অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শক্তিপদ ৰাজগুৰু

শক্তিপদ ৰাজগুৰু (Shaktipada Rajguru) (১ ফেব্ৰুৱাৰী ১৯২২ – ১২ জুন ২০১৪) এগৰাকী ভাৰতীয় বঙালী সাহিত্যিক। তেওঁৰ ৰচিত উপন্যাসসমূহৰ কাহিনীৰ ভিত্তিত কেইবাখনো চলচ্চিত্ৰ নিৰ্মিত হৈছে। যাৰ ভিতৰত ঋত্বিক ঘটকৰ দ্বাৰা পৰিচালিত মেঘে ঢাকা তাৰা আৰু শক্তি সামন্তৰ দ্বাৰা পৰিচালিত অমানুষ উল্লেখযোগ্য।

হালনাগাদ: ২৪ জুলাই ২০২৬ ২২৪ শব্দ · ১ মিনিট সংগৃহীত ৯২
সংশোধনৰ পৰামৰ্শ

শক্তিপদ ৰাজগুৰু (Shaktipada Rajguru) (১ ফেব্ৰুৱাৰী ১৯২২ – ১২ জুন ২০১৪) এগৰাকী ভাৰতীয় বঙালী সাহিত্যিক। তেওঁৰ ৰচিত উপন্যাসসমূহৰ কাহিনীৰ ভিত্তিত কেইবাখনো চলচ্চিত্ৰ নিৰ্মিত হৈছে। যাৰ ভিতৰত ঋত্বিক ঘটকৰ দ্বাৰা পৰিচালিত মেঘে ঢাকা তাৰা১ আৰু শক্তি সামন্তৰ দ্বাৰা পৰিচালিত অমানুষ উল্লেখযোগ্য।২ তেওঁৰ ৰচিত গল্পসমূহ হিন্দী, তামিল আৰু মালয়ালম ভাষালৈ অনুবাদ কৰা হৈছে।

ব্যক্তিগত জীৱন

১৯২২ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ বৰ্তমানৰ পশ্চিমবংগৰ বাঁকুড়া জিলাৰ গোপবান্দি নামে ঠাইত শক্তিপদ ৰাজগুৰুৰ জন্ম হৈছিল। মুৰ্শিদাবাদৰ পাঁচথুপি ত্ৰৈলক্যনাথ প্ৰতিষ্ঠানিক বিদ্যালয়ত তেওঁ প্ৰাৰম্ভিক স্কুলীয়া শিক্ষা লাভ কৰিছিল।৩ কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সুৰেন্দ্ৰনাথ মহাবিদ্যালয়ৰ পৰা তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে।৪ ১৯৪৫ চনত শৰণাৰ্থীসকলৰ দুৰ্দশাৰ স্পৰ্শকাতৰ বিষয়ক কেন্দ্ৰ কৰি তেওঁৰ প্ৰথম উপন্যাস দিনগুলি মোৰ-ৰ জৰিয়তে লিখিবলৈ আৰম্ভ কৰে। তেওঁৰ কৰ্মজীৱনৰ সময়ছোৱাত তেওঁ ১০০ খনতকৈও অধিক উপন্যাস লিখি উলিয়ায়। ২০১৪ চনৰ ১২ জুন তাৰিখে ৯২ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।৫৬

লিখন শৈলী

শক্তিপদ ৰাজগুৰুৰ ভ্ৰমণ কৰাৰ চখ আছিল আৰু তেওঁৰ বহু উপন্যাস কলিকতাৰ পৰা দূৰৈৰ ঠাই ছোটা নাগপুৰ, মহাৰাষ্ট্ৰ আৰু দণ্ডকাৰণ্যৰ দৰে স্থানত ৰচিত হৈছে, য'ত তেওঁৰ উপন্যাসসমূহ প্ৰকাশিত হৈছিল। প্ৰকৃতিৰ বিষয়ে অতি বিশদভাৱে বৰ্ণনা কৰাৰ লগতে এই স্থানসমূহত তেওঁৰ উপন্যাসৰ শক্তিশালী কেন্দ্ৰীয় চৰিত্ৰসমূহৰ চিত্ৰণ কৰি তেওঁ ভাল পাইছিল। তেওঁ বিভূতিভূষণ বন্দ্যোপাধ্যায় আৰু তাৰাশঙ্কৰ বন্দ্যোপাধ্যায়ক তেওঁৰ প্ৰধান প্ৰভাৱক বুলি উল্লেখ কৰিছে।

নিৰ্বাচিত গ্ৰন্থপঞ্জি

  • মেঘে ঢাকা তাৰা
  • মনি বেগম
  • অন্তৰে অন্তৰে
  • জীৱন কাহিনী
  • অনুসন্ধান
  • অমানুষ

বঁটা

  • সাহিত্যৰ উৎকৰ্ষৰ বাবে বিভূতিভূষণ বঁটা
  • অমানুষ চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্য শিতানত অল-ইণ্ডিয়া লায়ন'চ্ বঁটা
  • দ্য হল অৱ ফেম - জীৱনজোৰা সাহিত্য বঁটা, ২০০৯

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2010-11-04). Of memories and realities. frontline.thehindu.com
  2. ↑ Shaktipada Rajguru
  3. ↑ তাপস বন্দ্যোপাধ্যায়. (1 February 2019). বাল্যসখা ন্যাড়াই ছিল শক্তিপদৰ সৰ্বক্ষণেৰ সঙ্গী
  4. ↑ খোলা আকাশেৰ শিক্ষা তাঁকে বেশি টানত. www.anandabazar.com
  5. ↑ Eminent Bengali author Shaktipada Rajguru passes away. IANS. news.biharprabha.com
  6. ↑ (2014-06-12). Eminent Bengali novelist Shaktipada Rajguru dies. The Indian Express

সম্পৰ্কিত শ্ৰেণী

পশ্চিমবঙ্গৰ ব্যক্তিবঙালী ব্যক্তিবঙালী সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শক্তিপদ ৰাজগুৰু” প্ৰবন্ধৰ সংশোধন ৬১৯০৯৫ (২৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।