অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কে ভি ৰাবিয়া

কাৰিভেপ্পিল ৰাবিয়া (K. V. Rabiya; জন্ম: ১৯৬৬) হৈছে ভাৰতৰ কেৰালাৰ মালাপ্পুৰম ভেলিলাক্কাডুৰ এগৰাকী বিশেষভাৱে সক্ষম সমাজকৰ্মী। ১৯৯০ চনত, কেৰালা ৰাজ্যিক সাক্ষৰতা অভিযান উপলক্ষে তেওঁ মালাপ্পুৰম জিলাত নিজ ভূমিকাৰ জৰিয়তে প্ৰসিদ্ধি লাভ কৰিছিল।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৬১৮ শব্দ · ৩ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

কাৰিভেপ্পিল ৰাবিয়া (K. V. Rabiya; জন্ম: ১৯৬৬) হৈছে ভাৰতৰ কেৰালাৰ মালাপ্পুৰম ভেলিলাক্কাডুৰ এগৰাকী বিশেষভাৱে সক্ষম সমাজকৰ্মী। ১৯৯০ চনত, কেৰালা ৰাজ্যিক সাক্ষৰতা অভিযান উপলক্ষে তেওঁ মালাপ্পুৰম জিলাত নিজ ভূমিকাৰ জৰিয়তে প্ৰসিদ্ধি লাভ কৰিছিল। ভাৰত চৰকাৰে একাধিক বাৰ তেওঁৰ প্ৰচেষ্টাক ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি প্ৰদান কৰিছে। ১৯৯৪ চনত, ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ৰাষ্ট্ৰীয় যুৱ বঁটা প্ৰদান কৰে।১ ২০০১ চনৰ জানুৱাৰী মাহত মহিলাৰ উন্নতি আৰু সৱলীকৰণত তেওঁৰ অৱদানৰ বাবে তেওঁক ১৯৯৯ বৰ্ষৰ প্ৰথম কান্নাগী স্ত্ৰী শক্তি পুৰস্কাৰ প্ৰদান কৰা হয়।২৩ ২০২২ চনৰ জানুৱাৰীত তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰা হয়।৪

জন্ম আৰু প্ৰাৰম্ভিক জীৱন

১৯৬৬ চনৰ ২৫ ফেব্ৰুৱাৰীত কেৰালাৰ মালাপ্পুৰম জিলাৰ ভেলাপ্পুৰম জিলাৰ ভেললিলাক্কাডু নামৰ এখন দূৰৱৰ্তী গাঁৱত ৰাবিয়াৰ জন্ম হৈছিল। তেওঁৰ দেউতাক আছিল এগৰাকী ৰেচন ব্যৱসায়ী। ৰাবিয়াই তিৰুৰঙ্গাদিৰ পিএছএমঅ' মহাবিদ্যালয়ত স্নাতক ডিগ্ৰী লাভ কৰাৰ আগতে তিৰুৰঙ্গাদি উচ্চ বিদ্যালয়ত প্ৰাৰম্ভিক অধ্যয়ন কৰিছিল। ১৭ বছৰ বয়সত, কলেজৰ প্ৰথম বছৰত, তেওঁৰ ভৰি পলিঅ’ৰ দ্বাৰা আক্ৰান্ত হৈ তেওঁ খোজ কাঢ়িব নোৱৰা হৈ পৰিছিল। কেৱল হুইলচেয়াৰৰ সহায়ত হে চলাচল কৰিব লগা হোৱাৰ বাবে তেওঁ পঢ়া-শুনা আধাতে সামৰিবলৈ বাধ্য হৈছিল।৫৬

