হিমাচলী টুপী (Himachali cap) হিমাচল প্ৰদেশৰ সংস্কৃতিৰ সৈতে সম্পৰ্কিত এক স্বকীয় টুপী।১ ইয়াক পাহাৰী টুপী বুলিও কোৱা হয়। ই পাহাৰী অঞ্চলৰ বাসিন্দাৰ পৰম্পৰাগত পোছাকৰ এটা অংশ।২ ইয়াক সাধাৰণতে স্থানীয় অনুষ্ঠান, বিবাহ, উৎসৱ-পাৰ্বন আদিত পৰিধান কৰা হয় যদিও ই হিমাচলৰ দৈনন্দিন সাজ-পাৰৰ অংশ।
ইতিহাস
হিমাচলী টুপী ঐতিহাসিকভাৱে কিন্নাৰৰ সৈতে সম্পৰ্কিত আছিল আৰু ৰাজকীয় বুচাহৰ আৰু কুল্লু ৰাজ্য হৈ হিমাচল প্ৰদেশৰ অন্যান্য অংশত উপনীত হৈছিল।৩
সামগ্ৰী আৰু আকৃতি
হিমাচলী টুপী হিমাচল প্ৰদেশৰ অন্যতম জনপ্ৰিয় কলা আৰু শিল্প। হিমাচলী টুপী সাধাৰণতে ঊলেৰে নিৰ্মিত আৰু ইয়াৰ আকৃতি সাধাৰণতে ঘূৰণীয়া বা নাওৰ আকৃতিৰ হয়।৪
প্ৰকাৰ
অঞ্চলভেদে হিমাচলী টুপীৰ অনন্য ৰং আৰু শৈলী পৃথক পৃথক হয়। হিমাচলী টুপীক মূল চাৰি ভাগত বিভক্ত কৰা হৈছে। সেই কেইটা হৈছে।
বুচাহৰি টুপী
বুচাহৰি টুপী বুচাহৰ অঞ্চলত প্ৰচলিত। ই সাধাৰণতে ভাটৌৰঙী সেউজীয়া ৰঙৰ।
কিন্নাউৰি টুপী
কিন্নাউৰি টুপী কিন্নাউৰ অঞ্চলত প্ৰচলিত। ই অলপ বুচাহৰি টুপীৰ সৈতে একে কেৱল ইয়াৰ ৰং আৰু ডিজাইনৰ পাৰ্থক্য আছে। কিন্নাউৰি টুপী গাঢ় ৰঙা বা ক্ৰিমচন ৰঙৰ শাৰী থাকে।৫
কুল্লুৱী টুপী
কুল্লুৱী টুপী হিমাচলৰ কুল্লু জিলাত প্ৰচলিত। এই টুপী আটাইতকৈ জনপ্ৰিয় হিমাচলী টুপী। এই টুপী বহুৰঙী শাৰী আৰু জ্যামিতিক নক্সাৰে সজ্জিত। অতি অলংকৃত হোৱাৰ বাবে ই উপহাৰ হিচাপে ব্যৱহাৰ কৰা হয়।
লাহউলি টুপী
লাহউলি টুপী হিমাচল প্ৰদেশৰ লাহউল অঞ্চলত প্ৰচলিত। এই টুপী কুল্লুৱী টুপীৰ সৈতে অলপ মিল আছে। কিন্তু ইয়াক বৰ বেছি অলংকৃত কৰা নহয়।৬
পৰম্পৰাগত পৰিধান
হিমাচলী টুপী হিমাচলৰ দৈনিক পিন্ধনৰ এক অংশ। ইয়াক স্থানীয় উৎসৱ, ধৰ্মীয় অনুষ্ঠান আৰু বিবাহ আদিৰ সময়ত সচৰাচৰ পিন্ধা হয়।৭ কাংৰা আৰু হামিৰপুৰৰ দৰে প্ৰায় সকলো পাহাৰীয়া অঞ্চলৰ পুৰুষে কুৰ্তা পায়জামা আৰু টুপী পিন্ধে আৰু মহিলাসকলে কামীজ আৰু দুপাট্টাৰ সৈতে চুৰিদাৰ পায়জামা বা ছালৱাৰ পিন্ধে।৪ হিমাচলী টুপী হিমাচলৰ সাংস্কৃতিক পৰিচয়ৰ প্ৰতিনিধিত্ব কৰে। হিমাচলৰ মানুহে ইয়াক লৈ গৌৰৱ অনুভৱ কৰে।৮ ই পঞ্জাবৰ শিখসকলৰ পাগুৰীৰ সমপৰ্যায়ৰ মূৰত পিন্ধা বসন।৯
ৰাজনৈতিক পৰিচয়
"মই নৰেন্দ্ৰ মোদীজীক ইজৰাইলত হিমাচলৰ টুপী মুকুট হিচাপে ব্যৱহাৰ কৰাৰ বাবে ধন্যবাদ জনাইছোঁ"
