অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পি. কৌশল্যা

পি কৌশল্যা, ওৰফে পেৰিয়াছামি কৌশল্যা (Periasamy Kousalya; জন্ম প্ৰায় ১৯৭৫) এজন ভাৰতীয় এইচ আই ভি সজাগ কৰ্মী। ভাৰতৰ এইচ আই ভি পজিটিভ লোকৰ ভিতৰত এগৰাকী হোৱাৰ কথা সংবাদ মাধ্যমৰ ওচৰত ব্যক্ত কৰা প্ৰথমগৰাকী মহিলা হিচাপে তেওঁ সকলোৰে দৃষ্টিগোচৰ হৈছিল ৷ ২০১৫ চনত ভাৰত চৰকাৰে তেওঁক নাৰী শক্তি সন্মানেৰে…

হালনাগাদ: ৩০ জুন ২০২৬ ৩৩২ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

পি কৌশল্যা, ওৰফে পেৰিয়াছামি কৌশল্যা (Periasamy Kousalya; জন্ম প্ৰায় ১৯৭৫) এজন ভাৰতীয় এইচ আই ভি সজাগ কৰ্মী। ভাৰতৰ এইচ আই ভি পজিটিভ লোকৰ ভিতৰত এগৰাকী হোৱাৰ কথা সংবাদ মাধ্যমৰ ওচৰত ব্যক্ত কৰা প্ৰথমগৰাকী মহিলা হিচাপে তেওঁ সকলোৰে দৃষ্টিগোচৰ হৈছিল ৷ ২০১৫ চনত ভাৰত চৰকাৰে তেওঁক নাৰী শক্তি সন্মানেৰে সন্মানিত কৰিছিল। এইচআইভি+ ৰোগীৰ অধিকাৰৰ চেম্পিয়নশ্বিপৰ বাবে পজিটিভ উইমেন নেটৱৰ্ক আৰম্ভ কৰা চাৰিজন লোকৰ ভিতৰত তেওঁ অন্যতম।

জীৱন

১৯৭৫ চনৰ ওচৰা-ওচৰিকৈ জন্মগ্ৰহণ কৰা ছানীয়ে বিশ বছৰ বয়সত তেওঁলোকৰ সম্পৰ্কীয় ককায়েক এজনৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। ১ দুবছৰ বয়সত মাকৰ মৃত্যু হোৱাৰ বাবে তেওঁক দেউতাক আৰু সতীয়া মাকে ডাঙৰ-দীঘল কৰিছিল। তেওঁ সতীয়া মাকৰ লগত মিলিব পৰা নাছিল, ইয়াৰোপৰি তেওঁক আশ্বস্ত কৰা হৈছিল যে মৃত্যুৰ আগতে তাইৰ মাকে তাইক তাইৰ সম্বন্ধীয় ককায়েকৰ সৈতে বিবাহ কৰোৱাব বিচাৰিছিল। ২ বিয়াৰ দুসপ্তাহৰ পাছত তেওঁ অসুস্থ অনুভৱ কৰিছিল আৰু তদন্তত প্ৰকাশ পাইছিল যে তেওঁ এইচ আই ভি পজিটিভ। এই ৰোগ তেওঁলৈ তেওঁৰ স্বামীৰ পৰা সংক্ৰমণ হৈছিল আৰু দুয়োজনে অতি সোনকালেই "নিৰাময়" ব্যৱস্থা গ্ৰহণ কৰিছিল। তেওঁ উল্লেখ কৰা মতে এজন ডাক্তৰে তেওঁক তেওঁৰ জৰায়ু আঁতৰাই পেলাবলৈ কৈছিল। ল’ৰী চালক স্বামীয়ে বিয়াৰ আগতেই জানিছিল যে তেওঁ এইচ আই ভি পজিটিভ। পিচলৈ দুয়োৰে বিচ্ছেদ হৈছিল আৰু তেওঁ চেষ্টা কৰিও পুনৰ বিবাহৰ ক্ষেত্ৰত বিফল হ’ল। ২ পিছলৈ তেওঁ আত্মহত্যা কৰে। এনেবোৰ ঘটনাৰ বাবে সংবাদ মাধ্যম তেওঁৰ কাহিনীৰ প্ৰতি আগ্ৰহী হ’বলৈ ধৰিলে। এইদৰেই তেওঁ মুকলিকৈ মাত মাতিবলৈ উৎসাহিত হৈছিল আৰু তেখেতৰ সেই সাহসী সিদ্ধান্তৰ বাবেই মুকলিকৈ প্ৰকাশকৰা ভাৰতৰ প্ৰথমগৰাকী এইচ আই ভি পজিটিভ মহিলা হিচাপে পৰিচিত হয়। ১

