টঙালি বা টঙ্গালি (Tongali) হৈছে অসমীয়া পুৰুষসকলে পৰিধান কৰা এবিধ দীঘল বস্ত্ৰ। এই বস্ত্ৰ কঁকালত বান্ধি লোৱা হয়।১ মূলতঃ বিহু নৃত্য কৰাৰ সময়ত অসমীয়া ডেকাই টঙালি পৰিধান কৰে। সাধাৰণতে টঙালি ৰঙা সূতাৰে তাঁতশালত বৈ উলিওৱা হয়। ইয়াত সোণালী বা হালধীয়া বৰণৰ সূতাৰে গুণা দি ফুল তোলা হয়। টঙালি কপাহী কাপোৰেৰে বোৱা হয় আৰু পাট, মুগা আদি সূতা পৰাপক্ষত ইয়াত ব্যৱহাৰ কৰা নহয়। লোকবিশ্বাস অনুসৰি এনে কৰিলে যুঁজত পুৰুষজন অজেয় হয়। কোনো কোনো সময়ত গামোচাখনকো কঁকালত বান্ধি টঙালি বন্ধা বুলি কোৱা হয়। ভাওনাত সূত্ৰ নচাৰ সময়ত সূত্ৰধাৰে বগা ৰঙৰ ৰঙা আঁচুৰে ফুল দিয়া বিশেষ ধৰণৰ টঙালি পৰিধান কৰে। এনে টঙালিক ভকতীয়া পাগ বোলা হয়।
উৎপত্তি
টঙালিৰ প্ৰচলন অসমত বহুযুগৰ পৰা চলি আহিছে। মধ্যযুগত অসমৰ একাংশত শাসন কৰা বাৰ ভূঞা সকলে কঁকালত টঙালি বন্ধাৰ বিষয়ে উল্লেখ পোৱা যায়। অসমীয়া ভাষাত পূৰ্বৰে পৰা চলি প্ৰবাদ-প্ৰবচন আদিত ভূঞা সকলৰ টঙালিৰ উল্লেখ পোৱা যায়। উদাহৰণস্বৰূপে:
“ফটা হওক, ছিটা হওক, পাটৰ টঙ্গালি; কণা হওক, কুঁজা হওক, ভূঞাৰ পোৱালি।”২
ভূঞা সকলৰ বাহিৰে দেউৰী আৰু চুতীয়া সমাজতো টঙালি বন্ধা নিয়ম আছে। দেউৰী ভাষাত টঙালি খনক "টঙা" বুলি কোৱা হয়।৩ চুতীয়া ৰাজ্যৰ ভীষ্মক নগৰ আৰু তাম্ৰেশ্বৰী মন্দিৰৰ দেৱালতো টঙালি পৰিধান কৰা পুৰুষৰ চিত্ৰ দেখা পোৱা যায়।৪
বুৰঞ্জীৰ অনুসৰি আহোম সকলে বাৰ-ভূঞা সকলৰ পৰাই টঙালি মাৰিবলৈ লৈছিল।৫৬ পাছৰ কালত আহোমসকলৰ ডা-ডাঙৰীয়া বা বিষয়াসকলে কঁকালত ‘বচোৱাল-টঙালি’ বন্ধাৰ কথা বুৰঞ্জীবিদ ড° লীলা গগৈয়ে উল্লেখ কৰিছে।৭
জতুৱা ঠাঁচত "কঁকালত টঙালি বন্ধা" বাক্যাংশৰ অৰ্থ হৈছে কোনো কামলৈ সাজু হোৱা। মুখে মুখে প্ৰচলিত বিহুগীতসমূহতো টঙালিৰ উল্লেখ পোৱা যায়। যেনে:
“ৰঙালী ঐ, টঙালী ঐ
ব'হাগৰ বিহুৰে ধেমালি ঐ”৮
প্ৰচলিত ৰীতি অনুযায়ী মধ্যযুগৰ অসমত অসমীয়া ৰমণীয়ে ৰণলৈ যোৱা ঘৰৰ পুৰুষসকলৰ বাবে একেৰাতিৰ ভিতৰতে টঙালি বৈ কৱচ কাপোৰ হিচাপে দিছিল। ৰজনীকান্ত বৰদলৈৰ ‘তাম্ৰেশ্বৰীৰ মন্দিৰ’ নামৰ উপন্যাসতো এই বিষয়ে উল্লেখ পোৱা যায়।৯
আকাৰ-আকৃতি আৰু ব্যৱহাৰ
টঙালি ৰঙা সূতাৰে বোৱা হয়। ইয়াত সোণালী বা হালধীয়া ৰঙৰ আঁচুৰে ফুল বছা হয়। ই গলবস্ত্ৰ বা গামোচাতকৈ ঠেক আৰু দীঘল হয়। ইয়াৰ দুয়োফালে শেলসহ ডাঙৰকৈ ফুল আৰু বুটা বছা থাকে। ভকতীয়া পাগ বগা বা মুগা ৰঙৰ। ই ডেৰ-বাৰহাত দীঘল হয়।১০ হালধীয়া ৰঙৰ লগতে বগা, সেউজীয়া আদি আন ৰঙৰো বুটা দিয়া হ'ব পাৰে।
যুগৰ পাগুৰি, চুৰিয়া আৰু টঙালি পৰিধান কৰা সৈনিকৰ চিত্ৰ]]
টঙালিখন কঁকালত কমৰবন্ধনী বা পেটীৰ দৰে মেৰিয়াই বান্ধি সোঁফালে বিশেষ ধৰণেৰে গাঁঠি মাৰি ৰখা হয়। ই পুৰুষসকলৰ অধোবস্ত্ৰ আটি ৰখাৰ কামো কৰে। চকলঙত কন্যাই দৰাৰ হাতত হেংদান তুলি দিয়াৰ লগতে কঁকালত কৱচ কাপোৰ হিচাপে টঙালি বান্ধি দিয়ে।
