ৰাধিকা ৰয় (Radhika Roy; জন্ম: ৭ মে’ ১৯৪৯) হৈছে এগৰাকী ভাৰতীয় সাংবাদিক আৰু নতুন দিল্লী টেলিভিছন (এনডিটিভি)ৰ সহ-প্ৰতিষ্ঠাতা।১২ ছপা মাধ্যমৰ সাংবাদিকতাৰ দহ বছৰীয়া কেৰিয়াৰৰ পিছত,৩ তেখেতে ১৯৮৭ চনত টেলিভিছনৰ জগতত ভৰি থৈছিল আৰু এনডিটিভি সহ-প্ৰতিষ্ঠা কৰিছিল। চেনেলটোক তেখেতে ২৫ বছৰতকৈও অধিক সময় নেতৃত্ব দি আহিছে।২৪
কৰ্মজীৱন
ছপা মাধ্যমত ৰয়ে দহবছৰতকৈও অধিক সময় কাম কৰে। তাৰে ভিতৰত 'দ্য ইণ্ডিয়ান এক্সপ্ৰেচ' আৰু 'ইণ্ডিয়া টুডে'ৰ প্ৰকাশ উল্লেখযোগ্য।৩
১৯৮৮ চনত ৰাধিকা ৰয়ে 'নিউ দিল্লী টেলিভিছন' অৰ্থাৎ NDTVৰ সহ-প্ৰতিষ্ঠা কৰে। আনজন প্ৰতিষ্ঠাপক আছিল সাংবাদিক আৰু তেখেতৰ স্বামী প্ৰণয় ৰয়।৫ প্ৰণয় ৰয়ে ৰাধিকাক “এনডিটিভিৰ নেপথ্যত থকা পৰিচালনাগত দৃষ্টি আৰু শক্তি” বুলি স্বীকৃতি দিয়ে। তেখেতে নিউজ চেনেলটোৰ প্ৰায়বোৰ কামেই চোৱা-চিতা কৰে।২ ১৯৮৮ চনৰ পৰা ২০১১ চনলৈকে তেখেত এনডিটিভিৰ পৰিচালন সঞ্চালক আছিল। ২০১১ চনৰ ২৯ জুলাইত চেনেলটোৰ কাৰ্যবাহী সহ-অধ্যক্ষ হিচাপে তেখেতে দায়িত্ব চম্ভালে। ইয়াৰ লগতে তেখেতে এনডিটিভিৰ কাৰ্যবাহী পৰিচালকৰ দায়িত্বও পালন কৰি আহিছে।১ ২৫ বছৰতকৈও অধিক সময় জুৰি টেলিভিছন জগতৰ লগত জড়িত হৈ থকা সত্ত্বেও তেখেতে খুব কমসংখ্যক সাক্ষাৎকাৰ কৰিছে বা তেখেতক খুব কম সংখ্যক আলোকচিত্ৰতহে দেখা গৈছে। তেখেতে বৰকৈয়ে গোপনীয়তা বৰ্তাই ৰাখে।২
এনডিটিভিত কাম কৰা বিষয়া আৰু কৰ্মচাৰীসকলে ৰাধিকা ৰয়ক এগৰাকী ব্যৱসায়িক গুণসম্পন্ন আৰু সম্পাদকীয় অনুভূতিৰে পূৰ্ণ তীক্ষ্ণধী নাৰী হিচাপে গণ্য কৰে। ৰাধিকা ৰয়ে এনডিটিভিৰ সকলো স্নানাগাৰতে চেনিটাৰী নেপকিনৰ ব্যৱস্থা কৰিছিল। তেওঁ এনডিটিভিত কাম কৰি থকা মহিলা সাংবাদিক আৰু কৰ্মচাৰীসকলক মাতৃত্বকালীন চুটি দিয়াৰ ক্ষেত্ৰতো উদাৰ।৬
ব্যক্তিগত জীৱন
ৰাধিকা ৰয়ে প্ৰণয় ৰয়ৰ লগত বৈবাহিক জীৱন আৰম্ভ কৰে। তেখেতে প্ৰণয় ৰয়ক লগ পাইছিল ৱেলহেম ছোৱালী স্কুলত।৭ তেওঁলোকৰ তাৰা ৰয় নামেৰে এগৰাকী কন্যা সন্তান আছে।৮
তেখেতৰ ভগ্নী বৃন্দা কাৰাত 'Politburo of the Communist Party of India (Marxist)'ৰ সদস্যা। এইটো হৈছে ভাৰতৰ চিপিআই(এম)ৰ সিদ্ধান্ত-নিৰ্মাণকাৰী সৰ্বোচ্চ পৰিষদ।৯
দুৰ্নীতিৰ অভিযোগ
১৯৯৮ চনত দূৰদৰ্শনৰ উন্নীতকৰণৰ জালিয়তিৰ এটা অভিযোগ তুলি ভাৰতৰ চিবিআইয়ে এনডিটিভিৰ পৰিচালন সঞ্চালক ৰয়ক অপৰাধমূলক ষড়যন্ত্ৰৰ গোচৰ তৰে।১০ ২০১৩ চনৰ জুলাই মাহত, ৰয় আৰু এনডিটিভিক ন্যায়ালয়ৰ পৰা অপৰাধমুক্ত ঘোষণা কৰা হয় আৰু তেওঁলোকৰ বিৰু্দ্ধে চিবিআইয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১২০-বিৰ অধীনত ৰুজু কৰা গোচৰৰ পৰা মুক্ত কৰা হয়।১১১২
তথ্যসূত্ৰ
- ↑ Radhika Roy. Bloomberg
- ↑ Bansal, Shuchi. (21 April 2003). Radhika Roy: NDTV's heart and soul. Rediff India Abroad
- ↑ Kaushik, Krishn. (1 December 2015). Have Radhika and Prannoy Roy undermined NDTV?. The Caravan
- ↑ Radhika Roy. NDTV
- ↑ Shinde, Shalaka. (15 October 2016). Prannoy Roy, Dad of News TV: Here's A Tribute From Your 'Students'. The Quint
- ↑ Who is Radhika Roy, the woman who built India’s NDTV from behind-the-scenes?
- ↑ Karmali, Naazneen. (2006-09-14). Prannoy Roy plans to take NDTV global. Rediff. Rediff.com
- ↑ Chandran, Bipin. (2005-05-31). Prannoy Roy to gift NDTV stake to daughter. Rediff. Rediff.com
- ↑ Exclusive Interview/Brinda Karat. www.rediff.com
- ↑ Archived copy
- ↑ NDTV and Prannoy Roy – Once Upon a Time Zoom Indian Media (14 February 2011)
- ↑ CBI case against Prannoy Roy. 'The Indian Express'. (20 January 1998)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাধিকা ৰয়” প্ৰবন্ধৰ সংশোধন ২৬৩৪১৩ (১৬ ফেব্ৰুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।