বস্ত্ৰ
১৪৮ প্ৰবন্ধ
-
চুৱে পাট
চুৱে পাট (ইংৰাজী: Suea pat; লাও: ເສື້ອປັດ) বা চুৱে পাই (Suea pai; ເສື້ອປ້າຍ) হৈছে লাওছ, উত্তৰ থাইলেণ্ড আৰু দক্ষিণ-পূব এছিয়াৰ অন্যান্য অঞ্চলৰ বিভিন্ন নৃগোষ্ঠীয় মহিলাসকলে পৰিধান কৰা এবিধ বিশেষ চোলা। এই নৃগোষ্ঠীসমূহৰ ভিতৰত সাধাৰণতে লাও, টাই লু, টাই খুন আৰু টাই য়ুৱান আদি অন্যতম।
-
চোলাপুৰ টেৰী টাৱেল
চোলাপুৰ টেৰী টাৱেল ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ চোলাপুৰ জিলাত নিৰ্মিত টেৰী টাৱেল বয়ন বা বোৱা কৰ্ম। টেৰী টাৱেলৰ কামটোক বৌদ্ধিক সম্পত্তিৰ অধিকাৰৰ বাণিজ্য সম্পৰ্কীয় দিশৰ চুক্তি (TRIPS) চুক্তিৰ ভৌগোলিক ইংগিত (জি আই)ৰ অধীনত সুৰক্ষিত কৰা হৈছে।
-
চোলাপুৰী চাদ্দৰ
চোলাপুৰ চাদ্দৰ বা চাদৰ ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ এখন চহৰ চোলাপুৰত তৈয়াৰী কপাহী কম্বল। এই কম্বলসমূহ ভাৰতত জনপ্ৰিয়; ইয়াক পূৰ্বতে হস্ত-তাঁতশালৰদ্বাৰা নিৰ্মাণ কৰা হয় কিন্তু এতিয়া জেকাৰ্ড মেচিনৰদ্বাৰা আৰু ইয়াৰ অনন্য ডিজাইন আৰু স্থায়িত্বৰ বাবে জনাজাত।
-
চোলাপুৰী চাদৰ
চোলাপুৰী চাদৰ (Solapuri Chaddar; "চোলাপুৰ কম্বল ") হৈছে ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ এখন চহৰ চোলাপুৰত নিৰ্মিত কপাহৰ কম্বলজাতীয় ডাঠ চাদৰ। এই চাদৰসমূহ ভাৰতত জনপ্ৰিয়। পূৰ্বে হাতৰ তাঁতশালৰ দ্বাৰা আৰু বৰ্তমানে জেকাৰ্ড মেচিনৰ দ্বাৰা এই চাদৰ নিৰ্মাণ কৰ হয়।
-
চৌবান
চৌবান (Souban) বা টেৰা টেৰা (Tera Tera) হৈছে নাইজাৰৰ জাৰ্মা লোকসকলৰ মাজত উৎপত্তি হোৱা এবিধ হস্তনিৰ্মিত বস্ত্ৰ। ইয়াৰ অন্যান্য নামসমূহ হ’ল— "চৌবানে টাফা" (চৌবান কাপোৰ) আৰু "জাৰ্মা কাপোৰ"। "চাকে" নামৰ পৰম্পৰাগত শিপিনীসকলে উল আৰু কপাহেৰে এই কাপোৰ প্ৰস্তুত কৰে।
-
ছংকক
