অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুনীতা কৃষ্ণন

সুনীতা কৃষ্ণন (Sunitha Krishnan; জন্ম:১৯৭২) হৈছে এগৰাকী ভাৰতীয় সমাজকৰ্মী আৰু প্ৰজ্বালা নামৰ বেচৰকাৰী সংগঠনটোৰ মুখ্য কৰ্মকৰ্তা তথা সহ-প্ৰতিষ্ঠাপক। এই সংগঠনটোৱে যৌন সৰবৰাহ কৰা ভুক্তভোগীসকলক উদ্ধাৰ, পুনৰ্বাসন আৰু সমাজত পুনৰ একত্ৰিত কৰে।

হালনাগাদ: ২৮ ফেব্ৰুৱাৰী ২০২৬ ৪৭৭ শব্দ · ৩ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

সুনীতা কৃষ্ণন (Sunitha Krishnan; জন্ম:১৯৭২) হৈছে এগৰাকী ভাৰতীয় সমাজকৰ্মী আৰু প্ৰজ্বালা নামৰ বেচৰকাৰী সংগঠনটোৰ মুখ্য কৰ্মকৰ্তা তথা সহ-প্ৰতিষ্ঠাপক। এই সংগঠনটোৱে যৌন সৰবৰাহ কৰা ভুক্তভোগীসকলক উদ্ধাৰ, পুনৰ্বাসন আৰু সমাজত পুনৰ একত্ৰিত কৰে।১ সমাজলৈ আগবঢ়োৱা তেওঁৰ অৱদানৰ বাবে তেওঁক ২০১৬ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰা হৈছিল।২

প্ৰাৰম্ভিক জীৱন

বেংগালুৰুৰ পালাক্কড়ৰ এটি মালায়ালী পৰিয়ালত সুনীতাৰ জন্ম হৈছিল। তেওঁৰ দেউতাকৰ নাম আছিল ৰাজু কৃষ্ণন আৰু মাক নলিনী কৃষ্ণন। সুনীতাৰ দেউতাকে জৰীপ বিভাগত কাম কৰিছিল আৰু সমগ্ৰ দেশৰ মানচিত্ৰ তৈয়াৰ কৰিছিল। সেয়ে তেওঁ সমগ্ৰ দেশ ভ্ৰমণ কৰিবলগাত পৰিছিল। দেউতাকৰ চাকৰিসূত্ৰে সুনীতাইও তেওঁৰ সতে ভ্ৰমণ কৰিছিল আৰু সৰুতেই তেওঁৰ দেশৰ প্ৰায় সকলো অঞ্চলৰ সৈতে পৰিচয় গঢ়ি উঠিছিল।১

আঠ বছৰ বয়সত তেওঁ বিশেষভাৱে সক্ষম শিশুসকলক নৃত্য শিকোৱাৰ সময়তে সামাজিক কামৰ প্ৰতি কৃষ্ণনৰ মনত আগ্ৰহ সৃষ্টি হয়।৩ বাৰ বছৰ বয়সত তেওঁ আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ শিশুহঁতৰ বাবে বস্তি অঞ্চলত শিক্ষাদান কৰা আৰম্ভ কৰে।৩ পোন্ধৰ বছৰ বয়সত, দলিত সম্প্ৰদায়ৰ বাবে নৱ-সাক্ষৰতা অভিযান এটাত কাম কৰি থাকোঁতে, কৃষ্ণনক আঠজন পুৰুষে দলবদ্ধ ধৰ্ষণ কৰিছিল।৪ এগৰাকী মহিলাই তেওঁলোকৰ পুৰুষৰ সমাজত নিজৰ প্ৰতিপত্তি চলোৱাটো তেওঁলোকে ভাল পোৱা নাছিল। সিহঁতে সুনীতাক ইমান বেয়াকৈ মাৰিছিল যে তেওঁ কাণেৰে নুশুনা হৈ গৈছিল। আজিৰ তাৰিখত তেওঁ কৰা কামখিনিৰ বাবে এই ঘটনাটোৱে প্ৰেৰণাৰ উৎস হিচাপে কাম কৰিছিল।৫