অন্যান্য বস্ত্ৰ
টঙালিৰ দৰে কঁকাল-বান্ধনীয়া বস্ত্ৰ অসমৰ আন জনগোষ্ঠীসমূহৰ পোছাকতো দেখা যায়। তিৱা পুৰুষৰ পৰম্পৰাগত পোছাকত ধুতিৰ সৈতে টঙালি ব্যৱহাৰ কৰা দেখা যায়।১১ মিচিং পুৰুষে জিনৰেক বা টঙালি ডুমেৰ নামৰ দীঘল বস্ত্ৰ গালুক আৰু গনৰ' উগনৰ ওপৰত কঁকালত টঙালিৰ দৰে বান্ধে।১২একেই দৰে ৰাভা জনগোষ্ঠীৰ পূৰুষ সকলৰ মাজতো "চেংকানেন" নামৰ গামোচাৰ দৰে এখন বস্ত্ৰ পোৱা যায়, যিখন মুৰত পাগুৰি বা কঁকালত টঙালিৰ দৰে পিন্ধা হয়। ত্ৰিপুৰাৰ ত্ৰিপুৰী জনগোষ্ঠীৰ সমাজত ব্যৱহৃত ৰিছা নামৰ দীঘল আৰু ঠেক বোৱা কাপোৰখন পুৰুষে উৎসৱ আৰু বিবাহৰ সময়ত গামোচাৰ দৰে পাগুৰি হিচাপে ব্যৱহাৰ কৰে। ধুতি পৰিধান কৰিলে কাপোৰখন কঁকালত টঙালিৰ দৰে বান্ধি লোৱা হয়; এই ব্যৱহাৰ টঙালিৰ কঁকালত মেৰিয়াই বন্ধা ৰীতিৰ সৈতে তুলনীয়।১৩
এই উদাহৰণসমূহে অসম বা উত্তৰ-পূবৰ বিভিন্ন জনগোষ্ঠীৰ মাজত মূল অধোবস্ত্ৰৰ ওপৰত পৃথক কাপোৰ কঁকালত মেৰিয়াই বন্ধাৰ এক তুলনীয় প্ৰচলনৰ উপস্থিতি দেখুৱায়।
তথ্যসূত্ৰ
- ↑ টঙ্গালি. শব্দ ডট অৰ্গ
- ↑ পদ্মনাথ গোহাঞিবৰুৱা. (২০২০). অসমৰ বুৰঞ্জী. এবিটি পাব্লিকেশ্বন. পৃ. ৪২. ISBN 971-81-939793-2-7
- ↑ Kashyap,Atrayee, "Significance Of ‘The Social Skin’ In Expressing Ethnicity: Knowing The Ethnic Attire Of Deori Community Of Assam", p.235
- ↑ [https://archive.org/details/in.ernet.dli.2015.35542/page/27/mode/2up Marshall, John, "Report Of The Archaeological Survey Of India 1906-07",p.29
- ↑ Phukan, Kasinath Tamuli, "Assam Buranji,p.20
- ↑ Bhuyan, S.K, "Satsari Assam Buranji, p.135
- ↑ লীলা গগৈ. (১৯৯৪). টাই সংস্কৃতিৰ ৰূপৰেখা. বনলতা. পৃ. ৬৮. ISBN 81-7339-079-7
- ↑ ডিম্বেশ্বৰ নেওগ. ডিম্বেশ্বৰ নেওগৰ জনকাব্য. ৱিকিউৎস. পৃ. ১০৪
- ↑ ৰজনীকান্ত বৰদলৈ. তাম্ৰেশ্বৰীৰ মন্দিৰ. ৱিকিউৎস. পৃ. ৭০
- ↑ উপেন্দ্ৰ নাথ বৰদলৈ. ৰঙালী বিহু তথা অসমীয়া বস্ত্ৰ অলংকাৰৰ অতীত. ৰাইজৰ বাতৰি. পৃ. ৪৫-৪৬
- ↑ Traditional Textile Designs and Costumes of Assam. Fibre2Fashion
- ↑ Chungkrang, Lizamoni; Phukan, Avarani; Gogoi, Nabaneeta. (2016). A Study on Mishing Tribes and Their Traditional Costumes of Assam. International Journal of Textile and Fashion Technology. পৃ. 15–24
- ↑ Baral, Bibhudutta. Traditional Saree Weaving – Agartala: Introduction. D'source, National Institute of Design
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টঙালি” প্ৰবন্ধৰ সংশোধন ৬২৬১৪০ (১১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।