ছংকক, পেচি বা কপিয়া হৈছে ব্ৰুণেই, ইণ্ডোনেছিয়া, মালয়েছিয়া, ছিংগাপুৰ, দক্ষিণ ফিলিপাইনছ আৰু দক্ষিণ থাইলেণ্ডৰ লোকে পিন্ধিবলৈ ব্যাপকভাৱে ব্যৱহাৰ কৰা এটা পৰম্পৰাগত টুপী। মুছলমান পুৰুষ সকলে এই টুপী বেছিকৈ পিন্ধা দেখা যায়।
-
ছমপট
ছমপট (ইংৰাজী: sampot; খমেৰ: សំពត់ /sɑmpʊət/ খমেৰ উচ্চাৰণ: [sɑmpɔt]), হৈছে দেহৰ তলৰ অংশত চাৰিওফালে মেৰিয়াই পিন্ধা এবিধ দীঘল, আয়তাকাৰ বস্ত্ৰ। ই কম্বোডিয়াৰ এবিধ পৰম্পৰাগত পোছাক। ইয়াক বিভিন্ন ধৰণে ভাঁজ কৰি পিন্ধিব পাৰি। দক্ষিণ এছিয়াৰ পৰম্পৰাগত সাজ-পোছাক ধুতিৰ সৈতে ছমপটৰ মিল আছে।
-
ছিমা
ছিমা হৈছে কোৰিয়ান পৰম্পৰাগত কাপোৰ জেওগৰী বা হানবকৰ চুটি জেকেটৰ সৈতে একেলগে পিন্ধা স্কাৰ্টক বুজোৱা এটা সাধাৰণ শব্দ। ইয়াক কোৰিয়ান হাঞ্জা ভাষাত sang বা gun (বন্দুক) বুলিও কোৱা হয়। সময়ৰ লগে লগে জেওগৰীৰ পৰিৱৰ্তন ঘটিছে যদিও ছিমা অংশটো সমগ্ৰ সময়ছোৱাৰ পৰিৱৰ্তনৰ লগে লগে তুলনামূলকভাৱে অপৰিৱৰ্তিত হৈ আছে।
-
জাজিম
জাজিমক জেলিম বা জাজিম-বাফি বুলিও লিখা হয়, ই হৈছে ইৰাণৰ বেছিভাগ গাঁও আৰু গ্ৰাম্য অঞ্চলত সৃষ্টি আৰু ব্যৱহাৰ কৰা ৰঙীন প্ৰাকৃতিক আঁহৰদ্বাৰা তৈয়াৰী হাতেৰে নিৰ্মিত, সমতল বোৱা বস্ত্ৰ। জাজিম আজাৰবাইজান, তুৰস্ক, ভাৰত আদি ঠাইত পোৱা যায়।
-
জামদানী
জামদানী ( Jamdani) হৈছে বাংলাদেশৰ নাৰায়ণগঞ্জ জিলাৰ শীতলখোৱা নদীৰ পাৰৰ দক্ষিণ ৰূপসীত যুগ যুগৰে পৰা উৎপাদিত এবিধ মিহি মছলিন বস্ত্ৰ। ঐতিহাসিক জামদানী বস্ত্ৰৰ উৎপাদনক প্ৰতিশ্ৰুতিসম্পন্ন মোগল সম্ৰাটসকলে সাম্ৰাজ্যবাদী ক্ষমতাৰ দ্বাৰা পৃষ্ঠপোষকতা কৰিছিল।
-
জামানা
জামানা (ইংৰাজী: Jamana; কুৰ্দিচ: جامانە) যাক জামাদানী (Jamadani) বা আঘাবানু (Aghabanu) বুলিও জনা যায়, হৈছে কুৰ্দ্দসকলৰ এবিধ পৰম্পৰাগত শিৰস্ত্ৰাণ। ই কুৰ্দ্দ পৰম্পৰাগত সাজ-পাৰৰ এক অবিচ্ছেদ্য অংশ। ইয়াৰ প্ৰথম ব্যৱহাৰ মেচোপটেমিয়াত চুমেৰীয়সকলৰ দ্বাৰা হৈছিল।
-
জেওগৰী (পোছাক)
