অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

আগুৰণ

আগুৰণ ( Aguron) অসমৰ কিছুমান জনগোষ্ঠীৰ মহিলাই মূৰত লোৱা কাপোৰ৷ অতীজত অসমীয়া মহিলাৰ পৰিধেয় সাজ আছিল, কঁকালত মেখেলা পিন্ধা, বুকুত মেথনি মৰা, মূৰত এখন কাপোৰ লোৱা৷ এই কাপোৰখনকে আগুৰণ বোলা হৈছিল৷ সম্ভৱতঃ মেখেলা আৰু মেথনিয়ে ঢাকিব নোৱাৰা অংশ আগুৰি লয় বাবেই, এই কাপোৰখনক আগুৰণ বোলা হৈছিল৷ মঙলদৈৰ পৰা…

হালনাগাদ: ২৮ আগষ্ট ২০২৪ ১২৩ শব্দ · ১ মিনিট সংগৃহীত ৩৪
সংশোধনৰ পৰামৰ্শ

আগুৰণ ( Aguron) অসমৰ কিছুমান জনগোষ্ঠীৰ মহিলাই মূৰত লোৱা কাপোৰ৷ অতীজত অসমীয়া মহিলাৰ পৰিধেয় সাজ আছিল, কঁকালত মেখেলা পিন্ধা, বুকুত মেথনি মৰা, মূৰত এখন কাপোৰ লোৱা৷১ এই কাপোৰখনকে আগুৰণ বোলা হৈছিল৷ সম্ভৱতঃ মেখেলা আৰু মেথনিয়ে ঢাকিব নোৱাৰা অংশ আগুৰি লয় বাবেই, এই কাপোৰখনক আগুৰণ বোলা হৈছিল৷ মঙলদৈৰ পৰা কামৰূপ, গোৱালপাৰা অঞ্চলৰ মহিলাসকলে মেখেলাখন বুকুৰ পৰা ভৰিপতালৈ পিন্ধি মেখেলাই নঢকা বুকু আৰু মূৰ অংশ আগুৰণেৰে মেৰিয়াই লৈছিল৷২ অসমীয়া মহিলাৰ সাজ “ৰিহা’’ আহোম যুগৰ পৰাহে জনপ্ৰিয় হয়৷ তাৰ আগতে সকলো শ্ৰেণীৰ মানুহৰ মাজতে মূৰত কাপোৰ বন্ধাৰ নিয়ম আছিল৷ অৱশ্যে জনজাতীয় মহিলাৰ মাজত মূৰত কাপোৰ লোৱা দেখা নগৈছিল৷১ বৰ্তমান সময়ত পুৰণিচাম মহিলাৰ দুই একত বাদে, আগুৰণ কোনেও ব্যৱহাৰ কৰা দেখা নাযায়৷ আগুৰণ কপাহী সূতাৰে বোৱা৷ আগৰ দিনৰ মহিলাসকলে বুকুত মেথনি মাৰি ঘৰুৱা কামবন কৰি বাহিৰলৈ ওলাই যাবৰ পৰত আগুৰণখন মূৰত লৈ ওলাই গৈছিল৷ তেওঁলোকে আগুৰণৰ এটা মূৰ কঁকালত খুচি লৈ আনটো মূৰেৰে মূৰ আৰু দেহৰ বাকী অংশ মেৰিয়াই লৈছিল৷৩ আজিকালি আগুৰণ উজনি অসমৰ ঠাইভেদে দিহা নামৰ নামতীয়ে নাম পৰিৱেশনৰ সময়ত লোৱা দেখা যায়৷ অৱশ্যে ই পুৰুষে গাত লোৱা কপাহী চেলেং এখনিহে যদিও ইয়াক আগুৰণ বুলিয়েই কোৱা হয়৷

তথ্যসূত্ৰ

  1. ↑ গগৈ, ড° লীলা. (১৯৯৪). অসমৰ সংস্কৃতি. বনলতা. পৃ. ৩৫. ISBN 978-91-7339-078-9
  2. ↑ ওজা, ৰত্ন. (২০১০). কৃষ্টিৰ সুৰভি. বিশাল প্ৰকাশন. পৃ. ৯৪
  3. ↑ শৰ্মা, ড° নবীনচন্দ্ৰ. (২০১৪). জনকৃষ্টিৰ ৰূপৰেখা. জ্যোতি প্ৰকাশন. পৃ. ৫১

সম্পৰ্কিত শ্ৰেণী

বস্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আগুৰণ” প্ৰবন্ধৰ সংশোধন ৪২৯৯২২ (২৮ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।