তাছি আৰু নুংচি মালিক (জন্ম ২১ জুন ১৯৯১)১ হৈছে সপ্তশৃঙ্গ আৰোহণ কৰা আৰু উত্তৰ আৰু দক্ষিণ মেৰুত উপস্থিত হৈ দুঃসাহসী গ্ৰেণ্ড শ্লেম আৰু থ্ৰী পোলচ চেলেঞ্জ সম্পূৰ্ণ কৰা প্ৰথম যমজ ভগ্নীৰ এটি যুটি।
প্ৰাৰম্ভিক জীৱন
মালিক যমজ কন্যা তাছি আৰু নুংচি ভাৰতৰ হাৰিয়ানা ৰাজ্যৰ বাসিন্দা।২ তেওঁলোকৰ জন্ম হাৰিয়ানাৰ চোনিপত জিলাৰ এজন ভাৰতীয় সেনা বিষয়া কৰ্ণেল বীৰেন্দ্ৰ সিং মালিক আৰু তেওঁৰ পত্নী অঞ্জু থাপাৰ ঘৰত হৈছিল। কৰ্ণেল মালিকৰ ভাৰতীয় সেনাৰ পৰা অৱসৰৰ পিছত তেওঁলোকৰ পৰিয়ালে ডেৰাডুনত বসতি স্থাপন কৰে।৩
দুয়ো কন্যাই মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, তামিলনাডু, কেৰালা আৰু মণিপুৰ ৰাজ্যৰ কেইবাখনো বিদ্যালয়ত অধ্যয়ন কৰিব লগা হৈছিল, ইয়াৰাৰ ভিতৰত ওটাকামুণ্ডৰ ওচৰৰ লৰেন্স স্কুল অন্যতম। ২০১৩ চনত তেওঁলোকে ছিকিম মণিপাল বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিকতা আৰু গণ সংযোগ বিভাগত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে। তেওঁলোকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰমণ্টৰ স্কুল অফ ইণ্টাৰনেচনেল ট্ৰেইনিংৰ পৰা শান্তি আৰু সংঘাত সমাধানৰ প্ৰমাণপত্ৰ লাভ কৰিছিল। ২০১৫ চনত যমজ ভগ্নীদ্বয়ে নিউজিলেণ্ডৰ ইনভাৰকাৰগিলৰ চাউদাৰ্ণ ইনষ্টিটিউট অফ টেকন'লজীৰ পৰা স্প'ৰ্ট এণ্ড এক্সাৰচাইজত স্নাতক ডিগ্ৰী লাভ কৰে।৪৫
পৰ্বতাৰোহণ
মালিক ভগ্নীদ্বয়ে ২০১০ চনত নেহৰু ইনষ্টিটিউট অৱ মাউণ্টেনিয়াৰিংত প্ৰশিক্ষণ লৈছিল।৩ ২০১৩ চনৰ ১৯ মে' দেওবাৰে তেওঁলোকে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছিল আৰু এনে সফলতা অৰ্জন কৰা প্ৰথমটি যমজ ভগ্নীৰ যুটি হিচাপে পৰিগণিত হয়।৬৭ আৰোহণকালত তেওঁলোকৰ সৈতে চামিনা বেগে যোগদান কৰিছিল আৰু তেওঁলোকে শান্তিৰ প্ৰতীক হিচাপে এভাৰেষ্টৰ শৃংগত ভাৰত আৰু পাকিস্তানৰ পতাকা একেলগে উৰুৱাই।৮৯১০
যমজ কন্যা দুগৰাকীয়ে 'ক্লাইম্বথন ২০১৩'ত অংশগ্ৰহণ কৰিছিল। ইয়াত তেওঁলোকে ২০১৩ চনৰ আগষ্টত ইণ্ডিয়ান মাউণ্টেনিয়াৰিং ফাউণ্ডেচনৰ দ্বাৰা পুঁজি যোগান ধৰা ২১০০০ ফুট উচ্চতাত এটা কুমাৰী শৃংগ আৰোহণ কৰিছিল। তেওঁলোক হৈছে সপ্তশৃংগ আৰোহণ কৰা, এক্সপ্ল'ৰাৰ গ্ৰেণ্ড শ্লেম সম্পূৰ্ণ কৰা প্ৰথম মহিলা যমজ যুটি আৰু তিনিটা মেৰুৰ প্ৰত্যাহ্বান সম্পূৰ্ণ কৰা আটাইতকৈ কম বয়সীয়া ব্যক্তি।১১ ২০১৪ চনৰ ১৬ ডিচেম্বৰত এণ্টাৰ্কটিকাত মাউণ্ট ভিনছন আৰোহণ কৰাৰ লগেলগে তেওঁলোক একেলগে সপ্তশৃংগ আৰোহণ কৰা বিশ্বৰ প্ৰথম যমজ সন্তান আৰু বাই-ভনী হিচাপে পৰিগণিত হয়।১২১৩
