অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

পাজাৰ

পাজাৰ বা গামোচা ৰাভা জনগোষ্ঠীৰ পুৰুষে ব্যৱহাৰ কৰা এখন বস্ত্ৰ৷ ৰাভা জনগোষ্ঠীৰ পুৰুষৰ জাতীয় সাজপাৰ তেনেই সাধাৰণ৷ ’পাজাৰ’ এখন নানাৰঙী সূতাৰে বোৱা ফুলাম কাপোৰ৷ ইয়াক ৰাভা সমাজত অসমীয়া সমাজৰ ’বিহুৱান’ৰ সমানেই মৰ্যাদা দিয়া হয় আৰু পুৰুষসকলে ডিঙিত এইখন মেৰিয়াই লয়৷ পাজাৰ দীঘলে ৩/৪ হাত আৰু বহলে ১ হাত৷…

হালনাগাদ: ১৫ এপ্ৰিল ২০২২ ৩০৫ শব্দ · ২ মিনিট সংগৃহীত ৩৪
সংশোধনৰ পৰামৰ্শ

পাজাৰ বা গামোচা ৰাভা জনগোষ্ঠীৰ পুৰুষে ব্যৱহাৰ কৰা এখন বস্ত্ৰ৷ ৰাভা জনগোষ্ঠীৰ পুৰুষৰ জাতীয় সাজপাৰ তেনেই সাধাৰণ৷ ’পাজাৰ’ এখন নানাৰঙী সূতাৰে বোৱা ফুলাম কাপোৰ৷ ইয়াক ৰাভা সমাজত অসমীয়া সমাজৰ ’বিহুৱান’ৰ সমানেই মৰ্যাদা দিয়া হয় আৰু পুৰুষসকলে ডিঙিত এইখন মেৰিয়াই লয়৷ পাজাৰ দীঘলে ৩/৪ হাত আৰু বহলে ১ হাত৷ ইয়াক পুৰুষে কেতিয়াবা মূৰত পাগুৰি বন্ধা ’খপং’ আৰু কঁকালত টঙালি বন্ধা ’ছেংকোকেন’ হিচাপেও ব্যৱহাৰ কৰে৷১ পাজাৰ বা আন পৰিধেয় কাপোৰ ব’বলৈ ৰাভা মহিলাসকলে কপাহৰ পৰা সূতা কাটি অসমৰ হাবি-বননিত পোৱা গছ-লতাৰ পৰা প্ৰাকৃতিকভাবে সূতাত ৰং কৰিছিল৷ হৰিতকী৷ আশু গছ, হালাই, সিদা, জীয়া, কঁঠাল, নীল, জেতুকা আদি গছৰ ছাল-পাত সিজাই বিভিন্ন পদ্ধতিৰে সূতাত ৰং কৰিছিল৷২ অসমৰ ফুলাম কাপোৰৰ চানেকিৰ সমান মনোৰম চানেকি ভাৰতৰ আন ৰাজ্যত পাবলৈ নাই৷ এই চানেকী গঢ়াত জনজাতীয় শিপিনীৰ অৱদান যথেষ্ট আছে৷ অসমৰ প্ৰায়বোৰ জনজাতীয় লোকৰ জাতীয় বস্ত্ৰ সেই জনগোষ্ঠীৰ জীয়াৰী-বোৱাৰীয়ে তাঁতশালত বৈ উলিয়ায়৷ ভৈয়ামৰ ৰাভা জনগোষ্ঠীৰ ফুলাম কাপোৰৰ চানেকি অতি মনোৰম৷ আহোম ৰমণীসকলে এনিশাৰ ভিতৰতে সূতা কাটি কাপোৰ বৈ ’কৱচ কাপোৰ’ বোৱাৰ দৰে ৰাভা জনগোষ্ঠীৰ মহিলায়ো ’মকৰ্দ্দমা ফুল’ বাছি কাপোৰ বোৱাৰ প্ৰথা আছে৷ ’মকৰ্দ্দমা ফুল’ হ’ল, অমাৱশ্যাৰ নিশা নিশটোৰ ভিতৰতে তাঁতৰ বাতি কাঢ়ি তাঁতত জুৰি ফুল বাছি বৈ শেষ কৰিব লাগে৷ ৰাভা তিৰোতাই গোৱা গীতত আছে, “বাইক নেৰিবি ভিনি, এৰি নাযাবি মোক, মোকৰ্দ্দমা ফুল তুলি গামচা পিন্ধাম তোক’’৷ ৩ এই মোকৰ্দ্দমা ফুল বা আন পৱিত্ৰ ফুল যেনে, ’মূতচ পাৰ’ বা মজু ফুল এবিধ পৱিত্ৰ ফুলৰ চানেকি আছে৷ অৱশ্যে এনে ফুল বছা কাপোৰ মাৰৈ গীত গোৱা ওজা আৰু দেওধনীয়েহে কঁকালত পিন্ধি লয়৷ নানা ৰং-বৰণীয়া সূতাৰে ফুল বাছি ৰাভা শিপিনীয়ে ’পাজাৰ’ বৈ উলিয়ায়৷ বয়ন বিদ্যাত ৰাভা মহিলা অতি চহকী৷ তেওঁলোকে সপোনত ফুল ৰচে আৰু বাস্তৱত তাক ৰূপায়ন কৰে৷৪ ’পাজাৰ’ বা গামোচা সাধাৰণতে হালধীয়া, ৰঙা, বেঙুনীয়া, বগা ক’লা আঁচুৰে বোৱা হয়৷ দুই মূৰে দীঘলকৈ দহিসূতা ৰাখি, বিভিন্ন গাঁথনিৰে দহি গাঁথি মাজত বিভিন্ন বুটা দিয়াও দেখা যায়৷ ৰাভা জনগোষ্ঠীৰ অতি আদৰৰ এই পাজাৰ জাতীয় নৃত্যৰ সময়ত কঁকালত বা ডিঙিত মেৰিয়াই লোৱাৰ উপৰি সভা-সমিতিত অভ্যাগত লোকক পাজাৰেৰে আদৰণিও জনোৱা হয়৷ ৫

তথ্যসূত্ৰ

  1. ↑ ৰাভা জনজাতিৰ সাজপাৰ, আৰতি ৰাভা, লকেয়া, স্মৃতিগ্ৰন্থ, চানডুবি উৎসৱ উদযাপন সমিতি
  2. ↑ উত্তৰ পূৰ্বাঞ্চলৰ জনজাতি, পৃ: নং, ২২৮, মৃগেন শৰ্মা৷
  3. ↑ অসমীয়া সংস্কৃতিলৈ ৰাভা সমাজৰ অৱদান, মণি ৰাভা, অসম সহিত্য সভা পত্ৰিকা, সমন্বয় বিশেষ সংখ্যা, সম্পা: ড° উপেন ৰাভা হাকাচাম
  4. ↑ অসমীয়া সাহিত্য সংস্কৃতিলৈ ৰাভা জনগোষ্ঠীৰ অৱদান, ৰাজেন ৰাভা; অসমৰ সংস্কৃতি বৈচিত্ৰ আৰু সমন্বয়, সম্পা: বগেন গগৈ
  5. ↑ as.vikaspedia.in/education/9859b89ae9f0-9b89829b

সম্পৰ্কিত শ্ৰেণী

ৰাভা জনগোষ্ঠীবস্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাজাৰ” প্ৰবন্ধৰ সংশোধন ৩১৮৯৫৩ (১৫ এপ্ৰিল ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।