মহুৱা মুখাৰ্জী ( Mahua Mukherjee) ভাৰতৰ এগৰাকী নৃত্যশিল্পী৷ তেওঁ ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ গৌড়ীয় নৃত্য ৰূপৰ প্ৰতিষ্ঠাতা৷১তেওঁক মহুৱা মুখোপাধ্যায় বুলিও জনা যায়৷ নৃত্যৰ লগতে তেওঁ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ গৱেষক আৰু শিক্ষয়িত্ৰী আৰু সূক্ষ্ম কলা অনুষদৰ ডীন৷২৩তেওঁ তেওঁৰ স্বামী অমিতাভ মুখাৰ্জীৰ সৈতে ১৯৮০ চনৰ পৰাই তেওঁলোকৰ কেৰিয়াৰৰ জৰিয়তে গৌড়ীয় নৃত্য শৈলীক পুনৰুজ্জীৱিত কৰি আহিছে৷৪ তেখেতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওকলাহোমা বিশ্ববিদ্যালয়ত অতিথি অধ্যাপিকা হিচাপে নৃত্য কৰাৰ লগতে বক্তৃতাও দিছে।৫ তেওঁ ব্ৰতীন্দ্ৰনাথ মুখাৰ্জী, শশী মাহাতো, নৰোত্তম সান্যাল, গম্ভীৰ সিং মুধা, মুকুন্দ দাস ভট্টাচাৰ্য আৰু অন্যান্য বহুতৰে পৰা ছৌ নৃত্য, নাচনী নাচ, কুশান নাচ আৰু কীৰ্তনীয়া নাচৰ পৰম্পৰা আয়ত্ব কৰিছে৷৬ইয়াৰ উপৰিও মহুৱা মুখাৰ্জী গৌড়িয়া নৃত্য ভাৰতী আৰু মিত্ৰয়ন ইনষ্টিটিউটৰ পৰিচালক। শিল্পী হিচাপে তেওঁ নিজক ১৯৯৩ চনত প্ৰতিষ্ঠা কৰে৷ মাদ্ৰাজত কলানিধি নাৰায়ণনৰ উদ্যোগত অনুষ্ঠিত হোৱা “নৃত্য মহাসন্মিলন’’ত নৃত্যৰ বিষয়ে “ডেমনষ্ট্ৰেছন’’ দিছিল৷ ইয়াৰ পাছত দিল্লীত তেওঁ একক নৃত্য প্ৰদৰ্শন কৰে৷ ইয়াৰ পিছৰ পৰাই একাডেমী অফ ফাইন আৰ্টচ্ ৰ ৰাণু মুখোপাধ্যায় সহ বিভিন্ন ঠাইত নৃত্যানুষ্ঠান পৰিৱেশন কৰে৷ ত্ৰিভঙ্গী আৰু অতিভঙ্গী ব্যৱহৃত গৌড়ীয় নৃত্য অসমসহ ভাৰতৰ নানা ঠাইত জনপ্ৰিয় হোৱাৰ উপৰি বাংলদেশতো ইয়াৰ প্ৰচাৰ হৈছে৷৭ গৌড় শিক্ষাগত অৰ্হতা হিচাপে তেওঁ উদ্ভিদ বিজ্ঞান বিষয়ত স্নাতকোত্তৰ উত্তীৰ্ণ আৰু পি,এইচ,ডি ডিগ্ৰী লাভ কৰিছে। তদুপৰি তেওঁ ভাৰতনাট্যমৰ প্ৰশিক্ষণো লৈছিল। ভাৰতীয় নৃত্য শিল্পৰ জগতখনত তেওঁক নৃত্যৰ “নিজৰা’’ হিচাপে গণ্য কৰা হয়।২ মহুৱা মুখাৰ্জীক বিষয়বস্তু হিচাপে লৈ নাইজেৰিয়ান লেখক তনুৰে ৱাইজডে প্ৰকাশ কৰা "The Beauty I Have Seen: A Trilogy" শীৰ্ষক গ্ৰন্থত এটা কবিতা সন্নিৱিষ্ট কৰা হৈছে৷৮ তেওঁ Geetmay Tanmay - Trance in Motion নামৰ ডকুমেণ্টৰী ছবি এখনতো অভিনয় কৰিছে৷ এইখন ভাৰতৰ ফিল্ম বিভাগৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল৷৯ নৃত্য, অভিনয় আৰু শিক্ষা এই তিনি বিভাগৰ সৈতে জড়িত থকাৰ উপৰি তেওঁ লেখামেলাও কৰিছে৷ তেওঁ গৌড়ীয় নৃত্যৰ ওপৰত বেঙ্গল ক্লাচিকেল ডান্স(গৌড়ীয় নৃত্য, প্ৰাচীন বাংলাৰ শাস্ত্ৰীয় নৃত্যধাৰা) নামেৰে এখনি গ্ৰন্থ প্ৰণয়ন কৰে৷ এই গ্ৰন্থখন কলকাতাৰ “দা এছিয়াটিক ছোচাইটী’’ৰ পৰা প্ৰকাশ কৰা হৈছে৷ ১০
গ্ৰন্থ প্ৰণয়ন
মহুৱা মুখাৰ্জীয়ে বংগীয় শাস্ত্ৰীয় গৌড়ীয় নৃত্যৰ বিষয়ে এখন গ্ৰন্থও প্ৰণয়ন কৰিছিল। গ্ৰন্থখন প্ৰকাশ কৰিছিল কলকাতাৰ এছিয়াটিক ছোচাইটিয়ে।১১
তথ্যসূত্ৰ
- ↑ Foster, S. (2009-06-10). Worlding Dance. Springer. ISBN 9780230236844
- ↑ Bharatram, Kumudha. (9 April 2011). Dance of the ancients. দ্য হিন্দু
- ↑ Members of The Faculties. Rabindra Bharati University
- ↑ Alom, Zahangir. (11 November 2013). Of euphoria and grace in dancing devotion. The Daily Star (Bangladesh)
- ↑ Parul. (7 June 2013). Summer players. Indian Express
- ↑ Rajan, Anjana. (26 December 2006). The wheel has come full circle. দ্য হিন্দু
- ↑ bartamanpatrika.com/detailNews.php?cID=29&nI link|date=March 2025 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ Tanure Ojaide. (2010). The Beauty I Have Seen: A Trilogy. African Books Collective. পৃ. 88. ISBN 978-9788422297
- ↑ Trance in Motion: Short film by Films Division. Gadurr Media, ইউটিউব
- ↑ Mukherjee, Mahua. (2000). Gaudiya Nritya. The Asiatic Society
- ↑ Mukherjee, Mahua. (2000). Gaudiya Nritya. The Asiatic Society
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহুৱা মুখাৰ্জী” প্ৰবন্ধৰ সংশোধন ৪৯৭০৪৮ (২৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।