২০১৩ চনৰ ১৯ মে'ত মাউণ্ট এভাৰেষ্ট আৰোহণ কৰাৰ পিছত তেওঁলোকে মাত্ৰ দুবছৰৰ ভিতৰত ১৫ জুলাই ২০১৫ তাৰিখে এক্সপ্ল'ৰাৰ গ্ৰেণ্ড শ্লেম সম্পূৰ্ণ কৰে।১৪ এক্সপ্ল'ৰাৰ গ্ৰেণ্ড শ্লেম সম্পূৰ্ণ কৰা তেওঁলোক প্ৰথম ভাৰতীয় আৰু দক্ষিণ এছিয়াৰ লোক।১৫ ২০১৫ চনৰ ডিচেম্বৰত যমজ কন্যা দুগৰাকীয়ে আওৰাকি (মাউণ্ট কুক) নিউজিলেণ্ডৰ আটাইতকৈ ওখ শৃংগটো আৰোহণ কৰি এনে কৰা প্ৰথম মহিলা যমজ সন্তান হিচাপে পৰিগণিত হয়। ১৬ ২০১৯ চনৰ ছেপ্টেম্বৰমাহত নুংচি আৰু তাছিয়ে বিশ্বৰ আটাইতকৈ কঠিন দৌৰত ভাৰতীয় 'খুকুৰি ৱাৰিয়ৰ্ছ'ৰ নেতৃত্ব দিছিল: ইকো-চেলেঞ্জ ফিজি যিয়ে ৩০খন দেশৰ দুঃসাহসিক খেলুৱৈৰ ৬৬টা দলক প্ৰকৃতিৰ শক্তিৰ বিৰুদ্ধে আৰু ইজনে সিজনৰ বিৰুদ্ধে ৬৭১ কিলোমিটাৰ দুৰ্গম ফিজিয়ান ভূ-দৃশ্য, সাগৰ, নদী, হ্ৰদ আৰু জংঘল অতিক্ৰম কৰিছিল। তেওঁলোক এই গোলকীয় দুঃসাহসিক দৌৰত অংশগ্ৰহণ কৰা প্ৰথম আৰু একমাত্ৰ দক্ষিণ এছিয়ান ব্যক্তি।১৭১৮
সপ্তশৃংগ আৰোহণৰ সবিশেষ
| নং. | ফটো | শৃংগ | উচ্চতা | পৰ্বতমালা | মহাদেশ | আৰোহণৰ তাৰিখ |
|---|---|---|---|---|---|---|
| ১ | এভাৰেষ্ট শৃংগ | ৮৮৪৮ মিটাৰ | হিমালয় | এছিয়া | ১৯ মে', ২০১৩ | |
| ২ | একনকাগুয়া | ৬৯৬১ মিটাৰ | এণ্ডিচ | দক্ষিণ আমেৰিকা | ২৯ জানুৱাৰী, ২০১৪ | |
| ৩ | ডেনালি | ৬১৯৪ মিটাৰ | আলাস্কা | উত্তৰ আমেৰিকা | ৪ জুন, ২০১৪ | |
| ৪ | কিলিমাঞ্জাৰো | ৫৮৯৫ মিটাৰ | ইষ্টাৰ্ণ ৰিফ্ট পৰ্বতমালা | আফ্ৰিকা | ১৫ জুলাই, ২০১৫ | |
| ৫ | মাউণ্ট এলব্ৰাছ | ৫৬৪২ মিটাৰ | ককেছাছ পৰ্বতমালা | ইউৰোপ | ২২আগষ্ট, ২০১৩ | |
| ৬ | ভিনচন মেচিফ | ৪৮৯২ মিটাৰ | চেণ্টিনেল ৰেঞ্জ | এণ্টাৰ্কটিকা | ১৪ ডিচেম্বৰ, ২০১৪ | |
| ৭ | পুংকাক জয়া | ৪৮৮৪ মিটাৰ | ছুদিৰাম ৰেঞ্জ | অষ্ট্ৰেলিয়া | ১৯ মাৰ্চ, ২০১৪ |
পুৰস্কাৰ আৰু সন্মান

- এছ.আই.টি., ইনভাৰকাৰগিল, এনজেডত স্নাতক আৰু ক্ৰীড়া আৰু ব্যায়াম অধ্যয়ন কৰিবলৈ প্ৰথম নিউজিলেণ্ড-ভাৰত ক্ৰীড়া বৃত্তি প্ৰদান কৰা হয়।১৯
- ছেপ্টেম্বৰ-অক্টোবৰ ২০১৫-ত ক্ৰীড়াক্ষেত্ৰত উদীয়মান মহিলা নেতৃবৃন্দৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্যিক বিভাগৰ 'গ্লোবেল স্পৰ্টছ মেণ্টৰিং প্ৰগ্ৰাম'ত অংশগ্ৰহণৰ সুবিধা লাভ।২০২১
- ২৯ আগষ্ট ২০১৬ ত ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা ভাৰতৰ সৰ্বোচ্চ দুঃসাহসিক সন্মান 'টেনজিং নৰ্গে ৰাষ্ট্ৰীয় দুঃসাহসিক বঁটা' ২০১৫ লাভ।২২২৩
- ২০১৬ চনত তেওঁলোকক আইচলেণ্ডত লিফ এৰিকচন ইয়ং এক্সপ্ল'ৰাৰ বঁটা।২৪
- ২০২০ চনত ভাৰত চৰকাৰৰ নাৰী শক্তি পুৰস্কাৰ।
তথ্যসূত্ৰ
- ↑ Up Mt Vinson, twin girls will celebrate as if boy were born - Times of India. indiatimes.com
- ↑ (21 May 2013). Indian sisters become first twins to climb Everest. দ্য হিন্দু
- ↑ (21 May 2013). FIRST TWINS EVER TO CLIMB EVEREST. Free Press Journal
