ফুলবসন বাঈ যাদৱ (Phoolbasan Bai Yadav) এগৰাকী ভাৰতীয় সমাজকৰ্মী। তেওঁ বেচৰকাৰী সংগঠন মা বামলেশ্বৰী জনহিত কাৰ্য সমিতিৰ প্ৰতিষ্ঠাপক, যি ভাৰতৰ ছট্টিশগড়ৰ অৰ্থনৈতিক আৰু সামাজিকভাৱে পিছপৰা মহিলাসকলৰ বিকাশৰ বাবে বাবে কাম কৰে।১২৩ ২০১২ চনত ভাৰত চৰকাৰে তেওঁক চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।৪ তেওঁ ভিজন ইণ্ডিয়া ফাউণ্ডেচনৰ পৰামৰ্শদাতা হিচাপেও কাম কৰে।৫ তেওঁ ৰেণুকা সাহনীৰ সৈতে চ’নি লাইভ টিভিৰ জনপ্ৰিয় বাস্তৱভিত্তিক শ্ব’ কৌন বনেগা কৰৌড়পতিৰ (চিজন ১২) কৰ্মবীৰ বিশেষ খণ্ডত উপস্থিত আছিল।
জীৱনপঞ্জী
১৯৬৯ চনৰ ৫ ডিচেম্বৰত, ভাৰতৰ ছট্টিশগড় ৰাজ্যৰ ৰাজনন্দগাঁও জিলাৰ দূৰৱৰ্তী জনপদ সুকুলদৈহানত, সামান্য আৰ্থিক সম্পদৰ অধিকাৰী এটা সামাজিকভাৱে পিছপৰা পৰিয়ালত ফুলবসন বাঈ যাদৱৰ জন্ম হৈছিল।২১ তেওঁ ১০ বছৰ বয়সত, অৰ্থাৎ শৈশৱতে বিবাহ পাশত আৱদ্ধ হৈছিল২ আৰু কেৱল সপ্তম মানলৈকে শিক্ষা লাভ কৰিছিল।৩
জিলাখনৰ স্ব-সহায়ক গোটবোৰৰ কাৰ্যকলাপত অংশগ্ৰহণ কৰিবলৈ গৈ যাদৱৰ সামাজিক কেৰিয়াৰ আৰম্ভ হৈছিল। কাম শিকি লৈ তেওঁ নিজাববীয়াকৈ কিছু গোট আৰম্ভ কৰে।১ এইবোৰ হৈছে; প্ৰজ্ঞা মহিলা সমূহ, কিৰায়া ভাণ্ডাৰ, বাজাৰ থেকা আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহৰ মাজত ৰেচন বিতৰণৰ বাবে খোলা ৰেচনৰ দোকান আদি।২পিছত, তেওঁ বেচৰকাৰী সংগঠন, মা বামলেশ্বৰী জনহিত কাৰ্য সমিতি গঠন কৰি ইয়াৰ তলতে সকলোকেইটা গোট একত্ৰিত কৰি সামাজিক কাম কৰিবলৈ লয়।৬৩সংগঠনটোৱে তেতিয়াৰ পৰা ২,০০,০০০ ৰো অধিক সদস্যৰ মুঠ শক্তিৰ সৈতে ১২০০০ মহিলা আত্ম-সহায়ক গোটক সামৰি ল’বলৈ সক্ষম হৈছে।৭৩৮৯ প্ৰতিজন ব্যক্তিৰপৰা ২ টকাকৈ সংগ্ৰহ কৰি সংগঠনটোৱে ১৫০ নিযুত টকা পুঁজি সংগ্ৰহ কৰিছে; এই ধনাৰাশি ৩ নিযুত আমেৰিকান ডলাৰৰ সমান।৩ এই সংগঠনত অন্তৰ্ভুক্ত গোটসমূহ স্বাস্থ্য কাৰ্যসূচী, শিক্ষা, চেনিটেচন আৰু সামাজিক সংস্কাৰৰ দৰে কাৰ্যকলাপত জড়িত থাকে। তেওঁলোকে নিয়মীয়াকৈ পলিঅ’ ভেকচিন ক্লিনিক পৰিচালনা কৰে, বিদ্যালয় আৰু অংগনৱাদী স্কুল খুলিছে, শিশু ভোজনৰ দৰে খাদ্য কাৰ্যসূচীৰ আয়োজন কৰিছে আৰু জীৱিকা উপাৰ্জনৰ কাৰ্যসূচী ৰূপে মহিলাৰ বাবে চিলাই কেন্দ্ৰ স্থাপন কৰিছে।