শিক্ষামূলক অভিযান

১৯৯০ চনৰ জুন মাহত তেওঁ তেওঁৰ অঞ্চলৰ সকলো বয়সৰ নিৰক্ষৰ লোকসকলক লৈ এক প্ৰাপ্তবয়স্ক সাক্ষৰতা অভিযান আৰম্ভ কৰে। ছয় মাহৰ ভিতৰত, তিৰুৰঙ্গাদিৰ সমূহ নিৰক্ষৰ লোক তেওঁৰ অভিযানৰ অংশ হৈ পৰে। যদিও কামৰ ফলত ৰাবিয়াৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটিছিল, তেওঁ ৰৈ যোৱা নাছিল আৰু আগবাঢ়ি যাবলৈ ৰাইজ আৰু কৰ্তৃপক্ষ দুয়োৰে পৰা সমৰ্থন লাভ কৰিছিল। ১৯৯২ চনৰ জুন মাহত ৰাজ্যিক কৰ্তৃপক্ষ আৰু বিষয়াসকলে তেওঁৰ শ্ৰেণীকোঠা পৰিদৰ্শন কৰে আৰু এগৰাকী ৮০ বছৰীয়া মহিলাৰ সৈতে ৮ বছৰীয়া এটা শিশুক অধ্যয়ন কৰি থকা দেখি আচৰিত হয়। নিজৰ গাওঁখনত মৌলিক আন্তঃগাঁথনিৰ অভাৱৰ বিষয়ে ৰাবিয়াৰ অভিযোগ পোৱাৰ পিছত, জিলা উপায়ুক্তই গাওঁখনৰ বাবে ৰাস্তা, বিদ্যুৎ, টেলিফোন আৰু পানীৰ সংযোগ অনুমোদন কৰিছিল। অক্ষৰা অৰ্থাৎ শব্দ নামেৰে গাঁৱলৈ যোৱা ডেৰ কিলোমিটাৰ পথৰ নামাকৰণ কৰা হৈছিল।৫৬৭

পিছত তেওঁ চলনম (গতি) নামে এটা স্বেচ্ছাসেৱী সংগঠন আৰম্ভ কৰে আৰু ইয়াৰ সভাপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি। ই শাৰীৰিক বা বৌদ্ধিকভাৱে অক্ষম শিশুসকলৰ বাবে ছখন বিদ্যালয় চলায়। সংগঠনটোৱে স্বাস্থ্য সজাগতা বৃদ্ধি কৰাৰ লগতে বিদ্যালয়, স্বাস্থ্য ক্লাব চলায় আৰু অবিৰত শিক্ষা কাৰ্যসূচী, মহিলাৰ বাবে প্ৰশিক্ষণ আৰু শাৰীৰিকভাৱে অক্ষম লোকসকলৰ পুনৰ্সংস্থাপনৰ ব্যৱস্থা কৰে। ইয়াৰ অন্যান্য কাৰ্যকলাপসমূহৰ ভিতৰত আছে সুৰাপান, যৌতুক, পাৰিবাৰিক বিবাদ, অন্ধবিশ্বাস আৰু সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে জনসজাগতা সৃষ্টি কৰা। ই মহিলাসকলৰ বাবে এটা ক্ষুদ্ৰ ঔদ্যোগিক গোট, মহিলা পুথিভঁৰাল আৰু শৈক্ষিকভাৱে পিছপৰা গাওঁ ভেলিলাক্কাডুত এটা যুৱ সংঘ স্থাপন কৰিছিল। ৰাবিয়াৰ প্ৰচেষ্টাই কেৰালাত নিৰক্ষৰতা দূৰ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।৫৬৭

তেওঁ অক্ষয়: ব্ৰিজিং দ্য ডিজিটেল ডিভাইড প্ৰকল্পতো নিজকে অন্তৰ্ভুক্ত কৰিছিল, যি মালাপ্পুৰমক ভাৰতৰ প্ৰথম ই-শিক্ষিত জিলা হিচাপে গঢ়ি তুলিছিল।৮

ব্যক্তিগত সংগ্ৰাম

পলিঅ’ই তেওঁৰ কঁকালৰ তলৰছোৱা পক্ষাঘাতগ্ৰস্ত কৰাৰ পিছত, ৰাবিয়া হুইলচেয়াৰত ঘূৰি ফুৰিছিল। কিন্তু কেইবছৰমানৰ পিছত, ২০০০ চনত, তেওঁ যেতিয়া কৰ্কট ৰোগত আক্ৰান্ত হয়; ই তেওঁৰ বাবে অধিক সমস্যাৰ সৃষ্টি কৰে। পিছুৱাই নগৈ ৰাবিয়াই ত্ৰিচুৰৰ অমলা চিকিৎসালয়ত সফলভাৱে কেম’থেৰাপী সম্পাদন কৰে। চিকিৎসালয়ত থাকোঁতে, তেওঁ আন ৰোগীসকলক বিভিন্ন পৰামৰ্শ দিছিল আৰু তেওঁলোকৰ ভৱিষ্যতৰ বাবে তেওঁলোকৰ মাজত আশা জাগ্ৰত কৰিছিল।৯

