অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কৃষ্ণা যাদৱ

কৃষ্ণা যাদৱ (Krishna Yadav) এজন ভাৰতীয় উদ্যোগী মহিলা। দিল্লীৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা প্ৰশিক্ষণ লৈ আৰম্ভ কৰা সফল আচাৰ ব্যৱসায়ৰ বাবে তেওঁ পৰিচিত। কেইবাবছৰ ধৰি তেওঁ পথৰ কাষত আচাৰ বিক্ৰী কৰিছিল আৰু লাহে লাহে তেওঁৰ উদ্যোগটোক চাৰি কোটি টকাৰ ব্যৱসায়েৰে চাৰিটা ভিন্ন সত্তালৈ ৰূপান্তৰিত কৰিছিল।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ২৬২ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

কৃষ্ণা যাদৱ (Krishna Yadav) এজন ভাৰতীয় উদ্যোগী মহিলা। ১ দিল্লীৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা প্ৰশিক্ষণ লৈ আৰম্ভ কৰা সফল আচাৰ ব্যৱসায়ৰ বাবে তেওঁ পৰিচিত। ২ কেইবাবছৰ ধৰি তেওঁ পথৰ কাষত আচাৰ বিক্ৰী কৰিছিল আৰু লাহে লাহে তেওঁৰ উদ্যোগটোক চাৰি কোটি টকাৰ ব্যৱসায়েৰে চাৰিটা ভিন্ন সত্তালৈ ৰূপান্তৰিত কৰিছিল। ২০১৬ চনত তেওঁ নাৰী শক্তিৰ সন্মানেৰে সন্মানিত হৈছিল ৩

জীৱন

গ্ৰহণ কৰা অৱস্থাত যাদৱ]]

যাদৱে স্কুলীয়া শিক্ষা লাভ কৰা নাছিল আৰু আনুষ্ঠানিক শিক্ষাৰো অভাৱ আছিল। ৪ তেওঁ শস্য চপোৱা কামত বৰ্তি হৈয়ে ডাঙৰ হৈছিল। স্বামীৰ গাড়ীৰ ব্যৱসায় বিফল হোৱাত তেওঁলোকে বুলণ্ডশ্বহৰত থকা ঘৰটো বিক্ৰী কৰিবলগীয়া হৈছিল। ৫ এনে পৰিস্থিতিত তেওঁলোক দিল্লীলৈ গুচি যোৱাৰ সিদ্ধান্ত লয়। যোৱাৰ পূৰ্বে টকা ধাৰলৈ লৈ তেওঁ তেওঁৰ স্বামী উপাৰ্জনৰ ক্ষেত্ৰত সহয় কৰিছিল। তিনিমাহ কটোৱাৰ পাছতো স্বামীৰ কোনো ভাগ্য উদয় নোহোৱাত যাদৱে স্বামীৰ লগতে তেওঁলোকৰ তিনিটা সন্তানৰ সৈতে দিল্লীলৈ স্থানান্তৰিত হয়। দিল্লীত বসতি স্থাপন কৰাৰ পিছত তেওঁলোকে কিছু পাচলি খেতি কৰিছিল যদিও বিক্ৰী কৰাত অসুবিধা পাইছিল। তাৰ পিছত তেওঁ আচাৰ আৰু ব্যৱসায় হিচাপে ইয়াৰ সম্ভাৱনাৰ বিষয়ে জ্ঞাত হয়। অৱশ্যে তেওঁ আচাৰৰ ব্যৱসায় এটা কৰিবলৈ প্ৰশিক্ষণৰ প্ৰয়োজন অনুভৱ কৰিলে। ৫ দিল্লীৰ উজৱা গাঁৱৰ কৃষি বিজ্ঞান কেন্দ্ৰত প্ৰশিক্ষণত অংশ লৈ এই কাম আগুৱাই নিয়ে।

