অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অদ্বৈত আচাৰ্য

অদ্বৈত আচাৰ্য (; ১৪৩৪–১৫৫৯ ) (জন্ম কমলাক্ষ মিশ্ৰ) গৌড়ীয় বৈষ্ণৱ আন্দোলনৰ প্ৰতিষ্ঠাপক, চৈতন্য মহাপ্ৰভুৰ সংগী আৰু হৰিদাস ঠাকুৰৰ গুৰু আছিল। চৈতন্যৰ জন্মৰ প্ৰায় পঞ্চাশ বছৰ আগতে, ১৪৩৪ চনত লাউড়ৰ নবগ্ৰাম গাঁৱত (বৰ্তমানৰ বাংলাদেশৰ সুনামগঞ্জ জিলাত), জন্মগ্ৰহণ কৰিছিল।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৩৮৯ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

অদ্বৈত আচাৰ্য (; ১৪৩৪–১৫৫৯ ) (জন্ম কমলাক্ষ মিশ্ৰ)১ গৌড়ীয় বৈষ্ণৱ আন্দোলনৰ প্ৰতিষ্ঠাপক, চৈতন্য মহাপ্ৰভুৰ সংগী আৰু হৰিদাস ঠাকুৰৰ গুৰু আছিল।২৩ চৈতন্যৰ জন্মৰ প্ৰায় পঞ্চাশ বছৰ আগতে, ১৪৩৪ চনত লাউড়ৰ নবগ্ৰাম গাঁৱত (বৰ্তমানৰ বাংলাদেশৰ সুনামগঞ্জ জিলাত), জন্মগ্ৰহণ কৰিছিল। তেওঁ প্ৰাপ্তবয়স্ক জীৱনৰ বেছিভাগ সময় নদিয়াৰ শান্তিপুৰ চহৰত পত্নী আৰু পৰিয়ালৰ সৈতে কটাইছিল। অদ্বৈত আচাৰ্যৰ ছগৰাকী পুত্ৰ আছিল, অচ্যুতানন্দ দাস (যিয়ে পৰৱৰ্তীকালত চৈতন্যৰ শিষ্যও হৈছিল), কৃষ্ণ মিশ্ৰ, গোপাল দাস, বলৰাম দাস মিশ্ৰ (যাৰ বংশধৰ সকল পিছলৈ নোয়াখালি, চটখিল উপজিলাৰ জমিদাৰ হৈছিল আৰু পিছলৈ পাটোৱাৰী আৰু মজুমদাৰ উপাধি গ্ৰহণ কৰিছিল), স্বৰূপ দাস আৰু জগদীশ মিশ্ৰ।

অদ্বৈত আচাৰ্যই যোগবশিষ্ঠ-ভৈষ্ঠ আৰু গীতা ভাষ্য নামৰ দুখন সংস্কৃত গ্ৰন্থ ৰচনা কৰিছিল৷৪ অদ্বৈত আচাৰ্যৰ বংশাৱলী আৰু জীৱনৰ বিষয়ে কেইবাখনো চৰিতপুথিত বৰ্ণনা কৰা হৈছে, য'ত সংস্কৃতত কৃষ্ণদাসৰ বাল্যলীলা-সূত্ৰ (১৪৮৭) আৰু বাংলাত কৃষ্ণদাসৰ অদ্বৈতসূত্ৰকড়চ, হৰিচৰণদাসৰ অদ্বৈতমংগল, ঈশান নগৰৰ অদ্বৈতপ্ৰকাশ৫ আৰু নৰহৰিদাসৰ অদ্বৈতবিলাস আদি৷৬ চৈতন্য চৰিতামৃত, চৈতন্য মঙ্গল আৰু চৈতন্য ভাগৱতত তেওঁৰ বহু কৰ্মৰাজিৰ বৰ্ণনা পোৱা যায়৷

জীৱনী

অদ্বৈত আচাৰ্য কুবেৰ আচাৰ্যৰ পুত্ৰ আছিল। কুবেৰ আছিল লাউড়ৰ ৰজা দিব্য সিংহৰ সভাসদ৷ কুবেৰৰ পিতৃ নৰসিংহ, নদিয়ালৰ ৰজা গণেশৰ মন্ত্ৰী আছিল।৭

জীৱনৰ অন্তিম বছৰবোৰত অদ্বৈত বস্তুবাদী লক্ষ্যৰ সন্ধানত ক্ৰমান্বয়ে দুখী হৈ পৰিছিল যিয়ে তেওঁৰ মতে এক অকাৰ্যকৰী, অসুখী সমাজলৈ লৈ যায় আৰু তেওঁ এই সিদ্ধান্তত উপনীত হয় যে সকলো সমস্যাৰ একমাত্ৰ সমাধান হ’ল কৃষ্ণ দেৱতাক প্ৰাৰ্থনা কৰি মানুহক আধ্যাত্মিক জীৱনৰ আনন্দৰ প্ৰতি আকৰ্ষণ কৰা। অদ্বৈতদেৱে কেইবামাহো প্ৰাৰ্থনা কৰি কান্দি কান্দি পবিত্ৰ তুলসী পাত আৰু গংগা পানীৰে শালিগ্ৰাম শিলা ৰূপত তেওঁক পূজা কৰিছিল বুলি কোৱা হয়। সুদীৰ্ঘ তেৰ মাহৰ পিছত পূৰ্ণিমাৰ সূৰ্যগ্ৰহণৰ সময়ত, চৈতন্য মহাপ্ৰভুৰ জন্মৰ সময়ত, তেওঁৰ প্ৰাৰ্থনাসমূহ গ্ৰহণ হৈছিল।

