্টা (Stanapatta or Stanmasuka) আছিল শৰীৰৰ ওপৰৰ স্তন অংশৰ বাবে ঢিলাকৈ মেৰিয়াই পিন্ধা কাপোৰ। এয়া আছিল প্ৰাচীন ভাৰতত ব্যৱহাৰ কৰা বক্ষ-বন্ধনি। ৰোমান মহিলাসকলে ব্যৱহাৰ কৰা ষ্ট্ৰফিয়াম বা মেমিলাৰৰ দৰেই প্ৰাচীন কালত মাইকী মানুহৰ ই এক সাধাৰণ ওপৰত পিন্ধা কাপোৰ আছিল।
-
হাজং জনগোষ্ঠীৰ সাজপাৰ
হাজং জনগোষ্ঠীৰ সাজপাৰ সাধাৰণতে হাজং জনগোষ্ঠীৰ মহিলাসকলে তৈয়াৰ কৰে। হাজং মহিলাসকলৰ প্ৰত্যেকেই একোগৰাকী পাৰ্গত শিপিনী বুলিব পাৰি। হাজংসকলে সাজপাৰ তৈয়াৰ কৰা তাঁতশালক "বানা" বুলি কয়। বানা প্ৰতিটো হাজং পৰিয়ালৰ এক সাংস্কৃতিক সম্পদ।
-
হেড টাই
হেড টাই, যাক হেডৰেপ বুলিও কোৱা হয়, মহিলাৰ কাপোৰৰ হেড স্কাৰ্ফ; যি সাধাৰণতে পশ্চিম আফ্ৰিকা আৰু দক্ষিণ আফ্ৰিকাৰ বহু ঠাইত পৰিধান কৰা হয়। হেড টাইক অলংকাৰিক হেড কভাৰিং বা ফেশ্বন এক্সেচৰিজ হিচাপে ব্যৱহাৰ কৰা হয় বা বিভিন্ন ধৰণৰ উপযোগিতাৰ বাবে ব্যৱহাৰ কৰা হয়।
-
হ’ৰট
হ’ৰট ( Hwarot) হৈছে গ'ৰিয়েও আৰু জো’চেন যুগত কেৱল ৰাজকীয় মহিলাসকলে আনুষ্ঠানিক অনুষ্ঠানত আৰু পিছলৈ সাধাৰণ লোকে বিয়াৰ বাবে পিন্ধা এক প্ৰকাৰৰ পৰম্পৰাগত কোৰিয়ান কাপোৰ। আধুনিক বিয়াৰ পাইবেক প্ৰথাত এতিয়াও ইয়াক পৰিধান কৰা হয়।
-
ৰচম পাগ্ৰী
ৰচম পাগ্ৰী (Rasam Pagri) ভাৰতৰ উত্তৰ অংশৰ হিন্দুসকলৰ মাজত প্ৰচলিত এক সামাজিক অনুষ্ঠান। পৰিয়ালৰ জ্যেষ্ঠ পুৰুষ সদস্যৰ মৃত্যুৰ পিছত এই অনুষ্ঠান অনুষ্ঠিত কৰা হয়, য'ত পৰিয়ালৰ জ্যেষ্ঠ জীয়াই থকা পুৰুষ সদস্যই সমগ্ৰ পৰিয়াল বা বংশৰ লোকসকলৰ উপস্থিতিত মূৰত পাগ্ৰী বা পাগুৰী পৰৱৰ্তী জ্যেষ্ঠ্য পুৰুষজনৰ মূৰত…
-
ৰাজশ্বাহী ৰেচম
বাংলাদেশৰ ৰাজশ্বাহীত উৎপাদিত ৰেচম বা চিল্ক উৎপাদক ৰাজশ্বাহী ৰেচম বুলি কোৱা হয়। নাৰীসমাজত ই বিখ্যাত, কাৰণ ই পৰিধানৰ বাবে এক উচ্চমানৰ কাপোৰ, বিশেষকৈ শাড়ী। ২০২১ চনত ইয়াক বাংলাদেশৰ উৎপাদন হিচাপে ভৌগোলিক ইংগিতৰ মৰ্যাদা দিয়া হয়।
-
ৰিছা
ৰিছা বা ৰিচা অসমৰ এক অন্যতম জনগোষ্ঠী ডিমাছাসকলৰ অতি আদৰৰ বস্ত্ৰ। ৰিছা মানে গামোছা। ভৈয়ামবাসী অসমীয়াসকলৰ গামোছাৰ প্ৰতি যি আদৰ; সেই একে আদৰ পাৰ্বত্য জনগোষ্ঠী ডিমাছাসকলৰ মাজত দেখা যায়, কাৰণ নামটো বেলেগ যদিও ৰিছা আৰু গামোছাৰ স্থান একেই।
-
ৰিবি গাচেং
ৰিবি গাচেং অসমৰ মিচিং জনগোষ্ঠীৰ লোকসকলে ব্যৱহাৰ কৰা এখন বস্ত্ৰ।