অনুৰাধা কৃষ্ণমূৰ্তি এগৰাকী ভাৰতীয় সামাজিক উদ্যোগী আৰু চীজ নিৰ্মাতা ৷ সতীৰ্থ নম্ৰতা সুন্দৰেসনৰ সৈতে তেওঁ ২০১৭ চনৰ নাৰী শক্তিপুৰস্কাৰ লাভ কৰে ৷
কেৰিয়াৰ
অনুৰাধা কৃষ্ণমূৰ্তিয়ে বিশেষভাৱে সক্ষম লোকসকলৰ সৈতে কাম কৰাৰ লক্ষ্যৰে এটা সংস্থা স্থাপন কৰিছিল আৰু তেওঁলোকক কাম বিচাৰি উলিওৱাত সহায় কৰিছিল। ১ ২০১৬ চনত কৃষ্ণমূৰ্তিয়ে চেন্নাইত চেফ নম্ৰতা সুন্দৰেসনৰ সৈতে কেচে চীজ প্ৰতিষ্ঠা কৰে। ২ প্ৰায় দহ বছৰ ধৰি দুয়োগৰাকীৰ এগৰাকীয়ে আনগৰাকীক চিনি পাইছিল আৰু তেওঁৰ এইগৰাকী নতুন বিজনেছ পাৰ্টনাৰৰ চাকৰিটো আছিল ষ্ট্ৰেটেজি কনচালটেন্সীত। তেওঁলোকৰ ব্যৱসায়ৰ প্ৰথমটো উৎপাদন আছিল এক প্ৰকাৰৰ কোৱাৰ্ক ৷ ৩ স্থানীয় উপাদান যোগ কৰি পৰম্পৰাগত পদ্ধতি অনুসৰণ কৰি অন্যান্য প্ৰাকৃতিক চীজ তৈয়াৰ কৰে, যেনে মিলাগাই পডি ব্যৱহাৰ কৰি "অ'ড টু চেন্নাই" নামৰ চেডাৰ চীজ তৈয়াৰ কৰে। কৃষ্ণমূৰ্তিৰ সামাজিক উদ্যোগীকৰণৰ পটভূমিৰ বাবেই তেওঁ বিশেষভাৱে সক্ষম মহিলাসকলক নিয়োগ আৰু প্ৰশিক্ষণ দিছিল। ২০২০ চনলৈকে কেছে ৩০ টাতকৈও অধিক প্ৰকাৰৰ চীজ উৎপাদন কৰি আছিল। ২

কৃষ্ণমূৰ্তি আৰু সুন্দৰেসন দুয়োগৰাকীয়ে উদ্যোগীকৰণৰ বাবে ২০১৭ চনৰ নাৰী শক্তিপুৰস্কাৰ লাভ কৰে। ৪ ২০১৮ চনৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ হৈ ৫ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এই বঁটা প্ৰদান কৰে। এই বঁটা ভাৰতৰ ভিতৰতে মহিলাৰ বাবে আগবঢ়োৱা সৰ্বোচ্চ সন্মান। ৬
তথ্যসূত্ৰ
- ↑ (10 April 2018). https://thelogicalindian.com/exclusive/meet-the-nari-shakti-puruskar-receipents-who-are-empowering-disabled-women/
- ↑ (6 January 2020). https://www.deccanchronicle.com/lifestyle/viral-and-trending/060120/cheese-with-a-cause.html
- ↑ Anna. (2017-03-15). The Käse Of Making Cheese In Chennai: An Interview With The Founders Of Käse Cheese. HungryForever Food Blog
- ↑ (19 March 2018). https://www.newindianexpress.com/lifestyle/food/2018/mar/19/a-cheesy-effort-to-give-women-wings-1789111.html
- ↑ Nari Shakti Puraskar - Gallery. narishaktipuraskar.wcd.gov.in
- ↑ (2018-03-07). https://www.thehindu.com/news/national/kerala/charity-home-maker-gets-her-due-on-womens-day/article22971013.ece
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুৰাধা কৃষ্ণমূৰ্তি” প্ৰবন্ধৰ সংশোধন ৬৩৪৮৩১ (১১ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।