নক্সি কাঁথা (Nakshi kantha) হ’ল এক ধৰণৰ পৰম্পৰাগত সূচিকৰ্ম বা এম্ৰয়দাৰী; বাংলাদেশ আৰু ভাৰতৰ পশ্চিমবংগ, ত্ৰিপুৰা, অসম আদি ৰাজ্যত বাস কৰা বঙালী ভাষাসকলৰ শতিকা পুৰণি এক কলা-পৰম্পৰা।১২ ইয়াৰ বাবে প্ৰয়োজনীয় সামগ্ৰী হ’ল- বেজী (সূচি), সূতা আৰু পুৰণি কাপোৰ।৩ বাংলাদেশৰ বিশেষকৈ ময়মনসিং, জামালপুৰ, বগৰা, ৰাজশাহী, ফৰিদপুৰ আৰু জশোৰ অঞ্চলৰ এই কাঁথা শিল্প অতি প্ৰখ্যাত।৪
কাঁথাৰ ওপৰত বেজীৰ সহায়ত যি ৰঙীন নক্সা তৈয়াৰ কৰা হয়, তাৰবাবেই ই নক্সি কাঁথা নাম পাইছে।৫ বঙালী ভাষাত নক্সাৰ অৰ্থ কলাত্মক আকৃতি।৬ পুৰণি দিনৰ কাঁথাত বগা পৃষ্ঠভূমিত ৰঙা, নীলা আৰু ক’লা সূতাৰ সূচিকৰ্ম কৰা হৈছিল। পিছলৈ হালধীয়া, গোলাপী বা অন্য ৰঙো ব্যৱহাৰ হ’ব ধৰিলে। আগতে কাঁথা ঘৰৰ ব্যৱহাৰৰ বাবে তৈয়াৰ কৰা হৈছিল। বৰ্তমান নক্সি কাঁথাই পুনৰ্জীৱন পোৱাৰ পিছত ইয়াক ব্যৱসায়িক ভাবেও উৎপাদন কৰা হয়।৭
তৈয়াৰ কৰা পদ্ধতি
পৰম্পৰামতে কাঁথা তৈয়াৰ কৰিবলৈ পুৰণি শাৰী, লুঙি আৰু ধুতিৰ ব্যৱহাৰ হৈছিল। কাঁথা তৈয়াৰ কৰা এটা পূৰ্ণকালীন বৃত্তি নাছিল। প্ৰায় প্ৰতি ঘৰৰে মহিলাসকল এই কলাত পাৰদৰ্শী আছিল। গাঁৱৰ মহিলাসকলে সাধাৰণতে বাৰিষা কালত বিশেষ কাম-বন নথকা সময়ত কাঁথা চিলোৱা কাম কৰিছিল। সেইবাবে একোখন কাঁথা চিলাওতে বহুমাহ আৰু কেতিয়া বছৰদিনো লৈছিল। সাধাৰণ জোখৰ এখন কাঁথাৰ বাবে কমেও পাঁচখন বা সাতখন শাৰীৰ প্ৰয়োজন হৈছিল। আজিকালি পুৰণিৰ সলনি নতুন কাপোৰৰে কাঁথা চিলোৱা হয়। পৰম্পৰামতে সূতাবোৰ পুৰণি শাৰীৰ পৰা উলিয়াই লৈছিল, যিটো বৰ্তমান খুব কমেই কৰা হয়।৮
কাঁথা তৈয়াৰ কৰাৰ প্ৰাৰম্ভিক অৱস্থাত নিৰ্দিষ্ট জোখত শাৰীকেইখন কাটি জোৰা লগায় আৰু মজিয়াত বহলকৈ মেলি লয়। চোৱা হয়, যাতে ভিতৰত ভাজ বা কোঁচ খাই নাথাকে। প্ৰথম চাৰিওমূৰ চিলাই লোৱা হয় আৰু লগতে মাজতো কাপোৰৰ টুকুৰাবোৰ এৰাই নাযাবলৈ বহল বহলকৈ দুই বা তিনিশাৰী চিলাই মাৰে।৮
এতিয়া কাঁথাখনত বেজী আৰু সূতাৰে নক্সাৰ আকৃতি এটা তৈয়াৰ কৰি লয়। তাৰপিছত বিভিন্ন ৰঙক সূতাৰে সেই নক্সাবোৰ পৰিপূৰ্ণ কৰি যায়। কিছুমান বিশেষ প্ৰকাৰৰ কাঁথাত নক্সাৰ আকৃতিটো তৈয়াৰ কৰিবলৈ কাঠৰ ব্লক ব্যৱহাৰ কৰা হয়। বৰ্তমান কাঠৰ ব্লকবোৰৰ ঠাই ট্ৰেচিং পেপাৰে লৈছে।৮
ভৌগোলিক স্বীকৃতিক লৈ বিতৰ্ক
২০০৮ চনত ভাৰতৰ পশ্চিমবংগ ৰাজ্যই নক্সি কাঁথাৰ ভৌগোলিক স্বীকৃতিৰ (GI) বাবে আবেদন কৰে, যিক্ষেত্ৰত বাংলাদেশো ইয়াৰ প্ৰবল দাবীদাৰ আছিল।৯ কিন্তু সেই সময়ত বাংলাদেশত ভৌগোলিক স্বীকৃতি সম্পৰ্কীয় কোনো আইন নথকাত বাংলাদেশে GI-ৰ বাবে আবেদন কৰিব নোৱাৰিলে। পিছলৈ দেশখনে "বাংলাদেশ ভৌগোলিক স্বীকৃতি (পঞ্জীয়ন আৰু সুৰক্ষা) আইন, ২০১৩" গৃহীত কৰে।১০ প্ৰয়োজনীয় সকলো তথ্যপাতি সহ নক্সি কাঁথাৰ ভৌগোলিক স্বীকৃতিৰ বাবে পুনৰ আবেদন কৰিবলৈ বাংলাদেশে অপেক্ষা কৰি আছে।১১১২
বাহ্যিক সংযোগ
- Registered GI
- The Beautiful Art of Nakshi Kantha
- independennt-bangladesh.com-naksi-kantha
- Gurusaday Museum, India
- Bangladesh National Museum
- Kantha Embroidery of West Bengal
তথ্যসূত্ৰ
- ↑ Nakshi Kantha-Benhal Craft. Bengal Crafts
- ↑ Zaman, Niaz. (2012). Banglapedia: National Encyclopedia of Bangladesh. Asiatic Society of Bangladesh
- ↑ Ghuznavi 1981, পৃ. 23
- ↑ Sirajuddin, Muhammad. (1992). Living Crafts in Bangladesh. Markup International. পৃ. 44
- ↑ Kantha, Sarees. Kantha Silk Sarees. sareesofbengal.com
- ↑ About Nakshi Kantha. Aarong
- ↑ Ghuznavi 1981, পৃ. 23–24
- ↑ Sattwick Dey Biswas, Paramita Roy. Opportunities and Constraints of the Kantha-stitch craftswomen in Santiniketan: a value chain analysis. Academia
- ↑ www.ttg-sric.iitkgp.ernet.in/GIDrive/images/gi/r
- ↑ আৰ্কাইভ কপি
- ↑ Press reports on Protecting Geographical Indication Products in Bangladesh. Centre for Policy Dialogue (CPD)
- ↑ India – Bangladesh Parliamentary Dialogue. Federation of Indian Chambers of Commerce & Industry
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নক্সি কাঁথা” প্ৰবন্ধৰ সংশোধন ৫৩৭৪৫৯ (৬ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।