- ↑ TWINS ON MT EVEREST - TASHI & NUNGSHI MALIK FIRST TWINS TO SCALE EVEREST
- ↑ (7 March 2013). Dehradun girls, Tashi and Nungshi 'Twin Sisters', to scale Mount Everest
- ↑ (21 May 2013). Indian sisters first twins to climb Mount Everest. CNN-IBN
- ↑ (22 May 2013). Indian Is First Female Amputee up Everest. WSJ
- ↑ (20 May 2013). For the record: Woman climber makes Pakistan proud. The Express Tribune
- ↑ (19 May 2013). Everest summiteers set slew of records on sunny Sunday. The Himalayan Times
- ↑ (20 May 2013). Samina Baig Became the First Pakistani Woman to Scale Mount Everest. Dainik Jagran
- ↑ Guinness World Records. (10 September 2015). Guinness World Records 2016. Guinness World Records. পৃ. 195. ISBN 978-1-910561-03-4
- ↑ Jaisinghani, Bella. (18 December 2014). Haryanvi twins hit record by conquering Seven Summits. Times of India
- ↑ Gusain, Raju. (18 December 2014). Dehradun twin sisters Tashi, Nungshi Malik first siblings to scale seven tallest peaks in 7 continents. ইণ্ডিয়া টুডে
- ↑ Jaisinghani, Bella. (23 April 2015). Mountaineer twins first to conquer both Poles on skis. Times of India
- ↑ (23 April 2013). Adventures Grand Slam: Indian twins conquer 7 summits, 2 poles. হিন্দুস্তান টাইমছ
- ↑ Roxburgh, Tracey. (7 December 2016). Twins peak: a Mt Cook first. Otago Daily Times Online News
- ↑ Bear Grylls set to bring Worlds Toughest Race to OTT world. www.outlookindia.com/''
- ↑ (2019-08-01). Amazon Sets More Than 60 Teams to Compete on 'Eco-Challenge' Reboot From Mark Burnett, Bear Grylls. TheWrap
- ↑ SIT represented at Kiwi Indian Hall of Fame ceremony > Southern Institute of Technology, NZ. www.sit.ac.nz
- ↑ Sisters Nungshi and Tashi Malik inspire Indian women to try mountaineering – Global Sports Mentoring
- ↑ (19 September 2016). Sisters Nungshi and Tashi Malik are inspiring Indian girls and women to try mountaineering
- ↑ Tashi-Nungshi to get National Adventure Sports Award - Times of India. indiatimes.com
- ↑ Mountaineer Harbhajan gets Tenzing Norgay award
- ↑ (29 October 2016). 'Everest twins' bag Leif Erikson Explorer Award in Iceland
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তাছি আৰু নুংচি মালিক” প্ৰবন্ধৰ সংশোধন ৬৩৭২২২ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।