অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰশ্মি আনন্দ

ৰশ্মি আনন্দ (Rashmi Anand;) এগৰাকী ভাৰতীয় লেখক আৰু ঘৰুৱা হিংসা বিষয়ত কাম কৰা এক্টিভিষ্ট। ২০১৪ চনত, নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক নাৰী শক্তি পুৰস্কাৰ বঁটা প্ৰদান কৰিছিল। এইটো ভাৰতৰ মহিলাসকলৰ ক্ষেত্ৰত প্ৰদান কৰা সৰ্বোচ্চ বঁটা।

হালনাগাদ: ২০ মাৰ্চ ২০২৬ ২১৫ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ৰশ্মি আনন্দ (Rashmi Anand;) এগৰাকী ভাৰতীয় লেখক আৰু ঘৰুৱা নিৰ্যাতন বিষয়ত কাম কৰা এক্টিভিষ্ট। ২০১৪ চনত, নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক নাৰী শক্তি পুৰস্কাৰ বঁটা প্ৰদান কৰিছিল। এইটো ভাৰতৰ মহিলাসকলৰ ক্ষেত্ৰত প্ৰদান কৰা সৰ্বোচ্চ বঁটা। তেওঁ "ৱুমেন অৱ দ্য এলিমেণ্টচ্ ট্ৰাষ্ট" প্ৰতিষ্ঠা কৰিছিল, যি দিল্লীত ঘৰুৱা হিংসাৰ বলি হোৱা দুখীয়া মহিলা আৰু শিশুসকলক বিনামূলীয়া আইনী সাহায্য প্ৰদান কৰে। তেওঁ সৰ্বভাৰতীয় মহিলা সন্মিলনৰ সৈতে লগ লাগি মহিলাসকলক আশ্ৰয় আৰু বৃত্তিমূলক প্ৰশিক্ষণৰ জৰিয়তে পুনৰ্বাসিত কৰাৰ বাবে কাম কৰি আহিছে।

ৰশ্মি ঘৰুৱা হিংসাৰ ওপৰত কাম কৰা এখন পৰামৰ্শদাতা সমিতিৰ সদস্য, এই সমিতিত থকা অন্য সদস্যসকলৰ ভিতৰত ‘ৰাষ্ট্ৰসংঘৰ মহিলা প্ৰতিনিধি’, ‘ৰাষ্ট্ৰীয় মহিলা আয়োগ’, ‘ইউএছএইড’, ‘দিল্লী আৰক্ষীৰ বিশেষ শাখা’ আৰু ‘ইণ্টাৰনেচনেল চেণ্টাৰ ফৰ ৰিচাৰ্ছ অন ৱুমেন’ৰ প্ৰতিনিধি আছে।১

২০০৮ চনৰ ৮ মাৰ্চ তাৰিখে, নিউয়ৰ্কৰ গ্লোবেল পিচ ইনিচিয়েটিভ অৱ ৱুমেনৰ দ্বাৰা জয়পুৰত আয়োজিত ‘চাৰ্কল অৱ দ্য ডিভাইন ফেমিনিন’ সন্মিলনৰ ৰশ্মি এগৰাকী বক্তা আছিল। সন্মিলনখনত বিশ্বৰ ৩৫০ গৰাকী বিশ্বখ্যাত মহিলা নেত্ৰী আৰু আধ্যাত্মিক নেতাই অংশগ্ৰহণ কৰিছিল।১

সংক্ষিপ্ত জীৱনী

ৰশ্মি কলকাতাত ডাঙৰ দীঘল হৈছিল আৰু কৰ্মসূত্ৰে দিল্লীত থাকিবলৈ লৈছিল।তেওঁৰ পিতৃ-মাতৃয়ে দিল্লীৰ এগৰাকী সফল উকীলৰ সৈতে ৰশ্মিৰ বিবাহৰ আয়োজন কৰিছিল। ৰশ্মিৰ বৈবাহিক জীৱন সুখৰ নাছিল। কিন্তু, তেওঁৰ পিতৃ-মাতৃয়ে বিচাৰিছিল যে স্বামীয়ে কৰা অত্যাচাৰৰ বাবে চিকিৎসালয়লৈ যাব লগা হোৱা স্বত্বেও ৰশ্মিয়ে এই বিষয়টো আওকান কৰিব আৰু লেখা-মেলাৰ সৈতে জড়িত হৈ থাকিব।২