২০০২ চনত, তেওঁ মক্কালৈ হজ কৰিবলৈ গৈছিল আৰু তেওঁৰ দীৰ্ঘদিনীয়া সপোন পূৰণ কৰি হজযাত্ৰা সম্পন্ন কৰিছিল।৯১০

২০০৪ চনৰ ভিতৰত, তেওঁ নিজৰ কামলৈ ঘূৰি আহে যদিও আন এটা দুৰ্ঘটনাই পুনৰ তেওঁক ব্যতিব্যস্ত কৰি তোলে। গাধোৱা ঘৰৰ মজিয়াত পৰি তেওঁৰ মেৰুদণ্ডৰ কশেৰুকা স্তম্ভটো ভাঙি যায় আৰু কেৱল আভাসী গতিবিধিৰে তেওঁ তেওঁৰ কামকাজ চলাবলৈ বাধ্য হয়। এই দুৰ্ঘটনাত তেওঁৰ ডিঙিৰ তলছোৱা আংশিকভাৱে পক্ষাঘাতগ্ৰস্ত হৈছিল। পিছত, পেশীয়ে কাম নকৰাৰ বাবে, তেওঁ প্ৰস্ৰাৱৰ মোনা লৈ থাকিব লগা হৈছিল। বিছনাত শুই শুই বিষ আৰু অক্ষমতাৰ সৈতে যুঁজি, তেওঁ ৰঙীন পেঞ্চিলেৰে সৈতে টোকাবহীত স্মৃতিকথা লিখিবলৈ আৰম্ভ কৰে। এনে প্ৰতিকূলতা স্বত্বেও, নিৰন্তৰ দৃঢ়তাৰে সৈতে অন্য ১০০জন স্বেচ্ছাসেৱকৰ সৈতে তেওঁ তেওঁৰ কাম অব্যাহত ৰাখিছিল।৭৯

তেওঁৰ স্বাস্থ্যই তেওঁৰ পৰিয়ালক কেৱল মানসিকভাৱে দুৰ্বল কৰাই নহয়, অৰ্থনৈতিক ভাৱেও তেওঁলোক বিপৰ্যস্ত হৈ পৰিছিল আৰু নিজৰ চিকিৎসাৰ খৰছ উলিয়াবলৈ ৰাবিয়াই বিছনাত পৰি থাকিয়েই তেওঁৰ স্মৃতিকথাখন লিখি শেষ কৰিছিল।৯

স্বীকৃতি

তেওঁৰ আত্মজীৱনী স্বপ্নাংগলক্কু চিৰাকুকালুণ্ডু (ড্ৰীমচ্‌ হেভ উইংছ) ২০০৯ চনৰ এপ্ৰিল মাহত প্ৰকাশ হৈছিল। সুকুমাৰ আজিকোড়ে ইয়াক ইতিহাসৰ মহান জীৱনীসমূহৰ সৈতে তুলনা কৰিছে।১১ ২০০৬ চনৰ ২৬ অক্টোবৰত কেৰালাৰ মুখ্যমন্ত্ৰী ভি এছ অচ্যুতানন্দনে তেওঁৰ স্মৃতিগ্ৰন্থ মৌন নম্বাৰাংগল (নীৰৱ চকুপানী)ৰ পূৰ্বৰ সংকলন মুকলি কৰিছিল। ইয়াৰ উপৰিও ৰাবিয়াই অন্য তিনিখন কিতাপ লিখিছে। কিতাপৰপৰা অহা ৰয়েল্টিৰ ধন তেওঁ চিকিৎসা ব্যয়ৰ বাবে ব্যৱহাৰ কৰে। ৭৯

