অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

যোধপুৰী

যোধপুৰী শ্বুট হৈছে ভাৰতৰ এক আনুষ্ঠানিক পৰিধান। ই যোধপুৰ ৰাজ্যত উৎপত্তি হৈছিল আৰু ঊনবিংশ শতিকাৰ মধ্যভাগৰ পৰা বিংশ শতিকাৰ মধ্যভাগলৈ ভাৰতত জনপ্ৰিয় হৈছিল। ইয়াত কোট আৰু পেন্ট থাকে, কেতিয়াবা গেঞ্জীৰ সৈতে পৰিপূৰক ৰূপত পৰিধান কৰা হয়।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ১৭৭ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ
বন্ধগোলা, কিতাপ সব্যসচী মুখাৰ্জী
বন্ধগোলা, কিতাপ সব্যসচী মুখাৰ্জীছবি: Stefan Ivanovich · CC BY-SA 4.0

যোধপুৰী শ্বুট হৈছে ভাৰতৰ এক আনুষ্ঠানিক পৰিধান। ই যোধপুৰ ৰাজ্যত উৎপত্তি হৈছিল আৰু ঊনবিংশ শতিকাৰ মধ্যভাগৰ পৰা বিংশ শতিকাৰ মধ্যভাগলৈ ভাৰতত জনপ্ৰিয় হৈছিল। ইয়াত কোট আৰু পেন্ট থাকে, কেতিয়াবা গেঞ্জীৰ সৈতে পৰিপূৰক ৰূপত পৰিধান কৰা হয়। ই সাধাৰণতে এটা সৰু কাটযুক্ত ডিজাইনৰ সৈতে হাতৰ এমব্ৰয়ডাৰী থকা ৱাইষ্টকোটৰ সৈতে পৰিধান কৰা হয়। ই বিবাহ অনুষ্ঠান আৰু আনুষ্ঠানিক সভাসমূহৰ বাবে উপযোগী।

এই শ্বুটৰ সামগ্ৰী ৰেচম বা আন কোনো সুটিং সামগ্ৰী হ’ব পাৰে। সাধাৰণতে, ক'লাৰ আৰু বুটামত এমব্ৰয়ডাৰী কৰা উপাদানেৰে সাজি তুলা হয়। এই এমব্ৰয়ডাৰী সাধাৰণ, জাকাৰ্ড বা জামেৱাৰী হ’ব পাৰে। সাধাৰণতে, পেন্টৰ ৰং কোটৰ সৈতে মিলাই লোৱা হয়, যদিও কোনো কোনো সময়ত বিপৰীত ৰং থকা পেন্টৰ লগত কোট পৰিধান কৰাৰ ধাৰা পৰিলক্ষিত হয়।

ইতিহাস

অংগৰাখাক বন্ধগলৰ আগতীয়া ৰূপ হিচাপে গণ্য কৰা হয়। অংগৰাখা হৈছে প্ৰাচীন ভাৰতৰ এক ৰাজদৰবাৰীয় পৰিধান, যি কোমল গাঁথনি আৰু গোট লগাব পৰা বিশেষত্ৰা থকা আছিল। বন্ধগলা আচকানৰ চুটি ৰূপ হিচাপে বিকশিত হৈছিল। বন্ধগলা দ্ৰুতভাৱে ৰাজস্থানত আনুষ্ঠানিক আৰু আধা-আনুষ্ঠানিক ইউনিফৰ্ম হিচাপে জনপ্ৰিয় হৈ পৰে আৰু পিছলৈ সমগ্ৰ ভাৰতত বিখ্যাত হয়। ডিজাইনৰ ৱেণ্ডেল ৰড্ৰিক্সৰ মতে, বন্ধগলৰ দৰে আনুষ্ঠানিক পৰিধানবোৰ হৈছে ৬,০০০ বছৰৰ পোচাক ঐতিহ্যৰ এক বিকাশ।১

চাওক

তথ্যসূত্ৰ

  1. ↑ Nehru Jacket or Modi Vest: Which One Are You Wearing Today?

সম্পৰ্কিত শ্ৰেণী

বস্ত্ৰপোচাক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যোধপুৰী” প্ৰবন্ধৰ সংশোধন ৬৩৭৬৯৮ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।