জেওগৰী( Jeogori/Tseogori) হ’ল হানবকৰ ওপৰ অংশত পিন্ধা এবিধ পৰম্পৰাগত কোৰিয়ান কাপোৰ, যিটো পুৰুষ আৰু মহিলা উভয়ে পিন্ধি আহিছে। পুৰুষে সাধাৰণতে বাজী বা পেণ্টৰ সৈতে জেওগৰি পিন্ধে; আনহাতে মহিলাসকলে চিমা বা স্কাৰ্টৰ সৈতে জেওগৰী পিন্ধে। এই কাপোৰে পিন্ধোতাজনৰ বাহু আৰু শৰীৰৰ ওপৰৰ অংশ আৱৰি ৰাখে।
-
ডীল (পৰিধান)
ডিল ( Deel) হৈছে মংগোলীয়, তুৰ্কী আৰু টুংগুচিক জনগোষ্ঠীৰ লোকসমূহে সাধাৰণতে শতিকাজুৰি পিন্ধা পৰম্পৰাগত সাজ-পোছাকৰ এটা প্ৰকাৰ আৰু ইয়াক কপাহ, ৰেচম, উল বা ব্ৰকেডৰ পৰা তৈয়াৰ কৰিব পাৰি৷ ডিল এতিয়াও প্ৰধান চহৰসমূহৰ বাহিৰত সাধাৰণতে পুৰুষ আৰু মহিলা উভয়ে পিন্ধে, বিশেষকৈ পশুপালকসকলে।
-
তকচিতা (বস্ত্ৰ)
তকচিতা (আৰবী: تَكْشِيْطَة, বিকল্প বানান: তক্ষিতা, টকশ্বিটা, ( taqchita, tackshita, tackchita) মৰক্কোৰ মহিলাসকলে পৰিধান কৰা এবিধ পৰম্পৰাগত কাপোৰ, যি মৰক্কোৰ উৎসৱ পাৰ্বন আদিত কাফটান নামৰ পোছাকৰ দৰে পিন্ধা হয়, আৰু বিশেষকৈ বিয়াৰ বাবে।
-
তাঁতৰ শাৰী
তাঁতৰ শাৰী বংগৰ পূব অংশৰপৰা উৎপত্তি হোৱা আৰু সাধাৰণতে বঙালী মহিলাসকলে ব্যৱহাৰ কৰা পৰম্পৰাগত বাংলা শাৰী। কপাহৰ সূতাৰে বোৱা তাঁতৰ শাৰীৰ লঘুতা আৰু স্বচ্ছতাৰ বাবে পৰিচিত। ভাৰত উপমহাদেশৰ গৰম আৰু আৰ্দ্ৰ জলবায়ুৰ বাবে ইয়াক আটাইতকৈ আৰামদায়ক শাৰী বুলি গণ্য কৰা হয়।
-
ত্ৰিকানা পোভেইৰা
ত্ৰিকানা পোভেইৰা (ইংৰাজী: Tricana poveira) হ’ল পৰ্তুগালৰ পোভোৱা ডি ভাৰজিম চহৰৰ মহিলাসকলৰ এক পৰম্পৰাগত সাজ-পাৰ। ৰঙীন পোছাকেৰে গঠিত এই শৈলীটো ১৯২০ চনৰ পৰা ১৯৬০ চনলৈ অতি জনপ্ৰিয় আছিল। যিসকল মহিলাই এই ত্ৰিকানা পোভেইৰা শৈলীৰ পোছাক পিন্ধিছিল, তেওঁলোকক 'ত্ৰিকানা গাৰ্লছ' বুলি জনা গৈছিল।
-
দোপো (কাপোৰ)
দোপো ( Dopo clothing) হৈছে হানবক নামৰ পোছাকৰ ভিতৰুৱা প' বা অভাৰকোট, যিটো প্ৰথমবাৰৰ বাবে ১৬ শতিকাৰ জো’চেন যুগৰ মাজভাগৰ পৰা পিন্ধা হৈছিল। জো’চেন যুগত চেঅ'নবি নামৰ পুৰুষ কনফুচিয়ান পণ্ডিতসকলৰ বেছিভাগেই এই দোপোটো পিন্ধিছিল। ইয়াক ৰজা আৰু ৰাজকুমাৰ আৰু চৰকাৰী বিষয়াসকলেও পিন্ধিছিল।