কৃষ্ণনে বেংগালুৰু আৰু ভূটানৰ কেন্দ্ৰীয় বিদ্যালয়ত অধ্যয়ন কৰিছিল। বেংগালুৰুৰ ছেইণ্ট জোচেফ কলেজৰ পৰা পৰিৱেশ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত, কৃষ্ণনে মেংগালুৰুৰ ৰৌশনী নিলয়াৰপৰা এম এছ ডব্লিউ (চিকিৎসা আৰু মানসিক ৰোগ) সম্পূৰ্ণ কৰে।৫

কৰ্মজীৱন

যুৱতীসকলৰ বাবে কৰা কামৰ সমন্বয়ক হিচাপে পি আই এনত যোগদান কৰিবলৈ কৃষ্ণনে হায়দৰাবাদলৈ যোৱাৰ সিদ্ধান্ত লয়। সোনকালেই তেওঁ বস্তিবাসীসকলৰ বাসস্থানৰ সমস্যাৰ সৈতে জড়িত হৈ পৰে। যেতিয়া চহৰখনৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ বাবে মুচি নদীৰ কাষত বাস কৰা লোকসকলৰ ঘৰবোৰৰ ওপৰত বুলডজাৰ চলোৱাৰ কথা চলিল, কৃষ্ণনে পি আই এনৰ গৃহ অধিকাৰ অভিযানত যোগদান কৰিলে আৰু প্ৰতিবাদ কাৰ্যসূচী অনুষ্ঠিত কৰি আঁচনিখন কাৰ্যকৰী হবলৈ নিদিলে। হায়দৰাবাদতে তেওঁ ব্ৰাদাৰ জছ ভেট্টিকাটিলক লগ পায়। জছ সেই সময়ত চেইণ্ট গেব্ৰিয়েলৰ মণ্টফৰ্ট ব্ৰাদাৰ্ছৰ দ্বাৰা পৰিচালিত কেথলিক প্ৰতিষ্ঠান বয়জ টাউনৰ সঞ্চালক আছিল। এই প্ৰতিষ্ঠানটোৱে বৃত্তিগত দক্ষতা প্ৰদান কৰি বিপদাশংকাত থকা যুৱক-যুৱতীসকলক পুনৰ সংস্থাপিত কৰিছিল আৰু প্ৰশিক্ষণ দিছিল; যি তেওঁলোকক ভাৰত আৰু বিদেশত সুন্দৰ চাকৰি প্ৰদান কৰিছিল।৬ এয়া আছিল ১৯৯৬ চনৰ কথা।

প্ৰজ্বালা

১৯৯৬ চনত হায়দৰাবাদৰ ৰেড লাইট এলেকা মেহবুব কি মেহেন্দিত বাস কৰা যৌন কৰ্মীসকলক স্থানান্তৰ কৰা হয়। ফলস্বৰূপে, পতিতাবৃত্তিৰ কবলত পৰা হাজাৰ হাজাৰ মহিলা গৃহহীন হৈ পৰে। কৃষ্ণনে মিছনেৰী ব্ৰাদাৰ জছ ভেট্টিকটিলত সৈতে লগলাগি দ্বিতীয় প্ৰজন্মৰ সৰবৰাহ প্ৰতিহত কৰিবলৈ খালী কৰা পতিতালয়ত এখন ট্ৰেঞ্জিচন স্কুল আৰম্ভ কৰে।৭ প্ৰাৰম্ভিক বছৰবোৰৰ প্ৰজ্বালাৰ অভাৱবোৰ পূৰ কৰিবলৈ কৃষ্ণনে তেওঁৰ গহণা আৰু ঘৰৰ বাচন-বৰ্তনসমূহ বিক্ৰী কৰিবলগাত পৰিছিল।৬