শাৰীৰিক অক্ষমতা স্বত্বেও তেওঁ আগবঢ়োৱা অৱদানে তেওঁক কেৰালাৰ ১৯৯০ ৰ দশকৰ সাক্ষৰতা অভিযানৰ আইকণ ৰূপে তুলি ধৰিছিল।১১ পৰিচালক আলী আকবৰৰ দ্বাৰা ৰাবিয়া মুভছ শীৰ্ষক ৰাবিয়াৰ জীৱনভিত্তিক এখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছিল। অন্তৰ্নিহিত অনুপ্ৰেৰণামূলক সমলৰ বাবে চলচ্চিত্ৰখন উল্লেখযোগ্য বুলি চিহ্নিত হৈছিল আৰু ইয়াক আন ১৪ টা ভাষালৈ অনুবাদ কৰা হৈছিল। পৃথিৱীৰ বিভিন্ন প্ৰকাশনে তেওঁৰ কামৰ ওপৰত ১০০ তকৈও অধিক প্ৰবন্ধ লিখিছে।৫১২

তেওঁৰ অনুপ্ৰেৰণামূলক কামৰ বাবে অসংখ্য উল্লেখযোগ্য চৰকাৰী সন্মান লাভ কৰাৰ উপৰিও ৰাবিয়াই নেহৰু যুৱ কেন্দ্ৰ বঁটা, বাজাজ ট্ৰাষ্ট বঁটা, ৰামাস্ৰামম বঁটা, ৰাজ্যিক সাক্ষৰতা সমিতি বঁটা,৭ চিথি চাহিব স্মাৰক বঁটা (২০১০) আৰু অসামান্য সামাজিক কামৰ বাবে জোচেফ মুণ্ডাচেৰী বঁটা (২০১০) আৰু ক্ষমতা সশক্তিকৰণত উৎকৃষ্টতাৰ বাবে ড° মেৰী ভাৰ্গিজ বঁটা (২০১৩) লাভ কৰিছিল।১৩১৪১৫১৬

গ্ৰন্থ

তথ্যসূত্ৰ

  1. ↑ Ker sanctions Rs 5 lakh to physically challenged social worker. outlookindia.com
  2. ↑ Pg 282 Annual plan, India. Planning Commission, 2001
  3. ↑ Pg 5, Women and children, our commitment: two years of progress, October 1999 to September 2001, Dept. of Women and Child Development, Ministry of Human Resource Development, Govt. of India, 2001
  4. ↑ Padma Awards 2022. Padma Awardee Ticket 2022
  5. ↑ Pg 166–167, KV Rabiya, Some Outstanding Women of India By Dr. Satishchandra Kumar
  6. ↑ FIVE WOMEN TO RECEIVE STREE SHAKTI PURASKAR FOR 1999, Government of India, Press Information Bureau releases, October 2000
  7. ↑ (30 September 2007). Moving force – India Beats. The Hindu
  8. ↑ For Literacy Movement Champion the Only Thing to Fear Is Fear Mohammed Ashraf, Arab News, THIRUVANANTHAPURAM, 18 November 2006
  9. ↑ Kungumam, December Issue, 2006]
  10. ↑ (22 February 2002). ധന്യാനുഭവത്തിന്റെ അറഫ സംഗമം
  11. ↑ Rabiya's autobiography released The Hindu, 19 April 2009
  12. ↑ www.mnddc.org/news/inclusion-daily/2006/10/10040 Crusader Helps Children And Women Achieve 4 October 2006, The Minnesota Governor's Council on Developmental Disabilities
  13. ↑ (12 January 2010). Seethi Sahib awards declared. The Hindu
  14. ↑ Seethi Sahib Memorial awards – Mathrubhumi 12 Jan 2010
  15. ↑ Thrissur body announces winners of awards – The Peninsula 8 July 2010
  16. ↑ (17 February 2013). Dr Mary Verghese Award 2013. The Hindu

সম্পৰ্কিত শ্ৰেণী

সমাজকৰ্মীপদ্মশ্ৰী বঁটা বিজয়ীনাৰী শক্তি পুৰস্কাৰ বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কে ভি ৰাবিয়া” প্ৰবন্ধৰ সংশোধন ৬৩৬৯৩৪ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।