৬ তেওঁলোকে বাল্য বিবাহৰ বিৰুদ্ধেও অভিযান চলায়। ৫৪ টি শিশুৰ অভিভাৱকত্ব গ্ৰহণ কৰা সংগঠনটোৰ উপস্থিতি সমগ্ৰ ছট্টিশগড় জুৰি বিয়পি আছে আৰু তেওঁলোকে বিভিন্নটা সামাজিক অভিযান আৰম্ভ কৰিছে৯; চেৰাব বন্ধ (সুৰা বন্ধ কৰক), এনে এটি অভিযান যাৰ জৰিয়তে তেওঁলোকে ৰাজ্যখনৰ প্ৰায় ২৫০ খন সুৰাৰ দোকান বন্ধ কৰিবলৈ সফল হোৱা বুলি জানিব পৰা গৈছে। সংগঠনটোক ৰাজস্থান চৰকাৰে কন্যা ভ্ৰূণ হত্যাৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে মনোনীত কৰিছে।৩
সামাজিক কাম কৰিবলৈ যাওঁতে যাদৱ বহুতো বাধাৰ সন্মুখীন হৈছে। আনকি তেওঁৰ স্বামীয়ে কৰা শাৰীৰিক অত্যাচাৰৰো বলি হৈছে। স্বামীৰ দ্বাৰা প্ৰহৃত হোৱাৰ ভয়ত, কামৰপৰা উভতি অহা পলম হলে যাদৱে নিজৰ ঘৰত সোমাবলৈ অস্বীকাৰ কৰিছিল। অৱশ্যে এই বাধাসমূহে তেওঁক হতাশ কৰিব পৰা নাছিল আৰু নিজৰ স্থিতিত তেওঁ সদায় অটল আছিল।৩ পুৰুষ প্ৰধান সমাজ ব্যৱস্থাৰ মাজতো গাওঁ পৰিষদত (গ্ৰাম সভা) মহিলাৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ কৃতিত্ব তেওঁৰ সংগঠনক দিয়া হয়। ৰাজনৈতিক ওকালতিৰ জৰিয়তে, গোটটোৱে প্ৰায় ২৫০টিকৈ বাল্য বিবাহ কাৰ্য বন্ধ কৰাত সফল হৈছে।৩ তেওঁৰ বাৰ্তা প্ৰচাৰাৰ্থে যাদৱে বিভিন্ন চেমিনাৰত অংশগ্ৰহণ কৰিছে আৰু বহুকেইখনত তেওঁ মুখ্য ভাষণ প্ৰদান কৰিছ।৭
ফুলবসন বাই যাদৱৰ স্বামী পেছাত এগৰাকী গৰু ৰখীয়া৩ আৰু তেওঁলোকৰ চাৰিটা সন্তান আছে।৮
তথ্যসূত্ৰ
- ↑ (2012). Chhattisgarh Top News. Chhattisgarh Top News
- ↑ (2008). Jamnalal Bajaj Award. Jamnalal Bajaj Foundation
- ↑ (2012). TIE Nagpur. TIE Nagpur
- ↑ (2014). Padma Shri. Padma Shri
- ↑ (19 December 2014). Team | Vision India Foundation
- ↑ (4 March 2013). Daily Bhaskar. Daily Bhaskar
- ↑ (2014). CHAI. CHAI
- ↑ (2014). Utkal Yadav Mahasabha. Utkal Yadav Mahasabha
- ↑ (23 November 2012). TOI. TOI
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফুলবসন বাঈ যাদৱ” প্ৰবন্ধৰ সংশোধন ৫০৮১৫৬ (১২ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।