আজি প্ৰজ্বালাই পাঁচটা স্তম্ভৰ ওপৰত থিয় দিছে: প্ৰতিৰোধ, উদ্ধাৰ, পুনৰ্সংস্থাপন, পুনৰ একত্ৰীকৰণ আৰু ওকালতি। সংগঠনটোৱে ভুক্তভোগীসকলক নৈতিক, বিত্তীয়, আইনী আৰু সামাজিক সমৰ্থন আগবঢ়ায় আৰু অপৰাধীসকলক ন্যায়ৰ সন্মুখীন কৰাটো নিশ্চিত কৰে।৮ এতিয়ালৈকে প্ৰজ্বালাই যৌন সৰবৰাহৰ বলি হোৱাৰপৰা ১২,০০০ গৰাকী কিশোৰীক বচাইছে, পুনৰ সংস্থাপন দিছে আৰু প্ৰতিপালন কৰিছে৯১০ আৰু এইক্ষেত্ৰত তেওঁলোকে ইমানবোৰ অভিযান চলাইছে যে তেওঁলোকক বিশ্বৰ সৰ্ববৃহৎ সৰবৰাহ-বিৰোধী আশ্ৰয় স্থল হিচাপে স্বীকৃতি দিয়া হৈছে।১১

প্ৰজ্বালাত প্ৰায় ২০০জন কৰ্মচাৰী নিযুক্ত হৈ আছে।

সন্মান আৰু স্বীকৃতি

২০১৬-২০১৮

  • ইণ্ডিয়া টাইমছে কৃষ্ণনক সেই ১১ গৰাকী মানৱাধিকাৰ কৰ্মীৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে, যাৰ জীৱনৰ লক্ষ্য হৈছে অন্য এগৰাকীক সন্মানজনক জীৱন এটা প্ৰদান কৰা।১২
  • পদ্মশ্ৰী, ২০১৬, সামাজিক কামৰ বাবে
  • ইনগ’ৰেল শ্ৰী সত্য সাই এৱাৰ্ড ফৰ হিউমেন এক্সচিলেঞ্চ, ২০১৬
  • টলবাৰ্গ গ্লবেল লিডাৰশ্বিপ প্ৰাইজ
  • ফ্ৰেন্স’-জাৰ্মান এৱাৰ্ড ফৰ হিউমেন ৰাইটচ্‌ এণ্ড ৰুল অৱ ল’

২০১১-২০১২

  • আকৃতি ৱুমেন অৱ দ্য ইয়েৰ, ৰটাৰী ক্লাৱ, কইম্বট’ৰ, ২০১২
  • আইআডিএছ চফদাৰ হাচমি এৱাৰ্ড ফৰ হিউমেন ৰাইটছ, ২০১২
  • ৱুমেন ইন এক্সচিলেঞ্চ এৱাৰ্ড, চি ফাউণ্ডেচন, ২০১২
  • আউটষ্টেণ্ডিং চছিয়েল ৱৰ্ক এৱাৰ্ড, কেৰালা চৰকাৰ, ২০১২
  • জন জে কলেজ অৱ ক্ৰিমিনেল জাষ্টিচ ইণ্টাৰনেচনেল লিডাৰশ্বিপ এৱাৰ্ড, নিউয়ৰ্ক মহানগৰ, ২০১১১৩
  • N Joseph Mundaserry Award for Outstanding Social Work, কাটাৰ, ২০১১
  • আক্ৰুটি ৱুমেন অৱ দ্য ইয়েৰ এৱাৰ্ড, ৰটাৰী ইণ্টাৰনেচনেল, ২০১১১৪
  • G8 Woman Award, Colors TV, 2011.
  • ইণদিয়াবিজন পাৰ্চন অৱ দ্য ইয়েৰ, ইণ্ডিয়াভিজন টিভি চেনেল, ২০১১১৫
  • মানৱ অধিকাৰ বঁটা, ভাইটেল ভইচেচ গ্লৱেল পাৰ্টনাৰশ্বিপ, ৱাচিংটন ডিচি, ২০১১১৬
  • Garshom Pravasi Vanitha Award, ২০১১, কুৱেইট১৭১৮১৯