অদ্বৈতেই প্ৰথমে চৈতন্যক ঈশ্বৰ বুলি ঘোষণা কৰিছিল ‘নমো ব্ৰাহ্মণ্য দেৱায় গো-ব্ৰাহ্মণ হিতায় চ জগদ্ধিতায় কৃষ্ণায় গোবিন্দায় নমো নমঃ’ অৰ্থাৎ, ‘গৰু আৰু ব্ৰাহ্মণৰ লগতে সমগ্ৰ জগতৰ কল্যাণকাৰী দেৱতা কৃষ্ণ, গোবিন্দক মই প্ৰণাম জনাইছো।' তেওঁ হৰে কৃষ্ণ মন্ত্ৰ প্ৰচাৰৰ অভিযানত চৈতন্য আৰু নিত্যানন্দ দুয়োৰে ঘনিষ্ঠ বন্ধু আছিল বুলি জনা যায়। অদ্বৈতৰ বাসস্থানেই আছিল প্ৰথম স্থান য'ত চৈতন্যই দান-বৰঙণি লৈছিল, আৰু ইয়াতেই তেওঁ চৈতন্যক কৈছিল "আপুনি য'তেই আছে তাতেই ৷"ʼ৮ তেওঁৰ জন্মদিন উপলক্ষে সদস্যসকলে তেওঁৰ সন্মানত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰে আৰু তেওঁৰ জীৱনৰ কাহিনী পঢ়ে আৰু আলোচনা কৰে।

বংশধৰ

অদ্বৈতৰ দুই সন্তানৰ বহু বংশধৰ আছে। বিজয় কৃষ্ণ গোস্বামী তাৰে এটি বংশৰ অন্তৰ্গত। কবি, নাট্যকাৰ আৰু সংগীতজ্ঞ দ্বিজেন্দ্ৰলাল ৰায় মাতৃৰ ফালৰ পৰা অদ্বৈতৰ বংশধৰ আছিল আৰু দ্বিজেন্দ্ৰলালৰ পুত্ৰ দিলীপ কুমাৰ ৰায়ও অদ্বৈতৰ বংশধৰ আছিল।

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ "Shantipur parichoy"-Kalikrishna Bhattacharaya&"Samajer Pratichhabi Bises Shantipur Sankhya."-editor-Satya Narayan Goswami. A. N. Chatterjee. (1984). Srikṛṣṇa Caitanya: A Historical Study on Gauḍiya Vaiṣṇavism. Associated Pub. Co. ISBN 9780836413212p. 52
  2. ↑ Brzezinski, J.A.N. (2004). Charismatic Renewal And Institutionalization In The History Of Gaudiya Vaishnavism And The Gaudiya Math. The Hare Krishna Movement: The Postcharismatic Fate of a Religious Transplant. Columbia University Press. ISBN 978-0-231-12256-6
  3. ↑ Rebecca Manring. (2005). Reconstructing tradition: Advaita Ācārya and Gauḍīya Vaiṣṇavism at the cusp of the twentieth century. Columbia University Press. পৃ. 168. ISBN 0-231-12954-8
  4. ↑ Momin; Mawlong, Cecile A.; Qādrī, Fuz̤ail Aḥmad. (2006). Society and Economy in North-East India. Regency Publications. পৃ. 271. ISBN 978-81-89233-40-2
  5. ↑ Sen, Sukumar (1991, reprint 2007). Bangala Sahityer Itihas, Vol.I,, Kolkata: Ananda Publishers,, pp.302-6
  6. ↑ Sen, Dinesh Chandra (1911). History of Bengali Language and Literature, Calcutta: University of Calcutta, pp.496-7
  7. ↑ Nath. (1948). The back-ground of Assamese culture. A. K. Nath. পৃ. 123
  8. ↑ Goswami. (2002). Srila Prabhupada Lilamrta Vol 1-2. Bhaktivedanta Book Trust. পৃ. Ch.55. ISBN 0-89213-357-0

সম্পৰ্কিত শ্ৰেণী

হিন্দু ধৰ্মগুৰুপশ্চিমবঙ্গৰ ব্যক্তিবঙালী ব্যক্তিহিন্দু সন্ত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অদ্বৈত আচাৰ্য” প্ৰবন্ধৰ সংশোধন ৬৩৬৭৪৯ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।