অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অগ্নিমিত্ৰ পাল

অগ্নিমিত্ৰ পাল (জন্ম ২৫ নৱেম্বৰ ১৯৭৪) এজন ভাৰতীয় ফেশ্বন ডিজাইনাৰ আৰু ৰাজনীতিবিদ। তেওঁ আছানছোল দক্ষিণ বিধানসভা সমষ্টিৰপৰা পশ্চিম বংগ বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে।তেওঁ বিজেপি মহিলা মৰ্চাৰ পশ্চিম বংগ ইউনিটৰ সভানেত্ৰী আৰু ভাৰতীয় জনতা পাৰ্টি, পশ্চিম বংগ প্ৰদেশৰ সাধাৰণ সম্পাদক হিচাপে…

হালনাগাদ: ১৯ জুলাই ২০২৬ ১২৫ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

অগ্নিমিত্ৰ পাল (জন্ম ২৫ নৱেম্বৰ ১৯৭৪) এজন ভাৰতীয় ফেশ্বন ডিজাইনাৰ আৰু ৰাজনীতিবিদ। তেওঁ আছানছোল দক্ষিণ বিধানসভা সমষ্টিৰপৰা পশ্চিম বংগ বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে।১তেওঁ বিজেপি মহিলা মৰ্চাৰ পশ্চিম বংগ ইউনিটৰ সভানেত্ৰী আৰু ভাৰতীয় জনতা পাৰ্টি, পশ্চিম বংগ প্ৰদেশৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০২৬ চনৰ জানুৱাৰী মাহৰপৰা ভাৰতীয় জনতা পাৰ্টি, পশ্চিম বংগৰ উপ-সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।২

আৰম্ভণি জীৱন

অগ্নিমিত্ৰ পালৰ জন্ম পশ্চিমবংগ ৰাজ্যৰ আছানছোলৰ এক চিকিৎসক আৰু শিক্ষাবিদৰ পৰিয়ালত হৈছিল। তাইৰ পিতৃ অশোক ৰয় এজন শিশু চিকিৎসক আছিল। তেওঁ আছানছোলৰ লৰেটো কনভেণ্টৰপৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল আৰু তাৰ পিছত আছানছোল গাৰ্লছ কলেজ আৰু বনোৱাৰীলাল ভলোটিয়া কলেজৰপৰা উদ্ভিদ বিজ্ঞানত স্নাতক ডিগ্ৰী (অনাৰ্ছ) সম্পূৰ্ণ কৰে। পিছলৈ যাদৱপুৰ বিশ্ববিদ্যালয়ৰপৰা এম বি এ ডিগ্ৰী আৰু ফেশ্বন ডিজাইনিঙৰ ডিপ্লমাওলাভ কৰিছে।

তেওঁৰ উদ্যোগী পাৰ্থ পালৰ সৈতে বিবাহ হৈছিল।৩ তেওঁলোকৰ দুটা সন্তান আছে।৪

তথ্যসূত্ৰ

  1. ↑ Asansol Dakshin Election Result 2021 Live Updates: Agnimitra Paul Of BJP Wins. News18
  2. ↑ Asansol Dakshin Election Result 2021 LIVE: BJP's Agnimitra Paul wins by 1,800 votes. cnbctv18
  3. ↑ Following her heart. The Telegraph (India)
  4. ↑ Sen, Shomini. (7 May 2026). The fascinating journey of Agnimitra Paul- From aspiring doctor to fashion designer to CM probable. WION

সম্পৰ্কিত শ্ৰেণী

ৰাজনীতিবিদপশ্চিমবঙ্গৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অগ্নিমিত্ৰ পাল” প্ৰবন্ধৰ সংশোধন ৬১৮২১৫ (১৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।