গীতা মুখোপাধ্যায় (Geeta Mukherjee) (৮ জানুৱাৰী ১৯২৪ – ৪ মাৰ্চ ২০০০) আছিল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু সমাজকৰ্মী। তেওঁ ১৯৬৭ চনৰ পৰা ১৯৭৭ চনলৈকে পাঁশকুড়া পূৰ্ব বিধানসভা সমষ্টিৰ পৰা একেৰাহে চাৰিবাৰ বিধায়ক নিৰ্বাচিত হৈছিল। তেওঁ ১৯৮০ চনৰ পৰা ২০০০ চনলৈকে পাঁশকুড়া লোকসভা সমষ্টিৰ পৰা সাতবাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ (চিপিআই) পশ্চিমবংগ ৰাজ্য পৰিষদৰ প্ৰাৰ্থী আছিল।১ তেওঁ ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ মহিলা শাখা ভাৰতীয় মহিলাৰ ৰাষ্ট্ৰীয় সন্মিলনীৰ সভানেত্ৰী আছিল। ভাৰতৰ সংসদীয় নিৰ্বাচনত মহিলাসকলৰ বাবে এক-তৃতীয়াংশ আসন সংৰক্ষণৰ আইনৰ দাবীত হোৱা আন্দোলনত তেওঁ নেতৃত্ব দিছিল।২
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯২৪ চনৰ ৮ জানুৱাৰীত পশ্চিমবংগৰ কলিকতাত গীতা মুখোপাধ্যায়ে জন্মগ্ৰহণ কৰিছিল। ১৯৪২ চনৰ ৮ নৱেম্বৰত তেওঁ বিশ্বনাথ মুখোপাধ্যায়ৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১
মুখোপাধ্যায়ে কলিকতাৰ আশুতোষ কলেজৰ পৰা বাংলা সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৪৭ চনৰ পৰা ১৯৫১ চনলৈকে তেওঁ বঙ্গীয় প্ৰাদেশিক ছাত্ৰ ফেডাৰেচনৰ সম্পাদিকা আছিল।২
কৰ্মজীৱন
তেওঁ ১৯৪৬ চনত প্ৰথমবাৰৰ বাবে ভাৰতৰ কমিউনিষ্ট পাৰ্টি (C.P.I.)ৰ বংগ ৰাজ্য পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল।১ তেওঁ 'গীতাদি' নামেৰে জনপ্ৰিয়তা লাভ কৰিছিল। তেতিয়াৰ পৰা তেওঁ পশ্চিমবংগৰ পাঁশকুড়াৰ পৰা প্ৰতিটো লোকসভা নিৰ্বাচনত জয়ী হৈছিল আৰু ২০০০ চনত তেওঁৰ মৃত্যুৰ আগলৈকে এগৰাকী অগ্ৰণী নাৰীৰ ভূমিকা পালন কৰিছিল।২
তেওঁ ১৯৮০ চনত সপ্তম লোকসভা নিৰ্বাচনত নিৰ্বাচিত হৈছিল আৰু ১৯৮০-৮৪ সময়কালত তেওঁ যি যি দায়িত্ব পালন কৰিছিল, সেইবোৰ হʼল:
- সদস্য, ৰাজহুৱা উদ্যোগ সমিতি
- সদস্য, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কল্যাণ সমিতি
- সদস্য, ফৌজদাৰী আইন (সংশোধনী) বিধেয়কৰ যুটীয়া সমিতি, ১৯৮০
১৯৮১ চনৰ পৰা তেওঁ ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ জাতীয় কাৰ্যনিৰ্বাহী কমিটিৰ সদস্য আছিল।১
১৯৯৯ চনত ত্ৰয়োদশ লোকসভা নিৰ্বাচনত তেওঁ সপ্তম বাৰৰ বাবে নিৰ্বাচিত হৈছিল।১ তেওঁৰ কৰ্মজীৱন প্ৰায় চাৰে পাঁচ দশকজুৰি বিস্তৃত আছিল। অৱশ্যে, লোকসভা নিৰ্বাচনত মহিলাসকলৰ বাবে আসন সংৰক্ষণত তেওঁৰ ইতিবাচক ভূমিকাই তেওঁক লাইমলাইটলৈ আনিছিল। বাৰ্লিনৰ মহিলা আন্তঃৰাষ্ট্ৰীয় গণতান্ত্ৰিক ফেডাৰেচনৰ সচিবালয়ৰ সদস্য হোৱাৰ উপৰিও তেওঁ ৰাষ্ট্ৰীয় গ্ৰাম্য শ্ৰম আয়োগ, মহিলা আয়োগ, ৰাষ্ট্ৰীয় শিশু ব’ৰ্ড, প্ৰেছ কাউন্সিলৰ সদস্য আৰু ৰাষ্ট্ৰীয় মহিলা ফেডাৰেচনৰ উপ-সভানেত্ৰীও আছিল।৩ তেওঁ মহিলা সংৰক্ষণ বিধেয়কৰ খচৰা প্ৰস্তুত কৰা যুটীয়া সংসদীয় সমিতিৰ নেতৃত্ব দিছিল।
ৰাজনৈতিক জীৱনৰ উপৰিও গীতা মুখোপাধ্যায়ে শিশুসকলৰ বাবে কেইখনমান গ্ৰন্থও ৰচনা কৰিছিল, যাৰ ভিতৰত ভাৰত উপকথা (ভাৰতৰ লোককথা), ছোটোদেৰ ৰবীন্দ্ৰনাথ (শিশুসকলৰ বাবে ঠাকুৰ) আৰু হে অতীত কথা কও আদি উল্লেখযোগ্য। তেওঁ ব্ৰুনো এপিটজৰ ১৯৫৮ চনৰ ধ্ৰুপদী উপন্যাস নেকেড এমং উলভছ বঙালী ভাষালৈ অনুবাদ কৰিছিল।২৪
মৃত্যু
২০০০ চনৰ ৪ মাৰ্চ তাৰিখে, এক গুৰুতৰ হৃদৰোগে আক্ৰান্ত হৈ মুখোপাধ্যায়ে ইহলীলা সম্বৰণ কৰে। ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ীয়ে তেওঁৰ শোকবাৰ্তাত কয়— "শ্ৰীমতী মুখোপাধ্যায়ে দৃঢ়তা আৰু নিষ্ঠাক মূৰ্ত কৰি তুলিছিল। তেওঁ আছিল নাৰী সবলীকৰণৰ এক উজ্জ্বল নিদৰ্শন। তেওঁৰ জীৱন ভৱিষ্যত প্ৰজন্মৰ বাবে বিশেষকৈ মহিলাসকলৰ বাবে এক প্ৰেৰণা হিচাপে থাকিব।" ২
তথ্যসূত্ৰ
- ↑ Biographical Sketch Member of Parliament 13th Lok Sabha
- ↑ (5 March 2000). Geeta Mukherjee passes away. দ্য হিন্দু
- ↑ Geeta Mukherjee-Committed to the cause
- ↑ (18–31 Mar 2000). A committed fighter. The Hindu, Frontline
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গীতা মুখোপাধ্যায়” প্ৰবন্ধৰ সংশোধন ৪৮৫১৯৩ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।