-
নগা চাদৰ
নগা চাদৰ (Naga shawl) হৈছে নগালেণ্ড আৰু উত্তৰ-পূব ভাৰতৰ ইয়াৰ কাষৰীয়া অঞ্চলৰ বিভিন্ন নগা জনগোষ্ঠীয়ে তৈয়াৰ কৰা এক সুকীয়া আৰ্হিৰ (মূলতঃ ৰঙা আৰু ক’লা ঊলৰ) পৰম্পৰাগত চাদৰ।
-
পচাম্পলী শাড়ি
পচাম্পলী শাড়ি (Pochampally sari) বা পচাম্পল্লী ইক্কাত হৈছে ভাৰতৰ তেলঙ্গানা ৰাজ্যৰ যদাদৰী ভুৱনাগিৰি জিলাৰ ভুদান পচাম্পলীত তৈয়াৰ কৰা শাড়ি। এই শাড়ি ইক্কাট শৈলী ৰং আৰু পৰম্পৰাগত জ্যামিতি ডিজাইনৰ বাবে জনপ্ৰিয়।
-
পালাজ্জো পেণ্ট
পালাজ্জো পেণ্ট (ব্ৰিটিছ ইংৰাজী: palazzo trousers, ভাৰতীয় ইংৰাজী: pantada) হৈছে কঁকালৰপৰা ওলাই অহা ঢিলা, অতি বহল ভৰিৰে কাটি লোৱা দীঘল উভয়লিংগই পিন্ধিব পৰা পেণ্ট।
-
পোচাম্পালি ইকাট
পোচাম্পাল্লী শাৰী অথবা পোচাম্পল্লী ইকাট ভাৰতৰ তেলেংগানা ৰাজ্যৰ যাদদ্ৰী ভুৱনাগিৰি জিলাৰ ভূডান পোচাম্পল্লীত নিৰ্মিত এখন শাৰী। "পাগদু বন্ধু" (ইকাত) শৈলীৰ ৰং কৰা এই শাৰীবোৰত পৰম্পৰাগত জ্যামিতিক আৰ্হি আছে। জটিল জ্যামিতিক ডিজাইনে শাৰী আৰু ড্ৰেছ মেটেৰিয়েলত স্থান বিচাৰি পায়।
-
পৰঞ্জা (বস্ত্ৰ)
পৰঞ্জা মধ্য এছিয়াৰ মহিলা আৰু ছোৱালীসকলে পিন্ধা এটা পৰম্পৰাগত চোলা, যিয়ে মূৰ আৰু শৰীৰ ঢাকি ৰাখে। আৰবী ভাষাত ইয়াক "বুৰ্খা" বুলিও জনা যায়। ইয়াৰ মৌলিক শৈলী আৰু কাৰ্য্য অন্যান্য আঞ্চলিক শৈলী যেনে আফগান চাদাৰীৰ সৈতে একে।
-
পৰম্পৰাগত থাই সাজপাৰ
পৰম্পৰাগত থাই সাজপাৰক থাই ভাষাত “চুট থাই” (থাই: ชุดไทย) বুলি কোৱা হয়, যাৰ আক্ষৰিক অৰ্থ হৈছে “থাই সাজ-পোছাক”। থাইলেণ্ডৰ পুৰুষ, মহিলা, শিশুৱে পৰম্পৰাগতভাবে থাই সাজপাৰ পৰিধান কৰে। কেইবিধমান মহিলাৰ পৰম্পৰাগতভাবে সাজপাৰ হৈছে ফা নুং বা চং ক্ৰেবেন, ব্লাউজ আৰু ছবাই।
-
ফা-চিন
