অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

পাটিয়ালা ছালৱাৰ

পাটিয়ালা ছালৱাৰ (পটিয়ান ৱালী চালৱাৰ বুলিও কোৱা হয়) হৈছে একপ্ৰকাৰৰ মহিলা ট্ৰাউজাৰ, যাৰ শিপা ভাৰতৰ পঞ্জাৱ ৰাজ্যৰ উত্তৰ অঞ্চলৰ পাটিয়ালা চহৰত। পূৰ্বৰ কালত পাটিয়ালাৰ ৰজাই ৰাজকীয় চুট হিচাপে পাটিয়ালাৰ ছালৱাৰ পিন্ধিছিল।

হালনাগাদ: ২৭ মাৰ্চ ২০২৬ ২৬৫ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ
পাটিয়ালা ছালৱাৰ পিন্ধা স্কুলীয়া ছাত্ৰী
পাটিয়ালা ছালৱাৰ পিন্ধা স্কুলীয়া ছাত্ৰীছবি: Hdroute-wikipedia@yahoo.com at English Wikipedia · Public domain

পাটিয়ালা ছালৱাৰ (পটিয়ান ৱালী চালৱাৰ বুলিও কোৱা হয়) হৈছে একপ্ৰকাৰৰ মহিলা ট্ৰাউজাৰ, যাৰ শিপা ভাৰতৰ পঞ্জাৱ ৰাজ্যৰ উত্তৰ অঞ্চলৰ পাটিয়ালা চহৰত। পূৰ্বৰ কালত পাটিয়ালাৰ ৰজাই ৰাজকীয় চুট হিচাপে পাটিয়ালাৰ ছালৱাৰ পিন্ধিছিল। পাটিয়ালা ছালৱাৰৰ পাঠানী চুটৰ সৈতে এক ঘনিষ্ঠ সাদৃশ্য আছে, য’ত ছালৱাৰৰ দৰেই ঢিলা তৰপ থাকে আৰু আঁঠুৰ দৈৰ্ঘ্যৰ দীঘল টপটো কামিজ নামেৰে জনাজাত। এই কাপোৰখন এতিয়া পুৰুষে পিন্ধা প্ৰথাগত নহয়, বৰঞ্চ ধ্ৰুপদীভাৱে নতুন কাট আৰু ষ্টাইলিঙৰ জৰিয়তে নিজকে মহিলাৰ কাপোৰলৈ ৰূপান্তৰিত কৰিছে।

গৰমৰ দিনত আৰাম আৰু স্থায়িত্বৰ বাবে পঞ্জাৱৰ বেছিভাগ মহিলাই পটিয়ালা ট্ৰাউজাৰ পছন্দ কৰে। যিহেতু পাটিয়ালা চালৱাৰটো অতি ঢিলা আৰু প্লিটৰ সৈতে চিলাই কৰা হয় গতিকে ইয়াক পিন্ধিবলৈ অতি আৰামদায়ক সাজ-পোছাক। ইয়াৰ পৃথক বৈশিষ্ট্য হ’ল কাপোৰৰ ভাঁজবোৰ একেলগে চিলাই কৰা যিবোৰ তলত লগ হয়। পাটিয়ালা ছালৱাৰবোৰ চিলাই কৰিবলৈ দুগুণ দৈৰ্ঘ্যৰ সামগ্ৰীৰ প্ৰয়োজন হয়, যিটো সাধাৰণতে চাৰি মিটাৰ দীঘল হয়। পাটিয়ালা চালৱাৰৰ প্লিটবোৰৰ পতন এনেকুৱা যে ই এটা সুন্দৰ ড্ৰেপিং ইফেক্ট দিয়ে। প্লিটবোৰ ওপৰত বেল্টৰ লগত চিলাই কৰা হয়।

বহুতো প্লিট থকা পাটিয়ালা ছালৱাৰক পাটিয়ালাৰ শ্বাহী (ৰজাৰ) মানুহে পিন্ধি থকাৰ বাবে ইয়াক পাটিয়ালা শ্বাহী চালৱাৰ বুলিও কোৱা হয়। পৰম্পৰাগত পাঞ্জাৱী ছালৱাৰ চুটৰ বিকল্প হিচাপে পৰিধান কৰা হয় পাটিয়ালা ছালৱাৰ।

টপছ

এটা পাটিয়ালা ছালৱাৰ বিভিন্ন ধৰণৰ চুটি আৰু দীঘল চাৰ্ট (kameez)ৰ সৈতে পিন্ধিব পাৰি। আজিকালি কিছুমান ছোৱালীয়ে আনকি এছিয়ান আৰু পশ্চিমীয়া মিশ্ৰিত ৰূপ দিবলৈ টি-চাৰ্ট পিন্ধে। ব্যৱহৃত আটাইতকৈ জনপ্ৰিয় আৰু পৰম্পৰাগত টপটো হ’ল চুটি কামিজ।

জনপ্ৰিয় সংস্কৃতিত

বাণ্টী ঔৰ বাবলি (২০০৫)ত আঁকিনাৰুলাই ডিজাইন কৰা ছবিখনৰ তাৰকা ৰাণী মুখাৰ্জীয়ে পাটিয়ালা ছালৱাৰ আৰু কুৰ্তিৰ নতুন ৰূপ পিন্ধিছিল।১

জব উই মেট ছবিখনত পাটিয়ালা ছালৱাৰ আৰু চুটি চাৰ্ট পিন্ধি নতুন ৰূপৰ বাবে অভিনেত্ৰী কৰীনা কাপুৰে পিন্ধিছিল। পাটিয়ালা ছালৱাৰ পৰিধান কৰা আন আন চেলিব্ৰিটিসকলৰ ভিতৰত সোনাক্ষী সিন্‌হা, অমৃতা ৰাও, সোণম কাপুৰ, প্ৰীতি জিণ্টা।

তথ্যসূত্ৰ

  1. ↑ (1 October 2011). FASHION: How to Dress a Rockstar. Tehelka Magazine, Vol 8, Issue 39

সম্পৰ্কিত শ্ৰেণী

বস্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাটিয়ালা ছালৱাৰ” প্ৰবন্ধৰ সংশোধন ৫৯৫১৭৭ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।