অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

আও টু থান

আও টু থান (Áo tứ thân; চাৰিটা অংশৰ চোলা) হৈছে উত্তৰ ভিয়েটনামত প্ৰচলিত এবিধ পৰম্পৰাগত ভিয়েটনামীয় সাজ-পাৰ। এই পোছাকযোৰ আও গু থান (পাঁচটা অংশৰ চোলা) আৰু আও ডই খামৰ (সমান্তৰাল পটিৰ চোলা) সৈতে সম্পৰ্কিত।

হালনাগাদ: ২৭ এপ্ৰিল ২০২৬ ২৮৭ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ
ভিয়েটনামৰ এটা উৎসৱত নৃত্যশিল্পীসকল
ভিয়েটনামৰ এটা উৎসৱত নৃত্যশিল্পীসকলছবি: Seattle Municipal Archives · CC BY 2.0

আও টু থান (Áo tứ thân; চাৰিটা অংশৰ চোলা) হৈছে উত্তৰ ভিয়েটনামত প্ৰচলিত এবিধ পৰম্পৰাগত ভিয়েটনামীয় সাজ-পাৰ। এই পোছাকযোৰ আও গু থান (পাঁচটা অংশৰ চোলা) আৰু আও ডই খামৰ (সমান্তৰাল পটিৰ চোলা) সৈতে সম্পৰ্কিত।১

ইতিহাস

সোঁফালে থকা ছোৱালীগৰাকীয়ে আও টু থান পৰিধান কৰিছে
সোঁফালে থকা ছোৱালীগৰাকীয়ে আও টু থান পৰিধান কৰিছেছবি: Unknown author · Public domain

আও ডাই জনপ্ৰিয় হোৱাৰ কেইবা শতিকা আগৰ পৰাই ভিয়েটনামৰ মহিলাসকলে 'আও টু থান' পৰিধান কৰি আহিছে। ভিয়েটনামৰ দক্ষিণ দিশৰ সম্প্ৰসাৰণৰ (নাম তিয়েন) লগে লগে 'আও টু থান' লাহে লাহে বিশেষকৈ উত্তৰৰ মহিলাসকলৰ সৈতে জড়িত হৈ পৰে।

সাজ-সজ্জা

আও টু থান পৰিধানত ডাং থি নু আৰু তেওঁৰ কন্যা
আও টু থান পৰিধানত ডাং থি নু আৰু তেওঁৰ কন্যাছবি: Pierre Dieulefils · Public domain
পথাৰত কাম কৰি থকা দুজনী ছোৱালী
পথাৰত কাম কৰি থকা দুজনী ছোৱালীছবি: Unknown author · Public domain

'আও টু থান' আছিল কৃষক মহিলাসকলৰ পোছাক, যাৰ বাবে ইয়াক প্ৰায়ে গাঢ় ৰঙৰ সাধাৰণ কাপোৰেৰে তৈয়াৰ কৰা হৈছিল। অৱশ্যে উৎসৱ বা বিবাহৰ দৰে বিশেষ অনুষ্ঠানত উজ্জ্বল ৰঙৰ কাপোৰো ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ বিভিন্ন ৰূপ থাকিলেও মূল 'আও টু থান'ত তলত দিয়া অংশবোৰ থাকে:

  • মজিয়ালৈকে স্পৰ্শ কৰা এখন বহিঃআৱৰণ (tunic)। ইয়াৰ আগফালটো জেকেটৰ দৰে খোলা থাকে। কঁকালৰ অংশত ইয়াৰ দুটা পটি থাকে: পিছফালে এটা সম্পূৰ্ণ পটি (দুটা পটি চিলাই কৰি সজোৱা) আৰু আগফালে দুটা পৃথক পটি যিবোৰ চিলাই কৰা নাথাকে যদিও একেলগে বান্ধি থ’ব পাৰি বা ওলমি থাকিবলৈ দিব পাৰি।
  • চোলাটোৰ তলত পৰিধান কৰা এখন দীঘল স্কাৰ্ট।
  • য়্যেম (Yếm), যিটো মহিলাসকলে অন্তৰ্বাস হিচাপে ব্যৱহাৰ কৰা এবিধ প্ৰাচীন বুকু ঢকা কাপোৰ। ই বিভিন্ন কাপোৰ আৰু ৰঙত পোৱা যায়।
  • কঁকালত বেল্ট হিচাপে বান্ধিবলৈ ব্যৱহাৰ কৰা পাটৰ এখন চাদৰ।

আধুনিক ভিয়েটনামত (প্ৰায়ে উত্তৰৰ উৎসৱবোৰত ব্যৱহাৰ হোৱা) 'আও টু থান' যথেষ্ট ৰঙীন হয় আৰু ইয়াৰ বিভিন্ন অংশত বিভিন্ন ৰঙৰ প্ৰয়োগ দেখা যায়।

আধুনিক ভিয়েটনামত স্থান

আও টু থান আৰু ''খান ভান'' পৰিহিত এগৰাকী মহিলা
আও টু থান আৰু খান ভান পৰিহিত এগৰাকী মহিলাছবি: VŨ HÙNG · CC BY-SA 3.0

বৰ্তমান ভিয়েটনামত দৈনন্দিন কাম-কাজৰ বাবে 'আও টু থান'ৰ ব্যৱহাৰ অপ্ৰচলিত হৈ পৰিছে। অৱশ্যে পৰম্পৰাগত অনুষ্ঠান যেনে উৎসৱসমূহৰ বিশেষকৈ উত্তৰ ভিয়েটনামত ইয়াৰ ব্যৱহাৰ প্ৰচুৰ। কিছুমান নৃগোষ্ঠীয় সংখ্যালঘু গোট যেনে— টে (Tày), চান চে (Sán Chay) আৰু থো (Thổ) লোকসকলে এতিয়াও ইয়াক আনুষ্ঠানিক সাজ-পাৰ হিচাপে ব্যৱহাৰ কৰে।

দক্ষিণ ভিয়েটনামত দৈনন্দিন ব্যৱহাৰৰ বাবে পাটৰ দুই অংশৰ সৰল সাজ-পাৰ আও বা বা অধিক পছন্দ কৰা হয়।

লগতে চাওক

  • আও ডাই
  • য়্যেম
  • ভিয়েটনামীয় সাজ-পাৰ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Áo Dài "In the 1920s young Vietnamese artists, educated at the French Indochina College of Fine Arts, modified the Áo Tứ Thân, and designed what is considered the first truly modern Áo dài."

সম্পৰ্কিত শ্ৰেণী

ভিয়েটনামপোচাকবস্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আও টু থান” প্ৰবন্ধৰ সংশোধন ৬০৩১১০ (২৭ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।