ডেলিয়া নাৰায়ণ বা দিদি কণ্ট্ৰেক্টৰ (১৯২৯ – জুলাই ৫, ২০২১) আছিল এজন আমেৰিকান স্থপতিবিদ। তেওঁ ভাৰতত কৰা বহনক্ষম ভৱনসমূহৰ কামৰ বাবে জনাজাত আছিল। এই ক্ষেত্ৰত তেওঁ থলুৱা সামগ্ৰীৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিছিল। তেওঁৰ অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক নাৰী শক্তি পুৰস্কাৰৰে সন্মানিত কৰিছিল। এয়া হৈছে মহিলাসকলৰ কৃতিত্ব আৰু অৱদানক স্বীকৃতি দিয়াৰ বাবে ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা।
জীৱন
মিনিয়াপলিছত জন্মগ্ৰহণ কৰা ডেলিয়া কিঞ্জিংগাৰ তেওঁ অভিব্যক্তিবাদী চিত্ৰশিল্পী এডমাণ্ড কিঞ্জিংগাৰ আৰু এলিচ ফিছ কিঞ্জিংগাৰৰ কন্যা আছিল। দুয়ো বাউহাউছ আন্দোলনৰ সৈতে জড়িত আছিল। তেওঁৰ দেউতাক এগৰাকী জাৰ্মান আছিল, আনহাতে মাক আছিল আমেৰিকান।১ তেওঁৰ পিতৃ-মাতৃয়ে ১৯২৭ চনত জাৰ্মানীত বিবাহ পাশত আৱদ্ধ হয় আৰু মিনিয়াপলিছলৈ যায়। ইয়াত তেওঁৰ দেউতাকে শিক্ষক হিচাপে কাম কৰিছিল। পিছত তেওঁলোক জাৰ্মানীলৈ উভতি আহে। ১৯৩৩ চনত পুনৰ জাৰ্মানী এৰি পেৰিছলৈ যায়। তেওঁলোকে ১৯৩৫ চনত টেক্সাছৰ ৱাকোলৈ যায়, ইয়াতেই তেওঁৰ দেউতাকে প্ৰথমে সহকাৰী অধ্যাপক, পিছলৈ অধ্যাপক আৰু শেষত বাইলোৰ বিশ্ববিদ্যালয়ৰ কলা বিভাগৰ মুৰব্বী হিচাপে সেৱা আগবঢ়াই।
তেওঁ নিউ মেক্সিকো আৰু টেক্সাছত ডাঙৰ-দীঘল হৈছিল। ডেলিয়াই থিয়েটাৰত কাম কৰিবলৈ স্কুলৰ পৰা এবছৰ ছুটি লৈছিল, তেওঁক প্ৰথমে তেওঁৰ দেউতাক আৰু নিউয়ৰ্কত হান্স হফমেনে কলাৰ প্ৰশিক্ষণ দিছিল, পিছত কলোৰাডো বোল্ডাৰ বিশ্ববিদ্যালয়ত কলা বিভাগত অধ্যয়ন কৰে। ইয়াত তেওঁ তেওঁৰ স্বামী ভাৰতীয় ভৱন ঠিকাদাৰ নাৰায়ণ ঠিকাদাৰক লগ পাইছিল। তেওঁলোকে ১৯৫০ ৰ দশকত নাছিকলৈ আৰু ১৯৬০ ৰ দশকত মুম্বাইলৈ যাত্ৰা কৰে। তেওঁলোকে তিনিটা সন্তানক ডাঙৰ-দীঘল কৰে। স্বামীৰ পৰা পৃথক হোৱাৰ পিছত ডেলিয়া ১৯৭০ ৰ দশকত ভাৰতৰ কাংৰা উপত্যকালৈ গুচি যায়।
কণ্ট্ৰেক্টৰৰ জীয়ৰী লেখিকা আৰু একাডেমিক কিৰিন নাৰায়ণ। তেওঁৰ পুত্ৰ দেৱেন্দ্ৰ ঠিকাদাৰো এগৰাকী স্থপতিবিদ। শিশু অৱস্থাত তেওঁলোকে আমেৰিকা যুক্তৰাষ্ট্ৰত অধ্যয়ন কৰিছিল।
৯১ বছৰ বয়সত ২০২১ চনৰ ৫ জুলাই তাৰিখে সিদ্ধবাৰীৰ ঘৰত তেওঁৰ মৃত্যু হয়।
অট্টালিকাসমূহ
স্থাপত্যবিদ্যাৰ ক্ষেত্ৰত তেওঁ আছিল স্ব-শিক্ষিত। এইক্ষেত্ৰত ফ্ৰেংক লয়ড ৰাইটৰ এটা বক্তৃতাৰ দ্বাৰা সৰুতে তেওঁ অনুপ্ৰাণিত হৈছিল। তেওঁ প্ৰাকৃতিক ভাৱে উপলব্ধ স্থানীয় সামগ্ৰীৰ সৈতে খাপ খোৱাকৈ অট্টালিকা নিৰ্মাণৰ বিশেষজ্ঞ আছিল। এই সামগ্ৰী সমূহৰ ভিতৰত বোকা, বাঁহ, কাঠ আৰু শিল। এইসমূহ ধৰমশালাৰ চাৰিওফালৰ এলেকাত পোৱা যায়, আৰু ইয়াত ১৫ টাতকৈও অধিক ঘৰ আৰু তিনিটা প্ৰতিষ্ঠান অন্তৰ্ভুক্ত আছে। সিদ্ধবাৰীৰ নিষ্ঠা গ্ৰাম্য স্বাস্থ্য, শিক্ষা আৰু পৰিৱেশ কেন্দ্ৰ, পালমপুৰৰ সম্ভাৱনা ৰাজহুৱা নীতি আৰু ৰাজনীতি প্ৰতিষ্ঠান, আৰু বীৰৰ ধৰ্মালয় প্ৰতিষ্ঠান।
সন্মান আৰু স্বীকৃতি

দুখনকৈ ফিচাৰ ফিল্মৰ তেওঁ মুখ্য বিষয় আছিল- আৰ্থ ক্ৰুছেডাৰ (২০১৬), আৰু দিদি কণ্ট্ৰেক্টৰ: মেৰিং দা আৰ্থ টু দা বিল্ডিং (২০১৭)। তেওঁ ২০১৭ চনত মহিলা শিল্পী, স্থপতিবিদ আৰু ডিজাইনাৰ (ডব্লিউএডিই) এছিয়া লাইফ টাইম এচিভমেণ্ট বঁটা বিজয়ী। ২০১৯ চনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক নাৰী শক্তি পুৰস্কাৰ প্ৰদান কৰে।
তথ্যসূত্ৰ
- ↑ Edmund Daniel Kinzinger Paintings | Vintage Texas Paintings. Charles Morin's Vintage Texas Gallery
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিদি কণ্ট্ৰেক্টৰ” প্ৰবন্ধৰ সংশোধন ৬৩৭২৪০ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।