ৰশ্মি দহ বছৰ ধৰি ৰশ্মি স্বামীৰ অত্যাচাৰৰ বলি হৈছিল। তেওঁলোক দুটি সন্তানৰ পিতৃ-মাতৃ আছিল আৰু যেতিয়া তেওঁলোকৰ ছয় বছৰীয়া সন্তানটোৰ সৈতে ৰশ্মিয়ে ঘৰ এৰাৰ সিদ্ধান্ত লৈছিল, তেতিয়া ঘৰুৱা সংঘাতৰ চিকাৰ হোৱা শিশুটোৰ মাত ফুটা নাছিল।৩ তেওঁক দিয়া ভাবুকিৰ বাবে ৰশ্মিয়ে তেওঁৰ স্বামীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা নাছিল, কিন্তু তেওঁলোকৰ সন্তানৰ কাষ্টডি তেওঁ লাভ কৰিছিল। এই কাহিনীটোৰ আধাৰতে ৰশ্মি আনন্দে তেওঁৰ প্ৰথমখন কিতাপ লিখি উলিয়াইছিল।২

২০১০ চনৰ দিল্লী পুলিচৰ কেলেণ্ডাৰখন ৰশ্মিৰ প্ৰথমখন কিতাপৰ ওপৰত আধাৰিত আছিল।

ৰশ্মি আনন্দে সৰ্বমুঠ তেৰখন কিতাপ লিখিছে। বলিউডী অভিনেতা আমিৰ খানে সঞ্চালনা কৰা ভাৰতীয় টিভি অনুষ্ঠান ‘সত্যমেৱ জয়তে’ৰ এটি খণ্ড ৰশ্মি আনন্দৰ জীৱন আৰু সাক্ষাৎকাৰভিত্তিক। ‘চিকেন চুপ ফৰ দ্য চউল’ৰ এটা খণ্ডত "এৱেকেনিং" শীৰ্ষকেৰে ৰশ্মিৰ জীৱন কাহিনী অন্তৰ্ভুক্ত হৈছে।

২০১৪ চনত ৰশ্মিক তেওঁৰ সাহস আৰু বীৰত্বৰ বাবে নীৰজা ভানোট বঁটা প্ৰদান কৰা হয়। বলিউদৰ অভিনেত্ৰী তথা এগৰাকী সক্ৰিয় সমাজকৰ্মী শ্বাবনা আজমীয়ে এই বঁটা প্ৰদান কৰিছিল। বীৰ বিমান সেৱকৰ স্মৃতিত প্ৰদান কৰা এই বঁটাৰ সৈতে বছৰি ১৫০,০০০ টকাৰ নগদ অনুদান আগবঢ়োৱা হয়।৪

তথ্যসূত্ৰ

  1. ↑ Rashmi Anand. www.rashmianand.net
  2. ↑ Malini, Hema; Various; ltd, Pioneer Book Company Pvt. New Woman: Aug_2016. Pioneer Book Co. Pvt. Ltd
  3. ↑ Thacker, Hency. (2019-11-28). Orange The World: Fighting Domestic Violence. The CSR Journal
  4. ↑ (July 20, 2014). Delhi-based activist wins Neerja Bhanot Award. https://indianexpress.com/. indianexpress.com

সম্পৰ্কিত শ্ৰেণী

সমাজকৰ্মীসাহিত্যিকনাৰী শক্তি পুৰস্কাৰ বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰশ্মি আনন্দ” প্ৰবন্ধৰ সংশোধন ৫৯০৯৭৯ (২০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।