২০০২ চনত যাদৱে আচাৰ উৎপাদন আৰম্ভ কৰে। ৬ প্ৰথম অৱস্থাত চিনাকি ব্ৰেণ্ড নহয় বাবে তাই গেলামালৰ দোকানত বিক্ৰী কৰাৰ ব্যৱস্থা কৰিব নোৱাৰিলে, সেয়েহে স্বামীয়ে ৰাস্তাৰ কাষত বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলে, আনহাতে তেওঁ সন্তানৰ সৈতে এইবোৰ উৎপাদন কৰা কামত বৰ্তি হ'ল। ৭ ২০১৩ চনলৈকে তেওঁ ১৫০ বিধতকৈও অধিক আচাৰ বিক্ৰী কৰিছিল আৰু ২০১৬ চনত তেওঁ ২০০ টন খাদ্য সামগ্ৰী বিক্ৰী কৰা বুলি জানিব পৰা গৈছে। ৬ তেওঁৰ এই প্ৰচেষ্টাই গ্ৰাম্য অঞ্চলত চাকৰিৰো সৃষ্টি কৰিছে। ৮ তেওঁ আৰু তেওঁৰ স্বামী জি এছ যাদৱে নাজাফগড়ত এখন দোকান খোলে ৷ ৯ খবৰ অনুসৰি তেওঁৰ চাৰিটা ভিন্ন ব্যৱসায়িক উদ্যোগ আছে আৰু তেওঁৰ বাৰ্ষিক টাৰ্ণঅভাৰ ৪ কোটি টকাৰ বুলি জানিব পৰা গৈছে। ৭

২০১৬ চনত নাৰী আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা নাৰী শক্তি পুৰস্কাৰৰ বাবে তেওঁক মনোনীত কৰিছিল। ৬ নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত এই বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে। আন চৈধ্যগৰাকী মহিলা আৰু সাতখন প্ৰতিষ্ঠানকো একেদিনাই তেওঁলোকৰ সাফল্য আৰু অৱদানৰ বাবে সন্মানিত কৰা হয়। ১০

বাহ্যিক সংযোগসমূহ

তথ্যসূত্ৰ

  1. ↑ (2019-03-31). Turning students 'job-givers'. Hindustan Times
  2. ↑ Delhi Government launches Entrepreneurship Curriculum. Outlook India
  3. ↑ (11 April 2021). Entrepreneurship Curriculum helped students grow family biz in lockdown: Sisodia. Hindustan Times
  4. ↑ (8 March 2018). Ms. Krishna Yadav - #NariShakti Puraskar 2015 Awardee in Individual category. Ministry of WCD on Twitter
  5. ↑ Pandey, Jyotish. inspiring story of Krishna Yadav who became a millionaire by selling pickles on the road · How Krishna Yadav became a millionaire by selling pickles on the road, today the mistress of four companies, turnover more than 4 crores - NewsBust.in. Vyapar Yojana
  6. ↑ (8 March 2016). President honored ex-trainee of KVK with Nari Shakti Puraskar- 2015. Indian Council of Agricultural Research (Ministry of Agriculture and Farmers Welfare)
  7. ↑ Pandey, Jyotish. inspiring story of Krishna Yadav who became a millionaire by selling pickles on the road · How Krishna Yadav became a millionaire by selling pickles on the road, today the mistress of four companies, turnover more than 4 crores - NewsBust.in. Vyapar Yojana
  8. ↑ (8 March 2018). Ms. Krishna Yadav - #NariShakti Puraskar 2015 Awardee in Individual category. Ministry of WCD on Twitter
  9. ↑ (28 September 2016). Antyodaya Krishi Puraskar awardee Krishna Yadav and her husband GS... Getty Images
  10. ↑ (8 March 2016). Give women freedom to exercise choices at home, workplace: President Pranab Mukherjee

সম্পৰ্কিত শ্ৰেণী

নাৰী শক্তি পুৰস্কাৰ বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৃষ্ণা যাদৱ” প্ৰবন্ধৰ সংশোধন ৬৩৬৯৩১ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।