— — প্ৰেম কুমাৰ ধুমালে নৰেন্দ্ৰ মোদীৰ বাবে টুইট কৰিছিল যেতিয়া তেওঁ ইজৰাইল ভ্ৰমণৰ সময়ত মেৰুন বেণ্ডৰ সৈতে হিমাচলী টুপী পিন্ধিছিল।১০
হিমাচলী টুপীৰ ৰং দীৰ্ঘ দিন ধৰি পাহাৰীয়া ৰাজ্যখনত ৰাজনৈতিক আনুগত্যৰ সূচক হৈ আছে আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতা যেনে বীৰভদ্ৰ সিঙৰ দৰে দলৰ নেতাসকলে সেউজীয়া বেণ্ডৰ সৈতে টুপি পৰিধান কৰে আৰু প্ৰতিদ্বন্দ্বী ভাৰতীয় জনতা পাৰ্টীৰ নেতা প্ৰেম কুমাৰ ধুমালে মেৰুন বেণ্ডৰ সৈতে টুপি পিন্ধে।১১১২
তথ্যসূত্ৰ
- ↑ Broadcasting, India Ministry of Information and. (1956). Himachal Pradesh. Tourist Division, Ministry of Transport. পৃ. 22. ISBN 978-81-7199-465-6
- ↑ Shaikh, Ameen. (2019-04-01). ShaikhSpear in Himachal. Mountain Walker Private Limited. পৃ. 173. ISBN 978-81-940505-0-6
- ↑ Chitkara, M. G. (1999). World Government and Thakur Sen Negi. APH Publishing. পৃ. 25. ISBN 978-81-7648-032-1
- ↑ Broadcasting, India Ministry of Information and. (1956). Himachal Pradesh. Tourist Division, Ministry of Transport. পৃ. 128, 129. ISBN 978-81-7199-465-6
- ↑ Himachali Cap (Topi) -Buy Kullu, Shimla, Kinnauri and Malana Cap. HimalayanKraft
- ↑ The Himachali cap - Culture, legacy and heritage Issues and analysis @ abhipedia Powered by ABHIMANU IAS. abhipedia.abhimanu.com
- ↑ Verma, Shruti. (2018-02-02). The Himachali cap: Culture, legacy and heritage. HimVani
- ↑ Wagner, Anja. (2013-06-01). The Gaddi Beyond Pastoralism: Making Place in the Indian Himalayas. Berghahn Books. পৃ. 34. ISBN 978-0-85745-930-5
- ↑ "Importance of turban in Sikhism" - Early Times Newspaper Jammu Kashmir. www.earlytimes.in
- ↑ (2017-07-06). PM Modi's cap in Israel takes political hue in Himachal. Hindustan Times
- ↑ Archana Phull. (14 January 2018). Cap likely on 'cap politics' in Himachal Pradesh. The Statesman
- ↑ Gaurav Bisht. (6 July 2017). PM Modi's cap in Israel takes political hue in Himachal. হিন্দুস্তান টাইমছ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিমাচলী টুপী” প্ৰবন্ধৰ সংশোধন ৫৯৭১২০ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।