অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নম্ৰতা সুন্দৰেসন

নম্ৰতা সুন্দৰেসন এগৰাকী ভাৰতীয় সামাজিক উদ্যোগী, চেফ আৰু চীজমেকাৰ ৷ তেওঁ অনুৰাধা কৃষ্ণমূৰ্তিৰ সৈতে ২০১৭ চনৰ নাৰী শক্তিৰ সন্মান লাভ কৰে ৷

হালনাগাদ: ২৮ অক্টোবৰ ২০২৫ ১৩৫ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

নম্ৰতা সুন্দৰেসন এগৰাকী ভাৰতীয় সামাজিক উদ্যোগী, চেফ আৰু চীজমেকাৰ ৷ তেওঁ অনুৰাধা কৃষ্ণমূৰ্তিৰ সৈতে ২০১৭ চনৰ নাৰী শক্তিৰ সন্মান লাভ কৰে ৷

কেৰিয়াৰ

উৰিষ্যাত জন্মগ্ৰহণ কৰা নম্ৰতা সুন্দৰেসনে বিবাহপাশত আবদ্ধ হৈ তামিলনাডুৰ চেন্নাইলৈ গুচি যায়। ১ আন্তঃৰাষ্ট্ৰীয় পৰামৰ্শদাতা সংস্থা প্ৰতিষ্ঠা কৰি তেওঁ নিজৰ কেৰিয়াৰ গঢ়ি তুলিছিল। ১ সুন্দৰেসনে কুনুৰত চীজ বনাবলৈ শিকিছিল আৰু তাৰ পিছত বান্ধৱীনঅনুৰাধা কৃষ্ণমূৰীৰ সৈতে চীজ নিৰ্মাতা হিচাপে বিশেষভাৱে সক্ষম মহিলাক নিয়োগ কৰাৰ বিষয়ে আলোচনা কৰিছিল। ২ তেওঁলোকে চীজ উৎপাদক প্ৰতিস্থান Käse স্থাপন কৰে আৰু তেওঁলোকৰ সামাজিক উদ্যোগীকৰণৰ বাবে ২০১৭ চনৰ নাৰী শক্তিপুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।১ ২০১৮ চনৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ হৈ ৩ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এই বঁটা প্ৰদান কৰে। এই বঁটা ভাৰতৰ ভিতৰতে মহিলাক প্ৰদান কৰা সৰ্বোচ্চ সন্মান। ৪

সুন্দৰেসন এগৰাকী স্ব-শিক্ষিত চেফ। ৫ অৰুন্ধতী বালাচন্দ্ৰন আৰু লোকেলএক্সঅ’ৰ সুনীতি ৰাজে আয়োজন কৰা এটা ছাপাৰ ক্লাবৰ বাবে ২০১৭ চনত পেৰুৰ খাদ্য ৰান্ধিবলৈ আৰম্ভ কৰিছিল। ৬ ২০১৯ চনত তেওঁ তেওঁলোকৰ উৎপাদিত চীজৰ সৈতে কয়ম্বাটুৰৰ গ'ৰমেট বজাৰলৈ গৈছিল ৭ ২০২০ চনলৈকে তেওঁ ২৫বাৰ নৈশ আহাৰ ৰান্ধিছিল আৰু গোটটোৱে সুন্দৰেসনে তেওঁৰ প্ৰিয় ৰন্ধন গ্ৰন্থৰ পৰা ব্যঞ্জন তৈয়াৰ কৰা নতুন ধাৰাবাহিকৰ পৰিকল্পনা কৰিছিল। ৫

তথ্যসূত্ৰ

  1. ↑ (10 April 2018). https://thelogicalindian.com/exclusive/meet-the-nari-shakti-puruskar-receipents-who-are-empowering-disabled-women/
  2. ↑ (19 March 2018). https://www.newindianexpress.com/lifestyle/food/2018/mar/19/a-cheesy-effort-to-give-women-wings-1789111.html
  3. ↑ Nari Shakti Puraskar - Gallery. narishaktipuraskar.wcd.gov.in
  4. ↑ (2018-03-07). https://www.thehindu.com/news/national/kerala/charity-home-maker-gets-her-due-on-womens-day/article22971013.ece
  5. ↑ (25 February 2020). https://www.dtnext.in/News/City/2020/02/25002259/1216860/Citys-supper-club-takes-inspiration-from-cookbooks.vpf
  6. ↑ (31 August 2017). https://www.newindianexpress.com/cities/chennai/2017/aug/31/do-you-want-to-join-them-for-a-casual-supper-1650306.html
  7. ↑ (5 September 2019). https://www.thehindu.com/life-and-style/food/cheese-maker-namrata-sundaresan-brings-her-artisanal-brand-kase-to-coimbatore/article29340657.ece

সম্পৰ্কিত শ্ৰেণী

নাৰী শক্তি পুৰস্কাৰ বিজয়ীওড়িশাৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নম্ৰতা সুন্দৰেসন” প্ৰবন্ধৰ সংশোধন ৫৪৫৯৪০ (২৮ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।