বৰালক্ষ্মী, জোনছ আৰু হেমাৰ সহ তেওঁ পজিটিভ উইমেন নেটৱৰ্কৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। ইয়াৰ জড়িয়তে তেওঁলোকে এইচ আই ভি সম্পৰ্কীয় তথ্য যোগান ধৰিবলৈ চৰকাৰী সংস্থাসমূহৰ ওপৰত হেঁচা সৃষ্টি কৰিছিল। ৩ তেওঁলোকে সহস্ৰাব্দ উন্নয়ন লক্ষ্যৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক ব্যৱহাৰ কৰি নিঃস্ব মহিলাসকলক ঘৰ যোগান ধৰিবলৈ চৰকাৰক বুজাই দিয়াৰ লগতে এইচ আই ভি পজিটিভ বিধৱাসকলৰ বিশেষ চিকিৎসাৰ বাবে যুক্তি আগবঢ়াই আহিছে।

যেতিয়া এইচ আই ভি/এইডছ ব্যৱস্থাপনাৰ অংশ হিচাপে এ আৰ ভি ঔষধ প্ৰৱৰ্তন কৰা হৈছিল তেতিয়া পি ডব্লিউ এন এ তেওঁলোকৰ এজন স্বেচ্ছাসেৱকক চিকিৎসালয়ৰ ভিতৰত চিকিৎসা প্ৰদানৰ ব্যৱস্থা নিৰীক্ষণ কৰাৰ ব্যৱস্থা কৰিছিল যাতে এই ৰোগীৰ প্ৰতি কৰ্মচাৰী সকলৰ আচৰণ উন্নত হয়। ৩ ২০১৫ চনৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত তেওঁ নাৰী শক্তিৰ সন্মান লাভ কৰে ৷ ৪ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে এই বঁটা প্ৰদান কৰে ৷ ৫

২০২০ চনত তেওঁ পিডব্লিউএনৰ সভানেত্ৰী আছিল আৰু এতিয়াও এইচ আই ভি পজিটিভ লোকৰ বিৰুদ্ধে বৈষম্য প্ৰতিহত কৰিবলৈ যুক্তি আগবঢ়াই সক্ৰিয় হৈ আছে। ৬ বিশ্ব এইডছ দিৱসৰ পিন্ধিবলৈ তেওঁ ২০ টকাত ৰঙা ফিতা বিক্ৰী কৰে। তেওঁ এই কথা লক্ষ্য কৰে যে টকাখিনি গুৰুত্বপূৰ্ণ হোৱাৰ লগতে ফিতা পিন্ধাটোও গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ দ্বাৰা এই কাৰ্য্যক সমৰ্থন কৰা লোকৰ তথ্য একোটা সংগ্ৰহ হয়। ৪

তথ্যসূত্ৰ

  1. ↑ (December 2017). World AIDS Day: Meet the first Indian Woman to come out openly as an AIDS victim. The New Indian Express
  2. ↑ Das, Deepannita. (2019-03-28). HIV+ At 20 And At 46 Her Positive Voice Is Helping 30,000+ HIV Positive Woman To Live Without Stigma. LifeBeyondNumbers
  3. ↑ Manian. (2017-06-14). HIV/AIDS in India: Voices from the Margins. Routledge. ISBN 978-1-351-80648-0
  4. ↑ (December 2017). World AIDS Day: Meet the first Indian Woman to come out openly as an AIDS victim. The New Indian Express
  5. ↑ (9 March 2017). Nari Shakti Puraskar awardees full list. Best Current Affairs
  6. ↑ (11 January 2020). HIV+ patients can get drugs for other health problems at ART clinics. The New Indian Express

সম্পৰ্কিত শ্ৰেণী

নাৰী শক্তি পুৰস্কাৰ বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পি. কৌশল্যা” প্ৰবন্ধৰ সংশোধন ৬১৫০২৪ (৩০ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।