ফা-চিন (𑜏𑜢𑜃𑜫, লাও: ສິ້ນ; থাই: ซิ่น, ผ้าซิ่น; টাই নুৱা: ᥔᥤᥢᥲ) বা আহোম মেখেলা হৈছে হাতেৰে নিৰ্মিত পৰম্পৰাগত টাই জাতিৰ বিভিন্ন জনগোষ্ঠীৰ মহিলাসকলে পৰিধান কৰা মেখেলা।
-
ফানং
ফানং (Panung) বা ফা নুং (থাই: ผ้านุ่ง) হৈছে থাইলেণ্ডৰ (পূৰ্বৰ শ্যাম দেশ) লোকসকলে পৰিধান কৰা শৰীৰৰ নিম্নভাগৰ এক পৰম্পৰাগত সাজ-পাৰ।
-
বক্ষ বান্ধনি
বক্ষ বান্ধনি বা স্তন বান্ধনি হৈছে কাপোৰৰ ফিটা বা উদ্দেশ্যপ্ৰণোদিতভাৱে নিৰ্মিত অন্তৰ্বাসৰ দৰে সংকুচিত পদাৰ্থৰে স্তন চেপেটা কৰি লুকুৱাই ৰখা। বক্ষবন্ধনীৰ বিকল্প হিচাপে বা উপযুক্ততাৰ কাৰণেও বান্ধনি ব্যৱহাৰ কৰিব পাৰি।
-
বাগৰু প্ৰিণ্ট
বাগৰু প্ৰিণ্ট হ’ল ভাৰতৰ ৰাজস্থানৰ জয়পুৰৰ সমীপৱৰ্তী বাগৰু চহৰৰ পৰা উৎপত্তি হোৱা হস্তনিৰ্মিত ব্লক প্ৰিণ্টিঙৰ এক পৰম্পৰাগত ৰূপ। এই শিল্পটো ৰং কৰা আৰু ব্লক প্ৰিণ্টিং কৰাত পাকৈত হিচাপে পৰিচিত চিপ্পা সম্প্ৰদায়ৰ দ্বাৰা চৰ্চা কৰা হয়।
-
বান্দৰ টুপী
বান্দৰ টুপী, বালাক্লাভা বা স্কি মাস্ক হৈছে মূৰত পিন্ধা এক প্ৰকাৰৰ পোছাক। এই টুপীটো সাধাৰণতে চকু আৰু মুখ অংশহে উন্মুক্ত কৰি ৰখাকৈ ডিজাইন কৰা হৈছে। ষ্টাইল আৰু ইয়াক পিন্ধাৰ ওপৰত নিৰ্ভৰ কৰি কেৱল চকু, মুখ আৰু নাক বা কেৱল মুখৰ সন্মুখভাগহে অসুৰক্ষিত হৈ থাকে।
-
বান্ধনী
বান্ধনী (Bandani) হৈছে এক প্ৰকাৰৰ টাই-ডাই বস্ত্ৰ, য’ত নখৰে কাপোৰখন চিকুটি ক্ষুদ্ৰ ক্ষুদ্ৰ গাঁঠি দি ৰং কৰি ডিজাইন তৈয়াৰ কৰা হয়। বান্ধনী শব্দটো সংস্কৃত মূল "বান্ধ" ("বন্ধা বা গাঁঠি দিয়া")ৰ পৰা উদ্ভৱ হৈছে।
-
বালুচড়ী শাড়ী
বালুচড়ী পশ্চিমবংগৰ প্ৰসিদ্ধ শাড়ী, ভাৰতৰ ভৌগোলিক স্বীকৃতি আৰু বয়নশৈলীত জাতীয় পুৰস্কাৰ প্ৰাপ্ত শিল্পকৰ্ম। আঁচলত বিবিধ পৌৰাণিক আৰু অন্যান্য নক্সা-গঁঠা এই শাড়ী আভিজাত্যৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। বালুচড়ী শাড়ী তৈয়াৰ কৰোঁতে প্ৰায় ১ সপ্তাহ বা তাতোকৈ বেছি সময় লাগে।