২০০২-২০১০

  • তেজস্বিনী এৱাৰ্ড, এফআইচিচিআই, ২০১০
  • কেলভিনেটৰ ৱুমেন পাৱাৰ এৱাৰ্ড, কালাৰচ্‌ টিভি, ২০১০
  • গংগাধৰ হিউমেনিটেৰিয়ান এৱাৰ্ড, কেৰালা, ২০১০
  • ভনিতা ৱুমেন অৱ দ্য ইয়েৰ, মনোৰমা পাব্লিকেচনচ্‌, ২০০৯২০
  • ট্ৰেফিকিং ইন পাৰচনচ্‌ (টিআইপি) ৰিপৰ্ট হিৰ’জ ফ্ৰম ইউনাইটেড ষ্টেটচ ডিপাৰ্ট্মেণ্ট অৱ ষ্টেট, ২০০৯
  • চিএনএন-আইবিএন ৰিয়েল হিৰ’ এৱাৰ্ড, ৰিলায়েঞ্চ ফাউণ্ডেচন, ২০০৮২১
  • Perdita Huston International Award for Human Rights, United Nations of Capital Hill, ৱাচিংটন ডিচি, ২০০৬
  • মহিলা সশক্তিকৰণত আগবঢ়োৱা অৱদানৰ বাবে অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যপালৰপৰা প্ৰমাণ পত্ৰ, ২০০৪
  • স্ত্ৰী শক্তি পুৰস্কাৰ, ভাৰত চৰকাৰ, ২০০৩
  • অশোকা ফেলোশ্বিপ, ২০০২১

মালায়ালম চলচ্চিত্ৰ পৰিচালক বিনীত শ্ৰীনিবাসনে কৃষ্ণনৰ জীৱনৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁৰ শেহতীয়া চলচ্চিত্ৰ থিৰাৰ কাহিনীভগ লিখিছিল।২২

তথ্যসূত্ৰ

  1. ↑ Sunitha Krishnan. Ashoka India
  2. ↑ (26 January 2016). Laxma Goud gets long-overdue Padma. Deccan Chronicle
  3. ↑ Jain, Sonam. (30 July 2011). She sets the bonded free. The Hindu
  4. ↑ (2011-04-08). The Ugly Truth: Has A Disha (Hope). Houston South Asian Lifestyle Society News
  5. ↑ Woman of Steel. The Herald of India
  6. ↑ India's Sex Industry: She saves the innocent and pursues the guilty. Reader’s Digest Asia
  7. ↑ Kanth, K. Rajani. (2007-09-24). Hyderabad activist enables sex workers start life afresh. Business Standard India
  8. ↑ (19 October 2011). Minor girls rescue effort begins in Kerala with launch of Nirbhaya. The Times of India
  9. ↑ Nerves of Steel. The New Indian Express
  10. ↑ She's Every Woman. India Today
  11. ↑ (2013). Translating Anger to Action to End Violence Against Women in India. Vital Voices
  12. ↑ Anjali Bisaria. (7 September 2017). 11 Human Rights Activists Whose Life Mission Is To Provide Others With A Dignified Life/. Indiatimes.com
  13. ↑ (2011). John Jay College Justice Awards 2011. John Jay College of Criminal Justice
  14. ↑ Staff Reporter. (2011). Call for mind shift to rehabilitate those forced into commercial sex. The Hindu
  15. ↑ Sunitha Krishnan Declared Indiavision Person of the Year. The Economic Times
  16. ↑ (2011). Sunitha Krishnan Receives Vital Voices Human Rights Award. ইউটিউব
  17. ↑ Garshom awards announced
  18. ↑ Garshom International Awards
  19. ↑ (31 May 2011). NRIs in Kuwait receive prestigious award - Times of India. The Times of India
  20. ↑ Vanitha Woman of the Year award for Sunitha. The New Indian Express
  21. ↑ (2008). Real Heroes Award 2008. Reliance Foundation
  22. ↑ Pillai, Radhika C. Yes,Thira is inspired. Times of India

সম্পৰ্কিত শ্ৰেণী

পদ্মশ্ৰী বঁটা বিজয়ীভাৰতীয় সমাজকৰ্মীনাৰী শক্তি পুৰস্কাৰ বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুনীতা কৃষ্ণন” প্ৰবন্ধৰ সংশোধন ৫৮৩৫১৭ (২৮ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।